কবিতাঃ শিৱ ডেকা

ঃপুৱাঃ
কিচিৰ মিচিৰ
কোলাহলত উঠি আহিল বেলি
সমুখত দীঘল বাট পশ্চিমলৈ বুলি৷

ঃলাজঃ
ওৰে ৰাতি দূবৰিত মধুৰ আলিংগন
বেলি দেখি আঁতৰিল নিয়ৰ
মাজ ৰাতি খুলিব আকৌ বুকুৰ আৱৰণ৷

ঃহেঁপাহঃ
সদ্যস্নাতাৰ চুলিৰ চিটিকনিত
ভ্ৰাম্যমাণ জীৱনৰ নিৰবিছিন্ন গতি৷

ঃপ্ৰতিশ্ৰুতিঃ
মূৰত বেলি..
মুক্ত মই, মুক্ত তুমি
বেলিপৰাৰ পৰত লগ হ’ম
 চুমুকিম এপিয়লা সোঁৱৰণী৷

ঃআবেলিঃ
হেঙুলীয়া আকাশ
সমুখত নৈ,
সৰিয়হফুলৰ সুগন্ধি নাচোন
মেলি দিম আশাৰ পানচৈ৷

ঃভাগৰুৱাঃ
ক্ৰমে ক্ৰমে গধুৰ নিশ্বাস
জুইৰ তাপত সেকি দিয়া আশ্বাস
সঞ্জীৱনী, সঞ্জীৱনী
জীৱন তৰংগিনী৷

ঃবিশ্ৰামঃ
গধুৰ হোৱা আন্ধাৰ
গৰল অথবা অমৃত
থাকিলে থাকক কলচি ভৰি
মেলি দিয়া দুহাত,
বিৰতি লওঁ হাতে হাত ধৰি৷

@শিৱ ডেকা

Comments

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ