কবিতাঃ অনাখৰীঃ বৰ্ণালী গগৈ
অনাখৰী
বৰ্ণালী গগৈ
এক:
নেদেখা নদীৰ মাতে কিয় যে ব্যাকুল কৰে !
পাহাৰী নিজৰা হৈ উচ্ছাসবোৰ আচাৰ খাই পৰে,
ক'ৰবাৰ বালিঅঁহীয়া মাটিত যেন
শাৰী শাৰী গোমধান গজে
মই নাজানো মই এতিয়া
পলস, বালিচৰ নে
মোহনা!
দুই:
হেৰাওঁ বুলিয়েই হেৰাই যায়
বিশ্বাস, আস্থা অথবা ভাললগাবোৰ
দূৰ হওঁ বুলিয়েই আঁতৰি যায় বন্ধুৰ অন্তৰঙ্গতা
স্মৃতিবোৰ যেন সাগৰ পাৰৰ বালিৰ চিকমিকনি
অথবা বান্ধভঙা আবেগৰ উচ্ছল জোৱাৰ
সেমেকা বালিত শামুক বিচৰাই নেকি জীৱন
এতিয়া!
তিনি :
নিশাৰ তৰালি
নে নদীৰ মখমলি বুকুৰ জোনাক
পাৰ বন্ধা নাও
নে বেলি উঠা ঘাট
ফুলৰ সুবাস
নে শিশুৰ কলৰৱ
শীতৰ জুহাল
নে হেমন্তৰ নিয়ৰ!
জীৱন যেন বতাহত শেৱালি সৰাৰ ছন্দ!
চাৰি :
সেউজীয়াত উজ্জীৱিত মৰহা সত্তা
নে সত্তাৰ সেউজীয়াত প্ৰোথিত জীৱন
ক'ৰবাত যে এখন নীলা নৈ বৈ থাকে
তাতকৈও নীলা হৈ উৰে মতা ময়ূৰৰ চিঞৰ
শেষ আবেলিৰ নিৰ্জনতাত
আৰু আমলখি পাতৰ মাজেৰে
এটুকুৰা জোন উঠে!
জোনাক উপচা মায়াবী ৰাতি
দূৰৰ হাবিত চম্পাফুল ফুলে৷
------------------------
সুন্দৰ
ReplyDeleteসুন্দৰ
ReplyDeleteভাল লাগিল
ReplyDelete