নতুন পুৰুষৰ চিন্তাঃ অচিনাকি লাচিতঃ দেৱব্ৰত গগৈ
অচিনাকি লাচিত
@দেৱব্ৰত গগৈ
লোককথা মতে ৰামচন্দ্ৰৰ পুতেক কুশৰ পৰৱৰ্তী বংশটো আছিল “কচ্ছোৱা” নামৰ এটা ৰাজপুত ফৈদ৷ কচ্ছোৱা ফৈদৰ এজন ব্যক্তি ধোলাৰায়ে ধুন্ধৰ ৰাজ্য প্ৰতিষ্ঠা কৰে যাৰ পৰৱৰ্তী নাম আছিল অম্বেৰ আৰু আজিকালি জয়পুৰ বুলি কয়৷ সেই কচ্ছোৱা বংশৰে ৰজা বহৰমলে সকলো ৰাজপুতৰ ভিতৰত পোন প্ৰথমে মোগল সম্ৰাট বাবৰৰ বশ্যতা স্বীকাৰ কৰে৷ বহৰমলৰ পুতেক ৰজা ভগৱান দাসৰ ভায়েক জগতসিংহৰ নাতিয়েক জয়সিংহ অম্বেৰৰ পৰৱৰ্তী ৰজা হয় আৰু মোগল সম্ৰাট ছাজজাহানৰ তলতীয়া হৈ ৰাজ্য শাসন কৰিছিল আৰু সেই জয়সিংহৰে ডাঙৰ পুতেক ৰামসিংহই মোগল সম্ৰাট ঔৰংগজেৱৰ দিনত অসম আক্ৰমণ কৰিছিল৷ প্ৰকৃততেই ৰামসিংহ এজন ডাঙৰ বীৰ আছিল৷ অসম আক্ৰমণ কৰাৰ আগত তেওঁৱেই শিৱাজীৰ দৰে বীৰক যুদ্ধত হৰুৱাই মোগলৰ ওচৰত আত্মসৰ্মপণ কৰিবলৈ বাধ্য কৰিছিল আৰু আগ্ৰাত নজৰ বন্দী কৰি ৰাখিছিল৷ অৱশ্যে পৰৱৰ্তী সময়ত শিৱাজীয়ে মোগলৰ চকুত ধূলি দি পলাই যায়৷ যাৰ বাবে ৰামসিংহই সম্ৰাট ঔৰংগজেৱৰ শাস্তিৰ সন্মুখীন হয়৷ পাছত সেই শাস্তি লাঘব কৰি ৰামসিংহক অসম আক্ৰমণ কৰিবলৈ প্ৰেৰণ কৰে৷
ৰামসিংহই এক বিশাল ফৌজ লৈ অসমৰ ফালে গতি কৰে আৰু ১৬৬৯ চনৰ ফেব্ৰুৱাৰী মাহত আহোম প্ৰশাসন আৰু মোগল প্ৰশাসনৰ সীমান্ত ৰঙামাটিত উপস্থিত হয়৷ ৰঙামাটি পোৱালৈকে ৰামসিংহৰ ফৌজটো আৰু বিশাল হয়৷ তাৰ আগলৈকে ৰামসিংহৰ অধীনত ২১ জন ৰাজপুত চৰ্দাৰৰ উপৰিও ৰজা ইন্দ্ৰমনী, পৃথুৰজা, মাণিক ৰজা, কিৰাত সিংহ ভাৰ্তিয়া, মিৰাথৰ ৰঘুনাথ সিংহৰ উপৰিও আন কিছুমান মোগল চৰ্দাৰ যেনে চান্দমন্দ খাঁ, আলম-খাঁ, বক্ৰম খাঁ ইত্যাদি আছিল৷ ৰামসিংহ কোচবিহাৰ পোৱাত কোচবিহাৰৰ ৰজা জয়নাৰায়ণ, কবিশেখৰ বৰুৱা, সৰ্বেশ্বৰ বৰুৱা, মনমথ বৰুৱা, ঘনশ্যাম বকছী আদিয়ে তেওঁৰ লগত যোগ দি মোগল প্ৰশাসনৰ সৈন্যদলটোক আৰু বিশাল কৰি তোলে৷ ৰামসিংহৰ লগত মদনাৱতী নামৰ এগৰাকী মহিলা যোদ্ধাও আহিছিল, তেওঁ আলাবৈ ৰণত আহোম সেনাৰ লগত যুদ্ধ কৰি মৰে৷
উত্তৰ ভাৰতৰ ভিন্ন প্ৰান্তৰ ৰজাই ৰামসিংহৰ নেতৃত্বৰ মোগল প্ৰশাসনৰ সৈন্য বাহিনীটোৰ লগত অসম অভিযানত যোগ দিছিল ঠিক তেনেকৈ লাচিতৰ নেতৃত্বত মোগল সৈন্যক ভেটিবলৈ যোৱা আহোম প্ৰশাসনৰ সৈন্যদলটোত সেইসময়ৰ অসমৰ ভিন্নজন ৰজাই যোগ দিছিল, যেনে গোভা ৰজা, জয়ন্তীয়া ৰজা, ৰাণী অঞ্চলৰ ৰজা৷
শৰাইঘাটৰ ৰণ কোনো জাতি, ধৰ্ম বা সম্প্ৰদায়ৰ মাজত হোৱা নাছিল৷ সেই বিখ্যাত ৰণখন হৈছিল দুটা প্ৰশাসনৰ মাজত৷ মোগল আৰু আহোম প্ৰশাসনৰ মাজত৷ মোগল প্ৰশাসনৰ সৈন্য দলটোত যেনেকৈ কেৱল ইছলাম ধৰ্মৰ সেনাপতি বা সৈন্য নাছিল, ঠিক তেনেকৈ আহোম প্ৰশাসনৰ সৈন্য দলটো কেৱল আহোম সম্প্ৰদায়ৰ সেনাপতি বা সৈন্য নাছিল৷ আহোম সৈন্য দলটোত আনকি বাহ্মণ সম্প্ৰ্দায়ৰ দৈৱজ্ঞই যুদ্ধৰ নাৱত উঠি লাচিতক যুদ্ধৰ মাজে মাজে আক্ৰমণৰ ক্ষণ গণনা কৰি দিছিল৷ ৰামসিংহই যেনেকৈ মোগল প্ৰশাসনটোৰ সীমাৰেখাডালক বিস্তাৰ কৰিবলৈ অসম আক্ৰমণ কৰিছিল, ঠিক তেনেকৈ লাচিত বৰফুকনে আহোম প্ৰশাসনৰ সীমাৰেখাডালক বিচ্যুতি হোৱাত বাধা দিবলৈ মোগল প্ৰশাসনৰ সৈন্য বাহিনীটোৰ বিৰুদ্ধে যুদ্ধ কৰিছিল৷ সেইবাবে আমি আজিৰ তাৰিখত লাচিতৰ দেশপ্ৰেম, জাতি প্ৰেমক লৈ যিমান হৈ চৈ কৰো, লচিতে তেনে জাতিপ্ৰেমত মতলীয়া হৈ মোগলক পৰাস্ত কৰা নাছিল কাৰণ ৰাজনীতিৰ খেলখন তেতিয়াও আজিৰ দৰেই চলিছিল, সেয়ে মিৰজুমলাই অসম আক্ৰমণ কৰোতে একাংশ আহোম প্ৰশাসনৰ বিষয়াই মিৰজুমলাক অসমৰ ৰজা হ’বলৈ কৈছিল, ৰজা জয়ধ্বজ সিংহৰ জীয়েক ৰমণীক ঔৰংগজেৱৰ পুতেকলৈ বিয়া দিছিল, যাৰ মোমায়েক আছিল লাচিত নিজেই৷ ৰাজনীতিৰ খেলখনৰ বাবেই শৰাইঘাটৰ যুদ্ধৰ কেইদিনমানৰ আগতে লাচিত বৰফুকন আৰু আন কেইজন বিষয়াই গুৱাহাটীখন মোগলক এৰি দিবলৈ বিচাৰিছিল, আৰু তেতিয়াৰ বিচক্ষণ মন্ত্ৰী আতন গোঁহাইয়ে সকলোকে সাহস আৰু অভয় দান কৰিহে তেওঁলোকৰ মনবোৰ পুনৰ দৃঢ় কৰিছিল৷
অসমৰ ভৌগোলিক স্থিতি, আহোম প্ৰশাসনৰ সৈন্য বাহিনীৰ বীৰত্ব আৰু মোগল প্ৰশাসনৰ ভিতৰত চলি থকা আভ্যন্তৰীণ ৰাজনীতিৰ বাবে ৰামসিংহই গুৱাহাটী জয় কৰিব নোৱাৰিলে৷ ৰামসিংহ আৰু তেওঁৰ আন আন সেনাপতিসকলে যিমান কৌশল আৰু বীৰত্বৰে যুদ্ধখন কৰিছিল তাৰ তুলনাত আহোমৰ দুই মুখ্য সেনাপতি লাচিত বৰফুকন আৰু আতন বুঢ়াগোঁহাইয়ে বেছি বীৰত্ব আৰু কৌশলেৰে যুঁজ কৰি মোগলক পৰাস্ত কৰিলে৷ নৰীয়া গাৰে যুঁজ কৰা বাবে আৰু উত্তৰ গুৱাহাটীতকৈ দক্ষিণ গুৱাহাটীত যুদ্ধৰ গুৰুত্ব বেছি আছিল বাবে লাচিতে পৰৰ্ৱতী সময়ত শৰাইঘাটৰ যুদ্ধৰ মহানায়কৰ আখ্যা পালে৷ কিন্তু একেই বিচক্ষণতা আৰু বীৰত্বৰে যুঁজ দিয়া, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে যুদ্ধখনৰ নেতৃত্ব দিয়া আতন বুঢ়াগোঁইক আধুনিক বুৰঞ্জীবিদসকলে গুৰুত্বহীন কৰি থ’লে৷
তথাপিও লাচিত আমাৰ বাবে জাতীয় বীৰ৷ বিদেশী শক্তিৰ পৰা দেশখনক ৰক্ষা কৰা লাচিত বৰফুকনে কোনো বিশেষ জাতি, সম্প্ৰদায় বা ধৰ্মৰ হকে বা বিৰুদ্ধে যুঁজ কৰা নাছিল৷ কিন্তু আজিৰ দিনৰ ধৰ্মীয় আৰু সাম্প্ৰদায়িক ৰাজনীতিয়ে লাচিতক হিন্দু বীৰৰ ৰূপ দিবলৈ অপচেষ্টা কৰি আছে আৰু আমি অসমীয়াই নীৰৱে সেই অপচেষ্টাবোৰক প্ৰতক্ষ্য কৰি আছোঁ৷ সেয়ে শৰাইঘাটৰ সেই জাতীয় বীৰজন লাহে লাহে অসমীয়া জাতিৰ বাবে অচিনাকি হৈ পৰিছে৷
------------------------

সুন্দৰ
ReplyDeleteকিছু বিৰল তথ্যৰ সন্ধান পালোঁ !
ReplyDelete