কবিতাঃ ছাঁইঃ চাহিন জাফ্ৰি

*ছাঁই* (কবিতাৰ দৰে)
                     @ *চাহিন জাফ্ৰি।*

মোৰ ডায়েৰীখনত লিখা থকা
শাৰী শাৰী আখৰবোৰৰ পৰা
হঠাতে এদিন এটি শব্দ
নোহোৱা হৈ পৰিল....!

এদিন, দুদিন, এসপ্তাহ...
মই বিচাৰি হাঁহাকাৰ কৰিলোঁ,
ব্যাকুল হ’লো ,
কিন্তু, নাপালোঁ...!

তাত লিখা আছিল..
এদিন মই 'ছায়া' হ’বলৈ খোজাৰ কথা..
আকাশৰ দৰে তুমি মোক
আৱৰি ৰখাৰ কথা...।

নোৱাৰিলোঁ হ’বলৈ, নহ’ল...!

বুজিলোঁ, মোৰ ভুল হ'ল..! তৰোৱালৰ ধাৰত খোজ দিব খুজিছিলোঁ..,
চগা হৈ জুইত জাঁপ দিব খুজিছিলোঁ....!!

ভৰি দিলোঁ, কষ্টও সহিলোঁ...
সোণালী পাখি হৈ জ্বলিও উঠিলোঁ...!!

প্ৰথমে, মন জ্বলিল,
  দেহ জ্বলিল,
     আত্মা জ্বলিল...
আৰু এইদৰে,
  সমগ্ৰ সত্তা জ্বলিল..!

এতিয়া ,চাৰিওফালে
মাথোঁ ছাইৰূপী অৱশিষ্ট..
আৰু, ছাইৰঙী দুঃখ....

"ছায়া" হ'ব খুজি
মাথোঁ "ছাই" হৈ ৰ'লো...!!

মোক প্ৰদক্ষিণ কৰি থকা
মোৰ ডায়েৰী খনো এতিয়া
মাথোঁ  "ছাই" হৈ পৰিল....!!


Comments

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ