গল্পঃ বিষয়ঃ টাইঃ বিদ্যুত বিকাশ দত্ত

বিষয়ঃ টাই
---------------------
©বিদ্যুত বিকাশ দত্ত, আমগুৰি, শিৱসাগৰ, অসম
৮৪০২০৪২৭৬৭

         (১)
  অষ্টম শ্ৰেণীত আমি। মানৱ শৰীৰত ইনবৰ্ণ বান্দৰৰ আত্মা ইনষ্টল হৈ আহিছে। গতিকে মাজে সময়ে ছাৰ বাইদেউ সকলেও লঘু-লাঞ্ছনা কৰি থাকে। তেনেকুৱা এটা দিনতে বৰকৈ টাই এডাল পিন্ধিবৰ (লগাবৰ!) মন গ'ল। পিছে খাকী হাফপেণ্ট পিন্ধি স্কুললৈ যোৱা ল'ৰাই টাই মৰাটো সপোণৰ নামান্তৰ মাত্ৰ। গতিকে দেউতাক টাই এডাল কিনি দিবলৈ খাটনি ধৰিলোঁ। দেউতাও দেউতা! তেখেতৰ লজিক মতে গ্ৰেজুৱেট হোৱাৰ পিছতহে টাই মাৰিব লাগে। উপায়ন্তৰ হৈ নিজাকৈ টাই এডাল বনোৱাৰ সিদ্ধান্ত ল’লো। সিদ্ধান্ত আৰু কি! ডাঠকৈ ক্ৰীম ৰঙৰ  কাপোৰ এখন বিচাৰি কাঠ পেঞ্চিলেৰে টাইৰ আকৃতি এটা অঁকা হ'ল। মা গা ধুবলৈ যাওঁতেই টাইৰ জোখত কাপোৰখন কাটি লৈ পঢ়া টেবুলত টাই মাৰি বহি ল'লো। সন্মুখত আইনা। ৱাঃ কি লুক(!)।
 
       পিছে ৰাতিলৈ হুলস্থুল লাগিল। মাৰ ভালৰ নামত থকা পিয়ৰ কাশ্মিৰী শ্বলখনৰ মাজে মাজে দীঘল শংকু আকৃতিৰ এটা  ফাঁট। এনকোৱাৰী চলিল। মুজৰিম ধৰা পৰা নাই। ক'ত ধৰা পৰিব? তেতিয়াও টাই মোৰ গলত। ওপৰত এটা দগধা চুয়েটাৰ। মোৰ দেউতা যিমান সৰল, মা সিমান বুদ্ধিয়ক। মাৰ সন্দেহ মোৰ ওপৰত। মই 'না'ৰ  পৰা 'হা' কৰা নাই। হঠাৎ বডি চেকিঙ ৱাৰেণ্ট আহিল। মই তৎক্ষণাত ওচৰতে থকা ধানৰ বস্তাটো নেটিভ হেণ্ডমেড টাইদালেৰে বান্ধি দিলোঁ। ধৰা নপৰিলোঁ। কিন্তু অনুশোচনাৰ জুয়ে চাৰা ৰাতি দগ্ধ কৰিলে। বিশেষকৈ পুৱা মা কেন্দ্ৰ মিটিঙলৈ পুৰণি শ্বল এখন লৈ ওলাই যোৱাদেখি মনটোত বৰ দুখ লাগিল।

            (২)

       টাইৰ জন্ম ফৰাচী দেশত। সময় ১৭ শ শতিকাত। ৰজা অষ্টম  লুইৰ দিনত সেনা সকলে নিজৰ ইউনিফৰ্মৰ ওপৰ অংশত এটুকুৰা কাপোৰ বান্ধি লৈছিল। কালক্ৰমত ইয়েই নতুন ৰূপ আৰু গঠন অনুসৰি টাই নাম পায়। ইংৰাজীত 'টাই' মানে বন্ধা( ক্ৰিয়াপদ)। আজিকালি বিশ্বজুৰি টাই স্মাৰ্টনেচৰ প্ৰতীক। কমনৱেলঠ দেশবোৰত বহুদিনৰ আগতেই প্ৰচলন হ'লেও এতিয়াও বহুতৰ বাবে টাই বিলাসী বসন হৈয়েই আছে। ভাবিলে আচৰিত লাগে যে সাধাৰণতে ১০০-১৫০ টকাৰ পৰা বহুলাখ টকালৈ টাই ভাৰতৰ বজাৰতো উপলব্ধ।

     অসমীয়াত টাইৰ প্ৰতিশব্দ নাই বুলিলে ভুল হ'ব। "কণ্ঠলেঙ্গুতি" বুলি আধুনালুপ্ত শব্দ এটি অসমীয়াত নথকা নহয়। কিন্তু শব্দটিৰ লিখিত ব্যৱহাৰ হোৱা কমেইহে দেখিছোঁ। পাঠক সকলে বাৰু এবাৰ চিন্তা কৰিবচোন।

    এইবাৰ আহক টাইক লৈ হোৱা মোৰ অথন্তৰবোৰ এবাৰ পঢ়ি চাবলৈ।

             (৩)
    মাৰ হেৰোৱা শ্বলৰ টুকুৰাটো আৰু নোলাল। অলপ দিনৰ পিছত দেউতা ওচৰৰ ৰাইচ মিললৈ ধান কুটাবলৈ গৈছিল। মই টাইৰে বন্ধা সেই বস্তাটোও ক'ব নোৱাৰাকৈ দেউতাই লৈ গৈছিল। পিছে মিলৰ মালিক নথকাত সেইদিনা ধানবোৰ মিলতে থৈ দেউতা গুচি আহিছিল। পিছে দেউতা অহাৰ পিছত মালিক ওলালহি আৰু ধানবোৰ নিজেই কুটালে। পিছে বস্তা বন্ধা ৰচীবোৰ চাগে দলিয়াই থঁওতে ক'ৰবাত হেৰাল। গতিকে নতুন ৰচীৰে বান্ধি থ'লে। যথাসময়ত আমি বস্তাবোৰ ঘৰলৈ আনিলোঁ।

      মিলৰ মালিকৰ ঘৰৰ কুকুৰজনীৰ নাম "লৈ"। "লৈ"ৰ লগত তেতিয়া আমাৰ "ভটুৱা"ৰ বৃহৎ প্ৰেম। এদিন দেখিলো "লৈ"ৰ ডিঙিত মাৰ শ্বলৰ টুকুৰাটো মঙ্গল সুত্ৰৰ দৰে ওলমি আছে আৰু মায়ে কাপোৰ টুকুৰালৈ অপলক নেত্ৰেৰে চাই আছে। মালিকে চাগে দৃষ্টিনন্দন কাপোৰ টুকুৰা "লৈ"ৰ ডিঙিত আঁৰি দিছিল। ঘটনাটো দেখি মই তুৰন্তে পলাই দিলোঁ। ৰাতিলৈ সিদ্ধান্ত হ'ল , আমাৰ চৰিত্ৰহীন ভটুৱাই ঘৰৰ অগোচৰে "লৈ"ক জোৰোণ দি থৈছে। পিছে "লৈ"য়ে কেতিয়া জ্যামিতি শিকি কেতিয়া শঙ্কু আকৃতিত কাপোৰ ফালিব শিকিলে মোৰ বাদে কোনেও বুজি নাপালে। মায়ে আজিও চাগে ভটুৱাক আৰ্যভট্টৰ শাৰীত বহুৱাই থৈছে। অৱশ্যে সেইবাৰ মই স্কট ফ্ৰী হ'লো।
 
     ------------------------

Comments

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ