অণুগল্পঃ খণ্ড ১ঃপুতলা মই ভাল নাপাওঁঃ পৰিস্মিতা দাস
অণুগল্পঃ পৰিস্মিতা দাস
খণ্ড:১
শিৰোনাম: পুতলা মই ভাল নাপাওঁ
১৷ "পুতলা মই ভাল নাপাওঁ পাপা", মাকৰ কথামতে আইতাকক বৃদ্ধাশ্ৰমত থৈ উভতি আহোঁতে দেউতাকে কিনি অনা কোমল জীৱন্ত যেন লগা পুতলাটো দেউতাকৰ ফালে দলিয়াই দি সোনটোৱে চিঞৰি উঠিল৷
২৷ "পুতলা মই ভাল নাপাওঁ", ভ্ৰূণতে মাৰি পেলোৱা কন্যাসন্তানজনী আৰু তাৰ দুবছৰ পাছত ওপজাৰ কেইমিনিটমান পাছতেই চকু মুদা ল'ৰা সন্তানটোৰ আত্মা দুটাই যেন বিৰবিৰাই কৈ ফুৰে পুতলাৰে ভৰ্তি শিশুৰ কোঠালিটোত আৰু আঁঠুত গুজি থোৱা মূৰটো তুলি উদভ্ৰান্ত দৃষ্টিৰে চাই ৰয় সন্তানহীনা মাকজনীয়ে৷
৩৷ "পুতলা মই ভাল নাপাওঁ", যৌতুক বিচাৰি শহুৰেক-শাহুৱেকে পুবালীক কৰা অত্যাচাৰবোৰ নিৰ্বিকাৰ হৈ চাই থকা গিৰিয়েকৰ ৰাতিৰ বিচনাত আগবাঢ়ি অহা হাতখন সজোৰে ঠেলি দি পূবালীয়ে কৈ উঠিল৷
৪৷ "পুতলা মই ভাল নাপাওঁ, মোৰ একমাত্ৰ জীৱন্ত মৰমলগা পুতলাজনীৰ বাহিৰে", হ'বলগীয়া সন্তানটিৰ বাবে অনা পুতলাটো সামান্য আঁতৰাই পত্নীৰ গালত আলফুলে হাত বুলাই মৰমত কোমল হৈ যোৱা মাতটোৰে আকাশে ক'লে৷
৫৷ নতুনকৈ কিনি অনা পুতলাটো ঘৰৰ কাম-বন কৰা ৰহিমলা বাইৰ চাৰিবছৰীয়া ছোৱালী ৰিমালৈ আগবঢ়াই দি সাতবছৰীয়া মেঘনাই মাকলৈ চাই ক'লে, "পুতলা মই ভাল নাপাওঁ ৷"
কম শব্দৰ যাদু
ReplyDeleteধন্যবাদ বা
Deleteভাল লাগিল।
ReplyDeleteভাল লাগিল।
ReplyDelete