গল্পঃ যোগ্যতাঃ সোণটো ৰঞ্জন বৰুৱা

যোগ্যতা

@ সোণটো ৰঞ্জন বৰুৱা


আজৱ দেশখনত সময়ে সময়ে এক আজৱ প্ৰতিযোগিতা অনুষ্ঠিত হৈ থাকে৷ লেং মৰা প্ৰতিযোগিতা৷ উল্লেখযোগ্য যে এই প্ৰতিযোগিতাৰ বাবে আগতীয়াকৈ টিকট ল’ব লাগে৷ এইবাৰ পিছে টিকট প্ৰত্যাশীৰ ভিৰে আগৰ সকলো ৰেকৰ্ড ভংগ কৰি দিছে৷  সমাজসেৱীৰ পৰা পুঁজিপতিলৈ, নামঘৰীয়াৰ পৰা মাফিয়ালৈ, শিক্ষকৰ পৰা চিকিৎসকলৈ..... যুৱনেতাৰ পৰা আলৰ বৃদ্ধলৈকে সকলো টিকটৰ দাবীদাৰ৷ সকলোৱে নিজ নিজ উপলব্ধি,  সিদ্ধান্ত,  নিষ্ঠা, যোগ্যতা আৰু হাই কামাণ্ডৰ ওচৰ সম্পৰ্কৰ দাবী উপস্থাপন কৰাৰ লগতে প্ৰতিদ্বন্দ্ব্ব্ব্ব্ব্ব্ব্ব্ব্ব্বীক শিপাৰে সৈতে উভালি পেলোৱাত সম্পূৰ্ণৰূপে নিজক উজাৰি দিছে৷ জিন্দাবাদ মূৰ্দাবাদ ধ্বনিৰে পাৰ্টি কাৰ্য্যালয়ৰ ভিতৰ বাহিৰৰ বতাহ ক্ৰমান্বয়ে গৰম হৈ আছে৷

পৰ্য্যবেক্ষকৰ অৱস্থা চাবলগীয়া৷ কিংকৰ্তব্যবিমূঢ় পৰিস্থিতি৷ প্ৰতি গৰাকী প্ৰাৰ্থীকেই ইগৰাকীতকৈ সিগৰাকী অধিক যোগ্য যেন দৃষ্টিগোচৰ হৈছে৷ এনে লাগিছিল যেন দলৰ সমুদায় ভাৰ তেখেতেই বৈ আছে৷ দল যেন তেওঁৰ ওপৰত নিৰ্ভৰশীল, তেখেতক প্ৰাৰ্থীত্ব নিদিলে পৰাজয় নিশ্চিত৷

ঠেলা হেঁচা কৰি থকা বগা কুৰ্তাবোৰে নিজ নিজ টিকট অভিলাষৰ বক্তব্য কৰি শেষ হোৱাৰ পাছত আঁতৰৰ পৰা আলেখলেখ চাই থকা সি পৰ্যবেক্ষণৰ ৰূমত প্ৰৱেশ কৰিলে৷

“ সত্যবান বৰুৱা.... “ এজন পৰ্য্যবেক্ষকে তাৰ বায়’ডাটাত চকু ফুৰাই সুধিলে৷ ’


 এনে প্ৰশ্নৰ উত্তৰ শব্দৰে দিয়াৰ নিয়ম তাৰ অভিধানত নাই৷  দুই ইঞ্চিৰ হাঁহি এটাৰ সি ওঁঠত বিৰিঙালে৷

“ নামে কামে একেই নে..... “ দ্বিতীয়জন পৰ্য্যবেক্ষকে প্ৰশ্ন কৰিলে৷

“ দাদা, দুখীৰাম হ’বলৈ জীৱনত দুখী, ধনীৰাম হ’বলৈ ধনী নহ’লেও হয়৷ ’’ ………গহীন হাঁহি এটা মাৰি সি উত্তৰ দিলে৷

 “মানে? “

“মানে একেবাৰে ফটফটীয়া৷ মানুহৰ ওচৰত যি বস্তুৰ আটাইতকৈ অভাৱ, তাকেই প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰে৷ যেনে আমাৰ নেতাসকলৰ নৈতিকতা আৰু মোৰ সততা৷ ’’ মেলেককৈ হাঁহি এটা মাৰি সি ক’লে৷

পৰ্য্যবেক্ষক দুজনে এজনে আনজনৰ মুখলৈ চাই গহীনকৈ প্ৰশ্ন কৰিলে “ দলৰ প্ৰতি তোমাৰ নিষ্ঠা? “

“বেলেগত ভাল সুবিধা পালেই দল এৰি প্ৰথমেই পলাম“ স্মিত হাঁহিৰে সি উত্তৰ দিলে৷
আচৰিতহৈ পৰ্যবেক্ষক দুজনে পুনৰ দুয়ো দুয়োৰে চকুলৈ চাই গৰ্জন কৰি উঠিল “সাহস মানিছো তোমাৰ,  তোমাৰ দৰে সুযোগ সন্ধানীক আমি টিকট দিম বুলি কিদৰে ভাবিব পাৰিছা? ’’

“ টিকট মোকেই দিব, বিশ্বাস আছে৷ ’’ ………হাঁহিয়েই সি উত্তৰ দিলে৷

“কিয় দিম,  তোমাক টিকট দি আমাৰ দলৰ কি লাভ হ’ব? “ পুনৰ দুয়োজনে গৰজি উঠিল৷

 ’’পাৰ্টিৰ কি লাভ হ’ব নহ’ব পিছৰ কথা,  আপোনালোকৰ কিন্তু লাভ হ’ব৷ “ একেই হাঁহিৰে সি উত্তৰ দিলে৷

 ’’আমাৰ কি লাভ? “ দুয়োজনে উৎকণ্ঠিত হৈ একেলগে প্ৰশ্ন কৰিলে৷

 “আপোনালোক দুয়োজন যদিও পাৰ্টিৰ পুৰণা নেতা, কিন্তু পাৰ্টিত যি গুৰুত্ব পাব লাগে, পাইছে জানো? ভৱিষ্যতে যদি কেতিয়াবা সংখ্যাৰ অংক আহে পাৰ্টিৰ বাবে নিষ্ঠাবান কৰ্মীতকৈ আপোনালোকক মোৰ দৰে সেৱকৰহে প্ৰয়োজন হ’ব৷ ’’

 উত্তৰ শুনি দুয়োজন পৰ্য্যবেক্ষক গভীৰ চিন্তাত মগ্ন হ’ল৷ বহুত দেৰি গুণা গথাঁ কৰি তেওঁলোকে তাৰ টিকট নিশ্চিত কৰি দিলে৷ নিজৰ নিজৰ সোণালী ভৱিষ্যতৰ সপোনত দোৰোল খোৱা চকুৰে পৰ্যবেক্ষক দুজনে তাৰ মুখলৈ চাই ভাবি থাকিল “আজিৰ যুগত এনে যোগ্য প্ৰাৰ্থীৰেই আৱশ্যক৷ ’’


------------------------

Comments

  1. সোনটোৰ লিখনী সদায়ে প্ৰিয়।

    ReplyDelete

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ