গল্পঃ যথা ধৰ্মঃ তথা ন্যায়ঃঃ খাণ্ডিল্য নয়ন শইকীয়া

যথা ধৰ্মঃ তথা ন্যায়ঃ

ঠিক সেইখিনিতেই যেন সকলোবোৰ সলনি হ'ল । মহামান্য ন্যায়াধীশৰ চূড়ান্ত সিদ্ধান্ত প্ৰায় নিশ্চিত , ধাৰা ৩০৩ৰ অধীনত হয় মৃত্যুদণ্ড নহলে যাৱজ্জীৱন কাৰাদণ্ড । কোৰ্টৰ ভিতৰলৈ লৈ অহা হ'ল ৬০-৬৫বছৰীয়া মহিলা গৰাকীক , ঘূৰণীয়া চকাৰ চকীখনত । সকলোৰে ইচ্ছা যে মানুহগৰাকীয়ে মৃত্যু বা কাৰাদণ্ডৰ আগে আগে এবাৰ পুত্ৰৰ নিৰ্মম ভাবে ৰ’দেৰে মৰিয়াই মৰিয়াই প্ৰাণ কাঢ়া পিশাচতোক চাই লওক , মানুহগৰাকীয়ে যে ন্যায় পালে সেয়া উমান কৰি লওক ।
" মই ইছমাইলৰ বিৰুদ্ধে থকা এই পেটিছন উঠাই লৈছোঁ , মোৰ অনুৰোধ তেওঁক কোনো শাস্তি দিব নালাগে । "
সকলোকে হতবাক কৰি চকীখনতেই বহি বহি হাত যোৰ কৰি মানুহগৰাকীয়ে ন্যায়াধীশলৈ চাই ক’লে ।
" সিদ্ধান্ত হৈছেই , মজুত সকলো প্ৰমানেই  ইছমাইলৰ বিৰুদ্ধাচৰণ কৰিছে , আপোনাৰ ওপৰত যদি কোনো ধৰণৰ চাপ দিয়া হৈছে আপুনি জনাওক । আমি দস্তুৰমত ব্যৱস্থা ল’ম ।"
" নহয় মহামান্য , মোৰ ওপৰত কোনোধৰণৰ চাপ নাই । মোক কোনে ন্যায় দিব? মই মোৰ সন্তান হেৰুৱাইছোঁ । আল্লাৰ কৃপাত বিয়াৰ ১৪বছৰ পিছত মাতৃত্বৰ সোৱাদ পাইছিলোঁ । আল্লাই মোক যোৱা ২২বছৰ পুত্ৰসুখ দিছে । প্ৰতিশোধ আল্লাৰ পথ নহয় ।" অকনমানো বিচলিত নহৈ কথাখিনি ক’লে বৃদ্ধা গৰাকীয়ে ।
" তেন্তে আপুনি বিচাৰে কি? " কৌতূহলীত সমাগমৰ মৌনতা ভাঙি সুধিলে ন্যায়াধীশে ।
" মোৰ পুত্ৰৰ মৃত্যু আল্লাই বিচাৰ কৰিলে , কিন্তু মই নিবিচাৰো ইছমাইলৰ মৃত্যু সমাজে বিচাৰ কৰক । মই বিচাৰোঁ , মোৰ পৰিয়াল জড়িত হওক ইছমাইলৰ লগত । আমি চাবলৈ বিচাৰো ইছমাইলে এটা নতুন জীৱনৰ পাতনি মেলক । বেয়া অনৈতিক কামৰ পৰা সম্পূৰ্ণ আঁতৰি আহক , যাতে এনেকুৱা আকৌ দুনাই নহওক । কাৰণ , মই সদায়ৰ বাবে তাৰ জীৱনৰ অংগ হৈ পৰিম । নতুনকৈ পাতনি যি জীৱনৰেই নেমেলক কিয় সেয়া কেৱল মাথোঁ তাৰ নিজৰ এটা জীৱন নহ’ব , তাত জড়িত হৈ থাকিব মোৰ পুত্ৰ ৰেহমানৰ লগতে ৰেহমানৰ সম্পূৰ্ণ পৰিয়ালৰ জীৱন৷ "
সমাগমৰ মাজৰ পৰা ওলাই আহি বৃদ্ধা গৰাকীক সাৱটি ধৰি হুক হুকাই কান্দিলে ইছমাইলৰ মাকে ।
" কেনেকৈ বাইদেউ? কেনেকৈ ইমান সাহসী হ’ব পাৰে ? মোৰ পুত্ৰ হ’লেও তাৰ নিষ্ঠুৰতাত মই দুখী হৈছিলোঁ , ৰেহমানৰ ছিন্ন বিছিন্ন শৰীৰটো দেখি মই ভয় খাই গৈছিলোঁ । কেনে পাশবিক মোৰ পুত্ৰ? মাতৃ হৃদয় , অন্তৰে সিদিনাই তাৰ মৃত্যু কামনা কৰিছিলোঁ , কিন্তু আজি শাৰীৰিক মৃত্যুৰ বাৰ্তা শুনিবলৈ ৰৈ আছোঁ যদিও সেয়া মোৰ কাম্য নহয় । আপোনাৰ কথাবোৰে মোক বাৰুকৈয়ে বিচলিত কৰিছে৷"
 " প্ৰতিশোধে মোৰ পুত্ৰ ঘূৰাই নিদিয়ে ভনী , কিন্তু তাৰ মৃত্যুৰ পিছত যদি ইছমাইলৰো মৃত্যু হয় ইছমাইলৰ সংসাৰ খনৰ মৃত্যু হ’ব । আপোনাৰ , তাৰ ঘৈণী , পুত্ৰ , সম্বন্ধীয় সকলো নিমিষতে শেষ হৈ যাব । কিন্তু সি যদি ভাল হয় , সকলো অনৈতিক কাম এৰি দিয়ে তাৰ লগতে তাৰ পৰিয়ালটোও নতুনকৈ জী উঠিব । মই বিচাৰোঁ মাত্ৰ ইছমাইলৰ সেই বেয়াখিনিৰ মৃত্যু , সেয়াই হব মই বিচৰা ন্যায় । "
কথাখিনি কৈ চকীখনৰ চকা দুটা হাতেৰে খুব কষ্টকৈ ঘূৰাই বাহিৰলৈ ওলাই গ’ল মানুহগৰাকী ।
কাঠগৰাত থকা ইছমাইলৰ চকু পানীৰে ভৰি পৰিছিল , বাৰে বাৰে তাৰ মনলৈ আহিছিল ৰেহমানক মাৰি থকাৰ সময়ত পুত্ৰক বচাবলৈ অহা এই বৃদ্ধাগৰাকীৰ ভৰিত ৰ’দেৰে মাৰা কোব কেইটা .....৷


@খাণ্ডিল্য নয়ন শইকীয়া

Comments

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ