কবিতাঃ অপূৰ্ণতাৰ কথকতাঃ কৃষ্ণ কান্ত দাস
*অপূৰ্ণতাৰ কথকতা*
কথাবোৰতো তেনেকুৱা নাছিল,
কথাবোৰতো এনেকুৱাও নাছিল,
কথাবোৰ কল্পকাহিনীৰ ৰূপত আছিল,
কথাবোৰে কাহিনী লিখিছিল,
তাকে শুনি পূৰ্ণাহুতি জোনাকেও বাগৰ সলাইছিল,
হয়তো অমানিশা তেনেকৈয়ে নামিছিল,
কথাবোৰতো তেনেকুৱা নাছিল,
কথাবোৰ এনেকুৱাও নাছিল,
শিলে শেলাইক সময় দিব,
সেয়া জানো অৱধাৰিত আছিল?
অদৃষ্ট বুলি কাহিনীটোত শেলাই গজিছিল,
জীয়া শিলে চকুলো টুকিছিল,
কথাবোৰতো তেনেকুৱা নাছিল,
কথাবোৰতো এনেকুৱাও নাছিল!
সকলো মাথোঁ অপূৰ্ণতাৰ কথকতা হৈয়েই ৰ'ল.....
🖋 *কৃষ্ণ কান্ত দাস*
কথাবোৰতো তেনেকুৱা নাছিল,
কথাবোৰতো এনেকুৱাও নাছিল,
কথাবোৰ কল্পকাহিনীৰ ৰূপত আছিল,
কথাবোৰে কাহিনী লিখিছিল,
তাকে শুনি পূৰ্ণাহুতি জোনাকেও বাগৰ সলাইছিল,
হয়তো অমানিশা তেনেকৈয়ে নামিছিল,
কথাবোৰতো তেনেকুৱা নাছিল,
কথাবোৰ এনেকুৱাও নাছিল,
শিলে শেলাইক সময় দিব,
সেয়া জানো অৱধাৰিত আছিল?
অদৃষ্ট বুলি কাহিনীটোত শেলাই গজিছিল,
জীয়া শিলে চকুলো টুকিছিল,
কথাবোৰতো তেনেকুৱা নাছিল,
কথাবোৰতো এনেকুৱাও নাছিল!
সকলো মাথোঁ অপূৰ্ণতাৰ কথকতা হৈয়েই ৰ'ল.....
🖋 *কৃষ্ণ কান্ত দাস*
ভাল লাগিল
ReplyDeleteভাল লাগিছে ৷
ReplyDeleteভাল লাগিল ।
ReplyDeleteপ্ৰতিটো শব্দই চুই গৈছে গভীৰৰ পৰা গভীৰতম হৈ।
ReplyDeleteশিলে শেলাইক সময় দিব!!!! আসসস ,অপূৰ্ব।
হৃদয় চুই গৈছে।সেয়া যেন মোৰ কথকতা, অপূৰ্ণতা কথকতা।
ReplyDeleteবৰ ধুনীয়া কৈ লিখিলে
ReplyDeleteগভীৰ কথকতা
ReplyDelete