মৰিচীকা

সিঃ কি ভাবিছা ইমানকৈ?

তাইঃ ভাগ্যৰ কথা ভাবিছোঁ৷

সিঃ তুমি যে আজি ভাগ্যৰ কথা ভাবিছা, মানে পূৱৰ বেলি পশ্চিমত ওলোৱাৰ দৰে হৈছে৷

তাইঃ আজিকালি ভাগ্যক বিশ্বাস কৰো৷

সিঃ কিয়? কি হ’লনো আকৌ তোমাৰ?

তাইঃ আজি অলপ দিনৰ আগত ক’ৰবাত পঢ়িছিলোঁ, “জীৱন দিলেও বিচৰা হৃদয়খন ক্ৰয় কৰিব নোৱাৰি, ই কেৱল ভাগ্যৰ বলতহে পোৱা যায়৷ “

সিঃ হুম, এতিয়া তুমি তোমাৰ ভাগ্যকনো কেনেকৈ সলাবা?

তাইঃ তাকেই, সলাব পৰা হ’লে আজি তুমি মোৰ হ’লাহেঁতেন৷

সিঃ কি?

তাইঃ একো নাই, এনেই ধেমালি ...

 দুয়োটাই জোৰেৰে হাঁহি দিলে, সিহঁতৰ হাঁহিৰ প্ৰতিধ্বনিবোৰ নৈপৰীয়া বতাহ জাকত খুন্দা খাই তাইৰ বুকুত জুই হৈ জ্বলি থাকিল৷

# দীপাঞ্জলি দাস 

Comments

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ