গল্পঃ স্বাধীনঃ পৰিস্মিতা বৰদলৈ
স্বাধীন
বিচনাৰ ওপৰতে ক্ৰীমৰঙীৰ ওপৰত গাঢ় নীলাৰ শ্বেদ থকা কুৰ্তিটোৰ সৈতে মেচ্চিং লেগিংচটো সাজু কৰি পৰ্ণাই গা ধুবলৈ বুলি সোমাল ৷ পোন্ধৰ মিনিটৰ ভিতৰতে ৰেডি হৈ মাকে যতনাই দিয়া ভাত আৰু কণী আলুৰ দমেৰে দুগৰাহমান লৰালৰিকৈ খাই তাই আকৌ এবাৰ ড্ৰেচিং আইনাখনৰ আগত নিজকে চাই ল’লে ৷ ওঁঠৰ ওপৰত লিপবাম অকণ লগাই তাৰ ওপৰত অ’ৰিফ্লেমৰ লাইট পিংক কালাৰৰ লিপষ্টিকৰ পাতলীয়া আভা অকণ বোলাই তাই ওলাই গ’ল ৷ ওচৰৰে বিচনাখনতে বহি আলেখলেখ চাই থকা ভনীয়েক মণিয়ে দৌৰি গৈ “চাওঁ বা হাত দুখন দাঙ” বুলি কৈ ফিচ ফিচকৈ পাৰফিউম অকণ মাৰি দিলে ৷ মুহূৰ্তৰ ভিতৰতে ৰজনীগন্ধাৰ সুবাস এটিয়ে পৰশি গ’ল বাপটি ফুকনৰ ঘৰৰ আগফালৰ সেই জেগাটুকুৰা ৷ লগতে বতাহৰ লগত মিলি গ’ল সেই সুবাস ৷
পৰ্ণা ফুকন বাপটি ফুকনৰ ডাঙৰ জীয়ৰী ৷ প্ৰাণী বিজ্ঞানৰ প্ৰথম শ্ৰেণীৰ স্নাতক হৈ ওলোৱাৰ পাছতেই সৰুতেই “বিজ্ঞানী” হোৱাৰ সপোন দেখা ছোৱালীজনীয়ে চাকৰি এটা যোগাৰ কৰাৰ সপোন দেখিবলৈ আৰম্ভ কৰে ৷ সেই যে আৰম্ভ কৰে তাৰ পাছত কেতিয়াবা হোটেলৰ ৰিচেপচনিষ্ট , আন কেতিয়াবা ডাটা এণ্ট্ৰী অপাৰেটৰ , কেতিয়াবা টেলিকলাৰ এনেকৈ কেইবাটাও চাকৰি কৰাৰ মূৰত এয়া তাই এটা প্ৰাইভেট চেক্টৰৰ বেংকত চাকৰি পাইছে ৷ আজি তাইৰ চাকৰিৰ প্ৰথম দিন ৷ বহুদিনৰ আশা পূৰণৰ প্ৰথম খোজ এয়া ৷
টেম্পোখনৰ ভাৰাটো দিয়েই তাই অলপদূৰ খোজকাঢ়ি আহি থাকিল ৷ আৰু কিছুদূৰ গৈয়েই চাৰিআলিটো পাব তাৰপৰা সিহঁতৰ বেংকটো দেখাই পোৱা যায় ৷ জেঠমহীয়া ৰ’দৰ উত্তাপে ৰাতিপুৱাতে তাইক দহি পেলালে ৷ কপালত তাইৰ বিন্দু বিন্দু ঘাম ৷ হাতত থকা কোমল ৰুমালখনেৰে মুখখন এবাৰ মচি ল’লে তাই ৷ মনতে ভাবিলে কাইলৈৰ পৰা ছাতি এটা লৈ আহিব লাগিব নহ’লে যিটো ৰ’দৰ খাওঁ খাওঁ মূৰ্ত্তি তাইৰচোন এনেকৈ হ’লে অৱস্থা কাহিলেই হ’ব ৷ এনেকৈ গৈ থাকোতেই তাইৰ মনৰ মাজত আন কেতবোৰ কথায়ো দোলা দি থাকিল ৷ এইযে তাইৰ নতুন চাকৰিটো , মাক বাপেকহালৰ ফৰকাল মুখকেইখন,একমাত্ৰ ভনীয়েকজনীৰ তিৰবিৰাই উঠা চকুহালি , বিয়া নকৰোৱাকৈ সিহঁতৰ লগতে থকা সৰু খুৰাকৰ পোহৰ পোহৰ মনটো তাই এইকেইদিনতে ঠিক ধৰিব পাৰিছে ৷ সঁচাকৈয়ে এই চাকৰিটোৱে যে মৰুভূমি যেন হৈ পৰা সিহঁতৰ ঘৰখনৰ মাজত মৰুদ্যানৰ সঞ্চাৰ কৰিছে ৷
হঠাৎ বাইকখনৰ হৰ্ণৰ শব্দত পৰ্ণাৰ অন্যমনস্কতাত যতি পৰিল ৷ ৰাস্তাটো পাৰ হ’বলৈ লৈছিলহে মাত্ৰ তেনেতে আনটো ফালৰ পৰা অহা তীব্ৰবেগী বাইকখনৰ মাতত তাই ডিভাইডাৰ ডালৰ ওচৰতে থমকি ৰ’ল ৷ তাই ভাবিলে এই জনবহুল ঠাইডোখৰত বাইকৰ স্পীড অলপ কমালেওনো কাৰ কি ক্ষতিটো হয় ? আজিকালিৰ ল’ৰাবোৰ সঁচাকৈয়ে নিজৰ যহতে নিজেও মৰে আৰু আনকো মাৰে ৷ ৰাস্তাটো পাৰ হৈয়ে তাই চিৰিডালেৰে উঠি গ’ল তাইৰ সপোনৰ পৃথিৱীখনলৈ , য’ৰ পৰা আজি পোখা মেলি তাই দিগন্তত বিলীন হোৱাৰ সপোন দেখিছে ৷
চিৰিটোৰ য’ত শেষ হৈছেগৈ তাতে এজন গৃহৰক্ষী ৰৈ আছে ৷ চিৰিটো শেষ হোৱাৰ ঠাইতে সৰু চিৰি এটা আৰম্ভ হৈছে সেইটোৱেদি আঠ দহটামান ধাপ বগালেই সিহঁতৰ বেংকটো ৷ সেই চিৰিটোক আঁৰ কৰি এখন গ্ৰীল , গ্ৰীলখনতে ওলমি আছে তলা এটা ৷ আৰু সেই খিনিতে আঁউজি থিয় হৈ আছে গৃহৰক্ষীজন ৷ পৰ্ণাক দেখি স্বভাৱজাত গ্ৰাহকক কোৱাৰ দৰে “দেৰী আছে বাইদেউ চাৰে ন ত হে খুলিব বেংক” বুলি কৈ উঠিল গৃহৰক্ষীজনে ৷ পৰ্ণাই মুখত হাঁহিৰ ৰেশ এটা ফুটাই “মই মানে ইয়াৰ এমপ্লয়ী,নতুনকৈ জইন কৰিছো” বুলি কোৱাত “অঃ অঃ হয়নেকি বেয়া নাপাব দেই ৷ ভিতৰত বেংকৰ মানুহ আছেই মই তলাটো এনেইহে লগাই থৈছো ৷ কিছুমান কাষ্টমাৰে বৰ খেলিমেলি কৰে বুইছেনে ?” বুলি কৈ কৈ হাতেৰে তলাটো খুলিবলৈ ধৰিলে ৷ পৰ্ণাই চিৰিৰ প্ৰথমটো ঢাপত ভৰি দি মনটোত যেন দেউতাকে কোৱা সেই কথাষাৰ আওঁৰালে “জীৱনৰ প্ৰতিটো যাত্ৰাৰ প্ৰথম ঢাপটো বগাওতে সদায় সাৱধান হ’বি ৷ জানিবি সাৱধানীৰ নাই মৰণ”৷ কথাবোৰ মনৰ মাজতে পাগুলি পাগুলি তাই উঠি গৈ থাকিল ৷
কাঁচেৰে নিৰ্মিত দুৱাৰখনত সোঁহাতেৰে ঠেলা এটা দি তাই সোমাই গ’ল ৷ চকচকীয়া টাইলছৰ মজিয়াখন চাপৰকৈ মোচ থকা মানুহ এজনে মচি আছে ৷ লাইজলৰ সুগন্ধি এটা আহি তাইৰ নাকত লাগি গ’ল ৷ এজন ডেকা ল’ৰাই চকী টেবুলবোৰ তথা টেবুলৰ আগত লগাই থোৱা কাঁচবোৰ কলিন লৈ মোহাৰিছে ৷ সকলোতে পৰিষ্কাৰ পৰিচ্ছন্ন ভাৱ এটা লাগি আছে ৷ তাই সকলো চকী মেজলৈ চকু ফুৰাই ক’তনো বহিব একো ঠিৰাং কৰিব নোৱাৰি আছুতীয়াকৈ ৰখা ডানলপৰ দীঘলীয়া চোফাখনতে বহি পৰিল ৷ চোফাখনৰ সন্মুখৰ কাঁচলগোৱা টেবুলখনত সেইদিনাৰ বাতৰি কাকত দুখন থৈ দিয়া আছিল ৷ এখন অসমীয়াৰ আনখন ইংৰাজীৰ ৷ তাই তাৰে অসমীয়া খন তুলি লৈ চকু ফুৰাবলৈ বুলি লওঁতেই “নতুনকৈ আহিছা” বোলা মাত এষাৰত তাই পেপাৰখন থৈ লগেলগে থিয় হ’ল “হয়”বুলি কৈ ৷
ঃবহা বহা মই সুনয়না ৷ ডাঙৰেই হ’ম ছাগে তোমাতকৈ ৷ ইয়াতেইনে ঘৰ তোমাৰ?
ঃহয় বা ৷
ঃতেন্তে আহি গ’লা মূৰ্গা বনিবলৈ ? নে হালাল হ’বলৈ ৷
পৰ্ণাই বুজা নুবুজাৰ ভাৱত মাজত চাই থাকিল সুন্দৰকৈ প্ৰসাধনযুক্ত মুখখন তাইতকৈ ডাঙৰ ছোৱালীজনীৰ ৷ মূৰ্গা, হালাল শব্দকেইটা কিন্তু তাইৰ বাবে অবোধগম্য হৈয়ে ৰ’ল ৷
ছোৱালীজনী হাঁহি হাঁহি গুচি গ’ল ৷ অলপ পাছতে ঠাণ্ডা ঠাণ্ডা ভাব এটাই পৰ্ণাৰ অলপ আগতে ঘৰ্মাক্ত শৰীৰটোৰ কথা পাহৰাই দিলেহি ৷ কোনোবাই চিঞৰ মাৰি কোৱা তাইৰ কাণত পৰিল , “ৰঞ্জিত দা একদম এইটো টেম্পাৰেচাৰতে ৰাখিব দেই এ চি টো ৷ কোনোবাই ক’লেও কম বা বেছি নকৰিব” ৷
পৰ্ণাই এ চি ৰ বতাহত গাটো জুৰ পেলাই ভাবিবলৈ ধৰিলে এনেকৈ দিনটো স্বৰ্গসুখ লভি বাহিৰৰ চিৰালফটা ৰ’দৰ কথাৰ উমানো পোৱা নাযায় চোন ৷ এইবাৰ প্ৰথম দৰমহাটো হ’লেই ঘৰত চিলিং ফেন কেইখন লগোৱাব লাগিব ৷
লাহে লাহে অফিচটো যুৱক যুৱতী মিলাই প্ৰায় ২০ ২৫ জনমান মানুহেৰে ভৰি পৰিল ৷ সকলোৰে পৰিপাটিকৈ পৰিহিত সাজপাৰলৈ এবাৰ আঁৰচকুৰে মন কৰি তাই নিজৰযোৰলৈ চকু দিলে ৷ বগা নীলা পৰিচ্ছন্ন পোচাকযোৰে তাই সন্তুষ্ট হ’ব পৰাকৈ পতিয়ন নিয়ালে ৷ “মৰ্ণিং মিটিঙ”ত তাইৰ চিনাকিপৰ্ব চলাৰ লগতে কিছুমান নতুন শব্দ শুনিবলৈ পালে যেনে টাৰ্গেট,এজেন্দা,এচ্চিভমেণ্ট আদি ৷ বৰ বিশেষ বুজি নাপালে ৷ দিনটো ইখন টেবুলৰ পৰা সিখন টেবুললৈ তাঁতবাতি কৰি থাকোতেই গ’ল তাইৰ যিহেতু তাইৰ চফ্টৱেৰৰ লগ ইন আই ডি নহালৈকে তাইৰ অপাৰেচনেল কাম আৰম্ভ কৰাব নোৱাৰি ৷ সকলোৰে লগত বহি কামবোৰ আলেঙে আলেঙে মন কৰি থাকিল ৷ তেনেতে অপাৰেচন হেডে মতাই নিয়ালে তাইক ৷ আগৰ চাকৰিবোৰৰ অভিজ্ঞতাৰ কথা সুধিলে লগতে এটা অদ্ভুত প্ৰশ্ন কৰিলে “কেতিয়াবা কিবা বিক্ৰী কৰি পাইছা?”৷ তাই কপালত প্ৰশ্নবোধক চিন এটা ওলোমাই ৰাখিয়েই উত্তৰ দিলে যথেষ্ট সমীহেৰে “মানে চাৰ নাই বুজা মই” ৷
ঃইমান চিম্পল কথা এটাকে বুজা নাইনে তুমি ? ঠিক আছে বাৰু মই বুজাইছো শুনা , এইযে গেলামালৰ দোকানত আলু,পিয়াঁজ,মিঠাতেল এইবোৰ বিক্ৰী কৰে ঠিক একেদৰেই এইখনো এখন দোকান মাত্ৰ ইয়াত একাউণ্ট,পলিচি,মিউচুৱেল ফাণ্ড ইত্যাদি বিক্ৰী কৰা হয় আৰু আমি প্ৰতিজনেই একো একোজন দোকানী ৷ বুজিছানে এতিয়া ?
পৰ্ণাই খুব সৰুকৈ কওঁ নকওঁকৈ “অঁ বুজিছো” বুলি ক’লে ৷ মনতে ভাবিলে ইমান ধুনীয়া আটোমটোকাৰী অফিচটোত কাম কৰিম ,দৰমহাও ভাল আৰুনো কি লাগিছে ৷ টান বুলি ভবা কাম কিছুমানো চোন সময় যোৱাৰ লগে লগেই উজু হৈ যায় ৷ গতিকে মনৰ মাজত হেন্দোলনি জগোৱা সমস্ত নঞৰ্থক ভাৱক নস্যাৎ কৰি তাই নিজৰ মনটোক বুজাই ৰাখে ৷
কিন্তু কথাবোৰ জানো ইমান উজু? ভবাৰ দৰেই সহজনে কামবোৰ ? পৰা যায়নে সকলো কাম কৰিবলৈ ? কেৱল জীৱিকাৰ স্বাৰ্থতেই পাৰিনে স্বাভিমানবোৰ জলাঞ্জলি দিব ? পাৰিনে বছৰজোৰা আৰ্জিত মূল্যবোধক বুঢ়া আঙুলি দেখুৱাব ? পাৰিনে ? পাৰিনে ?
পৰ্ণাৰ বেংকত প্ৰায় ছমাহ হৈ গৈছিল ৷ প্ৰথম তিনিমাহ কেশ্ব কাউণ্টাৰত তাৰ পাছত ফ্ৰণ্ট ডেস্কত , তদুপৰি ক্লিয়েৰিং চেকশ্বনৰো ভালেমান কাম তাই নিজ গুণে শিকি পেলাইছিল ৷ অপাৰেচনৰ কামবোৰ নিখুঁতকৈ কৰাৰ পাছতো আনকি ক্লায়েণ্টক লগ ধৰিবলৈ যোৱা দাদা বাইদেৱেকহঁতৰ কামবোৰ সামৰিও কিন্তু দিনটোৰ অন্তত “প্ৰডাক্টিভিটি জিৰো” বুলি কেতিয়াবা অপাৰেচন হেড আকৌ কেতিয়াবা ব্ৰাঞ্চ হেডে তাইক দুআষাৰ শুনাবলৈ নেৰিছিল ৷ এনেকুৱাও নহয় যে তাই চেষ্টা কৰা নাছিল ৷ তায়ো জানিছিল তাইৰ জব প্ৰফাইলত ফৰ্টি পাৰ্চেণ্ট চেলছ আৰু বাকী চিক্সটি পাৰচেণ্ট অপাৰেচনচ ৷ নিজৰো আনৰো অপাৰেচনৰ কাম কৰিও বাকী ৰোৱা সময়ত এখন দীঘল লিষ্ট উলিয়াই ফোন কৰিছিল এপইণ্টমেণ্ট ল’বলৈ ক্লায়েণ্টৰ ৷ কিন্তু কিয় জানো তাই এপইণ্টমেণ্টেই পোৱা নাছিল এটাও কোনো ক্লায়েণ্টৰ ৷ এদিন এজন বৃদ্ধ লোক আহিছিল ফিক্সদ ডিপ’জিটৰ বাবে ৷ তাই উৎসাহেৰে কৰোৱাইছিল ফিক্সদ ডিপোজিটটো কিন্তু গধূলিলৈকে অপাৰেচন হেডে বেলেগ এজন মেনেজাৰক পঠিৱাই মিউচুৱেল ফাণ্ড কৰোৱাই আনিছিল ৷ তাত তাইৰ নাম গোন্ধেই নাছিল ৷ সহজ সৰল ছোৱালীজনীৰ বাবে এনেকুৱা জেলেপীৰ পাকলগোৱা কথাবোৰ বুজাটো সহজসাধ্য নাছিল ৷ বেংক আৰু উপভোক্তাৰ লাভালাভৰ অংকটো মিলাব জনা নাছিল জীৱনৰ অংক মিলোৱা ছোৱালীজনীয়ে ৷ দিনবোৰ এনেকৈয়ে গৈ আছিল ৷ কেশ্ব কাউণ্টাৰত দিনটোত খাটনিৰ শেহত অথবা ক্লিয়েৰিং চেকচনৰ ইন চাৰ্জ হৈ থকা কালতো সকলো কাম নিপুনতাৰে কৰাৰ পাছতো ৰাতি আঠ ন বজালৈকে বচৰ কেবিনত যেতিয়া “দিনটোৰ প্ৰডাক্টিভিটিৰ মূল্যায়ন” দিবলগীয়া হৈছিল তথা মৰ্ণিং মিটিঙত সকলোৰে আগত চেলচ দিব নোৱাৰাৰ বাবে কথা শুনিবলগীয়া হৈছিল জৰজৰাই সৰিছিল তাইৰ চকুলো ভিতৰি ভিতৰি ৷ কঠিন বৰ্মৰ মাজত থকা তাইৰ আলফুলীয়া কলিজাটো ভাগি ঠানবান হৈছিল ৷ তথাপি তাই চেষ্টা নকৰাকৈও কিন্তু থকা নাছিল ৷
অপাৰেচনৰ কামৰ ফাঁকে ফাঁকে দীঘলীয়া এখন কললিষ্টৰ পৰা প্ৰতিজনকে ফোন কৰিছিল ৷ কত কিমান যে কথা শুনিবলগীয়া নহৈছিল ৷ কিছুমানেতো বৰ টানকৈ কৈ দিছিল যাৰ আগত তাইৰ নিজৰ শিক্ষাৰ মানপত্ৰসমূহ জ্বলি ছাৰখাৰ হৈ যোৱা যেন অনুভৱ হৈছিল ৷ পাছে এনেতে এদিন এজন ক্লায়েণ্টৰ এপইণ্টমেণ্ট এটা পালে তাই ৷ মনটো মুকলিও লাগিল তাইৰ ৷ যদিওবা তাইৰ সহকৰ্মী সকলোৰে এনেকুৱা এপইণ্টমেণ্ট দৈনিক সাত আঠটামানকৈ থাকে তথাপি তাইৰ এটা পাওঁতেই হাততে সৰগখন ঢুকি পোৱা যেন লাগিল ৷ পিছদিনাখন দিনৰ এঘাৰ বজাতে মানুহজনে ঘৰলৈ মাতি পঠিয়াইছে তাইক সেই কথা তাই আনন্দমনেৰে অপাৰেচন হেডক জনালে ৷ তাই যিমান উৎসাহেৰে ক’লে তাৰ সমান নিস্পৃহভাৱেৰে অপাৰেচন হেডে তাইক উত্তৰ দিলে ৷ সেইদিনা তাই ঘৰলৈ ওভতোতে আনদিনাৰ দৰে গধুৰ নাছিল মন , মগজু ৷ এঙেৰুৱা সন্ধিয়াটোৰ মোলান ৰূপে এন্ধাৰ কৰিব নোৱাৰাকৈ তাইৰ মনটো সিদিনা পোহৰ আছিল ৷
পাছদিনা তাই ইস্ত্ৰি কৰি থোৱা পাতল গোলাপী ৰঙৰ চেলোৱাৰ কামিজযোৰ পিন্ধিছিল ৷ মুখত সদায় টনাৰ দৰেই কাজলৰ ৰেখা আৰু ওঁঠত পাতলকৈ গুলপীয়া লিপষ্টিকৰ ৰেশ ফুটাই ওলাই গৈছিল পৰিপাটিকৈ চুলিকোছা বান্ধি । কোনোবাই কোৱা মনত আছিল ট্ৰেইনিং পিৰিয়ডত যে ক্লায়েণ্টৰ ওচৰত নিজকে সুন্দৰকৈ উপস্থাপন কৰিব পাৰিলেহে কোম্পানীৰ উৎপাদিত সামগ্ৰীৰ প্ৰতিও আকৰ্ষণ বাঢ়ে ৷ সেই অনুৰূপেই আজি তাই নিজকে সজাইছে ৷
অফিচ গৈ পাই যিমান পাৰি সোনকালে তাইৰ কামবোৰ চিজিল লগাই হাতত নিবলগীয়া কাগজ পত্ৰ তথা অনন্য তথ্য পাতিবোৰ যুগুতাই এঘাৰ বজাৰ আগেয়ে যাবলৈ সাজু হ’ল ৷ ঠিক এঘাৰ বাজিবলৈ পোন্ধৰ মিনিট থাকোতেই তাই বেংকৰ বীমা বিভাগৰ উপদেষ্টাজনক লগত লৈ গন্তব্যস্থান অভিমুখে ওলাল ৷ বুকুত তেতিয়া তাইৰ হাজাৰৰঙী হেপাঁহৰ ফুল ৷ এইটো পলিচিৰ এমাউণ্টটো ভাল হ’লে যে তাই বোনাচ পাব আৰু সেই বোনাচেৰেই ঘৰৰো জোৰাটাপলি মৰাত সুবিধা হ’ব ৷ সঁচাকৈ কথাবোৰ তাইৰ সৰুতে পাঠ্যপুথিত পঢ়া খাদ্যশৃংখললৈ মনত পেলাই দিয়ে ৷
প্ৰকাণ্ড গেটখনৰ সন্মুখতে তাই আৰু তাইৰ লগত যোৱা ল’ৰাজন ৰ’ল আৰু গেটখন ঠেলি ভিতৰলৈ সোমাই গ’ল ৷ প্ৰতিপালিত নিমজ লনখনৰ কাষে কাষে চিজন ফ্লাৱাৰ ৷ চৌহদত সংলগ্ন দুটাকৈ গেৰেজত দুখন আটকধুনীয়া শেহতীয়া মডেলৰ গাড়ী ৷ পৰ্ণাহঁত এখুজিদুখুজিকৈ গৈ নোমাল পাপচখনত ভৰি দুটা মোহাৰি কলিংবেলত হাত দিলেগৈ ৷ অলপ সময়ৰ পাছতেই দুৱাৰখন খোল খালে আৰু আগন্তুকক দেখি পৰ্ণাৰ আশ্বৰ্যত দুচকু মেল খাই থাকিল ৷ সেয়া আন কোনো নহয় তাইৰ হাইস্কুলৰ প্ৰিয় শিক্ষয়িত্ৰী অৰুণিমা ভৰদ্বাজ যাৰ স্বামী অমৰেন্দ্ৰ ভৰদ্বাজ আজি তাইৰ ক্লায়েণ্ট তাইৰ টাৰ্গেট সিহঁতৰ কোম্পানীৰ টাৰ্গেট ৷ যাক ভালে বেয়াই বুজাই বঢ়াই আজি তাই তাইৰ স্বাৰ্থসিদ্ধিৰ বাবে আহিছে ৷ যদিও তেখেতৰো আৰ্থিক লাভালাভ আছে ইয়াত তথাপি তাই ইমানদিনৰ চাকৰিৰ অভিজ্ঞতাৰে ইয়াকো জানে যে তেখেততকৈ বহুত বেছি লাভৱান হ’ব বেংক ৷
একেলগতে বহু কথাই খুন্দিয়াই থকাৰ ফলত নিমিষ নমৰাকৈ তাই ৰৈ থাকিল দুৱাৰমুখতে ৷ লগত থকা কলিগজনে “বাইদেউ ভিতৰলৈ যায়নে?” বুলি কোৱাতহে তাই সম্বিত ঘূৰাই পায় আৰু মুখত স্মিত হাঁহি লৈ ৰৈ থকা অৰুণিমা বাইদেউকো “বাইদেউ ভালে আছেনে?” বুলি সম্ভাষণ জনাই তাই খোজ আগবঢ়ায় ৷ প্ৰায় দহমিনিটমান সময় প্ৰিয় বাইদেউগৰাকীৰ কথাবোৰে তাইৰ সন্মোহন কৰি ৰাখে ৷ এই যেন তাই উভতি যাব সেই স্কুলীয়া দিনবোৰলৈ ৷ য’ত পাঠ্যপুথিৰ লগতে প্ৰদান কৰা হৈছিল জীৱনৰ শিক্ষা ৷ যি নীতিশিক্ষাই আজিও তাইক কক্ষচ্যুত হোৱাৰ পৰা বচাই ৰাখে ৷ তাইৰে সৈতে একেলগতে যোগদান কৰা সুৰঞ্জিতা,মনদ্বীপা হঁতৰ যোৱা চাৰিটা বছৰত দুবাৰকৈ প্ৰমোশ্যন হোৱাৰ বিপৰীতে তাই আজিও সেই একেটা প’ষ্টতে আছে ৷ তাই সিহঁতৰ দৰে কিছুমান কাম কৰিব নোৱাৰে ৷ নোৱাৰে ক্লায়েণ্টক নিজৰ ব্যক্তিগত নাম্বাৰ দি ৰাতি এপৰলৈকে মেছেজ কৰিবলৈ , কোনোবা কফি শ্বপত গৈ কফিৰ আমেজ ল’ব অথবা তাই নিবিচাৰে কোম্পানীৰ প্ৰডাক্ট তাইৰ পৰা কিনাৰ লগতে তাইক দামী চকলেটেৰে কোনোবাই প্ৰলোভিত কৰিব ৷ তাই জানে আৰু বিশ্বাস কৰে পৃথিৱীত বেয়াৰ দৰে ভাল মানুহো আছে সেয়েহে তাই নিজৰ পথত অটল , সিদ্ধান্তত অলৰ অচল ৷
লগত যোৱা বীমা উপদেষ্টাজনে বৃদ্ধ মানুহজনৰ দ্বাৰা পলিচিটো কৰোৱালে ৷ তাইৰ প্ৰিয় বাইদেউগৰাকীয়ে সিহঁত দুয়োকে চৰবত আৰু ফলেৰে আপ্যায়ন কৰিলে ৷ একালৰ স্নেহৰ ছাত্ৰীৰ প্ৰতি কৰা অপত্য স্নেহৰ বিনিময়ত তাইৰ নিজকে স্বাৰ্থপৰ কৰপৰেট জগতৰ তেজপিয়া যেন লাগিবলৈ ধৰিলে ৷ এনে লাগিলে তাই যেন এইমাত্ৰই চহী কৰোৱা সকলো কাগজ পত্ৰ ফালি পেলাই দিব ৷ যিটো কথাৰ বাবেই কালি এপইণ্টমেণ্টটো পোৱাৰে পৰা তাইৰ মনটো থৌকিবাথৌ কৰি আছিল ,সেই সপোনটোৰ দিঠক প্ৰাপ্তিয়েও যেন তাইক ক্ৰমাৎ নাগপাশৰ দৰে মেৰিয়াইহে ধৰিলে ৷ তাই জানে আজি বেংকত অপাৰেচন হেডে সকলোৰে আগত তাইৰ প্ৰশংসা কৰিব ৷ কিন্তু কাইলৈৰপৰা সব একেই ফুটুকাৰ ফেন হৈ যাব ৷
অফিচত সোমাল তাই ৷ বীমাৰ ল’ৰাজনক এতিয়াই ক্লায়েণ্টে চহী কৰাৰ কথাটো নজনাবলৈ ক’লে ৷ তাই নিজৰ ডেস্কত বহি বহুপৰ ভাবিলে ৷ চকুৰ আগত তাই কেইবাটাও ৰাস্তা দেখা পালে ৷ তাৰ ভিতৰত সৰু সৰু ল’ৰাছোৱালীক টিউশ্যন কৰোৱা , হাতৰ কামৰ যেনে তাই ফুল তোলা,ঊণগোঁঠা ৰ কাম আৰু দেখা পালে এখন দুৱাৰ য’ত তাই স্বাধীনভাৱে উশাহ লোৱাৰ ছাবি বিচাৰি পাইছে ৷হঠাৎ তাইৰ এনে লাগিবলৈ ধৰিলে যে এইযে আৰ্থিক স্বাধীনতা দিয়া তাইৰ চাকৰিটো যিটোৱে অহৰহ তাইৰ মনটোক পৰাধীনতাৰ শিকলিৰে বান্ধি ৰাখিছে তাৰপৰা মুকলি হোৱাৰ যেন সময় আহি পৰিছে ৷ কথাটো ভবাৰ লগে লগে ইতিমধ্যে বেংকৰ পৰা পাবলগীয়া প্ৰভিডেণ্ড ফাণ্ডৰ টকাখিনিৰে সৈতে তাইৰ চকুৰ আগত অগাদেৱা কৰা সপোনটো সাৰ্থক কৰাৰ এক সুস্পষ্ট সমীকৰণ তাই পাই গ’ল ৷ তাইৰ এনে লাগিল যেন এক জটিল অংকৰ সমাধানহে তাই পাইছে ৷ কথাটো ভবাৰ লগে লগে তাই আৰু পলম নকৰি “ৰেজিগনেশ্বন লেটাৰ” ৰ ড্ৰাফ্ট কপি এটা ৰাখি পুৱাই মেইল কৰিব বুলি থ’লে তাইৰ কম্পিউটাৰত আৰু লগতে তাইৰ আজি ক্লায়েণ্টজনলৈও পলিচীখন বাতিল কৰোৱাবলৈ বুলি নাম্বাৰ ডায়েল কৰিলে ৷ মনটো যেন আজি সঁজাত বন্দী পক্ষীয়ে উৰিবলৈ পোৱাৰ দৰে আকাশলৈ উৰা মাৰিলে , দূৰলৈ বহু দূৰলৈ ৷
©পৰিস্মিতা বৰদলৈ
(পূৰ্বপ্ৰকাশঃ প্ৰিয় সখী,শাৰদীয় সংখ্যা,২০১৮)
(বিঃদ্ৰঃ গল্পটো এটি সম্পূৰ্ণ সত্য ঘটনাৰ ওপৰত আধাৰিত যদিও এটা কথা স্বীকাৰ কৰিবই লাগিব যে সকলো কৰ্পৰেট চেক্টৰ তথা প্ৰাইভেট বেংক একে নহয় ৷ এনেকুৱা চাকৰি কৰিয়েই বহুতে পৰিয়াল ভৰণপোষণ দিয়াৰ উপৰিও কটাই আহিছে স্বাচ্ছন্দ্যৰ জীৱন ৷মাথো ব্যক্তিভেদে মানসিকতা হে ভিন্ন)
বহুত ভাল লাগিল ৷
ReplyDeleteভাল লাগিল
ReplyDeleteভাল লাগিল
ReplyDeleteসুন্দৰ
ReplyDelete