ধাৰাবাহিকঃ মোৰ বেহা বৃত্তান্তঃ মাধুৰ্য্য গগৈ

মোৰ বেহা বৃত্তান্ত

@মাধুৰ্য্য গগৈ

কৰি থকা চাকৰিটো ভালেই আছিল৷ মাহেকৰ মূৰত ভালেখিনি টকা হাতলৈ আহিছিল৷ মুম্বাইৰ দৰে ব‍্যয়বহুল চহৰত সৰুকৈ ফ্লেট এটিও লৈছিলোঁ, দৰমহাৰ টকাৰে৷ সৰু গাড়ী এখনো কৰিছিলোঁ৷ যথাসময়ত বিয়াও কৰালোঁ৷ মুঠতে মুম্বাইতে আজীৱন থকাৰেই কথা আছিল৷ (অৱশ্যে মাজে-সময়ে অসমলৈ ঘূৰি আহিবলৈ মন নোযোৱা নহয়৷ ) প্ৰয়োজন সাপেক্ষে থাকিবলগীয়া প্ৰায় সকলোখিনিয়েই মেনেজ কৰিব পাৰিছিলোঁ৷ সেয়ে ছাগৈ সহজ ভাষাত “বিন্দাছ লাইফ“ বুলি কেওৱে ভাৱিছিল৷
পিছে, নিজাকৈ কিবা এটা কৰাৰ পোক এটাই সদায় কামুৰি থাকিছিল৷ কিন্তু ভাৱিলেইতো নহ’ব৷ “কম্ফ’ৰ্ট জ’ন“ৰ পৰা ওলোৱা ইমান সহজ জানো? চাকৰিৰ দৰমহাকেইটা নাপালে ফ্লেটৰ ই.এম.আই. কেনেকৈ দিম? সংসাৰ কৰি, চলিম ক’ৰ পৰা? ব‍্যৱসায় কৰিবলৈ মূলধনেই বা ক’ত? মূলধন যেনিবা গোটালোৱেই, কি ব‍্যৱসায় কৰিম? ক’ত কৰিম? ব‍্যৱসায়টো চলিবনে? ইত্যাদি এশ এবুৰি সমস্যাবোৰ আছেই৷
এইবোৰৰ উত্তৰ বিচাৰি হাবাথুৰি খাই থাকোঁতেই চাৰিবছৰ পাৰ হৈ গৈছিল৷ মোৰ মূৰৰ পোকটো ইতিমধ্যে যৌৱনপ্ৰাপ্ত হৈছিল৷ আৰম্ভ কৰিছিলোঁ ব‍্যৱসায়ৰ ক খ গ ঘ শিকিবলৈ৷ এটা ব‍্যৱসায়ৰ বাবে নিখুঁত আঁচনি তৈয়াৰ কৰিবলৈ প্ৰয়োজন হোৱা জ্ঞানখিনি আহৰণৰ বাবে নিজকে নিয়োজিত কৰিছিলোঁ৷ মানসিক চাপ বাঢ়ি আহিছিল৷ মোৰ অভ‍্যন্তৰত তেতিয়া এখন তুমুল যুঁজ চলিছিল, চাকৰি এৰি ব‍্যৱসায় কৰাৰ সিদ্ধান্তৰ মাজৰ মানসিক অন্তঃকন্দল৷ টোপনি কমি আহিছিল৷ প্ৰায় এবছৰ ভালকৈ শুৱাই নাছিলোঁ বুলিলেই মিছা নহয়৷
এনে মানসিক অন্তঃদন্দৰ মাজতেই ঘৰৰ মানুহৰ বিপৰীত মেৰুত অৱস্থানে মোক আকৌ দুখোজ পিছুৱাই যাবলৈ বাধ‍্য কৰালে৷
এই মানসিক সংঘাতৰ মাজত সাধাৰণতে আত্মবিশ্বাস হেৰাই যাবলৈ ধৰে৷ মোৰো ক্ষেত্ৰত ইয়াৰ ব‍্যতিক্ৰম নহ’ল৷ এইদৰে প্ৰায় এবছৰমান গ’ল৷ এই সময়ছোৱাত মই পোৱা কেইটামান বিনামূলীয়া উপদেশ হ’ল-

১) গজগজীয়া চাকৰি মানেই “ছেটেলড লাইফ৷ “ চাকৰি এৰি ব‍্যৱসায় মূৰ্খৰ কাম৷
২) চাকৰি নাপালেহে ব‍্যৱসায় কৰিব লাগে অথবা, ব‍্যৱসায় কৰি থাকিলেও চাকৰি বিচাৰি থাকিব লাগে৷
৩) চাকৰিৰ সন্মান আছে, ব‍্যৱসায়ৰ নাই৷
৪) ব‍্যৱসায়ত ৰিস্ক আছে, চাকৰিত নাই৷

পিছে মই লক্ষ্য কৰিছিলোঁ যে এই কথাবোৰ চাকৰি কৰা মানুহেহে কৈছিল, যাৰ ব‍্যৱসায় ক্ষেত্ৰত জ্ঞান শূন্য৷ মই সকলো বুজিছিলোঁ৷ তথাপি, মোৰ মনৰ পৰা ব‍্যৱসায় কৰাৰ চিন্তাটো আঁতৰাই ৰাখিবলৈ ইয়েই যথেষ্ট আছিল৷
গতানুগতিকভাৱেই চাকৰিৰ জীৱন চলি থাকিল৷ ইতিমধ্যে মোৰ চাকৰিত আকৌ প্ৰমোচন হৈছিল, দৰমহাও যথেষ্ট বাঢ়িছিল৷ মুম্বাইত ফ্লেট বুকিং কৰিলোঁ৷ ই.এম.আই. আৰম্ভ হৈ গৈছিল৷ ফ্লেটৰ ডাউন পেমেণ্ট দিবলৈ পাৰ্ছ’নেল লোন ল’লোঁ৷ মানে সৰ্বমুঠ দুটা ডাঙৰ ই.এম.আই. প্ৰতিমাহে মোৰ দৰমহাৰ পৰা কাটিবলৈ ল’লে৷ লাহে লাহে অৰ্থনৈতিক মেৰপাকত সোমাই পৰিলোঁ৷
ইফালে ঘৰত মোৰ বিয়াৰ কথাবতৰা চলিছিল৷ মই ইমান সোনকালে বিয়া পাতিবলৈ বিচৰা নাছিলোঁ৷ পিছে মোৰ মন-মগজুৰ পৰা চাকৰি এৰি ব‍্যৱসায় কৰাৰ দৰে চিন্তাবোৰ আঁতৰাই ৰাখিবলৈ ইয়াতকৈ ডাঙৰ ঔষধ যে একো নাছিল, এই কথাটো মোৰ ঘৰৰ মানুহে ভালকৈয়ে বুজিছিল৷
সোনকালেই মোৰ বিয়াও হৈ গৈছিল৷ নতুনকৈ গাড়ী এখনো লৈ পেলালোঁ, তাকো লোন লৈ৷ এইদৰে অৰ্থনৈতিক মেৰপাকৰ লগতে দাম্পত‍্য জীৱনটোৰ লগত বিজি হৈ মোৰ ব‍্যৱসায় কৰাৰ সপোনটো লাহে লাহে মৰহি যাবলৈ ধৰিলে৷
“মুম্বাইত ফ্লেট, গাড়ী, বিয়াও পাতিলি, চাকৰিও ভাল৷ তোৰহে লাইফটো ছেটেল্ড লাইফ দেই৷ “ বুলি কোৱা কানত পৰিল৷
কিন্তু! কিন্তু, এই সকলোবোৰৰ মাজতো ব‍্যৱসায়ৰ পোকটোৱে মোক ৰাতি ৰাতি শুবলৈ নিদিয়া হ’ল৷ মোৰ আধৰুৱা হৈ ৰোৱা সপোনটোৱে আকৌ সাৰ পাই উঠিল৷ আৰম্ভ কৰি দিলোঁ প্ৰাথমিক কাম-কাজ৷
পিছে তিনিটাকৈ লোনৰ ই.এম.আই. ৰ বোজা আৰু দাম্পত‍্য জীৱনৰ ভৱিষ্যতৰ কথা ভাৱি, আকৌ দুখোজ পিছুৱাই যাবলৈ বাধ্য হ’লোঁ৷ ব‍্যৱসায় কৰাৰ তীব্ৰ ইচ্ছাৰ বিপৰীত মেৰুত মোৰ মন-মস্তিষ্কই অৱস্থান কৰিলে৷

আগলৈ...

Comments

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ