ভৌতিক গল্পঃ ছাঁঃৰূপম ৰিদিপ
◆◆...ছাঁ...◆◆
ক্ৰিৰিং ক্ৰিৰিং... ক্ৰিৰিং ক্ৰিৰিং...
নিস্তব্ধতা ভেদি নিশা ১১ মান বজাত চহৰখনৰ এচুকত থকা অট্টালিকাটোত লেণ্ডলাইন ফোনটো বাজি উঠিল। অন্যমনস্ক হৈ থকা মানুহজন উচপ খাই ফোনটোলৈ চালে। এই অসময়ত কাৰ ফোন হ'ব পাৰে ইয়াকে চিন্তা কৰি ডাঃ অভিৰূপ শইকীয়াই ফোনৰ ৰিছিভাৰটো তুলি ল'লে।
- হেল্ল'...
- হেল্ল' অভি, মই বিনয়ে কৈছোঁ।
- অ' বিনয়! ক ..
- তোৰ ম'বাইলত ফোন কৰি আছিলোঁ কিন্তু তই ৰিচিভ নকৰাৰ বাবে ইয়াত কৰিবলৈ বাধ্য হ'লো।
- অ'হ! ম'বাইলটো চাইলেণ্ট হৈ আছিল। মইও কিবা এটা কামত ব্যস্ত আছিলোঁ। সেয়ে গম নাপালোঁ। কচোন, এই ৰাতিখন কিয় ফোন কৰিলি ?
- বৰ ডাঙৰ এটা বিপদত পৰিছোঁ বন্ধু। মোক উদ্ধাৰ কৰ। তোৰ বাহিৰে আন কোনেও মোক সহায় কৰিব নোৱাৰে।
- ৰচোন ৰ। তোৰ কি হৈছে ভালদৰে বহলাই ক। ক'লেহে বুজিম !
- এনেকৈ ফোনত ক'ব নোৱাৰোঁ। তাৰ বাবে লগ কৰাটো নিতান্তই প্ৰয়োজনীয়।
- বাৰু, তেন্তে কাইলৈ ৰাতিপুৱা মোৰ চেম্বাৰলৈ আহিবি। তাত কথা পাতিম।
- নাই নাই ,কাইলৈৰ দিনটোলৈ ৰ'ব নোৱাৰিম। প্লিজ বুজিবলৈ ট্ৰাই কৰ। আজিয়ে সমাধান নহ'লে মই নাবাচিম। মই তোক আজি ৰাতিয়ে লগ পাব লাগে। আজি ৰাতি ২ বজাৰ আগেয়ে।
- ৰাতি ২ বজাৰ আগেয়ে ! বাৰু মোৰ ঘৰলৈ আহ। মই এতিয়া অকলে আছো। মিছেছে ছোৱালী জনীক লৈ তেওঁৰ ফ্ৰেণ্ডৰ ঘৰলৈ গৈছে। তাত থাকিব আজি। ইয়ালৈ আহি যা। তোৰ কি বিপদ হৈছে ইয়াতেই আলোচনা কৰিম।
মহানগৰীৰ এজন নামজ্বলা ডাক্তৰ অভিৰূপ শইকীয়া। নাম ক'লে চিনি নোপোৱা মানুহ হয়তো নোলাব ! একালৰ বাল্যবন্ধু বিনয়ৰ লগত সম্পৰ্ক সেই তাহানিৰ দিনবোৰৰ দৰেই আছিল, একেবাৰে ঘৰুৱা। কাইলৈ ৭ নৱেম্বৰ। অভিৰূপৰ জন্মদিন। তেওঁৰ পত্নীও ঘৰত নাই, বাল্যবন্ধু জনো ৰাতিয়ে আহিব বিচাৰিছে। নিশ্চয় বাৰ্থডে চাৰপ্ৰাইজ কিবা এটা হ'ব। দুয়োজনে মিলি চাগৈ এইয়া প্লেনিং কৰিছে। যেতিয়া আহিব হাতত কেক এইবোৰ লৈ আহিব। এইবোৰ ভাবি কিছু সময় আৰামী চকীখনত বহিয়ে সময় কটালে।
১২ টা বাজিছে।
টিং টং টিং টং....
একেৰাহে চাৰিবাৰ মান কলিং বেলটো বাজি উঠিল। ভিতৰি উৎকণ্ঠা এটা মনত লৈ গহীন খোজেৰে অভি দুৱাৰ খনলৈ আগুৱাই গ'ল। তেতিয়াই কাৰেণ্ট গ'ল। ইনভাৰ্টাৰটোৰ বেটেৰী বেয়া হৈ থকা বাবে গোটেই অট্টালিকাটো এন্ধাৰত ডুব গ'ল।
অভিয়ে দুৱাৰ খুলিলে। বিনয়ক অকলে ৰৈ থকা দেখি অলপ আচৰিত হ'ল। হাতত কেক এইবোৰ একোৱে নাই! ভবামতে নহ'ল যদিও বাল্যবন্ধুক ভিতৰলৈ আহিবলৈ কৈ দুৱাৰখন বন্ধ কৰি মম এডাল জ্বলাই আনিলেগৈ। বিনয় চোফাখনতে বহি পৰিল।
- বাৰু, এতিয়া ভালদৰে বুজাই ক তোৰ কি হৈছে ? কি এনেকুৱা বিপদ যে ফোনত ক'ব নোৱাৰি ইমান ৰাতি ইয়ালৈ আহিলি ?
- পানী এগিলাচ ,পানী এগিলাচ খুৱাচোন।
অভিয়ে উঠি গৈ পানী এগিলাচ আনি তালৈ আগবঢ়াই দিলে।
- এইয়া ল। আৰু টেনশ্যন নিদিবি। সোনকালে ক।
- কৈছোঁ শুন। কেইদিনমানৰে পৰা না খাব পাৰিছোঁ, না শুব পাৰিছোঁ। দিনত বাহিৰলৈ ওলাব নোৱাৰোঁ। কিবা কাম থাকিলে ৰাতিহে ওলাও। চাকৰিও ৰিজাইন দিলোঁ।
- কি ? কি কৈছ এইবোৰ ? দিনত ওলাব নোৱাৰ, চাকৰি ৰিজাইন দিলি। হৈছে কি মানে ? ভালদৰে বুজাই ক। আৰু তই মোক ইমান দিনে একো নাই কোৱা যে ?
একেলগে বহুকেইটা প্ৰশ্ন কৰি অভিয়ে বিনয়ৰ মুখলৈ চাই ৰ'ল।
- তাকেই ক'বলৈ গৈ আছোঁ। অশান্তিত ভুগিছোঁ কেবাদিনৰ পৰা। তান্ত্ৰিক এজনক লগ কৰিলোঁ।
- ৱেইট ৱেইট ! তান্ত্ৰিকক লগ কৰিলি ! কিবা অসুখ হৈছে যদি ডাক্তৰক কনচাল্ট কৰিবলৈ এৰি এইবোৰ কৰিছ যে ?
- তই শুনি ল’ চোন আগতে মোৰ সমস্যাটো ! ডাক্তৰে একো কৰিব নোৱাৰে বুলি জানিয়ে তান্ত্ৰিকক লগ কৰিছোঁ। প্লিজ, আগতে শুনি ল। তই জান নে মই যে এতিয়া অকলে নাই অহা?
- কি ? আৰু কোন আছে ? বাহিৰত ৰৈ আছে নেকি কোনোবা ? এইবাৰ অভি অকণ বেছি আচৰিত হ'ল।
- বাহিৰত নাই কোনোৱে। তেওঁ এতিয়া তোৰ কাষতেই আছে।
অভিয়ে ইপিনে সিপিনে চালে। কোনোৱেতো নাই ! এই ৰাতিখন কি প্ৰলাপ বলকিবলৈ আহিছ বুলি খং কৰি অভিয়ে উঠিব বিচাৰিলে। কিন্তু এইয়া কি ! সি উঠিবলৈ নাই পৰা ! ভৰি দুখন ইমান গধুৰ লাগিছে যে।
- ঐ, কি হৈছে চা মোৰ। ভৰি দুখন কিয় উঠাব নাই পৰা !
বিনয়ে অট্টহাস্য কৰি উঠিল। হাঃ হাঃ.... ইয়াকেই ক'বলৈ বিচাৰি আছিলোঁ। এইটোৱে ইমান দিনে মোৰ তেজ খাই আছিল। এইবুলি বিনয়ৰ ভৰিলৈ দেখুৱাই দিলে।
বিনয়ে লক্ষ্য কৰিলে এটা ছাঁ ভৰিত পৰি আছে যিটো অভি বা বিনয় কাৰোৰে নহয়।
-"আজি ই তোৰ তেজ খাই পিয়াহ পলাব", মুখত এটি ক্ৰুৰ হাঁহি লৈ বিনয়ে কৈ উঠিল। "চাৰ্টিফিকেট মতে তোৰ জন্মদিন বেলেগ হ'লেও আচল জন্মদিন যে আজিহে বহুত কমেইহে জানে। এইটো মই জানিছিলোঁ। অমাৱস্যাত জন্মা কোনোবা এজনক ইয়াক সমৰ্পণ কৰিবলৈ তান্ত্ৰিক জনেই কৈছিল। আৰু মই তোক গতালো। ক্ষমা কৰিবি বন্ধু। মোৰ অইন উপায় নাছিল। নোৱাৰোঁ আৰু ইয়াৰ ভৰ সহিব। দুটাকৈ ছাঁ লৈ এমাহ ধৰি বাহিৰতো ওলাব পৰা নাছিলোঁ।
ইতিমধ্যে অভিৰ গাত ছাঁটো বগাই উঠি আহি তেজ শুহিবলৈ ধৰিছিল। অভি চোফাত ঢলি পৰিল। গোটেই গাটো কঁপি উঠিছে। মুখেৰে কিবা ক'বলৈ বিচাৰিলে যদিও এটা অস্ফুট গেঙণিৰ বাদে আন একো নোলাল।
- বিদায় বন্ধু। তোৰ বাবে আজি মই জীৱন পালোঁ। তোৰ এই ত্যাগ সদায় মনত ৰাখিম। এইবুলি কৈ বিনয়ে আকৌ অট্টহাস্য কৰি উঠিল।
তেতিয়ালৈ অভিৰ গাৰ প্ৰতি টোপাল তেজ ছাঁটোৱে শুহি লৈছিল। অভিৰ নিথৰ দেহটো চোফাখনত পৰি ৰ'ল।
পিছদিনা বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত এটা বাতৰি প্ৰকাশ পালে,
" অচিনাক্ত কাৰণত চহৰৰ নামজ্বলা ডাক্তৰ অভিৰূপ শইকীয়াৰ মৃত্যু।"
✍ ৰূপম ৰিদিপ
বাঃ
ReplyDeleteধন্যবাদ।
ReplyDeleteবধ্য লিখিছা। ভাল লাগিছে।
ReplyDeleteধন্যবাদ আপোনালৈ।
DeleteWah wah..
ReplyDeleteWah wah tamam
Deleteধন্যবাদ বহুত।
Deleteসুন্দৰ
ReplyDeleteধন্যবাদ অনামিকা।
Deleteসুন্দৰ
ReplyDeleteৰূপো ধুনীয়া
ReplyDeleteধন্যবাদ বা।
Deleteভাল হৈছে....আগুৱাই যাওঁক ককাইদেউ
ReplyDeleteধন্যবাদ কুশল
Delete