প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ

প্ৰবন্ধ:: সাংখ্য দৰ্শন ::সঞ্জীৱ মজুমদাৰ

সংস্কৃত "সিন্ধু" শব্দৰ পৰা উদ্ভূত "হিন্দু" শব্দটো ভাৰতবৰ্ষত কেৱল এটা সভ্যতা বুজোৱাতে সীমাবদ্ধ নাথাকিল। ক্ৰমে ই এক সনাতন ধৰ্ম আৰু দৰ্শনৰো বাহক হৈ পৰিল। হিন্দু দৰ্শন বুলি ক'লে প্ৰাচীন ভাৰতৰ মুঠ ছটা দৰ্শনৰ সমষ্টিক বুজা যায়। ন্যায়, সাংখ্য, যোগ, বৈশেষিক, পূৰ্ব্ব মীমাংসা আৰু উত্তৰ মীমাংসা (বেদান্ত দৰ্শন)। এই কেউটাকে একেলগে ষড়দৰ্শন বুলি জনা যায়। এই আটাইকেইটা দৰ্শনৰ মতাদৰ্শী সকলে কৰ্ম্ম আৰু পুনৰ্জনমক বিশ্বাস কৰে। লগতে মোক্ষপ্ৰাপ্তি অৰ্থাৎ "জন্ম-মৃত্যু-পুনৰজনম" এই চক্ৰৰ পৰা মুক্তি লাভ কৰাটোকেই মনুষ্য জনমৰ পৰম লক্ষ্য বুলি বিবেচনা কৰে।

সাংখ্য, সাংখ্য-তত্ত্ব, সাংখ্য-দর্শন বা সাংখ্য-সপ্ততি হৈছে ভাৰতীয় ষড়দর্শনৰ অন্যতম প্রাচীন দর্শন। কপিল মুনিয়ে এই দর্শন প্রণয়ন কৰিছিল। এইবাবে এই দর্শনক "কপিল-দর্শন" বুলিও কোৱা হয়।পণ্ডিত সকলৰ মতে ঋষি কপিল বুদ্ধদেৱৰো আগৰ আৰু পণ্ডিতসকলে "তত্ত্বসমাস" আৰু "সাংখ্য প্রৱচন" এই দুখন গ্রন্থ ঋষি কপিলৰ দ্বাৰা ৰচিত বুলি দাবী কৰে। অৱশ্যে তৃতীয় শতাব্দীৰ ঈশ্বৰকৃষ্ণৰ দ্বাৰা ৰচিত "সাংখ্যকাৰিকা" সাংখ্য দর্শনৰ এখনি প্রামাণ্য গ্রন্থ। 
হিন্দু পৌৰাণিক কাহিনী অনুযায়ী কপিল মুনি এগৰাকী ঋষি বিশেষ। কপিল মুনিৰ পিতা আছিল কর্দম প্রজাপতি আৰু মাতৃৰ নাম দেবাহুতি। একাগ্র চিত্তে নিৰিবিলিত তপস্যা কৰাৰ উদ্দেশ্যে তেখেতৰ আশ্রমখন পাতালপুৰীত নিৰ্মাণ কৰিছিল।

এবাৰ সগৰ ৰজাই অশ্বমেধ যজ্ঞৰ আয়োজন কৰিছিল। স্বৰ্গাধিপতি ইন্দ্রই ৰাক্ষসৰ ৰূপ ধাৰণ কৰি যজ্ঞস্থলৰ পৰা যজ্ঞৰ ঘোঁৰা অপহৰণ কৰি লৈ যায় আৰু পাতাল লোকত অৱস্থিত কপিল মুনিৰ আশ্রমত বান্ধি থৈ যায়। সগৰ ৰজাৰ ষাঠি হাজাৰ পুত্রই যজ্ঞৰ ঘোঁৰা বিচাৰি তিনিওলোক চলাথ কৰি অৱশেষত পাতাললৈ আহে আৰু কপিল মুনিৰ আশ্রমত ঘোঁৰাটো দেখা পায়। ঘোঁৰা চুৰ কৰি অনা বুলি সগৰ ৰজাৰ সন্তান সকলে কপিল মুনিক আক্ৰমণ কৰে। কপিল মুনি খঙত একো নাই হৈ সগৰ ৰজাৰ ষাঠি হাজাৰ পুত্রক ভস্ম কৰে। পিছত সগৰ ৰজাৰ অন্য এগৰাকী পুত্র অংশুমানে পাতাললৈ আহি মুনিৰ ওচৰত ক্ষমাভিক্ষা মাগি মুনিক সন্তুষ্ট কৰি যজ্ঞৰ ঘোঁৰাটো ওভোতাই লৈ যায়। এই সময়তে অংশুমানে কপিল মুনিৰ পৰা জানিবলৈ সক্ষম হয় যে স্বৰ্গৰ পৰা পবিত্ৰ নদী গঙ্গাক নমাই আনি সেই নদীৰ পানীৰ স্পর্শ পালেহে সগৰ ৰজাৰ ষাঠি হাজাৰ পুত্রই পুনৰ জীৱন পাব। পিছলৈ অংশুমানৰ নাতি আৰু দিলীপৰ পুত্ৰ ভগীৰথে সৰগৰ পৰা গঙ্গা নদীক মৰতলৈ নমাই আনিবলৈ সক্ষম হৈছিল।
এইজন ঋষি কপিলেই সাংখ্য দর্শনৰ প্রণেতা তথা মূল প্রবক্তা। এই দর্শনত ঈশ্বৰৰ সত্তাক অস্বীকাৰ কৰা হৈছে। তেখেতৰ মতে এই জগতখন জড়-প্রকৃতিৰ পৰা উদ্ভৱ হৈছে। কপিলে এই দৰ্শন তেখেতৰ শিষ্য আসুৰিক দান কৰে আৰু আসুৰিয়ে তেওঁৰ শিষ্য পঞ্চশিখক এই জ্ঞান দান কৰে। ইয়াৰ পিছত পঞ্চশিখে তেওঁৰ শিষ্যসকলক এই জ্ঞান দান কৰে। ক্রমাৎ এই শিষ্যসকলৰ জৰিয়তে সাংখ্যদর্শনে প্ৰসাৰ লাভ কৰে। 

সাংখ্যদর্শনৰ ৰচনাকাল সম্পৰ্কে মতভেদ আছে। কিন্তু এই দর্শনৰ বিষয়ে শ্রুতি, স্মৃতি, পুৰাণ, মহাভাৰত আদিত যথেষ্ট উল্লেখ পোৱা যায়। মহাভাৰতৰ শান্তিপর্বৰ ৩০২ অধ্যায়ত 'সাংখ্যমতৰ সাৰসঙ্কলন' পোৱা যায়। মহাভাৰতৰ ৰচনা কাল ধৰা হয় প্রায় ৪০০ খ্রীষ্ট পূর্বাব্দ। গতিকে সাংখ্যদর্শন খ্রীষ্ট-পূর্ব ৫০০-৪০০ অব্দৰ ভিতৰৰ ৰচনা বুলি পণ্ডিতসকলে অনুমান কৰে। বহু পণ্ডিতে সাংখ্য–সম্প্রদায়ৰ প্রৱর্তক কপিলৰ মুনিৰ নামৰ পৰাই বুদ্ধদেৱৰ জন্মস্থান কপিলাবস্তুৰ নামকৰণ হৈছিল বুলি বিশ্বাস কৰে। গৌতম বুদ্ধৰ জন্মকাল ৫৬৭-৫৬৩ আৰু মৃত্যু ৪৮৭-৪৮৩ খ্রীষ্টপূর্বাব্দ বুলি গণ্য কৰা হয়। এই অৱধাৰণাৰ পৰা সাংখ্য দর্শনৰ ৰচনাকাল প্রায় ৬০০ খ্রীষ্টপূর্বাব্দৰ সমকালীন বুলি অনুমান কৰা হয়। 

সাংখ্য মতাদর্শীসকলৰ মতে, তত্ত্বৰ সংখ্যা পঞ্চবিংশতি বা পঁচিশ। এই পঁচিশটা তত্ত্ব যথার্থ জ্ঞানৰ মাজেদি জীৱৰ মুক্তি বা মোক্ষলাভ হয়। সংখ্যাভিত্তিক এই দর্শন হোৱা বাবেই এই দর্শনক সাংখ্যদর্শন বুলি নামকৰণ কৰা হৈছে। সাংখ্যদর্শনত প্রতিপাদ্য বিষয়কে ‘তত্ত্ব’ নামে অভিহিত কৰা হয়। এই দৰ্শনৰ মূল হৈছে নিত্য প্রকৃতি ও নিত্য পুৰুষ নামক দুটা তত্ত্ব। এই প্রকৃতি আৰু পুৰুষৰ সংযোগত সৃষ্টি হয় বাকী তেইশ প্ৰকাৰৰ তত্ত্ব।

১) মহৎ বা বুদ্ধি
2) অহঙ্কাৰ
৩) মন
৪) চকু ৫) কাণ ৬) নাক ৭) জিভা ৮) ছাল (পঞ্চ জ্ঞানেন্দ্রিয়)
৯) বাক্ ১০) হাত ১১) ভৰি 
১২) পায়ু ১৩) উপস্থ (পঞ্চকর্মেন্দ্রিয়)
১৪)শব্দ ১৫) স্পর্শ ১৬) ৰূপ ১৭) ৰস ১৮) গোন্ধ (পঞ্চসূক্ষ্মভূত)
১৯) ক্ষিতি ২০) অপ ২১) অগ্নি, ২২) মৰুৎ ২৩) আকাশ (পঞ্চমহাভূত)

কিছু সাংখ্য মতাদর্শীৰ মতে ‘সাংখ্য’ হৈছে, সম্যক জ্ঞান (সাং+খ্য = সম্যক + জ্ঞান) বা যথার্থ জ্ঞান। সাংখ্যমতে জ্ঞান সমুদায় দুই প্রকাৰৰ। প্ৰথমটো হৈছে তত্ত্বজ্ঞান, আৰু আনটো হৈছে ব্যৱহাৰিক জ্ঞান। এই দর্শন অনুযায়ী তত্ত্বজ্ঞানক ‘বিবেকজ্ঞান’ বুলিও কোৱা হয়। বিবেকজ্ঞানৰ মাজেদিহে জীৱৰ দুখ নিবৃত্তি সম্ভৱ হয়। যিহেতু এই দর্শনত বিবেকজ্ঞানকেই মোক্ষপ্ৰাপ্তিৰ হেতু বুলি কোৱা হৈছে, সেয়েই এই দর্শনক সাংখ্যদর্শন বুলি কোৱা হয়। এই দৰ্শনমতে জীৱিত কালত আত্মা বা পুৰুষ নানা ধৰণৰ মোহ মায়াৰ দ্বাৰা আৱদ্ধ হৈ পৰে। এই মোহ মায়াৰ পৰা মুক্তি লাভ কৰা মানেই মোক্ষ লাভ। 

সাংখ্য দর্শনৰ মুখ্য প্রতিপাদ্য বিষয় হল ‘দুখ নিবৃত্তি’ অর্থাৎ মানুহৰ জীৱনত দুখৰ অৱসান ঘটোৱা।সাংখ্য মতে দুখ তিনি প্রকাৰৰ।
১) আধ্যাত্মিকাঃ ৰোগৰ পৰা উৎপন্ন হোৱা দেহ আৰু মনৰ পীড়া সমূহ ৷
২) আদিভৌতিকঃ বর্হিজগতৰ পৰা উৎপন্ন হোৱা পীড়াসমূহ ৷
৩) আদিদৈৱিকঃ গ্রহ-নক্ষত্র প্রভৃতিৰ কোপত উৎপন্ন হোৱা পীড়াসমূহ। সাংখ্য দর্শনমতে সঠিক জ্ঞান অৰ্জন কৰিব পাৰিলে অর্থাৎ প্রকৃতি আৰু পুৰুষ সম্পর্কে সম্যক জ্ঞান লাভ কৰিব পাৰিলেহে এই পীড়াসমূহ দূৰ কৰা সম্ভৱ।
সাংখ্য দর্শনৰ প্রকৃতি তত্ত্ব প্রধানতঃ সৎকার্যবাদৰ ভিত্তিত প্রতিষ্ঠিত। এই সৎকার্যবাদৰ শিক্ষা হ'ল এই যে সকলোৰে ফল সেই বস্তুৰ মাজতেই নিহিত হৈ থাকে। যিদৰে গাখীৰৰ মাজতেই ঘিউ অৱস্থান কৰে। সৎকার্যবাদৰ মাজতো দুটা ভাগ আছে – পৰিণামবাদ আৰু বিৱৰ্তবাদ। পৰিণামবাদৰ মতে যেতিয়া কোনো এটা বস্তুবিশেষৰ পৰা কোন ফল উৎপন্ন হয় তেতিয়া বস্তুবিশেষৰো পৰিৱর্তন ঘটে। যিদৰে গাখীৰৰ পৰা ঘিউ প্রস্তুত কৰিলে গাখীৰৰো পৰিৱর্তন ঘটে।

আনহাতে বিৱৰ্তবাদ অনুযায়ী ফলৰ উৎপত্তি হ'লেও য'ৰ পৰা ফলৰ উৎপন্ন হ'ল, আপাত দৃষ্টিত তাৰো পৰিৱর্তন হোৱা যেন অনুভূত হয়। যিদৰে ৰছী এডালক সাপ বুলি ভ্ৰম হোৱাৰ দৰে। এইক্ষেত্ৰত ৰছীডালৰ কোনো পৰিৱর্তন নহয় অর্থাৎ ৰছীডাল সাপলৈ পৰিণত নহয়। ৰছীডালক আপাতদৃষ্টিত কেৱল সাপ বুলি অনুভৱ হয়।

একেই দৰে, ব্রহ্মৰ পৰা বিশ্বসৃষ্টি হলেও ব্রহ্মৰ কোনো পৰিৱর্তন নহয় কিন্তু আমাৰ এনে লাগে যেন ব্রহ্মৰ পৰিৱৰ্তন ঘটি বিশ্বজগতলৈ পৰিণত হৈছে।
সাংখ্য দর্শন দ্বৈতবাদী কিয়নো এই দর্শনৰ দুটি তত্ত্ব হৈছে পুৰুষ (চৈতন্য-Consciousness) আৰু প্রকৃতি (পাৰ্থিৱ-matter)। সাংখ্য দর্শনৰ মতে পুৰুষ প্রকৃতিৰ পৰা স্বাধীন, নিষ্ক্রিয় চৈতন্য, অপৰিৱর্তনশীল আৰু গুণত্রয়ৰ (সত্ত্বঃ, ৰজঃ আৰু তমঃ) ঊর্দ্ধত। পুৰুষ হ’ল চেতন, র্নিগুণ, অপৰিণামী, অকর্তা, উদাসীন ও সাক্ষীমাত্র। পুৰুষ হৈছে বিশ্বনিয়ন্তা আৰু বিশ্বসৃষ্টিৰ প্রথম আৰু প্রধান কাৰণ। বিশ্বনিয়ন্তা হিচাপে পুৰুষ এই বিশ্বৰ সকলো পৰিৱর্তনৰ মূল কাৰক কিন্তু তাৰপিছতো পুৰুষৰ কোনো পৰিৱর্তন নহয়। গুণত্রয়ৰ প্রভাৱেই বিশ্বৰ সকলো পৰিৱর্তনৰ মূল। পুৰুষ সদায় মুক্ত আৰু কাল (সময়), স্থান আৰু কাৰণৰ ঊর্দ্ধত। পুৰুষৰ আৰম্ভও নাই শেষো নাই, পুৰুষ চিৰস্থায়ী। পুৰুষ হল শুদ্ধ, বুদ্ধ আৰু মুক্ত।

আনহাতে, সাংখ্য দর্শনৰ প্রকৃতিৰ মাজতেই বিশ্বজগতৰ সকলো বস্তুৱে অৱস্থান কৰে। প্রকৃতি অত্যন্ত সক্রিয় আৰু ইয়াৰ পৰাই বিশ্বজগতৰ সকলোবোৰ উৎপন্ন হয়। যদিও প্রকৃতি বিশ্বজগতৰ সকলো বস্তুৰ উৎপত্তিৰ কাৰণ, কিন্তু প্রকৃতিৰ উৎপত্তিৰ নিজস্ব কোনো কাৰণ নাই। প্রকৃতি হ’ল জড়া, গুণময়ী, পৰিণামিনী, প্রসৱধর্মী অর্থাৎ সৃষ্টিসমর্থা। প্রকৃতি অসাধাৰণৰূপে শক্তিময়ী আৰু চক্রানুক্রমে বিশ্বসৃষ্টি ও ধ্বংসৰ কাৰণ। পুৰুষ আৰু প্রকৃতিৰ সংযোগৰ ফলত সৃষ্টি হয় এই সংসাৰ।

প্রকৃতি গুণত্রয়ৰ অর্থাৎ সত্ত্বঃ, ৰজঃ আৰু তমঃ এই তিনিটা গুণৰ সমন্বয়ৰ ফলত গঠিত। প্রকৃতিৰ মাজত এই তিনিওটা গুণেই সমানুপাতিকভাৱে অৱস্থিত। সত্ত্ব গুণৰ চৰিত্র হ’ল সুখ বা আনন্দ আৰু উজ্জ্বল। সত্ত্ব গুণৰ প্রভাৱে মানুহৰ মনলৈ আনন্দ, পৰমসুখ ইত্যাদিৰ উদয় কৰে। ৰজঃ গুণৰ চৰিত্রই সদায় কার্য্যতৎপৰতা বা কর্মশীলতা অর্থাৎ কর্মৰ মাজত নিযুক্ত ৰাখে। ৰজঃ গুণৰ পৰাই মানুহৰ জীৱনৰ সকলো দুখৰ উৎপত্তি হয়। তমঃ গুণৰ চৰিত্র হ’ল নিষ্ক্রিয়তা বা অলসতা। তমঃ গুণৰ প্রভাৱৰ ফলত মানুহ আলস্যপৰায়ণ হয়, সদায় টোপনিৰ জালত আচ্ছন্ন হৈ থাকে আৰু বিষাদত ভোগে।

কার্যতঃ সকলো জীৱই আধ্যাত্মিক, আধিদৈৱিক ও আধিভৌতিক– দুখভোগ কৰে। মানুহে এই ত্রিবিধ দুখৰ পৰা পৰিত্রাণ পাবলৈ যুগ যুগ ধৰি উপায়ৰ সন্ধান কৰি আহিছে। এই সকলোবোৰ একমাত্ৰ সমিধান হৈছে তত্ত্বজ্ঞান বা বিবেকজ্ঞান। বিবেকজ্ঞানৰ দ্বাৰা পৰম পুৰুষার্থ কৈবল্য লাভ হয়, এই কাৰণে এই জ্ঞান ঐকান্তিক জ্ঞান। আনহাতে এই জ্ঞান সকলো দুখৰ নিৱর্তক। সেয়েহে এই জ্ঞানক আত্যন্তিক জ্ঞান বুলিও কোৱা হয়। আকৌ যোগশাস্ত্ৰৰ যম-নিয়মাদি সাধ্য বাবে এই জ্ঞান শুদ্ধ আৰু ইয়াৰ দ্বাৰা লব্ধ মুক্তি অবিনাশী। আৰু সেইবাবেই এই জ্ঞানক অক্ষয় হিচাপে বিবেচনা কৰা হয়। সাংখ্য, বৌদ্ধ আৰু বেদান্ত দার্শনিকসকলে বিশ্বাস কৰে যে, মোক্ষ প্রাপ্তিৰ পিছত জীৱৰ কোনো দুখ-পীড়া নাথাকে। কিন্তু সাংখ্য দার্শনিকসকলে এঢাপ আগুৱাই বিশ্বাস কৰে যে, মোক্ষ বা মুক্তিয়ে কোনধৰণৰ সুখানুভূতিৰ অৱস্থাৰ সৃষ্টি কৰিব নোৱাৰে কাৰণ সুখ আৰু দুখ দুয়োটাই আপেক্ষিক শব্দ। য'ত দুখ নাই ত'ত সুখ থাকিবই নোৱাৰে। সাংখ্যমতে মোক্ষ দুই প্ৰকাৰৰ। এফালে মোক্ষ বা মুক্তি বুলি কওঁতে দুখৰ আত্যন্তিক নিবৃত্তিকহে সূচায়। আনহাতে সাংখ্য দার্শনিকসকলে মোক্ষ বা মুক্তি, সুখ–দুখৰ ব্যতিত অন্য এক তৃতীয় অৱস্থানকেহে স্বীকাৰ কৰে।

সাংখ্যমতে তত্ত্বজ্ঞানকেই বিবেক জ্ঞান বুলি কোৱা হয়। জ্ঞানৰ দ্বাৰাই জীৱই দুখৰ পৰা চিৰনিবৃত্তি লাভ কৰিব পাৰে। ব্যক্ত জগত, অব্যক্ত প্রকৃতি আৰু জ্ঞান বা পুৰুষৰ স্বৰূপ অনুধাৱনৰ মাধ্যমেৰে দুখৰ হাতৰ পৰা জীৱই চিৰনিবৃত্তি লাভ কৰিব পাৰে। লৌকিক বা বৈদিক কোনো প্রকাৰ কর্মৰ দ্বাৰা জীৱই মুক্তিলাভ কৰা সম্ভৱ নহয়।

সাংখ্য দর্শনত উচ্চতৰ সত্ত্বা বা পৰিণত সত্ত্বাৰ কথা আছে যদিও এই দর্শনে ঈশ্বৰৰ ধাৰণাক প্রত্যাখ্যান কৰে। ধ্রুপদী সাংখ্য দর্শনে আধ্যাত্মিক স্তৰৰ ঈশ্বৰৰ অস্তিত্ব অস্বীকাৰ কৰে। সাংখ্য দর্শন মতে, সদায় পৰিৱর্তনশীল জগত এখন অপৰিৱর্তনশীল ঈশ্বৰৰ দ্বাৰা সৃষ্টি হ’ব নোৱাৰে। এই ঈশ্বৰ মাথোঁ পৰিস্থিতিৰ প্রয়োজন সাপেক্ষে সৃষ্ট এক প্রয়োজনীয় অতিন্দ্রীয় সত্ত্বা। সাংখ্য সূত্রসমূহত পুৰুষৰ বাহিৰে পৃথকভাবে ঈশ্বৰৰ কোনো ভূমিকাৰ উল্লেখ নাই। পৃথক ঈশ্বৰৰ অৱধাৰণা সাংখ্য দর্শনৰ মতে অচিন্তনীয় আৰু খুব সাধাৰণভাবে উল্লেখিত।
চিৰন্তন, অনাদি ও স্রষ্টা ঈশ্বৰৰ বিপক্ষে সাংখ্য দার্শনিক সকলে নিম্নলিখিত বিভিন্ন ধৰণৰ যুক্তি উপস্থাপন কৰিছে।

কর্মবাদৰ অস্তিত্ব অনুসৰি, জগতৰ নৈতিক ৰক্ষক হিচাবে ঈশ্বৰৰ প্রয়োজনীয়তা নাই। কাৰণ, ঈশ্বৰে যদি কৰ্ম্মৰ পৰিণাম অৰ্থাৎ ফল প্ৰদান কৰে, তেনেহলে কর্ম্ম অবিহনেও তেওঁ ফল প্ৰদান কৰিব পাৰে। আৰু যদি ঈশ্বৰে কর্মৰ অধীনত কাম কৰে অৰ্থাৎ কৰ্ম্ম কৰাজনেহে ফল লাভ কৰে তেনেহলে কর্মই হৈছে কর্মফলৰ প্রদাতা। সেই ক্ষেত্ৰত ঈশ্বৰৰ প্রয়োজন নাই।

যদি কর্মবাদৰ অস্তিত্বক অস্বীকাৰো কৰা হয়, তেতিয়া হ’লেও ঈশ্বৰক কর্মফলৰ প্রদাতা বুলিব নোৱাৰি কাৰণ, কর্মফলদাতা ঈশ্বৰৰ উদ্দেশ্য হয় অহংকেন্দ্রিক অথবা অহংবিহীন। ঈশ্বৰৰ উদ্দেশ্য অহংবিহীন বুলি গণ্য কৰিব নোৱাৰি কাৰণ, তেতিয়া হলে ঈশ্বৰৰে দুখময় জগত সৃষ্টি কৰিবলৈ সক্ষম হ’ব নোৱাৰে। আনহাতে ঈশ্বৰক অহংকেন্দ্রিক বুলি গণ্য কৰিলে ক’ব লাগিব যে ঈশ্বৰৰো কামনা আছে। কাৰণ, কর্তৃত্বকাৰী কোনো সত্বা কামনাবিহীন হ’ব নোৱাৰে। আনহাতে ঈশ্বৰক সকাম ভাবা, ঈশ্বৰৰ চিৰন্তন স্বাধীন সত্ত্বাৰ বিৰোধী। কাৰণ কর্মৰ দায়বদ্ধতা নথকাটোৱেই নিষ্কাম হোৱাৰ প্ৰাথমিক চর্ত। তাৰোপৰি, সাংখ্যৰ মতে কামনা হৈছে প্রকৃতিৰহে বৈশিষ্ট্য, সেইয়া ঈশ্বৰৰ মাজত থকাৰ কথা নহয়। সাংখ্য আৰু বেদৰো সিদ্ধান্ত একেই।

ওপৰত উল্লেখ কৰা যুক্তিৰ বাহিৰেও যদি ঈশ্বৰ অপূৰণ কামনাৰ অস্তিত্ব মানি লোৱা হয়, তেতিয়াহ'লে ক’ব লাগিব যে তেখেতো দুখ ও মানুহৰ দ্বাৰা অনুভূত অন্যান্য যন্ত্রণাৰ অধীনস্থ। এই ঈশ্বৰ সাংখ্য দৰ্শনৰ উচ্চতৰ সত্ত্বা ধাৰণাতকৈ বিশেষ উন্নত নহয়।

ঈশ্বৰৰ অস্তিত্বৰ কোনো প্রমাণ নাই। তেওঁ ধাৰণাৰ অধিগম্য নহয়। বেদে প্রকৃতিক সমগ্ৰ জগতৰ উৎস বুলি মানে। সেয়ে ঈশ্বৰৰ অস্তিত্ব প্রমাণ কৰাটো সম্ভৱ নহয়।

ঈশ্বৰৰ অস্তিত্ব সম্পৰ্কে সততে মতামত দিয়া ষ্টিফেন হকিংৰ নিজাববীয়া ব্যাখ্যা আছিল সাংখ্য দৰ্শনৰ দ্বাৰা প্ৰভাৱিত আৰু এনেধৰণৰ,
"মই এক সৰল ব্যাখ্যাক বিশ্বাস কৰি আহিছোঁ যে আমি ভবাৰ দৰে ঈশ্বৰ বুলি কোনো নাই। এই ব্ৰহ্মাণ্ডক কোনেও সৃষ্টি কৰা নাই বা আমাক কোনেও নিয়ন্ত্ৰণ নকৰে। এই কথাষাৰৰ পৰা মোৰ গভীৰ উপলব্ধি এইয়াই যে স্বৰ্গ বুলি কিবা অথবা মৃত্যুৰ পিছত আৰু একো নাই। আমি ব্ৰহ্মাণ্ডক প্ৰশংসা কৰিবলৈ, ব্ৰহ্মাণ্ডৰ অভিনৱ ৰচনা অনুযায়ী এটাই মাথোঁ 'জীৱন' পাইছো, তাৰ বাবে মই অত্যন্ত কৃতজ্ঞ।"

------------------------------------------------------------------------

Comments

  1. জানিব পাৰিলো বহু কথা। ধন্যবাদ "আলাপ"আহি আমাক উৎসাহিত কৰাৰ বাবে।

    ReplyDelete
  2. ইমান সুন্দৰকৈ বুজাই দিলে কথাখিনি ৷ ভাল লাগিল !

    ReplyDelete
  3. খুব সুন্দৰকৈ কথাখিনি বৰ্ণনা কৰিলে...

    ReplyDelete
  4. খুব সুন্দৰকৈ কথাখিনি বৰ্ণনা কৰিলে...

    ReplyDelete
  5. শিক্ষা বিভাগৰ মেজৰৰ কিতাপত পঢ়িছিলোঁ থুলমুলকৈ বুদ্ধদেৱৰ দৰ্শন ৷ বিষদভাৱে সাংখ্য দৰ্শনৰ বিষয়ে পঢ়ি ভাল লাগিল ৷

    ReplyDelete

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ