কবিতাঃ অপেক্ষাঃ কুশল বৰুৱা

অপেক্ষা

আজি বহু দিনেই হ'ল
ভালদৰে শুব পৰা নাই
প্ৰতিটো ৰাতি পাৰ কৰিছো উজাগৰে
মুখত আৰু কিমান দিন এই মিছা হাঁহি
আৰু কিমান নিজে সুখী হোৱাৰ অভিনয়

আহ... কি যে কষ্টকৰ
দিন ৰাতি একাকাৰ কৰিছো
সময়ে যে ৰ’ৱকে নিবিচাৰে
কি সময় ,
কি পল -অনুপল...

সকলো একেই
কোনেও নাচায় ঘূৰি
দৌৰি ফুৰিছো মাথোঁ
সকলো দেখোন মৰীচিকা
ভোগ বিলাসৰ মৰীচিকা...

এন্ধাৰৰ মাজত ৰৈ গৈছোঁ
চাৰিওফালে মাথোঁ এন্ধাৰ
মই যে ক্ৰমান্বয়ে হেৰাই গৈছোঁ এন্ধাৰৰ মাজত
মাথোঁ অপেক্ষা এমুঠি পোহৰৰ
যি পোহৰে দিব মোক
জীয়াই থকাৰ প্ৰেৰণা ৷

মাথোঁ অপেক্ষা
এটা সুখৰ দিনৰ....

✍কুশল বৰুৱা
  ০৪.১১.২০১৮

Comments

  1. বহুত ভাল লাগিল কুশল ৷ আৰু আশা কৰিলোঁ এনে কবিতা !

    ReplyDelete
  2. হতাশাৰ ছাঁ য়ে গতিৰুদ্ধ কৰে।
    সুন্দৰ কুশল।

    ReplyDelete
  3. ভাল লাগিল ভাই

    ReplyDelete

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ