এক মিনিটৰ গল্পঃ বেঁকা আঙুলিঃ নৱজিৎ মেধি

*** এক মিনিটৰ গল্প ***
 বেঁকা আঙুলি
নৱজিৎ মেধি
বিমৰ্ষ মনে শিক্ষান্ত পৰীক্ষাৰ নিৰীক্ষকৰ কৰ্তব্যখিনি সামৰি চহৰ খনৰ ইংৰাজী বিষয়ৰ নাম থকা শিক্ষক কলিতা চাৰে সন্ধিয়া ঘৰ আহি পালে৷ বিমৰ্ষ মনে বহি থকাত তেখেতৰ পৰিবাৰে কি হৈছে জানিব বিচৰাত –সকলো কথা কোৱাত, তেখেতৰ পৰিবাৰে ক’লে- তোমাকনো কিহে পাইছিল বৰা চাহাবৰ এলাইবাদু ল’ৰা জনক টিউচন ল’ব! বাৰু যি হৈছে হৈছে, পৰীক্ষাৰ ৰিজাল্ট দিবলৈ এতিয়াও দুই-তিনি মাহ সময় আছে-তুমি এই সপ্তাহতে তেখেতক সকলো কথা জনাই থৈ আহা৷

এতিয়া পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাকে ধৰি বহু ঘটনাই ঘটি আছে যদিও ৰাতি কলিতা চাৰৰ ভাল টোপনি নহ’ল-বৰ প্ৰভাৱশালী মানুহ বৰা চাহাব, কিবা অন্যায়েই কৰে নেকি!

#এসপ্তাহ পিছত ৰাতিপুৱাই কলিতা চাৰ গৈ বৰা চাহাবৰ বিশাল প্ৰাসাদোপম ঘৰত উপস্থিত হ’ল৷ বৰা চাহাবৰ ঘৰৰ বাৰাণ্ডা খনতেই বহি কলিতা চাৰে ক’লে- আপোনাৰ ল’ৰাটোৰ কাৰণে বহুত চেষ্টা কৰিলো, নিৰীক্ষক হিচাপে সি পৰীক্ষা দিয়া ৰুমৰেই দায়িত্ব লৈছিলোঁ৷ উত্তৰ বহী জমা দিয়াৰ পিচত তাৰ বহী চাই দেখিলোঁ- সি দুখন পেপাৰ মিলি ত্ৰিছ নম্বৰৰ বেচি নাপায়৷ সি যে পৰীক্ষাত ফেইল কৰিব সেইটো খাতাং, আপোনাক কথাখিনি আগতীয়াকৈ জনাই থলোঁ৷ কথাবোৰ মন দি শুনি উঠি বৰা চাহাবে বৰ বিশেষ একো নকলে৷

#কলিতা চাৰ যোৱাৰ পিছত বৰা চাহাবে নিজৰ দুই হাত পিহি থাকিল অলপ মান সময়ৰ কাৰণে আৰু তাৰ পিছতেই নিজৰ হাত এখনৰ জন্মগত ভাবে বেঁকা আঙুলিটো চাই ভাবিলে- হুহ! চিধা আঙুলিৰে ঘি নুঠিলে-বেঁকা আঙুলিটোকে ব্যৱহাৰ কৰিব লাগিব৷ 

Comments

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ