কবিতাঃ শূন্যতাঃ দিপাঞ্জলী দাস

শূন্যতা

দিপাঞ্জলী দাস


ওন্দোলাই অনা আকাশ
এথোপা ডাৱৰতো থাকে
এসাগৰ আশা...
আজি আছো বাবেই
মৰম ভালপোৱা বোৰ
সাঁচিছো বুকু জুৰি,
কি ঠিক ,কালিলৈ বা
কি হয় !
ইমানো দূৰত্ব নাৰাখিবা
যে
তুমি সাৱটি ল’বা আৰু
মই অনুভৱহীন শিললৈ
ৰূপান্তৰিত হম ৷
যি দুচকুৰে তোমাক চোৱাৰ
অজস্ৰ হেঁপাহ পুহি ৰাখিছোঁ
সেই চকুৰ পতাই মেল নাখাব
আৰু কোবাই যাব এছাটি
চেঁচা বতাহ ৷
য’ত থাকিব মাথোঁ শূন্যতা...



Comments

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ