অণুগল্পঃ ইচিকমানি গল্পঃ ধৰিত্ৰী শৰণীয়া

ইচিকমানি_গল্পঃ_খণ্ড_৩
@ধৰিত্ৰী শৰণীয়া

১১/#প্ৰেম

তাই বিচৰা প্ৰেমে তাইৰ গৰ্ভত প্ৰতাৰণাৰ বীজ অংকুৰিত কৰি গুচি গ’ল৷

১২/#মাহী_মাঃ

নিজৰ প্ৰেমকো ত্যাগ কৰি বায়েকৰ মৃত্যুৰ পিছত অকল ভাগিনীয়েকটোৰ কথা ভাৱি ভিনিয়েকৰ লগত বিয়া হোৱা ৰঙিলীয়ে ল’ৰাটোৱে দোষ কৰোতে এটা থাপৰ মাৰোতেই শাহুৱেকে কোৱা শুনিলে, “মাহীমাক কোনোদিনে মাক হ’ব নোৱাৰে "।

১৩/#আঁচলঃ

মদাহী গিৰিয়েকৰ অত্যাচাৰত ওলোৱা চকুপানী মচিবলৈ মাকৰ আঁচলখনৰ আজিকালি বৰ প্ৰয়োজন অনুভৱ কৰে, ঘৰখনৰ আদৰৰ জীয়ৰী পাপৰিয়ে৷

১৪/#মাঃ

বৰপুতেকৰ বিয়াৰ পিছদিনাখনেই আদৰৰ পুতেকৰ আল-পৈচান বোৱাৰীয়েকে ধৰা দেখি, পুতেক তাইৰ পৰা বহুত দূৰলৈ গ’ল বুলি ৰহিমলাৰ বুকখন মোচৰ খাই গ’ল৷

১৫/#সাঁথৰঃ

শাহুৱেকে বাঁজী বুলি কথা শুনাই থকাৰ পিছতো অৰ্ণৱে কিয় তাইক ডাক্টৰৰ ওচৰলৈ নিনিয়ে, সেয়া ৰূপাৰ বাবে সাঁথৰ৷

Comments

  1. সদায় কোৱাৰ দৰে আজিও কওঁ ,সুন্দৰ,মনচুইযোৱা৷

    ReplyDelete

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ