দুটা গান


দুটা গান শেষ হ'ল,
এটা গানত আছিল গগণাৰ মাত,
আনটো গানত নাচিছিল,
একুৰিয়ামৰ ৰঙা নীলা ভিন্নৰঙী মাছ...
দুটা গান শেষ হ'ল...
সেউজীয়াই হাতবাউল দি মতাৰ পিছত,
পাহাৰৰ নীলাবোৰে ৰং সলোৱাৰ পৰত
দুটা গান শেষ হ'ল...
নিৰৱধি জলধাৰাৰ খিলখিলনিৰ মাজত
তেজে ধোৱা বেলিটো লুকুৱাৰ পিছত...
দুটা গান শেষ হ'ল....!
নীল আৰু অভি শীৰ্ষক,
দুটা গান শেষ হ'ল।

কৃষ্ণ কান্ত দাস।

Comments

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ