অকমানিৰ গল্পঃ চিৰ যুগমীয়াঃ তনুশ্ৰী ডেকা

@@@@@চিৰ যুগমীয়া@@@@

কুঁৱলীয়ে আজি সূৰ্য উদয় নোহোৱাতে উঠিল৷ আজি তাইৰ পৰীক্ষা আছে৷ তাইৰ পৰীক্ষা আছে ১২-৩০ বজাৰ পৰা৷ সেইবাবে তাই সিদ্ধান্ত ল’লে যে তাই ১২-০০ বজালৈ পঢ়িব সময় পাব৷ ৬-০০ মান বাজিলত তাই মাকৰ চিঞৰ শুনিলে৷ মাকে তাইক মাতি আছে৷ তাই থতমত খাই মাকৰ ওচৰ পালে৷ গৈ দেখিলে মাকৰ ওচৰতে দেউতাক দীঘল দি পৰি আছে৷ তেওঁৰ গা বৰ তপত৷ সোনকালে চিকিৎসা নকৰিলে অৱস্থা আৰু বেয়া হ’ব পাৰে৷ মাকে পলম নকৰি অতি সোনকালে গাড়ী এখন ভাড়া কৰি দেউতাকক ওচৰৰ চহৰখনলৈ লৈ গ’ল৷
 এতিয়া ঘৰৰ সমস্ত দায়িত্ব ভাৰ আহি পৰিল৷ সৰু ভায়েক ৰুলক টোপনিৰ পৰা উঠাই দি তাইৰ সৰু ভনীয়েকক বোকোচাত বান্ধি বাৰ বছৰীয়া কুঁৱলীয়ে চোতাল ঘৰ সাৰি, বাচন-বৰ্তন ধুই এনেদৰে ঘৰৰ সমস্ত কাম ১১-০০ বজাৰ আগতে শেষ কৰিবলৈ চেষ্টা কৰি আছে৷ এনেয়ে তাই ঘৰৰ ইমানকৈ কাম কৰাৰ প্ৰয়োজন নহয়৷ কিন্তু তাই আজি নিজৰ অৱস্থা দেখিয়ে মনত বৰ দুখ লাগিল৷ কাৰণ তাইৰ দৰে অকণমানি ছোৱালীজনীৰ নিজৰ লগতে ঘৰ, ভাইটি আৰু ভণ্টিকো চম্ভালিব লগাত পৰিছে৷ আজি ১২-৩০ বজাত হ’বলগীয়া পৰীক্ষাটো তাইৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ৷ এই পৰীক্ষাটোৱে তাইক জীৱনত কিবা হ’বলৈ সুযোগ দিব আৰু তাই এই সুযোগ কোনো কাৰণতে এৰিবলৈ নিবিচাৰে৷
ভায়েক ৰুলক পাঁচলি কাটিবলৈ দি কিবা খাবলৈ বনাব চেষ্টা কৰিছে৷ তাইৰ চেষ্টা অথলে নগ’ল৷ ৰুটিখন বেছি ভাল নহলেও আজি কোনোমতে চলি যাব৷ ভাজিখিনি অলপ পুৰিছে কিন্তু খাবলৈ যে পাইছে সেয়াই বহুত৷ ভোজন গ্ৰহণ কৰি থকা সময়তেই মাজত কোনোবাই তাইক কুঁহি! কুঁহি! বুলি চিঞৰিবলৈ ধৰিলে৷ কুঁহি মানে কুঁৱলীক মৰমতে মতা নাম৷ তাই বৰ মৰমৰ সেইবাবে ঘৰৰ সকলোৱে ওচৰ চুবুৰীয়াই আৰু সহপাঠীসকলে কুঁহি বুলি মাতে৷ কুঁহি! কুঁহি! বোলা চিঞৰটোত তাই ৰ’ব নোৱাৰিলে আৰু দৌৰি দুৱাৰমুখ পালেগৈ৷ দুৱাৰখন খুলিয়ে ওচৰৰ মামাক এজন তাইৰ সন্মুখত থিয় দি আছিল৷ তেওঁ খবৰ দিলে যে দেউতাকক চিকিৎসকৰ ওচৰলৈ লৈ যাব পালে কিন্তু তেওঁলোকৰ আহোতে অলপ পলম হ’ব পাৰে৷ খবৰটো পাই তাইৰ মনটো ভাল নালাগিল৷ এনে তাই আজি অকলে ঘৰৰ সমস্ত দায়িত্ব আজি তাইৰ ওপৰত, তাতে তাইৰ আজি পৰীক্ষাও আছে৷ তাই অনুভৱ কৰিলে কিতাপৰ অংক মিলাওতে মিলাওতে আজি তাইৰ জীৱনৰ অংক নিমিলা হৈ পৰিল৷ বাচন-বৰ্তন ধোৱা শেষ, ঘৰ চফা কৰা কৰিলে এনেদৰে খুব কম সময়ৰ ভিতৰতে বহুখিনি কাম শেষ কৰিলে৷ এবাৰ ঘড়ীটোলৈ চাই তাই দেখিলে ১১-০০ বাজিব মাত্ৰ ৩০ মিনিটহে বাকী৷ ভায়েকক অৰ্থাৎ ৰুলক ওচৰৰ মামীয়েকৰ ঘৰত দুবছৰীয়া ভনীয়েকক অলপ সময়ৰ বাবে, মানে যেতিয়ালৈ তাই পৰীক্ষা দি ঘৰলৈ উভতি নাহে তেতিয়ালৈকে ভনীয়েকক চম্ভালিবলৈ দি থৈ আহিল৷ ভায়েকক সোনকালে গা পা ধুবলৈ পঠিয়াই নিজেও স্কুললৈ যাবলৈ সাজু হ’ল৷
পৰীক্ষা হলত সোমায়েই নিজৰ ঠাইখিনিত বহিল৷ পৰীক্ষা দিবলৈ সকলোৱে নিজৰ নিজৰ আসনত বহিল৷ পৰীক্ষা ১২-৩০ ৰ পৰা ৩-৩০ বজালৈ চলিল৷
পৰীক্ষা শেষ হোৱাৰ পিছত তাই অনুভৱ কৰিলে তাইৰ পৰীক্ষা ইমান বেয়া নহ’ল৷ তাইৰ নিজৰ ওপৰত বিশ্বাস আছে যে তাই কোনোমতে হ’লেও পৰীক্ষাত উত্তীৰ্ণ হ’ব৷ ভায়েকৰ লগত তাই ঘৰ পালেগৈ৷ মূখ হাত ধূই কাপোৰ সলাই ওচৰৰ ঘৰৰ পৰা ভনীয়েকক লৈ আহিলগৈ৷ ভায়েক আৰু ভনীয়েকৰ লগত তাই মাক দেউতাকলৈ অপেক্ষা কৰি থাকিল৷ সন্ধিয়া ৬ মান বজাত সিহঁতৰ পদূলি মুখত গাড়ী ৰখাৰ শব্দ শুনা যেন পালে৷ শব্দ শুনিয়ে তাই দুৱাৰমুখ পালেগৈ৷ দুৱাৰ খুলিয়েই মাকক দেখা মাত্ৰকে মাকক সাৱট মাৰি ধৰি কান্দিবলৈ ধৰিলে৷ মাকে তাইৰ দুখ বেদনা বুজি পালে৷ তাইৰ ভাগৰ আৰু মনৰ দুখে তাইক কন্দুৱাই পেলালে৷ কিন্তু দেউতাকক দেখি তাই এক সন্তুষ্টিৰ হাঁহি মাৰিলে৷ তাইৰ জীৱনত আজিৰ দিনটো চিৰ যুগমীয়া হৈ থাকিব৷ আজিৰ দিনটোৰ পিছত তাই নিজকে যেন আজীৱন চম্ভালিব পাৰিব৷ তাই চকু মুদিয়েই এক পোহৰ দেখিলে৷ ৰাতি বিছনাত পৰি তাই অপেক্ষা কৰিলো এক নতুন যুগমীয়া দিনলৈ৷

@@তনুশ্ৰী ডেকা@@

Comments

  1. কনমানি ছোৱালীজনী আগলৈকো এনেদৰেই লিখি যোৱা। ধুনীয়া হৈছে।

    ReplyDelete

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ