গল্পঃ সপোনবোৰ এনেকৈয়েঃ ৰূপম ৰিদিপ

সপোনবোৰ এনেকৈয়ে...

টু টু টু টুট.. টু টু টু টুট...
এই এলাৰ্মবোৰৰ চাউণ্ড ইমান বেয়া কিয়! মিঠা মাতেৰে মাত দিয়া এলাৰ্ম এটা পোৱাহেঁতেন! সদায় যে এই বেসুৰা মাতটো শুনিয়ে টোপনিৰ পৰা উঠিব লাগে৷

 ৰাতিপুৱাৰ ৮ বজাত লগোৱা এলাৰ্মটোক এজাউৰী গালি দি হাতত ব্ৰাছডাল লৈ আদিত্য উঠি আহিল৷ এলাৰ্ম নলগালেও যে নহয়! ৰাতি টোপনি নাহে আৰু ৰাতিপুৱা টোপনি নাভাঙে৷ এই বদভ্যাসটো হোষ্টেলত থকাৰ দিনৰে পৰাই লাগিল৷ এতিয়া ফেভিকুইক আঠাৰ দৰে লাগি ধৰিছেহি৷ এৰুওৱাটো যেন অসম্ভৱ!

 এঘণ্টাত ৰেডি হৈ আলু পিটিকা ভাত দুটামান বনাই খাই ওলায় অহাটোও তাৰ এক প্ৰকাৰৰ অভ্যাসত পৰিণত হৈছে৷ ৰূমটোত তলাটো লগাই তাৰ য়ামাহা এফ. জেদ বাইকখন ষ্টাৰ্ট দিলেহি৷ প্ৰাইভেট কোম্পেনীৰ জব, সময়ত গৈ নাপাই গালিকেইটা শুনিলেহে হ’ব! টাৰ্গেট সম্পূৰ্ণ নোহোৱাৰ দৈনন্দিন গালিবোৰতো আছেই! মাহেকৰ দৰমহাকেইটাৰে নিজেই খাই বৈ চলোতে, ঘৰলৈ দিবলৈ বা সাঁচিবলৈ নাথাকেই!
 এনেকৈয়ে চলিছে যোৱা দুটা বছৰৰ পৰা৷ নিত্য নৈমিত্তিক জীৱনৰ একঘেয়ামিৰ পৰা নিজকে আজুৰি ৱিকেণ্ডত বন্ধুৰ লগত ঘূৰা ফুৰা, পাৰ্টি কৰা এনেবোৰ কামৰ পৰাই তাৰ নিজকে মানুহ যেন লগা হৈ থাকে৷ নহ’লে যে মাজে মাজে নিজকে তাৰ গাধ যেনো নলগা নহয়!
 বচৰ দুটামান গালি, কলিগৰ লগত অকণ হাঁহি ধেমালি আৰু ভাৰ সহিব নোৱাৰা যেন এবোজা কাম কৰি ৰূম পাওঁতে প্ৰায় ৮টা বাজিল৷ বৰ ভাগৰুৱা অনুভৱ কৰিলে সি৷ ভৰি হাত ধুই বিছনাখনতে শুই হোৱাটচ্ছএপটো খুলি ল’লে৷ ওপৰৰ পৰা তললৈ স্ক্ৰল কৰি গৈ এটা নামত ৰৈ দিলেহি৷ এই নামটোৱে যে সদায়েই তাক ওচৰলৈ টানে৷ নামটোৰ প্ৰতি সঁচাকৈ সি বহুত দুৰ্বল৷ আৰু তাইৰ প্ৰতি? নিবিচাৰিলেও যে তাইৰ মুখখন চকুৰ আগত ভাঁহি উঠে৷ বাৰে বাৰে, সি নজনাকৈয়ে! ডিপিখন জুম কৰি চালে৷ তাই হাঁহি আছে৷ এটা হাঁহি ওঁঠেৰে নিগৰি আহি তাৰ মুখ উজ্জ্বলাই তুলিলে৷ মেছেজ খুলি চালে৷ লাষ্ট মেছেজ ২০ দিনমান আগতে সিয়েই কৰিছিল৷ “ভালে আছা নে? “ সি সুধিছিল৷ যাৰ উত্তৰ নাপালে৷ হ’লেও ভাল লাগে৷ ভাল লগা মানেই যে তাই! তাইক দেখিলেই তাৰ নিজৰ যোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপিত হয়৷ সি জানো যোগ্য তাইক নিজৰ কৰি পাবলৈ! ভাবি বুকুখন অকণ বিষাই উঠিল৷ এই বিষ ভাললগা নে বেয়ালগা সেয়া বিচাৰ্য নহয় তাৰ বাবে৷ এই বিষে কেতিয়াবা তাৰ দুচকু সেমেকাই, এই বিষেইচোন হৃদয়ো পোহৰাই! সি আকৌ এবাৰ তাইৰ ফটোখনলৈ চালে, তাইৰ চকুলৈ....

 ““চাওঁ বুলিলেই চাব নোৱাৰোঁ তোমাক,
কিজানিবা মোৰ কম্পিত হৃদয়ৰ ঝংকাৰে,
উমান পোৱাই দিয়ে,
মোৰ মাজত তোমাৰেই যে অৱস্থিতি! ““

ধেৎ! এইবোৰ কৰি থাকোঁতে ইমানবোৰ সময় পাৰ হৈ গ’ল৷ নিজকে নিজে একপ্ৰকাৰৰ ঠেলি হেঁচুকি পাকঘৰ পোৱালেগৈ৷ খাই বৈ শোওঁতে এক বাজিল৷ এইয়া সাধাৰণ৷ ইমানখিনি দেৰি তাৰ সদায়েই হয়৷ কাণত ইয়েৰফোনডাল লগাই টোপনিত ঢলি পৰিল৷ কাণত ৰিপিট ম’ডত বাজি থাকিল,

““আউসীৰ জোন মোৰ সমুখতে, সেমেকা চকুলো দুগালতে..““

 দেওবাৰ৷ বন্ধু দুজনমানৰ লগত সন্ধিয়া ব্ৰহ্মপুত্ৰৰ পাৰলৈ ওলাই আহিছে৷ পশ্চিমৰ সৌ ৰঙা বেলিটিৰ ৰঙে চুই যায় তাৰ হৃদয়ৰ ৰঙাখিনিক৷
“পৃথিৱীৰ ভিতৰত দ্বিতীয়তে ধুনীয়া যদি আছে তেন্তে এইয়া আমাৰ ব্ৰহ্মপুত্ৰ, সেই ৰঙা বেলিটি আৰু এই বতাহজাক৷ “- নদীৰ বুকুলৈ চাই সি ক’লে৷
“আৰু প্ৰথম কোন? “
বন্ধুৰ এই প্ৰশ্নত সি মাথোঁঁঁঁঁ হাঁহিলে৷ দুচকু মুদি দীঘলকৈ উশাহ ল’লে৷ সেই একেখন মুখ আকৌ ভাঁহি উঠিল৷

““শৰীৰ কঁপাই নিয়া তুমি নামৰ বতাহজাক...
ভাবোঁ যেন উশাহ লৈ ভৰাই ল’ম বুকুত;
স্তব্ধ কৰি ল’ম নিশাহ, তোমাতেই!
কিন্তু, তেতিয়াই মনলৈ আহে,
বতাহক জানো বান্ধি ৰাখিব পাৰি! ““

 এনেকৈ বাৰু কিমান দিন চলিব! নাই৷ সি মনতে থিৰাং কৰিলে৷ এবাৰ সি ক’ব তাইক৷ উত্তৰ “না“ বুলি জানিলেও এবাৰ মাথোঁঁঁঁঁ জনাব তাৰ মনৰ কথা৷ গাই শুনাব বুকুত অনবৰতে বাজি থকা তাই নামৰ সুৰটো৷
 ফেচবুকটো খুলি ল’লে৷ টাইমলাইন এনেই চাই গ’ল৷ হঠাৎ দেখিলে তাইৰ নামটো৷ বুকুখন মোচৰ খাই উঠিল৷ কাৰণ তাই যে এইয়া ল’ৰা এজনৰ লগত ৰিলেচনশ্বিপ ষ্টেটাছ দিছে৷ লাহে লাহে মোবাইলৰ স্ক্ৰীনখন অস্পষ্ট হৈ আহিল, চকুলোৰে দুচকু ভৰিছে৷ লগৰ দুজনে গম নোপোৱাকৈ চকুপানীখিনি মচিলে৷ ল’ৰাজনৰ প্ৰফাইলটো খুলি চালে৷ মডেল যেন চেহেৰাৰ দেখনিয়াৰ ল’ৰা৷ ইনফ’ চাই গম পালে ভাল জব কৰে৷ হাঁহি উঠিল তাৰ৷ এইয়া যেন নিজকে নিজে কৰা বিদ্ৰূপৰ হাঁহি৷ তাত আৰু বেছি পৰা ৰৈ নাথাকি ৰূমলৈ উভতিল, লগত হুইস্কি এবটল৷
 দুগাল তিয়াই সাফৰ খুলি আৰম্ভ কৰিলে৷ নহ’লে যে আজি সি শুব নোৱাৰিব! স্বপ্নভংগৰ দুখে উশাহ ল’বলৈও কষ্ট দিছে৷ কেইপেগ মান খোৱাৰ পিছত ডায়েৰিখন খুলি লৈ তাত কিবা লিখিলে৷ কিছুক্ষণ পিছত ডায়েৰিখনতে মূৰটো থৈ শুই পৰিল৷ দুটোপাল চকুলো বৈ আহি আখৰকেইটা তিয়াই পেলালে৷ তাত লিখা আছিল,

 ““যিদিনা দেখিছিলোঁ সিদিনা জিলিকি আছিলা,
সাইলাখ যেন পূৰ্ণিমাৰ জোন,
কিন্তু কলংকবিহীন!
তোমাৰ পোহৰে মোক পোহৰাইছিল,
হাঁহিছিলোঁ তোমালৈ চাই,
তোমাৰ আভাই মোকো উজ্জ্বলাইছিল৷
কথাবোৰ এতিয়াও একেই, তুমি যে জোন, মোৰ পৰা এতিয়াও সিমানেই দূৰত৷ ““

 চাগে সিদিনাই জুবিনেও গাইছিল,

““সুখী হৈয়ে ৰোৱা মই অবিহনে,
এইয়া মোৰে শুভকামনা;
লাহে লাহে আঁতৰাই আনিলোঁ নো,
মই মোক তোমাৰ পৰা...““

✍ ৰূপম ৰিদিপ

Comments

Popular posts from this blog

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ