গল্পঃ ছাৰ বুলি মাতিলে বেয়া লাগেঃ বিদ্যুত বিকাশ দত্ত
ছাৰ বুলি মাতিলে বেয়াই লাগে-১২
(নাম তাইৰ পিংকি)
২৪-১১-২০১৮
-------------------------
©বিদ্যুত বিকাশ দত্ত, আমগুৰি, শিৱসাগৰ, অসম
৮৪০২০৪২৭৬৭
পুৱা ১০ বজাতে ফোনটো আহিল৷ “হেল্ল’ ছাৰ, আপুনি বাৰু মিঃ বিদ্যুত বিকাশ দত্ত হয়নে? “
মোৰ মনটো কিবা কথাত ৰঙ লাগি আছিল৷ গতিকে ধেমালীকৈ ক’লো -“কিবা সন্দেহ আছে নেকি? “
আচলতে এনেকুৱা ধেমালিবোৰ মই কৰিয়েই থাকো৷ কাষতে বহি থকা পত্নীয়ে খুচুককৈ কাহ এটা মাৰি উঠি গ’ল৷ অৰ্থটো হ’ল ৰাসৰ বন্ধ পায় অ’ভাৰফোন ৰাসলীলা! “
সিফালৰ পৰা ক’লে-“ছাৰ আপুনি সঁচাই বৰ ৰসিক৷ “
আইজৌ, পুৱাই পুৱাই এনে উৎসাহী মন্তব্য! ষোড়শী যুৱতীয়ে এই বুঢ়া কালত “চেলেপু“ বুলি নকৈ “ৰসিক“ বুলি প্ৰশংসা কৰিছে৷ ফিদা নহৈ পাৰোনে বাৰু? মই স্বভাৱ সুলভ ভাৱে ক’লো “ধন্যবাদ৷ “
সিফালৰ পৰা খিল-খিল হাঁহি৷
হঠাৎ ভাৱ হ’ল মই যেন অধিক পাতলামি কৰিব ধৰিছোঁ৷ বিশেষকৈ পাতল মানুহ মোৰ শহুৰৰ জীয়েকে বেয়া পায়৷ তদুপৰি চাকৰিটোৰ উপৰিও মোৰ অন্য এটা প্ৰফেশ্যনেল কাম আছে যিটোত ব্যক্তিত্ব আৰু গাম্ভীৰ্যৰ নহ’লে নচলে৷ গতিকে মই মাতটো যথাসম্ভৱ গহীনকৈ উলিয়াই ক’লোঁ -“বেয়া নাপাব, অলপ ধেমালি কৰিলোঁ৷ কওকচোন কিয় ফোন কৰিছিল৷ “
আচলতে এনেকুৱাকৈ চিনাকি হয় মোৰ ওচৰত ঘৰুৱাকৈ পঢ়িবলৈ অহা ল’ৰাছোৱালীহঁতৰ অভিভাৱকে৷ গতিকে গহীন হোৱাতো মোৰ দ্বায়িত্ব হৈ পৰিছিল৷ “
সিফালৰ পৰা ক’লে-“ছাৰ, মই পিংকি৷ মই “...“এডভাৰটাইজিঙ এজেন্সিৰ পৰা ক’লো৷ সিদিনা বাৰু আপুনি “.....“ শ্বপিঙ মলত বজাৰ কৰিছিল নেকি? “
মই “হয়“ বুলি উত্তৰ দিলোঁ৷ সঁচাকৈয়ে মই চাৰিদিনমান আগত এখন অলপ বজাৰ কৰিছিলোঁ৷
পিঙ্কীয়ে ক’লে-“ছাৰ আপোনাৰ এটা ভাল খবৰ আছে৷ আপোনাক আমাৰ এড কোম্পানীয়ে সিদিনা এখন কাৰ্ড দিছিল৷ মনত পৰিছেনে? আপুনি আমাৰ কোম্পানীৰ পৰা লাভ কৰিছে এটি বিশেষ অ’ফাৰ৷ আজি বিয়লি এক/ তিনি/পাঁচ; যিকোনো সময়ত আহি অ’ফাৰটো গ্ৰহণ কৰিব পাৰিব৷ আপুনি বাৰু কেতিয়া আহিব জনাবনে? “
মই সাগৰত সাঁতুৰি পিৰানহা মাছৰ খাদ্য হ’বলৈকো ভাল পাঁও কিন্তু অ’ফাৰ ল’বলৈ বেয়া পাঁও৷ তথাপি ছোৱালীজনীৰ ভদ্ৰ কথা বতৰাত মই মুগ্ধ হ’লো৷ সেয়ে ক’লোঁ “মই আপোনাক দুঘণ্টাৰ পিছত জনাম৷ পিছে আপোনালোকৰ কোম্পেনীটোৱেনো কৰে কি? মোক বা কিহৰ ভিত্তিত অ’ফাৰটো দিব বিছাৰিছে?
ছোৱালীজনীয়ে বিনয়েৰে ক’লে “ছাৰ আমাৰ কোম্পানীটোৱে বিভিন্ন লাভদায়ক পলিচিৰ পৰামৰ্শ আগবঢ়ায়৷ ইচ্চুক আৰু অ’ফাৰ পোৱা সকল সপৰিয়ালে আমাৰ অফিচলৈ আহিব লাগে৷ লগে-লগে এজেণ্টৰ দ্বাৰা পলিচি কৰাই দিয়ে৷ “
মোৰ এখন মেডিকেল পলিচিৰ দৰকাৰ আছিল৷ অৱশ্যে মই পলিচিখন এল আই চিত কৰোৱাৰ বাবে এজন এজেণ্টক যোগাযোগ কৰিছোঁ৷ তথাপি তেওঁক ক’লোঁ, “চাওক পৰিয়ালৰ লগত পাতি মই দুঘণ্টাৰ ভিতৰত আপোনাক জনাম৷ “
“ধন্যবাদ ছাৰ৷ মই দুঘণ্টাৰ পিছত আপোনাাক ফোন কৰিম“ বুলি পিংকীয়ে ফোনটো থৈ দিলে৷
মই পিংকীৰ কথাবোৰ পৰিবাৰক সবিশেষ জনালো৷ যোৰহাটত বিশেষ কাম এটাও আছিল৷ পৰিবাৰে কথাষাৰ শুনি একেলৰে গৈ সাজসজ্জাত লাগিলগৈ৷ বোলে “ব’লকচোন৷ পলিচিও হ’ব লগতে বাকী কামো হ’ব৷ “
তেনতে মোৰ ফোনটো বাজি উঠিল৷ নম্বৰটো অচিনাকি৷ ফোনটো পিক আপ কৰি ক’লো-“কোনে কৈছে? “
সিফালৰ পৰা ক’লে “ছাৰ মই পিংকী৷ এইমাত্ৰ ফোন কৰিছিলো৷ “
মোৰ খঙ উঠি গ’ল৷ দুঘণ্টাৰ পিছত ফোন কৰিম বুলি কৈ এইজনীয়ে পাঁচ মিনিটৰ পিছতে ফোন কৰিলে যে৷ মৃদু ধমকিৰে মই ভৱাৰ দৰেই ক’লোঁ কথাবোৰ৷
পিংকিয়ে ক’লে -“ছাৰ আপুনি আমগুৰিৰ বিদ্যুত ছাৰ নেকি? “
মই বোলো “হয়“
আচ্ছা, আপুনি কলেজ তিনিআলিত থাকে নেকি? “
“আৰে হয়৷ আপুনি কেনেকৈ জানিলে? সেইবোৰ কথাটো মই লিখা নাছিলোঁ৷ “
“আপুনি যে কি কয় ছাৰ! মই পিংকী আকৌ৷ আপুনি যে পঢ়ুৱাছিল ছেকেণ্ড ইয়াৰত৷ মই আজিকালি এই কোম্পানীটোত কাম কৰোঁ৷ আপুনি ভুলতো আমাৰ অফিছলৈ নাহিব৷ এই কোম্পানীটো মস্ত ঘাটিয়া৷ কোন দিনা মালিকটো ফচে হিচাপ নাই৷ ইয়ালৈ আহিলে ষ্টাফৰ এক্সপাৰ্টে আপোনাক মিছা প্ৰলোভনেৰে দুই নম্বৰী পলিচি খোলাব৷ পিছত পইচা পাবলৈ বছৰ বছৰ লাগিব৷ বহুতৰ এনে হৈছে৷ মালিকৰ ওপৰত বোলে এনেকুৱা ৪২০ কেছো আছে বহুত৷ গতিকে ভাৱি চাব ছাৰ৷ শিক্ষাগুৰু বুলি কথাবোৰ ক’লোঁ৷ মই বাৰ্থৰূমৰ পৰাহে কথাবোৰ কৈছো৷ এতিয়া ৰাখো৷ “
পিংকীলৈ মোৰ মনত পৰি গ’ল৷ ধুনীয়া মাতৰ বৰ সহজ-সৰল মোৰ তাহানিৰ মৰমৰ ছোৱালীজনী৷ জীৱনৰ জটিলতাৰ মাজতো আজিও সততাৰ প্ৰতীক হৈ আছে৷ কুশলে থাকা পিংকি৷
_____________
Comments
Post a Comment