কবিতাঃ খোজঃ প্ৰাঞ্জল কাশ্যপ
খোজ
----–-----
প্ৰাঞ্জল কাশ্যপ
১৭/১০/২০১৮
(১)
বিৰিখবোৰ চাপৰিছে ,
অট্টালিকা বোৰে আকাশলৈ চাইছে,
কংক্ৰীট নগৰীৰ মাজত
সেউজীয়া বোৰ হেৰাইছে।
মোৰ গাওঁ খন আধুনিক হৈছে ।
(২)
আধুনিকতাৰ কৰাল গ্ৰাসত
মানুহবোৰ যন্ত্ৰ হৈছে ৷
যান্ত্ৰিক পৃথিৱীত সকলোৱে
কেৱল স্বপ্নৰ পিছত দৌৰিছে,
টকাই সৰ্বোচ্চ জীৱনত
মায়া-মমতাক কফিনস্থ কৰিছে ।
(৩)
মোৰ ঘৰখনতো আধুনিকতাৰ বা বলিছে,
যান্ত্ৰিক সমাজত,
মোৰ পৰিয়ালৰ সদস্যবোৰো
একোটা যন্ত্ৰ হৈছে,
ঘড়ীৰ কাটাৰ লগত খোজ মিলোৱা
মোৰ পৰিয়ালটোত,
হৃদয়ৰ পৰা হৃদয়ৰ দূৰত্ব বাঢ়িছে ।
------------------------------------------------
----–-----
প্ৰাঞ্জল কাশ্যপ
১৭/১০/২০১৮
(১)
বিৰিখবোৰ চাপৰিছে ,
অট্টালিকা বোৰে আকাশলৈ চাইছে,
কংক্ৰীট নগৰীৰ মাজত
সেউজীয়া বোৰ হেৰাইছে।
মোৰ গাওঁ খন আধুনিক হৈছে ।
(২)
আধুনিকতাৰ কৰাল গ্ৰাসত
মানুহবোৰ যন্ত্ৰ হৈছে ৷
যান্ত্ৰিক পৃথিৱীত সকলোৱে
কেৱল স্বপ্নৰ পিছত দৌৰিছে,
টকাই সৰ্বোচ্চ জীৱনত
মায়া-মমতাক কফিনস্থ কৰিছে ।
(৩)
মোৰ ঘৰখনতো আধুনিকতাৰ বা বলিছে,
যান্ত্ৰিক সমাজত,
মোৰ পৰিয়ালৰ সদস্যবোৰো
একোটা যন্ত্ৰ হৈছে,
ঘড়ীৰ কাটাৰ লগত খোজ মিলোৱা
মোৰ পৰিয়ালটোত,
হৃদয়ৰ পৰা হৃদয়ৰ দূৰত্ব বাঢ়িছে ।
------------------------------------------------
সুন্দৰ
ReplyDeleteভাল লাগিল।
ReplyDelete