গল্প

অমানিশাত জোনাক বিচাৰি
                                                      ✍তৃপ্তি বৰা
  সৰু কোঠাটোৰ চাৰিওফালে এবাৰ এনেয়ে চকু ফুৰালে শশাংকই৷ বিছনাখন, আচলতে বিছনা বুলি ঠিক ক’ব নোৱাৰি, তক্তা এখন আৰু দুখন প্লাষ্টিকৰ চকী৷ এখনত সি বহি আছে আৰু কোঠাটোৰ চুকত এটা পুৰণি আৰ্হিৰ কাঠৰ আলমীৰা৷ আলমীৰাটোত নিশাৰ কাপোৰকানিৰ লগতে কেইখনমান কিতাপ৷
ঃ তুমি এতিয়াও কিতাপ পঢ়া নিশা বা?
ঃ হাঃ হাঃ... কিয়, মই কিতাপ পঢ়িলে পাপ হ’ব নেকি?
ঃ নহয় নিশা বা, এনেয়ে সুধিলো৷
ঃ মই বেশ্যা, সেয়ে সুধিলি নহয়? তই লিখা সকলো কিতাপেই মই পঢ়ো৷
ঃ নহয় নিশা বা, এয়া তোমাৰ ঠাই নহয়৷ কিয় আহিলা তুমি এই পথলৈ?
ঃ তেনেহ’লে ক’ত মোৰ স্থান শশাংক? ক তই? সেইখন সমাজত য’ত ধৰ্ষিতাক অশুচি আখ্যা দিয়ে?

বৰ উষ্মাৰে কথাকেইটা কৈ খঙতেই নে দুখতেই ফোঁপাইছিল নিশাই৷ শশাংকই অপলক নেত্ৰে চাই ৰৈছিল নিশাৰ মুখলৈ৷ খং উঠিলে নিশাৰ ৰঙা পৰা নাকটো এতিয়াও একেই আছে৷ বৰ মৰম লাগে দেখিবলৈ৷

ঃ তুমি একেই আছা নিশা বা৷

নিজৰ অজানিতে কথাষাৰ কৈ পেলালে শশাংকই৷

  বিছনাখনত স্থানুৰ দৰে বহি আছিল নিশা৷ নিজকে সম্পূৰ্ণকৈ প্ৰস্তুত কৰি লৈছে তাই৷ যন্ত্ৰচালিত মানৱৰ দৰে নিজকে এই পৃথিৱীত খাপ খুৱাই লৈছে তাই৷ অতীতলৈ উভতি কাহানিও চোৱা নাই তাই৷ নাচায়, চোৱাৰ প্ৰয়োজনবোধো নকৰে তাই৷ কাহানিবাই বন্ধ কৰিছে তাইৰ হৃদয়ৰ কৰাপাট৷ বৰ্তমান তাই সকলোৰে বাবে মাত্ৰ এটা শৰীৰ মাথোঁঁ৷ এই শশাংক, কি প্ৰয়োজনত আহিছে সি তাইৰ ওচৰলৈ? কিয় খুচৰিবলৈ বিচাৰিছে সি তাইৰ বুকুৰ কাহানিও নুশুকুৱা ঘাঁ টুকুৰা? বুকুৰ ঘাঁ টুকুৰা শশাংকৰ আগমনে যেন আকৌ সজীৱ কৰি তুলিলে৷ শুকাবলৈ ধৰা ঘাঁ টুকুৰা সি যেন পুনৰ হানি খুছি বিষাদৰ তেজ পুঁজ বোৰ নিৰ্গত কৰিলে৷ ওভতাই লৈ গ’ল আকৌ কেইবাবছৰ পুৰণি সেই ভয়াবহ দিনটোলৈ৷ যিটো দিনে সলনি কৰি পেলাইছিল তাইৰ জীৱনৰ অৰ্থ৷

  সেই বৰ্ষামুখৰ সন্ধ্যাটোৰ কথা৷ চাৰিটা নৰপিশাচে তাইৰ সৰ্বস্ব কাঢ়ি নি তাইৰ ক্ষতবিক্ষত হৈ পৰা আধামৰা, নাঙঠ শৰীৰটোক বাটৰ কাষৰ পিটনিত পেলাই থৈ যোৱা দিনটোৰ কথা তাই পাহৰিব বিচাৰে৷ এৰা, মনত ৰাখিব নিবিচাৰে সেই ভয়াবহ সময়খিনি৷ অকলশৰীয়া আজলী মাকজনীয়ে বলিয়াৰ দৰে তাইক বিচাৰি ফুৰিছিল সেইদিনা৷ পাছদিনা পুৱা উদ্ধাৰ কৰিছিল তাইক পিটনিদৰাৰ মাজৰ পৰা৷ সেইদিনা জানো তাইৰ শৰীৰটোৰ হে ধৰ্ষণ হৈছিল? নহয় তাৰ পাছত তাইৰ বাৰে বাৰে ধৰ্ষিতা হৈছিল সমাজৰ আগত৷ সকলোৱে যেন মিলি তাইৰ আত্মাৰ, তাইৰ সত্তাৰ ধৰ্ষণ কৰিছিল৷ ব্যতিক্ৰম নাছিল অৰুণো৷ সেই অৰুণ যি তাইক অন্তঃকৰণেৰে ভাল পাইছিল আৰু সেইজন বৰুৱা চাৰ, যিজনক তাই সন্মান কৰিছিল, যিজনে তাইক বোৱাৰী হিচাপে পালে নিজকে আটাইতকৈ সৌভাগ্যশালী পিতৃ বুলি ভাবিব বুলি সকলোৰে আগত কৈ গৌৰৱ কৰিছিল৷ আচলতে সেইদিনা তাই বাটৰ কাষত নাঙঠ হৈ যে পৰি থকাৰ পাছৰে পৰা সকলো মানুহ তাইৰ ওচৰত নাঙঠ হৈছিল৷ চিনাকি মানুহবোৰ পলকতে তাইৰ সন্মুখত অচিনাকি হৈ পৰিছিল৷ যন্ত্ৰণাৰ ভাৰ ব’বলৈ তাইক অকলে এৰি মাক জনীও গুছি গৈছিল পৃথিৱীৰ পৰা৷ দিকভ্ৰান্ত হৈ পৰিছিল নিশা৷ ক্ষোভ আৰু মানসিক যন্ত্ৰণাত তাই ফাটি পৰিছিল৷ স্বইচ্ছাৰে বাছি লৈছিল এই পথ৷

  স্থানুৰ দৰে বহি থকা নিশাৰ মুখলৈ শশাংকই বেছি পৰ চাই থাকিব নোৱাৰিলে৷ যদি সেই সময়ত সি থাকিলেহেঁতেন! উচ্চ শিক্ষাৰ বাবে শশাংক গুছি গৈছিল দিল্লীলৈ৷ ককায়েক অৰুণে ইঞ্জিনীয়াৰিঙৰ শিক্ষা সম্পূৰ্ণ কৰি নতুনকৈ চাকৰিত জইন কৰিছিল৷ অৰুণৰ বান্ধৱী আৰু দেউতাকৰ প্ৰিয় ছাত্ৰী নিশাৰ আছিল সিহঁতৰ ঘৰখনৰ লগত মধুৰ সম্পৰ্ক৷ শশাংকই জানিছিল সিহঁতৰ ঘৰত থকা দেউতাকৰ কিতাপ ভৰ্তি আলমীৰাটোৰ আকৰ্ষণেই নিশাক চুম্বকৰ দৰে টানি আনিছিল সিহঁতৰ ঘৰলৈ৷ অন্তৰ্মুখী স্বভাৱৰ শশাংকই মাকৰ পাছত প্ৰথম বাৰৰ বাবে কোনোবা নাৰীক ইমান কাষৰ পৰা পাইছিল৷ নিশাৰ প্ৰতি তাৰ অন্তৰত আছিল সন্মান আৰু শ্ৰদ্ধা৷ কিন্তু মাথোঁঁ সন্মান আৰু শ্ৰদ্ধাই আছিল নে? তেনেহ’লে কিয় বাৰু সি ককায়েকৰ লগত নিশাৰ বিয়া ঠিক হোৱা খবৰটো সহজভাৱে ল’ব পৰা নাছিল! কিয় সেই খবৰটোৱে তাৰ বুকুখন গধুৰ কৰি তুলিছিল! আজি এতিয়াও নিশাক এই ৰূপত দেখি তাৰ বুকুৰ ভিতৰত যেন আহত চৰাই এটাই যন্ত্ৰণাত ধপধপাইছে৷ বাৰে বাৰে শশাংকই ভাবিছে সঁচাকৈয়ে সেই সময়ত যদি সি থাকিলেহেঁতেন! ককায়েক বা দেউতাকেও তাক কথাবোৰ জনোৱাৰ প্ৰয়োজনবোধ নকৰিলে৷
ঃ তই যে মোক সুধিছ, মই এই পথ কিয় বাছি ল’লো, সেই সময়ত মই দিকভ্ৰান্ত হৈছিলো শশাংক৷ সকলোৰে দৃষ্টিত মোৰ প্ৰতি ঘৃণা আৰু কৌতূহল দেখিছিলো৷ সকলোৱে সদায় দেখি থকা মইজনী হঠাতে যেন সকলোৰে কৌতূহলৰ কাৰণ হৈ পৰিলো৷ সেই সময়ত মোৰ এই সিদ্ধান্ত আছিল আবেগ তথা ক্ষোভৰ বশৱৰ্তী হৈ লোৱা এটি সিদ্ধান্ত৷ কিন্তু এতিয়া ভাবো, যেতিয়া এই পৃথিৱীখনক ওচৰৰ পৰা দেখিছো, পেটৰ তাড়ণাত কাৰোবাৰ দেহৰ ভোক গুছোৱাটো জানো পাপ? অন্ততঃ চুৰি বা ডকাইটি কৰাতো নাই৷ তোৰ সেই ভদ্ৰ সমাজখনৰ দৰে ইয়াত কোনেও দিনত পিন্ধি থকা মুখাবোৰ ৰাতি খুলি নথয়৷ তোৰ সমাজৰ ভদ্ৰ লোকবোৰ আমাৰ ওচৰত নাঙঠ হয়৷ আমি যদি মুখ খোলো সিহঁতবোৰে কাৰো ওচৰতেই মুখ দেখুৱাব নোৱাৰা হৈ পৰিব৷

 একে উশাহতে কথাবোৰ কৈ নিশা ৰৈছিল কিছুপৰ৷ হয়তো মনৰ সকলো ক্ষোভ উজাৰি দি মনটো পাতলাব বিচাৰিছিল নতুবা শশাংকৰ প্ৰতিক্ৰিয়ালৈ অপেক্ষা কৰিছিল৷ মুক হৈ পৰিছিল শশাংক৷ ক’বলৈ খোজা কথাবোৰৰ যেন আঁত হেৰাইছিল৷ কথাবোৰ সি জুকিয়াব পৰা নাছিল৷

ঃতই কেতিয়া আহিলি শশাংক?
ঃমই কাহানিবাই আহিলো নিশা বা৷ অহাৰ পৰা ইমান বছৰেটো তোমাকেই বিচাৰি ফুৰিছিলো৷
ঃকচোন, কি কাৰণে মোক বিচাৰি আহিব লগা হ’ল?
ঃমই তোমাক ভালপাওঁ নিশা বা৷ তোমাক নিজৰ কৰি ল’ব বিচাৰো৷ ভুল নুবুজিবা মোক নিশা বা৷ তোমাৰ প্ৰতি মোৰ সন্মান একেই আছে৷ হয়তো কাহানিও তোমাক মোৰ মনৰ কথা জানিবলৈও নিদিলোহেঁতেন৷ স্তব্ধ হৈ পৰিছিল নিশা ক্ষণিকৰ বাবে৷ তাৰ পাছত হোঁহোৱাই হাঁহি উঠিছিল৷ চমকি উঠিছিল শশাংক৷

ঃ তেনেহ’লে এতিয়া কিয় ক’লি?
ঃ মই তোমাক এনেদৰে চাব নোৱাৰো৷
ঃ তই যাগৈ শশাংক৷
ঃ মই তোমাৰ সন্মতি বিচাৰো৷

পোনপটিয়াকৈ চায় পঠিয়াইছিল নিশাই শশাংকৰ চকুলৈ৷ এইবাৰ শশাংকই চকু নমোৱা নাছিল৷ নিশাই দেখিছিল তাৰ চকুত দৃঢ়তা৷

ঃযিখন ঘৰত এজনী ধৰ্ষিতাক স্বীকাৰ নকৰে, সেইখন ঘৰত এজনী বেশ্যাক গ্ৰহণ কৰিব বুলি তই কেনেকৈ ভাবিব পাৰিলি শশাংক?
ঃ সেয়া মোৰ দ্বায়িত্ব৷ মই মাথোঁঁ তোমাৰ সন্মতি বিচাৰো৷

নিৰুত্তৰ নিশা৷ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে শশাংক সেইদিনা গুচি গৈছিল৷ ৰুই থৈ গৈছিল নিশাৰ অজানিতে তাইৰ বুকুত পুনৰবাৰ এটি আশাৰ পুলি৷ নিশাই সেইদিনা অনুভৱ কৰিছিল শশাংকৰ খোজত দৃঢ়তা আৰু কথাত প্ৰত্যয়৷ নিশাৰ অমানিশাৰ অন্ধকাৰত এমুঠি জোনাক সানি দিয়াৰ প্ৰতিশ্ৰুতিৰে গৈছিল শশাংক৷
 তাৰ পাছত বৰ্ষামুখৰ নিশা এটিত পুনৰ আহিছিল শংশাক৷ নিশাৰ দুৱাৰ মুখত থিয় হৈ থকা শশাংকৰ চকুত সেইদিনা দৃঢ়তা নাছিল৷ কঁপা কঁপা কণ্ঠেৰে মূৰ নোতোলাকৈয়ে সি কৈছিল ...

ঃ মোক ক্ষমা কৰিবা নিশা বা৷ দেউতা হস্পিতালত আছে৷ আত্মহত্যাৰ প্ৰচেষ্টা কৰিছিল৷

নিজৰ অজানিতেই নিশাৰ ওঁঠৰ পৰা সৰি পৰিছিল এটি তীৰ্যক হাঁহি৷

ঃ তই এতিয়া যা শশাংক৷ মোৰ গ্ৰাহক আহিবৰ হৈছে৷

জপাই দিয়া দুৱাৰখনৰ সিপাৰত কিছুপৰ স্তব্ধ হৈ ৰৈছিল শশাংক৷ তাৰ পাছত বৰষুণে ধোৱা পথটোৰে খোজ লৈছিল থৰকবৰককৈ৷ তাৰ বুকুত তেতিয়া ওলমি ৰৈছিল নিশাৰ সেই তীৰ্যক হাঁহিটো৷


Comments

  1. বা ভাল লাগিল...

    ReplyDelete
  2. বাঃ! বঢ়িয়া লিখিছা তৃপ্তি।

    ReplyDelete
  3. ৱাহ, ধুনীয়া লিখিছা।

    ReplyDelete
  4. ৱাহ, ধুনীয়া লিখিছা।

    ReplyDelete
  5. ইমান ধুনীয়াকৈ লিখিছা

    ReplyDelete
  6. Replies
    1. This comment has been removed by a blog administrator.

      Delete
  7. নিৰ্বাক হৈ ৰ'লোঁ বা ৷

    ReplyDelete

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ