গল্পঃ সিংহবাহিনীঃ সোণটো ৰঞ্জন বৰুৱা

সিংহবাহিনী

@ সোণটো ৰঞ্জন বৰুৱা

ঃঐ মিনি, শুনচোন...

শব্দৰ দিশে ঘূৰি দুৰ্গাই দেখিলে সুন্দৰ পোছাক পিন্ধা যুৱক এজনে ডিঙিত কেমেৰা এটা লৈ তাইৰ ফালে চাই ৰৈ আছে৷ হাতৰ এচাৰিডালেৰে ইপিনে সিপিনে আঁতৰি যাব খোজা গৰুকেইটা চপাই চপাই তাই সুধিলে,

ঃ হামাকে ডাকিছ?

সন্মতিৰ ভংগীত ডিঙিটো লৰাই লৰাই যুৱকজনে ক’লে,
ঃ ফটো উঠিবি নেকি?

ঃ না না, নাই পাৰব’৷

ঃ পইছা দিম৷
- যুৱকজনে আশা এৰি নিদিলে৷

এইবাৰ দুৰ্গা অকণমান নৰম হ’ল৷
ঃ কিমান দিবি? কিবা এটা কিনিব পৰাকৈ দিবি?


ঃ কিবা এটা মানে?

ঃ কিবা মানে..... সেই ডাঙৰ চকলেটটো যে, টিভিত যে দিয়ে, কুচ্চু মিঠা হৌ যাৱে৷

ঃ হাঃ হাঃ হাঃ, কুচ্চু মিঠা হৌ যাৱে নহয় অ’, কুচ মিঠা হ’ যায়ে৷

ঃঅ’ অ’, সেইটোৱেই৷ সেইটো কিনিবলৈ পইছা দিবি?

ঃ দিম দিম৷
- জেপৰপৰা এশটকীয়া নোট এখন দেখুৱাই সি ক’লে৷

ঃ ঠিক আছে, দিবিতো? তেনে তোল ফটো৷

ঃ প’জ দে৷

ঃ প’জ মানে?
শব্দটো দুৰ্গাৰ বাবে নতুন৷ গতিকে বুজি নাপালে তাই৷

ঃ যা, গৰুখিনিৰ মাজত সোমাই হাঁহি এটা মাৰি ঠিয় হ৷ মই ফটো তুলিম৷

ঃ ৰহ৷
- তাই তৎক্ষণাত গৰুকেইটা গোট খুৱাই মাজত ঠিয় হ’লগৈ৷

ঃহৈ গ’ল৷ ল তোৰ পইছা৷ আৰু উঠিবি? আৰু পইছা পাবি৷

ঃঅ তুলিমতো৷
এইবুলি তাই আকৌ গৰুজাকৰ ফালে যাবলৈ উদ্যত হ’ল৷

ঃ এনেকৈ নহয়, শুন এইফালে৷

ঃহা, ব’ল৷
তাৰ কাষ চাপি আহি দুৰ্গাই সুধিলে৷

ঃএখন বিনা চেলোৱাৰে আৰু এখন বিনা কা.....
সি বাক্যটো সম্পূৰ্ণ কৰিবলৈ নৌপাওঁতেই তাৰ কান্ধ আৰু মূৰত গৰু ৰখা এচাৰিৰ বৰষুণহে পৰিবলৈ আৰম্ভ কৰিলে যেন৷

ভাগ্য ভাল সেইদিনা ওচৰে পাজৰে আৰু কোনো ফটো তোলা মানুহ নাছিল৷ নহ’লে ’সিংহবাহিনী দুৰ্গা’ নাম দিব পৰাকৈ ধুনীয়া ফটো এখন তুলিব পাৰিল হয়৷ ফটোখনৰ বিষয়বস্তু হ’লহেঁতেন এনেকুৱা- মলিন কাপোৰ পৰিহিত, আউলি বাউলি চুলিৰ এজনী ১৩-১৪ বছৰীয়া ছোৱালীয়ে মাটিত পৰি থকা এজন যুৱকৰ ওচৰত উদ্যত এচাৰি এডাল জোকাৰি ঠিয় হৈ আছে৷ ছোৱালীজনীৰ চকুৰে ক্ৰোধৰ অগ্নি বৰষিছে৷  যুৱকৰ কাষত দামী কেমেৰা এটা অসহায়ভাৱে পৰি আছে৷

------------------------------------------------

Comments

  1. এইটো পঢ়ি সচাই ভাল লাগিছিল তেতিয়াও এতিয়াও

    ReplyDelete

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ