প্ৰবন্ধ : ভাৰতীয় অৰ্থনীতিত মহিলাৰ অৱদান : শিল্পাশ্ৰী দাস



ভাৰতীয় অৰ্থনীতিত মহিলাৰ অৱদানঃ
------------------------------------------------------
শিল্পাশ্ৰী দাস


ভাৰতবৰ্ষ এখন উন্নয়নশীল দেশ৷ অৰ্থনৈতিক ফালৰ পৰা ভাৰত বহু শক্তিশালী নহয়৷ এখোজ দুখোজকৈহে দেশখন উন্নয়ন তথা আৰ্থিক দিশত শক্তিশালী হৈ গৈ আছে৷ ভাৰত পুৰুষ প্ৰধান ৰাষ্ট্ৰ৷ পূৰ্বতে পুৰুষেই উপাৰ্জন কৰি ঘৰ চলোৱাৰ দায়িত্ব লৈছিল যদিও বৰ্তমান যুগত মহিলাসকলেও যথেষ্ট শিক্ষিত হৈ নিজেই চাকৰি কৰি বা ব্যক্তিগতভাৱে উপাৰ্জনৰ পথ উলিয়াই লৈছে৷

বিশ্বৰ আন দেশৰ তুলনাত ভাৰতত গৃহিনীৰ সংখ্যা বহু বেছি৷ ঘৰ এখনৰ সমস্ত দায়িত্ব তেওঁলোকে পালন কৰে৷ ৰন্ধা - বঢ়া, ঘৰ চাফা কৰা, কাপোৰ ধোৱাৰ পৰা আৰম্ভ কৰি সন্তানক পঢ়ুওৱা, স্কুললৈ অনা-নিয়া কৰা ইত্যাদি বহু কাম সম্পন্ন কৰে৷ ভাৰতৰ গৃহিণীসকল দৰমহা নোলোৱা আটাইতকৈ দক্ষ তথা কষ্ট কৰা কৰ্মী৷ সকলোতকৈ বেছি কৰ্মঘণ্টা তেওঁলোকৰেই বেছি৷ এইক্ষেত্ৰৰ পৰা চাবলৈ গ’লে, আটাইতকৈ বেছি উপাৰ্জন তেওঁলোকৰেই হ’লহেঁতেন৷ কিন্তু পৰিয়ালৰ স্বাৰ্থত বিনা বেতনে তেওঁলোকে কষ্ট ত্যাগ কৰে৷

বৰ্তমান সময়ত পূৰ্বৰ তুলনাত মহিলাবোৰ উচ্চ শিক্ষিত হৈ উঠিছে৷ যাৰ বাবে স্বাৱলম্বিতাৰ দিশে বহুখিনি আগবাঢ়ি গৈছে৷ চৰকাৰী খণ্ড বা ব্যক্তিগত খণ্ডতো দোপতদোপে সফলতাৰ জখলাৰে পুৰুষৰ সমানেই আগবাঢ়ি গৈছে৷ এনে বহু মহিলা আছে, যিসকলে বিভিন্ন প্ৰতিষ্ঠানৰ মুখ্য পদত অধিষ্ঠিত হৈ নিজৰ দক্ষ কৰ্মশৈলীৰে দেশৰ অৰ্থনীতিত উল্লেখনীয় অৱদান আগবঢ়াই আহিছে৷

ভাৰতত বহু মহিলাই নিজ চেষ্টাৰ বলত সফলভাৱে ব্যৱসায়ৰ তথা চৰকাৰী প্ৰতিষ্ঠানৰ উচ্চ পদৰ ক্ষেত্ৰখনত খোপনি পুতিবলৈ সক্ষম হৈছে৷ কিৰণ মজুমদাৰ, নীলম ধাৱান, প্ৰিয়া পাল, চন্দ্ৰা কোচ্চাৰ, অৰুন্ধতী ভট্টাচাৰ্য্য আদিকে ধৰি বহু মহিলাই নিজ কৰ্ম দক্ষতাৰ ফলত দেশৰ অৰ্থনীতিলৈ অৱদান আগবঢ়াবলৈ সক্ষম হৈছে৷ ব্যক্তিগত খণ্ডৰেই হওক নাইবা চৰকাৰী খণ্ডৰেই হওক, যিকোনো অৰ্থনৈতিক প্ৰতিষ্ঠান বা বেংকৰ মুখ্য পদত অধিষ্ঠিত মহিলাসকলে বিভিন্ন নীতিৰে দেশৰ অৰ্থনীতিলৈ উল্লেখনীয় অৱদান আগবঢ়োৱাত সফল হৈছে৷ মহিলা উদ্যোগীসকল নিজ ক্ষেত্ৰত সফল হৈছে মানেই দেশৰ অৰ্থনীতিলৈ অৱদান আগবঢ়াব পৰিছে৷

   পুৰুষ প্ৰধান দেশ হিচাপে ভাৰতত বহু ক্ষেত্ৰত মহিলাসকল পিছ পৰি থাকিবলগা হৈছে৷ তথাপিও, বৰ্তমান মহিলাসকলে চাৰিবেৰৰ মাজৰ পৰা ওলাই আত্মনিৰ্ভৰশীল হোৱা দেখিবলৈ পোৱা গৈছে৷ মহিলাৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণে দেশ এখনৰ সামাজিক - অৰ্থনৈতিক পৰিৱেশ সুন্দৰ কৰি তোলে৷ ভাৰতবৰ্ষত উচ্চ শিক্ষিত মহিলাসকলে চৰকাৰী বা ব্যক্তিগত খণ্ডত কৰ্মস্থলী বাছি লোৱাৰ বিপৰীতে শিক্ষাৰ পোহৰ নোপোৱা বহু মহিলাইও পাছ পৰি ৰোৱা নাই স্বাৱলম্বী হোৱাত৷ বিশেষকৈ গাওঁ অঞ্চল বিলাকত গঢ় লৈ উঠা বিভিন্ন আত্মসহায়ক গোট সমূহৰ দ্বাৰা নিজৰ আৰ্থিক অৱস্থা সুচল কৰি তুলিবলৈ সক্ষম হৈছে বহু মহিলাই৷ এনে আত্মসহায়ক গোটসমূহে নিম্ন পৰিমাণৰ মূলধনেৰে আৰম্ভ কৰি পিছলৈ নিজ দক্ষতাৰ বলত উল্লেখনীয়ভাৱে সফল হোৱা দেখিবলৈ পোৱা যায়৷  কিছু শিক্ষিত তথা আগ্ৰহী মহিলাই এনে গোটসমূহক নিজা তত্ত্বাৱধানতো আগবাঢ়ি যোৱাত সহায় কৰে৷ ইলা ভাট হৈছে এনে এগৰাকী মহিলা যিয়ে “SEWA“ নামৰ সংস্থাৰ দ্বাৰা মহিলাসকল স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত তথা নিবনুৱা সমস্যাৰো উপশম ঘটোৱাৰ এক বিপ্লৱৰ সূচনা কৰি তুলিছে৷ দ্ৰুতগতিত নহ’লেও মহিলাসকল অকল ঘৰৰ কামত আৱদ্ধ হৈ থকা নীতি বাদ দি আগবাঢ়ি আহিছে, যিয়ে দেশৰ অৰ্থনীতিত সু - প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে৷

    দেশৰ অৰ্থনীতিলৈ মহিলাসকলে যুগান্তকাৰী অৱদান আগবঢ়াবলৈ তেতিয়াহে সম্পূৰ্ণ সুযোগ পাব, যেতিয়া সমাজ তথা পৰিৱেশ মহিলাৰ অনুকূল হৈ পৰিব৷ ভিন্ন ক্ষেত্ৰত আগবাঢ়িব খুজিলেও নিৰাপত্তাৰ তথা নিজ সুৰক্ষাৰ খাতিৰত বৰ্তমানো বহু মহিলাই স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব পৰা নাই৷ মহিলাৰ বিৰুদ্ধে সংঘটিত ঘটনাবোৰৰ পৰিপ্ৰেক্ষিতত বহুসংখ্যকে নিজ কৰ্মৰ তাগিদাত বিভিন্ন ঠাইলৈ যাবলগীয়া হোৱা বাবেও পিছহুহুকে৷ বহু সামাজিক বাধাৰ বাবেও ইচ্ছা থকা সত্ত্বেও বহু মহিলাই নিজাববীয়াকৈ বা ৰাজহুৱা খণ্ডত কাম কৰিবলৈ আজিও অপাৰগ৷ এনে অৱস্থাৰ পৰা মহিলাক মুক্তি দিবলৈ প্ৰশাসন, চৰকাৰৰ লগতে সমাজো দায়ৱদ্ধ হ’ব লাগিব৷ তেতিয়া অধিক পৰিমাণে ভিন্ন খণ্ডত নিয়োজিত মহিলাৰ পৰিমাণ বৃদ্ধি হ’ব আৰু দেশৰ আৰ্থিক খণ্ডলৈ বিপুল পৰিমাণৰ বৰঙনি আগবঢ়াবলৈ সক্ষম হ’ব৷

--------------------

Comments

  1. সময়োপযোগী লিখনি, ভাল লাগিল

    ReplyDelete
  2. গাওঁ ৰ মহিলা অৰ্থনৈতিক ভাৱে শিক্ষিত হোৱাটো খুবেই প্ৰয়োজন বাস্তৱ অভিজ্ঞতাৰ পৰা অনুভৱ কৰিছোঁ

    ReplyDelete
  3. এনে লিখনী আৰু আশা কৰিলো শিল্পা।

    ReplyDelete
  4. ভাল লাগিল ৷ লিখি থাকিবা

    ReplyDelete

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ