গল্পঃ পাৰস্পৰিকঃ অমিতাভ মহন্ত

গল্প:: পাৰস্পৰিক ::অমিতাভ মহন্ত

ঘৰলৈ উভটিছোঁ৷ দুপৰীয়াৰ ট্ৰেইন৷ বতাহৰ ওলোটা দিশে বহিছোঁ, চিঙ্গল চিট এটাত৷ হাতত এটা স্প্ৰাইটৰ বটল, বটলৰ ভিতৰত এটা সুন্দৰ অনুপাতৰ অংক৷ ২৫-৭৫ৰ অংক৷  মোৰ কাষৰ ছয়জনীয়া কুপটোত পাঁচজনমান ল'ৰা- ছোৱালীৰ এটা দল৷ ৱেইট্, লেট মি কাউন্ট৷ ইয়েচ্ পাঁচটা৷ টু বি ম'ৰ প্ৰিচাইচ্, দুটা ল'ৰা- তিনিজনী ছোৱালী৷ দেখিলেই গম পোৱা যায়, টুৰিষ্ট৷ কথা বাৰ্তাৰ পৰা গম পালোঁ, গুৱাহাটীত নামি চিধ্ধাই শ্বিলং৷ বীয়েৰ ফেষ্টিভেল, লু মাজাউ, ফ্ৰি চেক্স ! অধঃপতন টু দি পাৱাৰ ইনফিনিটী৷
অ' কি কৈ আছিলোঁ? পাঁচজনীয়া গ্ৰুপ! নামত পাঁচজন, পিছে ঠাই অধিকাৰ কৰি আছে অতি কমেও দহজনৰ৷ এপিচ শুই আছে, বাকীবোৰো ছেদেলি ভেদেলি৷ সাত নম্বৰী গামবুটে ওলোটা ফালৰ চিটটোত ভৰি তুলি তাৰ ৰেড্ টেপযোৰ জোকাৰি আছে৷ ইহঁতকেইটাই চিঞৰি চিঞৰি বাকী মানুহৰ কাণৰ পৰ্দা আজি ফটাইহে এৰিব যেন পাইছো৷  বিশ ইঞ্চি দূৰত বহি থকা মানুহৰ লগত কথা ক'বলৈ আচলতে ইমান চিঞৰাৰ দৰকাৰ নপৰে, কিন্তু বৰ্তমান দৰকাৰ হৈছে৷ কাৰণ বৰ্তমান মাজত বহি থকা কঠালগুটীয়া ফিগাৰৰ জনীৰ এণ্ড্ৰইডত ফুল ভলিউমত বাজিছে অনুপমৰ "আমাকে আমার মত থাকতে দাও"৷ অনুপমৰ গান! ফুল ভলিউমত, তাকো খোলা ট্ৰেইনত! অনুপম ৰয়, আপোনাৰ বহুজন ফেনৰ মাজত এই অধমো এজন৷  জীৱনৰ বহু বেয়া সময়ত আপোনাৰ গানে মোক আগুৱাই নিছে৷ কিন্তু আজিৰ পিছত এই জীৱনত হয়তো আপোনাৰ গান আৰু শুনা নহ'ব৷ নিজানত, কেৱল নিজকে সাৱটি লৈ শুনা কিছুমান গান বৰ্তমান মই শুনি আছো হানী সিং মোডত৷ মাছ বজাৰৰ দৰে পৰিবেশ এটা! অনুপম ৰয়, আজি মই আপোনাৰ মৃত্যু হোৱা দেখিলোঁ, সচক্ষে৷

যা হওক, আচল কথালৈ উভটি আহোঁ৷ সেই তিনিজনী ছোৱালী আৰু দুজন ল'ৰাৰ কথালৈ৷ সিহঁতে চিঞৰ বাখৰ কৰিছিল, অনুপমৰ গান শুনিছিল, আৰু যি ইচ্ছা তাকেই কৰিছিল৷ মই যথাৰীতি বিৰক্ত, অন্য ক’ৰবাত গৈ বহিবলৈ ছিট্ এটাও নাই৷ কি কৰোঁ, ক'ত যাওঁ ভাবি থাকোতেই চকুত পৰিল এটা গল্প৷ অসম্পূৰ্ণ৷ নিমিলা অংকৰ গল্প৷
এই যে হিচাপটো, মানে তিনিজনী ছোৱালী আৰু দুটা ল'ৰা, হিচাপটো কিছু খেলিমেলি৷ সাধাৰণতে এই বয়সত হিচাপটো সমানুপাতিক হ'ব লাগে, বা ল'ৰাৰ সংখ্যা বেছি হ'ব লাগে৷ চুটি স্কাৰ্ট ধৰ্ষণৰ কাৰণ হোৱা দেশত এনেকুৱা ধৰণৰ ট্ৰিপত ল'ৰাৰ সংখ্যা বেছি হোৱা তেনেই সাধাৰণ৷ চেফটী কনচাৰ্ন আফটাৰ অল্৷ এনেকুৱা ইকুৱেচনত এজনী বৰ্ধিত ছোৱালীৰ অংকটো ক’ৰবাত খেলিমেলি৷ গল্পৰ প্লট বিচৰাত নামি পৰিলোঁ৷ বুজা গ'ল দুটা কাপল, দুয়োটা কাপল মুখামুখিকৈ বহিছে৷ স্বাভাৱিকভাবেই দুয়োক্ষেত্ৰতেই ছোৱালীজনী বহিছে খিৰিকীৰ কাষত, দুয়োজনীৰ কান্ধত হাত দি দুই প্ৰেমিক৷ এই চাৰিজনৰ বাহিৰে ইফালে সিফালে জপিয়াই থকাজনীয়েই হৈছে মোৰ গৱেষণাৰ খেলিমেলি, মোৰ প্লটৰ নায়িকা৷ উজ্বল বৰণ, মধ্যমীয়া গঠন, মোটামুটি লুক, দীঘল চুলি৷ প্ৰথমৰ পৰাই মন কৰিছিলোঁ এইজনীয়েই সন্ত্ৰাসৰ মূল কাৰণ৷ চিঞৰ বাখৰ কৰিছে, ফেৰিৱালাবোৰক ধৰি ধৰি বিৰক্ত কৰিছে, গান বজাইছে, খিৰিকীৰ কাষৰ ছোৱালীকেইজনীৰ চুলি টানিছে, ল'ৰা দুটাক ধৰি ধৰি কিলাইছে৷ বিৰক্ত হৈছিলোঁ৷ ভাব হৈছিল, ইমান বেছি বেছি কৰাৰ দৰকাৰ কিহৰ ? শান্তিমতে বহি গ'লে কিনো হয়৷ মনে মনে একাকীত্বত ডুবিওতো যাত্ৰাটো শেষ কৰিব পাৰি! ঠিক মোৰ দৰে৷ 

পাছে সময় যোৱাৰ লগে লগে বুজিছিলোঁ তাইৰ কামবোৰ অবান্তৰ নাছিল৷ এই সকলোবোৰ আছিল সকলোকে এক সূত্ৰত বন্ধা, পাৰ্ট অফ দা প্লেন্৷ তাই জানিছিল এই কাপল দুযোৰে সুযোগ পালেই কিছু নিবিড় মুহূৰ্ত বিছাৰিব, নিজৰ মাজত সময় কটাবলৈ বিছাৰিব, নিজৰ চহৰৰ চিনাকী চকুৰ পৰা আঁতৰত আহি ট্ৰেইনৰ বাৰ্থত বিছাৰিব গভীৰ অন্তৰঙ্গতা৷ এই গোটেইবোৰৰ মাজত নিমিলা অঙ্ক হ'ল তাই- উজ্জ্বল বৰণ, মধ্যমীয়া গঠন,মোটামুটি লুক, দীঘল চুলি৷ দলত তাইক এন্টাৰটেইন কৰিবলৈ বিশেষ অপচন নাই৷ হয়তো প্ৰেম ক্লান্ত হ'লে তাইক মাতি বিনোদন বিচৰা হ'ব বা ডিঙিত ওলমি থকা কেমেৰাটোৰ যহত সিহঁতৰ পাৰ্ট টাইম ফটোগ্ৰাফাৰ হ'ব৷ বচ ইমানেই৷ এইখিনি কথা ভালকৈ উপলব্ধি কৰিয়েই ক্ৰমাগত বান্দৰামি কিছুমান কৰি তাই নিজকে গুৰুত্বপূৰ্ণ কৰি ৰাখিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল, চেষ্টা কৰিছিল যাতে দলটো "২+২+১"ত ভাগ হৈ নাযায়, পাঁচজনীয়া হৈ থাকে৷ অকলশৰীয়া নহ'বলৈ আপ্ৰাণ চেষ্টা তাইৰ৷ 

কিন্তু কিমান সময় ? লাহে লাহে সন্ধ্যা নামি আহে৷ গল্পবোৰ, কোলাহলবোৰ ধীৰ স্থিৰ হৈ আহে৷ শব্দবোৰ ফিচফিচনি হৈ আহে, শৰীৰৰ কাষত ঘন হৈ পৰে শৰীৰবোৰ আৰু তাই ক্ৰমাৎ চিটিকি গৈ থাকে এই বৃহৎ বৃত্তৰ বাহিৰলৈ৷ মাজে মাজে আকৌ চেষ্টা কৰে ভিতৰলৈ সোমোৱাৰ, বাকীবোৰক পঢ়ি শুনাই হোৱাটচ্ এপত অহা নতুন জোকচ্ বা কোনো নতুন ট্ৰিপৰ পৰিকল্পনা৷ উত্তৰত ভাঁহি আহে কিছু হুঁ-হাঁ৷ বাধ্য হয় তাই হেডফোনত গান শুনিবলৈ, চকু মুদি নিজকে টোপনি নিয়াবলৈ৷ টোপনি নাহে, উঠি গৈ দৰ্জাৰ কাষত থিয় দিয়ে, অকলেই চাহ একাপ খায়, আৰু ইফালে সিফালে চাবলৈ ধৰে সময় কটোৱা গল্পৰ সন্ধানত৷ 

মই দেখিছিলোঁ তাইৰ অসহায় কৰুণ দুটি চকু, ব্যৰ্থ চটফটনি৷ টয়লেটলৈ গৈছিলোঁ, দেখো তাই তাতেই কাৰোবাৰ সৈতে ফোনত কথা পাতি আছে৷ ভদ্ৰতাৰ খাটিৰত মই তাৰ পৰা গুছি অহা উচিত আছিল, কিন্তু কি এক অনামী তাড়নাত মই তাতেই ৰৈ গ'লোঁ, বেচিনটোৰ সন্মুখত মই নাজানো৷ অনৰ্থক পানী খৰচৰ সৈতে মিলি গ'ল আপাত অৰ্থহীন কিছু শব্দ৷ 

'নাই মা একদম চিন্তা নকৰিবা, ভালে আছোঁ',

' অ' অ', পুৰা ফান',

'এতিয়াই আকৌ কিয় শুম? পুৰা আড্ডা চলি আছে।'

‘খালোঁ, বিক্ৰমে ষ্টেচন এটাত নামি এগাল খোৱা বস্তু লৈ আহিছে',

'নক’বা আৰু তৃষাৰ কথা, মোৰ পিছে পিছে লাগি আছে৷ এৰিয়েই নিদিয়ে।',

………………

………………

………………

………………

"তোমালোক শোৱা, বহু ৰাতি হ'ল।"

………………

"মা শুনাচোন, এইবাৰ ইয়াৰপৰা ঘূৰি যাওঁ হা৷ পিছৰবাৰ ভেকেচনত তোমাৰ আৰু দেউতাৰ লগত ক'ৰবাত ফুৰিবলৈ যাম হা৷ অক্কল তোমাৰ আৰু দেউতাৰ লগত ! "

গল্পটো শেষ। ইয়াতেই৷ 

কোনোবাই হয়তো ক'ব পাৰে যে গল্পটো আৰু অলপ টানিব পৰা গ'লহেঁতেন৷ আৰু অলপ সময় লুকাই চুৰকৈ শুনিব পৰা গ’লহেঁতেন তাইৰ ফোনৰ বাৰ্তালাপ৷ সেয়া নহ’লেও নিজেই সুমুৱাই দিব পাৰিলোঁহেঁতেন ইমাজিনেৰী কিছু কথাবাৰ্তা৷ সেয়াও নহ'লেও কৰণ জোহৰৰ চিনেমাৰ দৰে কিছু যোগ বিয়োগ কৰিব পৰা গ'লহেতেঁন৷ মই নিজেই হ'ব পাৰিলোঁহেঁতেন নায়ক, আগুৱাই গৈ কথা পাতিলোঁহেঁতেন একাকিনীৰ সৈতে৷ তৈয়াৰ হ'লহেঁতেন মায়াবী বাৰ্তালাপৰ কিছু কুণ্ডলী৷ ফোন নম্বৰৰ আদান প্ৰদান, এক নতুন সম্পৰ্কৰ হিচাপ নিকাচ বা 'জৱ উই মেট'ৰ চিকুৱেন্স৷ 

কিন্তু এইবোৰ একোৱেই নহ'ল৷ মোৰ ষ্টেচনত মই নামি পৰিলোঁ৷ কেৱল নমাৰ সময়ত ঘূৰি চাই দেখিছিলোঁ, তাই তেতিয়াও দুৱাৰৰ কাষতেই থিয় দি আছিল৷ হাতত ফোন, মুখত বিষন্নতা, চকুত ভাৱলেশহীনতা।

পুনশ্চ: এটা সৰু প্ৰোলোগ আছে, ধৰি ল'ব পাৰি গল্পৰ আগৰ গল্প৷ একাকিনীৰ গল্পটো এইখিনিৰেও হয়তো আৰম্ভ কৰিব পৰা গ'লহেঁতেন৷ কিন্তু ভাবি চিন্তি পিছফালে লিখি থোৱাই ভাল হ'ব যেন লাগিল৷ 

বহুদিন আগৰ কথা, কলেজত পঢ়ি থকাৰেই৷ এদিন সন্ধিয়া কমাৰ্চৰ অভাৰব্ৰীজৰ ৰেলিঙত বহি আছিলো৷ মাহৰ শেষ, ঘৰৰপৰা টকা আহি পোৱা নাই৷ টকা থাকিলে ব্ৰেক আপ চেন্টি ফালিবলৈ হোষ্টেলৰ ৰুম আৰু নাম্বাৰ ৱানেই বেষ্ট অপচন৷ টকা নাই বাবেই বহি আছোঁ ইয়াত৷ বাসৱী হয়তো আজি সমুদ্ৰৰ কাৰত ডেটিঙলৈ গৈছে৷ বতৰ বেয়া যে! ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা৷ 

বতৰটো বেয়া বাবেই চাগে সেইদিনা অভাৰব্ৰীজত মানুহ প্ৰায় নাছিলেই৷ মই বহা ঠাইখিনিৰ ওচৰতে এজনী ছোৱালী বহি ৰৈছিল অকলশৰে৷ মন কৰিছিলোঁ তাই অনবৰতে ফোনত ব্যস্ত হৈ ৰৈছিল৷ বাৰে বাৰে কোনোবাক কনভিন্স কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল, যাতে সিপাৰৰ জন অন্ততঃ এবাৰ অভাৰব্ৰীজৰ ওপৰলৈ আহে৷ ক্ৰন্দনৰতা তাই কৈ গৈছিল, তাইক যেন এটা শেষ সুযোগ দিয়া হয়৷ তাই নিজৰ ভুল বুজিছে৷ এইবাৰৰ পৰা তাই সকলো কথা শুনিব৷ বচ্ সিপাৰৰ জন এবাৰ তালৈ আহক৷ তাই বাৰে বাৰে ফোন কৰি গৈছিল৷ কেতিয়াবা কথা হৈছিল, কেতিয়াবা ৰিং হৈছিল, আৰু শেষত এটা যান্ত্ৰিক কণ্ঠই ঘোষণা কৰিছিল যে তাই ডায়েল কৰা ফোন নম্বৰটো বৰ্তমান চুইটচড্ অফ আছে৷ কন্দাৰ শব্দ শুনিছিলোঁ প্ৰায় নিশব্দে৷ দেখিছিলোঁ তাইৰ অগোচৰে ভিজিছে আলকাতাৰাবোৰ৷ কেৱল তাইৰ বাবেই সেইদিনা দুঘন্টা ৰৈ দিছিলোঁ, নাই কোনো অহা নাছিল৷ শেষত মই যাব লগা হৈছিল, নহ'লে হোষ্টেলৰ গেইট্ বন্ধ কৰি দিব৷ জানুৱাৰীৰ কোনোবা এটা ঠাণ্ডা নিশা আছিল৷ প্ৰায় দহটামান বাজিছিল সেইদিনা৷ এবাৰ ঘূৰি চাইছিলোঁ, কোনো নাছিল সেইখিনিত৷ কেৱল এটা চেহেৰা তেতিয়াও অপেক্ষাৰত, কোনোবা কিজানি আহেই৷ 

এই গল্পৰ সমাপ্তিও মই নাজানো৷ হয়তো কোনোবা আহিছিল, বা অহা নাছিল৷ বহুদিন পাৰ হৈ গ'ল৷ সেই দিনটোৰ স্মৃতিবোৰ এতিয়া ধূসৰ হৈ পৰিছে৷ মনত নাই ছোৱালীজনী দেখিবলৈ কেনেকুৱা আছিল৷

এই কাহিনীৰ কথক মই নহয়৷
তথাপি ভাবি ল'বলৈ মন গৈছে, তাইৰো আছিল উজ্বল বৰণ, মধ্যমীয়া গঠন, মোটামুটি লুক, দীঘল চুলি৷ আৰু ভাৱি ল'ব মন গৈছে, অভাৰব্ৰীজৰ ৰেলিঙত ওলমি ৰোৱা আধাৰুৱা কাহিনী এটা সিদিনা বেছ কিছুবছৰৰ অন্ত:ত মই পুনৰ দেখা পাইছিলো;  মাত্ৰ হাঁহি আৰু কান্দোনৰ পাৰস্পৰিক স্থান পৰিৱৰ্তনত৷

Comments

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ