গল্পঃ এমুঠি জোনাকঃ ৰাজদ্বীপ বৰা

এমুঠি জোনাক

ৰাজদ্বীপ বৰা

নমিতাই স্থানীয় কলেজখনত BA পঢ়ি আছে৷ সদায় যোৱাৰ দৰে আজিও তাই খোজ-কাঢ়িয়ে কলেজলৈ ওলাল৷ মনত ভয় ভয় ভাৱ এটাই খুন্দিয়াই আছে৷ দুদিন মানৰ পৰা তাই লক্ষ্য কৰিছে তাহাঁতৰ ঘৰৰ পৰা গৈ প্ৰথম কেকুৰীটো ঘূৰি পোৱা প্ৰথম দোকান খনত ৰৈ ল’ৰা এজনে তাইলৈ চাই থাকে, কিবা যেন ক’ব বিচাৰে৷ যদিও আজিলৈকে ল’ৰাজনে একো কোৱা নাই তথাপি সেইখিনি পালে তাইৰ খোজ থৰক-বৰক হয়৷ আজিও তাই কেকুৰীটো ঘূৰিয়ে ল’ৰাজনক দেখা পালে৷ নমিতাৰ খোজ খৰ হ’ল৷ “অলপ শুনকচোন ৷“ ই কি? ল’ৰাজনে তাইকে মাতিছে৷ তাই তেওঁলৈ চালে...“আপোনাৰ লগত মোৰ কথা এটা আছে মানে মই আপোনাক মানে তোমাক ভাল পাওঁ ... ল’ৰাজনে একে উশাহতে কথা কেইটা ক’লে৷ নমিতাই খঙত আৰু লাজত কঁপিবলৈ ধৰিলে আৰু অলপ ডাঙৰকৈয়ে চিঞৰি ক’লে “অসভ্য ৷“ ল’ৰাজন ক্ষন্তেক সময় লাজত শিৰনত কৰি ৰৈ থাকি এটাও শব্দ নোকোৱাকৈ অহা পথেৰে ঘূৰি গ’ল৷ নমিতাই বাকী পথছোৱা ঘটি যোৱা ঘটনাটো ভাৱিব ধৰিলে ...“অলপ বেছি হ’ল নেকি বাৰু? “ বেয়া লাগিল তাইৰ৷ তাই এই বিষয়ে কাকো একো নক’লে৷ সেইদিন ধৰি নমিতাই ল’ৰাজনক লগ পোৱা নাই৷ তাইৰ মনটো হাহাকাৰ কৰি উঠিল৷ আকৌ এবাৰ লগ পালে তাই ক্ষমা বিচাৰিব পাৰিলেহেঁতেন!

 দুমাহ মানৰ পিছত নমিতা এদিন তাই লগৰ ছোৱালী এজনীৰ ঘৰলৈ গ’ল৷ দুই বান্ধৱীৰ কথা আৰু হাঁহিত ঘৰ ফাটি যাওঁ ফাটি যাওঁ হ’ল৷ তেনেতে নমিতাৰ চকু সন্মুখৰ বেৰত ওলমি থকা ফটো এখনত স্থিৰ হ’ল! “ৰূপম দাৰ লগত সেইজন কোন? “ বান্ধৱীক উদ্দেশ্য কৰি নমিতাই সুধিলে৷ নমিতাই চোৱা ফটোখনলৈ লক্ষ্য কৰি বান্ধৱীয়ে উত্তৰ দিলে “ৰূপম দাৰ ভাল বন্ধু সেইজন৷ “ “আমাৰ ৰূপম দাই কেতিয়াৰ পৰা এনেকুৱা ফাল্টু লৰাৰ লগত বন্ধুত্ব কৰিবলৈ ল’লে? “ নমিতাই আচৰিত হৈ সুধিলে৷
নমিতাৰ কথাত বান্ধৱীজনী ক্ষুণ্ণ হ’ল কিন্ত সেইটো প্ৰকাশ নকৰি অতি সহজভাৱে সুধিলে, “নমিতা, তুমি ল’ৰাজনক চিনি পোৱানে? “
নমিতা- “নাপাওঁ চিনি, কিন্তু কথাপতাৰ দুৰ্ভাগ্য হৈছিল এদিন৷ ৰাস্তাতে এদিন মোক ভালপোৱাৰ প্ৰস্তাৱ দিছিল৷ বৰ ফাল্টু লৰা চাগে! “
বান্ধৱী- ল’ৰাজনৰ নাম জোনাক শইকীয়া৷ দাদাৰ ভাল বন্ধু৷ তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা MBA কৰি দিল্লীতে এটা বহুজাতিক কোম্পানীত চাকৰি পাইছিল৷ কিন্ত জোনাকদাৰ অসমত কিবা এটা কৰাৰ মন আছিল৷ সেইবাবে তেওঁ মোটা অংকৰ দৰমহাৰ চাকৰি ত্যাগ কৰি অসমলৈ গুচি আহিল৷ বেঙ্কৰ পৰা লোন লৈ তেওঁ অসমত স্বাধীনভাৱে ব্যৱসায় আৰম্ভ কৰে৷ কথোৰ পৰিশ্ৰম আৰু বুদ্ধিৰ বলত অতি কম দিনতে তেওঁ ব্যৱসায়ত উন্নতি কৰিব ধৰিলে৷ বৰ্তমান তেওঁ দুখন চাহ বাগিচাৰ মালিক৷
এইখিনি শুনি নমিতাৰ চকু কপালত উঠিল৷ আচৰিত হৈ তাই সুধিলে, “is it so? amusing! “
বান্ধৱী- জোনাকদাৰ পৰিচয় ইয়াতে শেষ নহয়, এইয়া মাথোঁঁ পাতনি৷ “
নমিতা- “মানে? “
বান্ধৱী- “অ’, এইয়া মাত্ৰ তেওঁৰ উপাৰ্জনৰ কথা৷ আৰু মানুহ হিচাপে? তেওঁ এজন নিৰ্মল চৰিত্ৰৰ ব্যক্তি যিজনে মানুহক ভাল পায়৷ শুনি আচৰিত হবা যে তেওঁৰ এখন অনাথ আশ্ৰম আছে৷ সমাজৰ অনাথ শিশুবোৰক আনি তেওঁ প্ৰতিপালন কৰিছে, মৰম দিছে, পঢ়ুৱাইছে, সিহঁতক মানুহ হিচাপে জীয়াই থকাৰ প্ৰেৰণা তথা সাহস দিছে৷ এক কথাত তেওঁ এজন দেৱতা! “
 এইবোৰ শুনি নমিতাৰ মূৰ ঘূৰাই গ’ল৷ তাই নিজকে ধিক্কাৰ দিলে! এনে এজন ব্যক্তিক তাই সেইদিনা অসভ্য বুলি ক’লে৷ ছিঃ! নিজৰ ওপৰতে তাইৰ খং উঠিল৷ অতি কষ্টেৰে তাই মাতটো উলিয়াই বান্ধৱীক কলে, “মই তেখেতৰ ওচৰলৈ গৈ ক্ষমা বিচাৰিবই লাগিব! মোক এবাৰ তেখেতৰ লগ লগাই দিয়া৷ প্লিজ! “
নমিতাৰ কথা শুনি বান্ধৱীজনীয়ে হাঁহি হাঁহি কলে, “নিদিও দেই, তুমি আকৌ গালি পাৰিবা তেওঁক! “
নমিতা- “আগৰ দোষেই মাৰ্জন হোৱা নাই, আকৌ নতুন দোষ! প্লিজ লগ কৰাই দিয়া না! “
নমিতাৰ নেৰানেপেৰা অনুৰোধত বান্ধৱীয়ে ক’লে, “ঠিক আছে, লগ লগাই দিম৷ কিন্ত মই তোমাৰ লগত নাযাওঁ৷ তোমাক ঠিকনা দিছো, তুমি অকলে যাবা৷ “
এইবুলি তাই নমিতাক ঠিকনাটো দিলে৷
এক ভাগৰুৱা মন লৈ নমিতা ঘৰলৈ ঘূৰি আহিল৷
আজি দুদিনমানৰ পৰা প্ৰস্তুতি লৈ নমিতা ওলাল জোনাকক লগ কৰিবলৈ৷ গোটেই পথছোৱা ভাৱি গ’ল কেনেকৈ আগন্তুক সময়খিনি সন্মুখীন হ’ব৷ কিছু সময়ৰ পিচত তাই নিৰ্দ্দিষ্ট ঠিকনা পালেগৈ৷ পথৰ দাতিৰ ঘৰটোলৈ সোমাই গ’ল৷ তাইৰ বুকু কঁপিবলৈ ধৰিলে৷ “
“কাক বিচাৰিছে? “ বাগিচাত কাম কৰি থকা এজনে সুধিলে৷ তাইৰ মুখেৰে স্বতঃস্ফূৰ্ত ভাৱে ওলাই আহিল, “জোনাক শইকীয়া৷ “
“আহক! “ তাইক বহিবলৈ দিলে৷
    ক্ষন্তেক সময়ৰ পিছত পৰ্দাখন উঠাই জোনাক কোঠাটোলৈ সোমাই আহিল আৰু নমিতাক দেখি আচৰিত হৈ ক’লে, “আৰে তুমি, মানে আপুনি? “ নমিতাই ঠিয়হৈ হাত যোৰকৈ কলে, “নমস্কাৰ৷ “ জোনাকেও প্ৰতি নমস্কাৰ দি নমিতাক বহিবলৈ ক’লে৷ নমিতাই বহি লৈ চাৰিওফালে এবাৰ চাই ক’বলৈ ধৰিলে, “সেইদিনাৰ ঘটনাৰ বাবে মই দুঃখিত! মোক ক্ষমা কৰিব৷ মই তেনেকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব নালাগিছিল৷ মোৰ ভুল হ’ল! “
জোনাক- “আপুনি একো দোষ কৰা নাই৷ ক্ষমা বিচৰাৰ প্ৰশ্নই নাহে৷ আপুনি বৰঞ্চ তেনেকৈ নোকোৱা হ’লহে আচৰিত হ’লোহেঁতেন৷ “
নমিতা অলপ আচৰিত হ’ল তেওঁৰ কথা শুনি৷
নমিতা- “আপুনি কি কৈছে এইয়া? ভুলটো মইয়ে কৰিছিলো৷ আৰু এটা কথা, মোক তুমি বুলিব৷ “
জোনাক- “ঠিক আছে, তুমি বুলিম৷ চোৱা, তুমি এখন ভদ্ৰ ঘৰৰ আৰু এটি শিক্ষিত পৰিয়ালৰ ছোৱালী৷ তোমাক আৰু তোমালোকৰ পৰিয়ালটোক মই ভালদৰে চিনি পাওঁ৷ গতিকে তেনে এটা পৰিয়ালৰ ছোৱালী এজনীক বাটে ঘাটে কোনো অচিনাকি ল’ৰাই প্ৰস্তাৱ দিলে তাৰ প্ৰতিক্ৰিয়া তেনেদৰেই প্ৰকাশ কৰাটো তেনেই স্বাভাৱিক৷ দোষ মোৰ৷ মই তেনেকৈ ক’ব নালাগিছিল৷ “
নমিতা ইতিমধ্যে পৰিবেশটোত যথেষ্ট সহজ হৈ পৰিল৷ তাই আচৰিত হ’ল জোনাকে তাইৰ পৰিয়ালটোৰ কথা জনা বুলি কোৱাত৷
নমিতা- “নহয় আপুনি একো ভুল কৰা নাই৷ এইবোৰ ঘটনা চলিয়ে থাকে সমাজত৷ কিন্ত মই ইমান তীব্ৰ প্ৰতিক্ৰিয়া দেখুওৱাব নালাগিছিল৷ “
জোনাক- “হ’ব দিয়া মই বেয়া পোৱা নাই আৰু ধৰি থকা নাই কথাবোৰ৷ বেলেগ কথা পাতোঁ আহা৷ এইবুলি তেওঁ পৰিবেশটো পাতল কৰিলে৷ তেওঁলোকে বহু সময় কথা পাতিলে৷ এটা সময়ত নমিতা উঠিল উভতিবলৈ৷ জোনাকে তাইক মূল আলিলৈকে আগুৱাই দিলে৷ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে তাই বিদায় ললে৷ এক ফৰকাল মন লৈ তাই ঘৰ পালেহি৷ সেইৰাতি তাই সমস্ত কথা বান্ধৱী জনীক ফোন কৰি জনালে৷
এতিয়া নমিতা আৰু জোনাক প্ৰয়ে লগ হয়৷ ম’বাইলত কথা হয়৷ দুয়ো দুয়োৰ কাষ চাপি গৈছে, এক প্ৰমৰ সৌধ গঢ়ি উঠিছে৷ কিন্ত আজিলৈকে কোনেও কাকো কোৱা নাই ভালপোৱাৰ কথা৷ এইটোকে লৈ নমিতা অলপ ক্ষুণ্ণ৷ “কিয় নকয় তোমাক ভালপাওঁ বুলি! “ এনেকৈ জোনাকৰ প্ৰেমত নমিতাই নিজৰ মনৰ মাজতে উটি-ভাঁহি থাকিল৷
এদিন জোনাকে নমিতাক লৈ গ’ল তেওঁৰ অনাথ আশ্ৰম “স্নেহ“ লৈ৷ কি এক সেউজীয়া নিজান স্বৰ্গীয় পৰিবেশ বিৰাজমান আশ্ৰমত! নমিতা পুলকিত হ’ল৷ জোনাকক দেখি কণমানি এজনী দৌৰি আহি তেওঁৰ কোলাত উঠিলহি৷ কণমানি জনীয়ে থুনুক-থানাক মাতেৰে সুধিলে, “খুড়া, তুমি কেতিয়া আহিলা? আমালৈ কি আনিছা? “
জোনাকে ছোৱালীজনীক কোলাত উঠাই লৈ দুগালত দুটা চুমা খাই ক’লে, “মিঠাই আনিছো তোমালোকলৈ৷ ভিতৰত দিম ব’লা৷ “
ইয়াকে শুনি ছোৱালীজনী কোলাৰ পৰা নামি খুড়াই মিঠাই অনাৰ খবৰটো লগৰ বোৰক দিবলৈ ভিতৰলৈ দৌৰ মাৰিলে৷ দৃশ্যটো দেখি নমিতাৰ হাঁহি উঠিল৷
-“এই ছোৱালীজনীৰ কি দোষ আছিল যে তাই নিথৰুৱা হ’ব লগাত পৰিল! তাইৰ পিতৃ-মাতৃ দুয়োকে উগ্ৰপন্থীয়ে হত্যা কৰিছিল“, ছোৱালীজনীৰ ফালে চাই চাই জোনাকে নমিতাক কথাখিনি ক’লে৷ নমিতাৰ হৃদয় কান্দি উঠিল৷
দুয়ো আশ্ৰম খনৰ ভিতৰলৈ আগুৱাই যাবলৈ ধৰিলে৷ হঠাৎ জোনাকে মাজ বাটত ৰৈ নমিতাৰ দুয়োখন হাত আলফুলে ধৰি কলে, “ইমান দিনে মই অকলশৰে আশ্ৰমখন চলালো৷ আজিৰ পৰা তোমাকো মোৰ সংগী হিচাপে বিচাৰিছো৷ তুমি মোৰ কাষত থাকিবানে? “
নমিতা বাক বিহীন হৈ পৰিল৷ তাই মাথোঁঁ জোনাকক সাৱটি ধৰি বুকুত মুখ গুজি উচুপিব ধৰিলে৷ জোনাকে তাইৰ কপালত এটা চুমা আঁকি দিলে৷
চৌপাশৰ সেউজীয়াখিনি আৰু অধিক সেউজীয়া হৈ পৰিল৷ জোনাক আৰু নমিতাৰ হৃদয়লৈ নামি আহিল জোনাক.....!
   ((সমাপ্ত))


Comments

  1. বাহঃ, কি অপূৰ্ব। বৰ ভাল লাগিল দাদা

    ReplyDelete
  2. আবেগিক হৈ গলো অপূৰ্ব,

    ReplyDelete

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ