প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা
"অসমীয়া গালি-শপনিবোৰ"
==================
বিজয়া বৰুৱা
সংস্কৃতি হ'ল মানুহৰ সামাজিক আচৰণৰ মূৰ্ত প্ৰকাশ৷সংস্কৃতিৰ এটা ভাগ হ'ল লোক সংস্কৃতি ৷ অসমৰ লোক সংস্কৃতিৰ পথাৰখন অতি সাৰুৱা ৷ অসমীয়া সমাজ জীৱনত বিভিন্ন অঞ্চলত প্ৰচলিত গালি শপনিবোৰৰ লোক সংস্কৃতিত এক সুকীয়া স্থান আছে ৷এই গালি শপনিবোৰৰ আৰম্ভণি ক'ত কেনেকৈ হ'ল তাক কোৱা টান ৷গালি শপনিবোৰৰ মূল আধাৰ হ'ল কাজিয়া ৷কাজিয়া নকৰিলেও 'গোৱাল গালি'ও প্ৰচলন আমাৰ সমাজত আছে ৷ অসমীয়া সাহিত্যতো কাজিয়াৰ বৰ্ণনা পোৱা যায় ৷ পৌৰাণিক সাহিত্যতো ইয়াৰ বৰ্ণনা আছে ৷মহাপুৰুষ শংকৰদেৱৰ "পাৰিজাত হৰণ" ত শচী আৰু সত্যভমাৰ কাজিয়া, "চোৰধৰা পিম্পৰা গুচোৱা" ত যশোদাই গুৱালীসকলক উদ্দেশ্যে পৰা গালি, মামণি ৰয়ছম গোস্বামীৰ উপন্যাসত ৰাধেশ্যামীসকলৰ কাজিয়াবোৰ, হোমেন বৰগোহাঞিৰ " মৎস্যগন্ধা " খনত মেনকাৰ গালি-গালাজবোৰ আমাৰ লোক জীৱনৰ পৰাই বুটলি অনা বুলিব পাৰি ৷দেখা যায় যে, লোক জীৱনত প্ৰচলিত গালি গালাজবোৰ কেতিয়াবা সাহিত্যত প্ৰৱেশ কৰি বাংময় ৰূপ লাভ কৰে ৷ যি কি নহওক, ইয়াত আজি অসমীয়া সমাজত প্ৰচলিত গালি শপনিবোৰ অলপ উল্লেখ কৰিবলৈ যত্ন কৰিম৷
অঃ অজান পাতকী, অঘৰীৰ সঁচ, অঁকৰাৰ জাত,অধমৰ জাত, অধঃপতনে যা, অসভ্য, অমংগলীয়া,অলক্ষ্মী,অশৰণীয়াবোৰ, অশলাগী,অসদাচাৰী,অসুৰৰ জাত, অল্পমতি, অধৰমী,অশলাগৰ জাত, অঘৰীৰ জাত, অকৰ্মণ্য, অঁকায়াই পেলাম, অহঙ্কাৰীৰ সঁচ, অগ্নি বৰষিম, অজীৰ্ণৰ জাত, অজমূৰ্খ, অজাতীয়া, অলক্ষী,অজাত শত্ৰুটো,অজ্ঞানী ,অতি বাঢ়িছ, অপঘাত হৈ মৰিবি, অতিসাৰ হৈ মৰিবি, অনাৰি সঁচ,অপকাৰীটো,অসদাচাৰী,অহৌ বলিয়াৰ জাত, ইত্যাদি৷
আঃ-আওমৰণে মৰ,আবিয়ৈ হৈ থাকিবি,আলষণী,আহুদি খোৱাই মাৰিম বাপেকে, আলাই জাবৰী,আওকঠীয়া আওকঠীয়াৰ জাত, আপচু, আওমৰণে মৰিবি, আঁকিয়ীইপেলাম, আগমঙহ খাম, আছাৰ মাৰি মাৰিম, আথান ভাঙি পেলাম, আধাৰ কঁটীয়া, আপোন পেটালি,আফাল মাৰি দিম, আবৰ জাত, আৰি কুঁজা টো, আলাই-আথানি হবি ইত্যাদি৷
ইঃ- ইতৰ, ইটা মাৰি মাৰিম, ইফলীয়া কৰিম, ইতৰ জাত৷
উঃ--- উচটনি মাৰি নেদেখুৱাবি,উজলাটো/জনী,উতলা পানী ঢালিম, উদণ্ড, উদঙ্গীয়া৷
এঃ- একে চৰে দাঁত সৰাই দিম, একে ঘুচাই বিয়া দেখিবি, এক গোৰ দিম, এক চৰ দিম, একে মাৰে মাৰিম, একেপাত চৰতে মাৰ বাপেৰ বিয়া দেখিবি,একণীয়া,এৰা পলৰীয়া জাত, এলাগী, একে চৰে মৰিবি, একে টিপাই মাৰিম, একে ঘাপে যাবি ইত্যাদি৷
ঐঃ- ঐ হাইজাত যোৱা, ঐ কলেৰা যোৱা, ঐ বাঘে খোৱা জাত, ঐ বাঘৰ আগতেলখোৱা জাত, ঐ শনি, ঐ কলি ,ঐ ৰসাতলে যোৱা, ঐ কেঁচাইখাইটি,ঐ শগুনে খোৱা, ঐ তেজখোৱা, ঐ নিলাজ,ঐ নিধক, ঐ নিন্দুক, ঐ মেখেলাভাৰী,ঐ বগৰা,ঐ কেঁচাইখাতী, ঐ বনৰী, ঐ তেজখোৱা, ঐ চপনীয়া জাত, ঐ নাগৰী, ঐ কুকুৰৰ পোৱালীৰ, ঐ পঘাখোৱা, ঐ পোকে খোৱা, ঐ শগুনেখোৱা, ঐ নিলাজীৰ, ঐ পপীয়া,ঐ ৰসাতলেযোৱা, আ নৰকী, ঐ মৰতী, ঐ বেমাৰে যাইতী, ঐ ফেদা খোৱা, ঐ খেতৰৰ জাত, , ঐ বেমাৰী, ঐ বৰ বেমাৰে পোৱা ,ঐ কুকুৰৰ পোৱালী ইত্যাদি৷
কঃ- কাম নকৰা গৰুটো,কুকুৰ, কলিজা খোৱা, কুকুৰৰ জাত, কলেৰা হৈ মৰিবি, কটা নিধক, কেঁচাইখাতী,কেঁচাই কেঁচাই চোবাম , কুকুৰৰ পুতেক, কান তলীয়া চৰ দিম, কাপোৰ থুকুচা দি থুকুচিম ,ক'লীটো, কাম নকৰা গজপটো, কুকুৰৰ জাত,ক'লা বেমাৰত যোৱাটো, কলেৰাত মৰিবি ইত্যাদি৷
খঃ- খাই পাত ফলা, খাই লৈ পাহৰা, খৰা শিয়ালৰ জাত ,খেতৰৰ জাত, খঁকুৱা, খেকাৰ খোৱা, খঁটাসুৰ, খণ্ডমুণ্ড, খৰিকাত দিম, খাই পাত ফলা জাত, খুন্দা দিম, খোঁচ মাৰি দিম,খেতৰ,ইত্যাদি৷
গঃ- গোলামৰ জাত, গেজেংমৰা, গোলামৰ পুতেক, গেন্ধেলা, গেন্ধেলী, গজমূৰী, গোলামৰ সঁচ, গাধটো, গাহৰি, গৰু, গোমূৰ্খ, গতা মাৰি দিম, গৰল দি মাৰিম, গজমূৰীয়া, গেলি মৰিবি, গাত জুই লাগি মৰিবি, গছকি মাৰিম, গাল ফালি দিম, গুটিয়া সঁচ ,গোৰ দিম, গাল ফালিম,গোবান্ধৰ সঁচ ,গাঁতত পৰি মৰিবি ইত্যাদি৷
ঘঃ- ঘৈনীৰ মেখেলা ধোৱা, ঘোচা দিম, ঘুচিয়াই নাক ভাঙিম, ঘুঁচিয়াই দাঁত সৰাম, ঘণ্টা কৰিবি, ঘৰ ভাঙতি তিৰী, ঘৈয়াই দিম জানিব, ঘৈনীৰ তলতীয়া, ঘৈনী মেখেলা ধোৱা, ঘৈনী মেখেলাভাৰী৷
চঃ- চুৱাচেলেকা, চুৱাখোৱা, চুৱাখোৱা জাত,চৈতান, চপনীয়া, চকু চৰহা টো, চাবুকেৰে মাৰিম,চাণ্ডাল,চয়তানৰ জাত, চোঁচৰাই আনিম, চন্দকা খোৱা, চপনীয়া জাত, চোৰৰ জাত, চুলি ছিঙিম, চৰিয়াই কান ছিঙিম, চুৱা পাতনি চেলেকা, চৰত মাৰ বাপেৰৰ বিয়া দেখিবি, চিপ দি মাৰিম, চুৱৰৰ পুতেক,চদকা খোৱা, চৰম নাইকিয়া, চৰত গাল ফালিম,চেৰেলাটো,চদকাত যোৱা, চূৱা চেলেকাৰ জাত,চুলি ছিঙিম, চৰিয়াই কাণ ছিঙিম ,চোৰৰ জাত ইত্যাদি৷
ছঃ- ছাৰখাৰ কৰিম, ছদকা খোৱা, ছাল-বাকলি এৰুৱাম, ছাল-ছিগাৰ জাত, ছুৰী মাৰি দিম, ছেৰা-বলিয়া৷
জঃ- জাগলত যোৱা, জুই লাগি মৰা, জুই লাগতি, জাপৰী, জহৰা, জহৰী,জহনীত যোৱা, জখিনী,জহনীজাতি,জীয়া জুইত পুৰি মাৰিম,জপৰাটো,জুই লাগি মৰিবি,জুই দি মাৰিম, জুইত পৰি মৰিবি৷
টঃ- টোকোনা জাত, টুটকীয়া, টেটেৰা, টোকোনা,টং মৰা, টিটাটিঙ্গা, টোটক, টেটেৰী, টোটোৰা পৰ, টোলঙ্গনি খাই ফুৰা, টিটাটিঙ্গা, টিটিয়া, টিকিৰা, টুকুনা, টুকুৰা -টুকুৰ কৰিম,টেটুৱাই নিয়া, টিকা ফালিম ,টিক্ চালি নকৰ, টকলা, টাকলী,টাটকীয়া,টনি জৰী বন্ধাদি বান্ধিম ইত্যাদি৷
ঠঃ- ঠগৰী, ঠঁগতী, ঠগৰা, ঠেৰেঙ্গা লগাকৈ মাৰিম, ঠেহেৰা মাৰি থাক ইত্যাদি৷
ডঃ- ডাইনী, ডাঁহী, ডঁহা, ডাকিনী, ডাকু, ডাফলী, ডাল ডঙ্গুৱা, ডিঙি চেপি মাৰিম,ডকাইতৰ জাত, ডেঙ্গুৰ, ডাইনী, ইত্যাদি৷
ঢঃ- ঢকা দিম, ঢাৰিয়ে নুৰিয়াদি মুৰিয়া, ঢঢৈয়া হবি, ঢেঁৰা, ঢেঁকেৰি, ঢেলা-চকুৱা, ঢেলপুঙ্গা দিবি, ঢোলোকা -ঢোলোকে পানী খোৱাম,ঢেপেচা, ঢেপেচী ইত্যাদি ৷
তঃ- তেজ মুই যা,তেজ খাইতী, তোৰ মুখ গেলিব, তোক নচঁচা কবলত দিম, তোক বাঢ়নীয়ে কোবাম, তেজ পিয়া জাত, তোৰ মুখত ছাই পৰক, তেজ খোৱাৰ জাত, তই মোৰ কেঞা আঙুলি লৰাব নোৱাৰ,তই মোৰ কেঞা আঙুলিৰ যোগ্য নহয়, তোৰ মুখত পোক লাগক, তেজ পিম ,তুলা ধুনাদি ধুনিম,তোৰ সবংশে নাশ হওক, তিৰোতাৰ মেখেলা শুঙা, তপামূৰী, তপামূৰা, তিৰীমতী, তিৰোতা সেৰুৱা, তোৰ পিণ্ড দিবলৈ কোনো নাথাকক, তোৰ ভেটিত তিতা লাও গজক, ইত্যাদি৷
থঃ- থিয় গোৰ খাবি,থেলামূৰি মাৰি দিম, থাকা চৰ দিম, থিয় কিল খাবি, থেকেচা মাৰিম, থুঁতৰি ভাঙিম, থুই কটা, থিয় কিল খাবি, থিয় গোৰ মাৰিম, থিয়ৈ থিয়ৈ নাঙঠ কৰিম, থপিয়াই দিম, থেঁতেলা খোৱা জাত, থোৰা চিগা জাত, থুপৰী, থুপৰা থাপৰ দিম ইত্যাদি৷
দঃ- দাংকাটি, দঁতুৱা, দগধা, দগৰি পিটিম, দলি মাৰি দিম, দস্যুৰ জাত ,দাঁতিনী, দস্যুতা, দস্যুটো, দাদৰি খোৱাটো, দুৰাত্মা, দুষ্কৰ্মী, দেশান্তৰ কৰিম, দোতাচলীয়া, দন্দুৰী, দন্দুৰা,দাঁত ভাঙিম, দানৱ, দম নিদিবি, দাৰে মাছ বছা দি বাছিম ইত্যাদি৷
বি. দ্ৰ. - অসমীয়া এই গালি শপনিবোৰ আমাৰ লোক জীৱনৰে এক অংশ ৷গালি শপনিবোৰে অসমীয়া লোক মনৰ পৰিচয় বহন কৰে৷ কিছুমান এৰাই চলি যিখিনি পাৰো দিবলৈ যত্ন কৰিছোঁ৷ তাৰ মাজতো যদি কিবা দোষ থাকি গৈছে ক্ষমা কৰে যেন ৷
ধঃ - ধনলোভী তিৰী, ধমনাটো, ধৰুৱা, ধৰফৰাই মৰিবি, ধৰ্মভ্ৰষ্টটো, ধানখেৰ জপা দি জাপিম, ধামনী, ধাদুমী, ধিতিঙ্গা, ধুবুনী জাত, ধুম কলা, ধূৰ্ত, ধৃতৰাষ্ট্ৰ নহ'বি, ধমনাটো, ধোঁৱা -খোৱা জাত, ধোদ, ধ্বজ ভঙ্গ দিয়াটো, ধোদোঙ্গা, ধোদৰ জাত ,ধোদৰ পচলা, পপীয়াটো/জনী ইত্যাদি৷
নঃ- নাৰদ, নাম নুমাব তোৰ,নাকত ধৰি চাকত ঘূৰাই, নটেসৰী, নাম কটা যোৱা, নিধক, নাক কাটি, নটিনী, নাগিনী, নাৰদীয়া, নাটেশ্বৰী, নাম নুমুৱা জাত, নমৰ কিয়, নাক কটা যোৱা, নষ্ট যোৱা, নৰক গামী হোৱা, নৰকনিত বাস কৰ, নাকী লগাম, নাকনী -কাণনী কৰিম, নৰকী, নাৰকী, নাস্তিকটো, নিছলা, নিঠৰুৱাটো, নিন্দুকটো, নিমূৰমূৰা, নিৰক্ষৰ, নিৰ্ব্বংশ হ ,নিঃসন্তান হৈ থাকিবি,নেছানেছ কৰিম,নপুংসক ,নিলাজ, নিলাজীৰ জাত, নেলু চেপিম, নেলু গচক মাৰি ধৰিম ইত্যাদি৷
পঃ- পগলা, পাতকী, পাপিষ্ঠ, পিটিকি পেলাম, পিশাচৰ জাত, পদূলি শুঙা, পৈয়েৰে মৰা,পাষণ্ড, পটেশ্বৰী, পখালি পেলাম, পটাগুটীত পিহিম, পাওকঠীয়া, পুলি পোখাই উঘালি , পপীয়া ,পাপী, পৰকতি লৰা, পোহাৰী, পোহাৰী চুপতি, পেনেৰা, পেটুৱা, পোকৰ শুঙা, প্ৰতাৰক ইত্যাদি৷
বঃ- বান্দৰ, বজৰুৱা, বাঘ ঢকা দিম, বখলা বখল কৰিম, বিধৰী, বনবাসত দিম, বীজ মৰ, বান্দৰ-কেকোঁৱা লগাম, বৈৰাগী হ,বন বাসত দিম, বলীয়া, বনৰীয়া, বলি কটা দিম, বগৰা জাত, বান্দৰী, বান্দী, বাৰেপৈয়াঁতী, ব্যভিচাৰী, বাঘ তেল খোৱা, বাঘৰ নেজ কটা, বাঘে খোৱা জাত, বইজাত, বাঘৰ মুখত যোৱা, বনৰী, বনৰীয়া, বুঢ়া শগুণ, বৰবিহ খোৱা, বুঢ়ী বাঢ়নীৰে কোবাম, বেশ্যা, বুকুত জুই লগা, বাৰেবনৰী, বাপেৰৰ পোকৰত আৰৈ চাউল ভাজি খোৱা, বুৰ্বক জাত, বঁহীয়াৰ জাত, বিটলীয়া, বেঙ্গা, বুঢ়া ঘৰৰ পোকৰ শুঙা, বাপেৰৰ মূৰটো, বাপেৰৰ মূৰ চোবোৱা, বাঁজী, বাৰাভাতেৰী, বৰ গেলা, বৰ বেমাৰী, বাঢ়নীৰ কোব খোৱা, বাপেৰ মাৰৰ মূৰ খোৱা, বৰ বেমাৰ হৈ মৰিবি, বাপেৰৰ মূৰত টেকেলি ভাঙি খোৱা, বেমাৰী ইত্যাদি ৷
ভঃ- ভেটিত তিতা লাও গজক, ভেটিত গেজেপনি হওক, ভেটিত লাও-কোমোৰা গজক, ভিকহু জাত, ভূতুনি, ভৰ বয়সত মাদলী ফুটিব, ভৰ বয়সত পৈয়েৰ মৰিব, ভৰ বয়সত ঘৈনী মৰিব, ভোদা,ভিকহুৰ পো, ভিকহুৰ জীয়েক, ভেটি উছন যাওক, ভ্ৰষ্ট, ভেটিত বন গজক, ভঙ্গুৱা,ভগনিয়াৰ জাত, ভঁজুৱা, ভগীয়া তিৰী, ভতুৱা, ভ্ৰষ্টাচাৰী, ভদ্ৰ-কালী তিৰী, ভৰিয়ে মূৰে কঢ়া,ভাওধৰা জাত, ভাঁৱৰী পকীয়াটো/জনী,ভাণ্ড,ভাত ভাৰী, ভাপত সিজাম, ভাবুৰী, ভিতৰ গুটি, ভীৰু, ভুকুৱাই মাৰিম, ভুটকুৰা, ভেঁকোলা, ভুৰুকিয়া, ভূতীয়াটো, ভৃত্য, ভিক্ষাৰীৰ জাত, ভেঙ্গুৰাটো, ভোটোঙ্গা, ভোটোহা, ভেমতী, ভেঁমেচি, ভাত মৰিব, ভিকাচন ভাগিব, ভেঁটি মৰ ইত্যাদি৷
মঃ- মইমতটো/জনী,মাউৰত মৰা, মৰি হজম হবি, মৰিবলৈ ধৰা, মৰি নাথাক কিয়,মৰিবলৈ নেদেখা, মাৰ-বাপেৰৰ মূৰ খোৱা, মাৰ বাপেৰৰ বিয়া দেখুৱাম, মেখেলাৰে বান্ধিম, মেখেলাৰ তলতীয়া, মদাহী জাত, মৰিয়াৰ পঁইতা খোৱা পো, ম্লেচৰ জাত, মৰাটো, মতাছাৰী, মেখেলাৰে কোবাম, মেখেলা পিন্ধা জাত, মাৰৰ মূৰটো, মূতিবলৈও নাযাওঁ, মা বাপেৰৰ মূৰত কঁঠাল ভাঙি খোৱা, মূৰ চোবোৱা, মতৰী, মাৰত মৰিবি, মত গৰ্বী, মদপী, মৰতী, মৰামূৱা, মহতিয়াই পেলাম, মহা পাপী, মহিষাসুৰৰ জাত, মহুৰা সুতা মেৰোৱাদি মেৰাম, মাইকী তলতীয়া, মাউৰীয়া, মূতি থৈ আহিমগৈ, মাগনীৰ জাত,মাতৃবৈৰীটো/জনী,মাৰি পেলাম, মাৰ ঘাত মাৰিম, মিছলীয়াৰ জাত, মিজিৰা, মুণ্ড চিঙিম, মেটুৰা, মূৰ ফালিম, মূৰ্খ, মেতৰৰ জাত, মেমেৰা, মাউৰা, মেলেছৰ জাত,মোচোকা মাৰি ধৰিম, মোহাৰি পেলাম, মোৰত মৰিবি,মগজ নাইকীয়া জাত, মেখেলা শুঙা, মেকুৰী চকুৱাটো,মুখত জুই দিলেও নুপোৰা জাত, মুখত পোক লাগক , ইত্যাদি৷
যঃ- যঁতেৰি ফেঁটী তিৰী, যখ, যখিনী, যমে নিনিয়াটো, যম ডাকিনী, যমে নেদেখাটো/জনী,যুতকীয়াটো,যদুবংশ ধ্বংস হ'ব, যমৰ ঘৰ দেখুৱাম, যোঁত জৰী বান্ধি পিটিম, যৌতকীয়াত যোৱাটো,যখৰ জাত, যমৰ যাতনা দিম ইত্যাদি৷
বি. দ্ৰ. -- কাকো হেয় প্ৰতিপন্ন কৰা উদ্দেশ্যে নহয়, সময়ৰ লগে লগে হেৰাই যাবলৈ ধৰা অসমীয়া লোক মনৰ পৰিচয় দিয়া গালি শপনিবোৰ যিমান পাৰি সংগ্ৰহ কৰি লিখিত ৰূপ দিবলৈহে চেষ্টা কৰিছোঁ ৷ ক্ৰমশঃ .
বহুত জানিলো গালিৰ কথা 😊😊
ReplyDeleteমোৰ প্ৰিয় বিষয় এইটো। নজনাখিনি মুখস্ত কৰি ল'ম।
ReplyDelete