দৈনন্দিনঃ ভাদমহীয়া নামৰ মহিমাঃ উত্তৰা শৰ্মা বৰুৱা
ভাদমহীয়া নামৰ মহিমাঃ
✍উত্তৰা শৰ্মা বৰুৱা
গাঁৱৰ নামঘৰত গোপীনীসকল গোট খাই নাম ধৰে।নাম শেষ হোৱাৰ লগে লগে হাজিৰ হোৱা মইজনীক ববৌয়ে দেখাৰ লগে লগেই স্বাগতম জনাই
ঃ আহিলি হঞে বাঘেখাইটি ,শুঙিহে আছিলি হপায় ?নামৰ সময়ত নাহ,খাবলে আহ নষ্টযাইতী।
ঃ অ ববৌ, প্ৰসাদখিনি আপোনাকে দিম, মিঠৈটোহে মোৰ...
ববৌ সোলা। মগুদুটামান সদায় মুখত ভৰাই কলপাকলপকৈ মুখৰ ভিতৰতে দৌৰাই ফুৰাই, খুবলিত নপৰেহে নপৰে। এসময়ত সাউতকৈ গিলি থয়।
ববৌক প্ৰসাদ দিম কোৱাৰ লগে লগে আৰম্ভ কৰে,
ঃ ফাপৰেখাটি ,মুখখন নথকা হ'লে শগুনে খালে হয় তোক।
ঃৰাম ৰাম ! ববৌ অ' নামঘৰত শগুনৰ নাম ল'ব নাপাই ঔ। নৰকলে যাব...
বৈদ্দ্য ভয় ববৌৰ নৰকলৈ।ওচৰত থকা লাখুটিডাল বিচাৰে সাউতকৈ আঁতৰি সিমূৰ পাওঁ।
অৱশ্যে মাজে মাজে আৰম্ভনীৰ পৰাও নবহা নহয়, বহো। আগশাৰীত ঠাই নাপাওঁ,বেলকনীত সদায়।ভালো পাওঁ বেলকনীৰ আলেখলেখবোৰ চাই।শুনি থাকো।লাভ এটাই হয়, মিঠৈবোৰ সৰকাব পাৰো।দুই তিনিগৰাকীৰ।
ঃকি পাতি আছিল অ' খুইদৌ কৈ দিম ৰ'ব...
টেলেকাকৈ চাৱনি দি মোৰ পাতলৈ দলিয়াই দিয়ে মিঠৈটো।
এতিয়া শুনিব দেই নামৰ মাজৰ কথোপকথন....
নাম: গোপাল গোবিন্দ যদু নন্দন....
শেষৰ লাইনৰ গোপীনী,
ঃ হঞে শুনিছ ৰাতুলৰ মাক, আজি হেৰিয়াৰ জীয়েক ৰচকী হৈ ক'লে বা গৈছে পেখম ধৰি..
ঃজানো বালক ! আমি কি জানো লোকৰ ছোৱালীৰ পাছত কিবা চি আইডি কইছো নেকি ?
নাম:: কৃষ্ণৰ চৰনে লৈলো শৰন...(হাত চাপৰিত যতি নপৰে)
ঃ আজি আক' আমা এখেতে জালত শ'ল এটা পালে।মূলা অকন দি বনালো ভাতকিটা যে কি সোৱাদত খালো আজি, ব মিঠা আছিল মাছটো।
ঃ এআ,আমা ঘঅত আক' শলমাছ নাখাৱে...
( আচলতে খায়,সোৱাদটো সহিব নাইপৰা)
নাম:: শ্যামকানু দূৰৈ হৈ নেযাবা.....
ঃ কালি যে ৰূপমৰ ঘঅ পিঠাসোপা ঔ,নেখালোৱে, হাতৰ টিপটে নি পেলাই দিলো। আমা ঘঅৰ চাহ দিয়া দিনা চবে পিঠা খুজি খুজি খাইছিল। গেজেঙনী কোঁচত থকাটোৰ নামটো পিঠা লৈছে হেৰৌ।
কাষৰ জনীয়ে ডাঙৰ ডাঙৰকৈ নামত ধৰে,
শেষত নামতে গধূলী হ'ল সেৱাতে ...
দীঘলীয়া আৰ্শীবাদৰ পাছত বেকা-বেঁকিকৈ থিয় দি,
ঃ আজৌ বালকী কঁকালটো থহথহাই গ'ল অ....
------------------------------------------------------------------------------------------------------------------------
মজ্জা ৷ কথাবোৰ বেলেগ যদিও কাহিনীবোৰ একেই আমাৰ ফালেও ৷
ReplyDelete