এক মিনিটৰ গল্পঃ জীৱনৰ বাটেৰেঃ শিল্পাশ্ৰী দাস
জীৱনৰ বাটেৰে
শিল্পাশ্ৰী দাস
অলস আবেলিটোত নৈৰ ঘাটত অকলেই বহি ৰৈছে তাই... অস্তাচলত হেঙুলী আভাৰ নৈসৰ্গিকতা... অদূৰত নৈৰ বুকুত নাওঁ মেলি দিয়া কোনোবা মিচিং নাৱৰীয়াৰ মুখত ঐনিতমৰ সুৰ...
তাই নৈৰ বুকুত উঠা - নমা কৰি থকা ঢৌবোৰলৈ চাই ৰ'ল অপলকভাৱে... লগতে বুকুত হেজাৰ ভাৱৰ হেন্দোলনি...
প্ৰাপ্তি - অপ্ৰাপ্তি লৈ কোনোদিনেই হিচাপ অথবা আক্ষেপ নকৰে তাই... তথাপি মানুহ যে, মনৰ হেজাৰ বুজনিয়েও কেতিয়াবা ক্ষান্ত কৰিব নোৱাৰে হৃদয়খনক...
আস্ হৃদয়হীন হ'ব পৰা হ'লে!
আৱেগবোৰ নোহোৱা কৰিব পৰা হ'লে!
অনুভূতিহীন হ'ব পৰা হ'লে!
সাক্ষী হৈ ৰয় নৈৰ ঘাট তাইৰ অব্যক্ত কথাবোৰৰ... গোলাপ এপাহ হৈ ফুলি ৰব খোজা তাইজনীৰ কাঁইটত আঁচোৰত বিদাৰি যোৱা কেঁচা কলিজাৰ বিননিৰ সহচৰ হৈ পৰে নৈৰ বুকুৰ অজস্ৰ ঢৌ...
বহি থকা শিলচটাৰ পৰা উঠি লয় তাই উভতিবলৈ... পুনৰ মুখাখন পিন্ধি লয় কৃত্ৰিম হাঁহিৰ... শান্ত, সমাহিত, গম্ভীৰ হৈ তাইৰ চিৰপৰিচিত চিনাকীৰে খোজ লয়...
নাই, উমান আজিও নাপায় কোনেও এজাক ধুমুহাৰ ঠিকনাৰ... কোনেও নাজানিব কেতিয়াও হাঁহিটোৰ আঁৰৰ হেজাৰটা অলস আবেলিত নৈৰ বুকুত বিলীন হোৱা চকুপানীৰ কথা... ওহোঁ, গম্ভীৰ মাতষাৰ, শান্ত চকুযুৰিত কাহানিও ভাঁহি নুঠে চিৰালফাঁট দিয়া মনৰ পথাৰখন বা বিষাই থকা বুকুখনৰ কথা...

বাঃ
ReplyDeleteপঢ়ি যাওঁতে গোটেই দৃশ্যবোৰ চকুৰ আগত ভাঁহি উঠিল। সাৱলীল বৰ্ননা।
ReplyDeleteভাল লাগিল ..... খুব সুন্দৰ লিখিলা
ReplyDelete