দৈনন্দিনঃ অনামিকা গগৈ
দৈনন্দিন
অনামিকা গগৈ
বন্ধৰ দিন।ৰাতিপুৱা অলপ সোনকালে উঠিলোঁ আনদিনাতকৈ।বাকী বন্ধৰ দিনবোৰত ন নাবাজে মানে নুঠো।ছোৱালী জনীও বন্ধৰ দিনত মই শুই থাকিলে আঁতৰি থাকে বিছনাৰ কাষৰ পৰা মাৰ খোৱাৰ ভয়ত।যিহেতু এই বন্ধৰ দিনটোতহে একমাত্ৰ নিজৰ ইচ্ছাৰে অলপ সময় কটাব পাৰোঁ, বাকী দিনবোৰত ছোৱালীক স্কুললৈ পঠিওৱা, এখেত অফিচ যোৱাৰ সময়ত ভৰিৰ মোজা জোৰৰ পৰা ৰুমাল খনলৈ যতনাই থাকোঁতেই যায়।কিন্তু আজিৰ কথাটো অলপ সুকীয়া।কিয়নো আজি এখেতে মোক ফুৰাবলৈ নিয়াৰ কথা ।তাতোকৈ ডাঙৰ কথাটো হ'ল তেওঁক মই জোৰ নকৰাকৈ নিজে উপযাচি লগ ধৰিছে।কথাটো ইমান হজম নহ'ল যদিও বাৰে বাৰে সুধিবলৈও মন নগ'ল,যদি কেনেবাকৈ যাম বুলি ভাৱি আছে, মই খেলি মেলি কৰিলে আকৌ নোযোৱা হ'ব।
তেনেকৈ দুপৰীয়া হ'ল ।ঘৰৰ যাৱতীয় সকলো কাম কৰি ,খাই বৈ আজৰি হ'লো।পাকঘৰটো চিজিল কৰি আহি এখেতক বোলো- "হেৰা আমি ওলাম নেকি ?সোনকালে গৈ সোনকালে গুছি আহিম ।ৰাতিলৈ আকৌ ছোৱালীক পঢ়াবও লাগিব।"
তেওঁ এটা অদ্ভুত চাৱনি দি - "মানে? ক'ত যোৱা তুমি?"
মই আচৰিত হৈ বোলো - কিয় তুমি কালি ব্ৰহ্মপুত্ৰৰ পাৰলৈ যোৱাৰ কথা কোৱা নাছিলা?
তেওঁ বিপদৰ আগজাননী পাই শান্ত কন্ঠেৰে বোলে- "কালি সেইটো মই ধেমালি কৰি কৈছিলোঁ।তুমি ইমান চিৰিয়াছ হ'বা বুলি কেনেকৈ জানো!তাতে মই কোৱাৰ পাছত তুমিতো আজি ৰাতিপুৱাও মোক সোধা নাই, আনদিনা ফুৰিবলে যোৱাৰ নামত যিমান চিঞৰি থাকা।হ'ব দিয়া এতিয়া এইবোৰ বাদ দিয়া আমি গধূলি এপাক ক'ৰবালে ওলাই যাম ।আৰু আজি মোৰ গাটো ইমান ভাল লগা নাই ,অলপ শুই লওঁ দিয়া।"
মই ক'বলে একো কথাই বিছাৰি নাপালো খং আৰু অভিমানৰ কোবত।দৰ্জাখনকে শব্দ কৰি বন্ধ কৰিলোঁ। মনৰ ভিতৰত হেপাঁহ পলোৱাই গোৱাল গালি এসোপা দি ,ছোৱালীজনীক লৈ কাষৰ ৰূমটোত শুই থাকিলোঁ।
_______ X _______
সুন্দৰ ননা।
ReplyDeleteধন্যবাদ।
ReplyDeleteবঢ়িয়া
ReplyDeleteসুন্দৰ
ReplyDeleteসুন্দৰ.. বৈদ দুখ লাগিল ন
ReplyDeleteবঢ়িয়া
ReplyDelete