নতুন পুৰুষৰ চিন্তাঃ মহাভাৰত পৰ্য্যালোচনা- ২ঃ দ্বীপজ্যোতি শৰ্মা
মহাভাৰত পৰ্য্যালোচনা--২
@দ্বীপজ্যোতি শৰ্মা
....কামনাত অন্ধ নৰপতি,
প্রজা তাৰ মন্দমতি...
প্রথমটো খণ্ডত আমি মহাভাৰতৰ আৰম্ভণিতেই দেখা পোৱা নৃশংসতা সম্পৰ্কত আলোচনা কৰিছিলোঁ।দেৱী গংগাৰ নিজ গৰ্ভস্থ সন্তানৰ প্রতি নৃশংসতা আৰু মহাৰাজ শান্তনুৰ প্রতি তেওঁৰ যৌৱনকালত পিতৃ প্রতীপৰ নৃশংসতাই আমাক চুই গৈছে।এনেকৈ বিভিন্ন ঘটনাপ্রৱাহৰ মাজেৰে আমি ক্ৰমান্বয়ে মহাভাৰতৰ মূল কাহিনীলৈ আগবাঢ়ি গৈ আছোঁ।কালক্রমত দেৱী গংগাৰ সেই অষ্টম সন্তান দেৱব্রত যুৱক হ'ল।সৰ্বগুণসম্পন্ন এই যুৱকে সকলোকে প্ৰভাৱিত কৰিবলৈ সক্ষম হ'ল।ইফালে গংগাৰে বিচ্ছেদ হৈ মহাৰাজ শান্তনু খুব অকলশৰীয়া হৈ পৰিছিল।মৃগয়াসর্বস্ব ৰজাই যেতিয়া এদিন অৰণ্যৰ মাজত সত্যৱতী নামৰ সেই ধীবৰ কন্যাক দেখিলে তেতিয়া তেওঁৰ চিত্ত পুনৰবাৰ চঞ্চল হ'ল।তেওঁ সেই কন্যাৰ পৰিচয় লৈ তেওঁৰ পিতৃৰ ওচৰলৈ গৈ কন্যাভিক্ষা কৰাত দাসৰাজে যি চৰ্ত আৰোপ কৰিলে তাতহে এক ভীষণ সমস্যাৰ সৃষ্টি হ'ল।চৰ্তটো আছিল ৰজা শান্তনুৰ অবৰ্তমানত সত্যৱতীৰ গৰ্ভস্থ সন্তানক হস্তিনাপুৰৰ ৰাজসিংহাসনত বহুৱাবলৈ নিশ্চিত প্রতিশ্রুতি দিলেহে সত্যৱতীক শান্তনুলৈ বিয়া দিব | দেৱব্রতৰ নিচিনা যোগ্য উত্তৰাধিকাৰী থাকোতে এনেকুৱা অদ্ভুত প্রস্তাৱত বিব্রত হৈ শান্তনুৱে দুখমনে সেই স্থান পৰিত্যাগ কৰিলে।তাৰ পিছত সত্যৱতীক পোৱাৰ পথত যি সমস্যাৰ সৃষ্টি হ'ল তাৰ চিন্তাত শান্তনুৰ খোৱা-শোৱা সকলো বন্ধ হ'ল।পিতৃৰ এনেকুৱা অস্বাভাৱিক অৱস্থাই দেৱব্রতকো চিন্তাত পেলালে।তেওঁ পিতৃক দুঃচিন্তাৰ কাৰণ সোধাত যথাযথ উত্তৰ নাপালে।পিছত এই সম্পৰ্কত মহামন্ত্রীৰ মুখৰ পৰা সকলো তথ্য জানিব পাৰি দেৱব্রত হতচকিত হ'ল।তেওঁ অকণো পলম নকৰি একমাত্র পিতৃ সুখৰ কাৰণে সত্যৱতীৰ ওচৰলৈ ৰাওনা হ'ল।সত্যৱতী আৰু দাসৰাজ ধীবৰৰ পৰা তেওঁলোকৰ চৰ্ত সম্পৰ্কে সকলো জনাৰ পিছত দেৱব্রতে যিটো প্রতিজ্ঞা কৰিলে তাৰ দ্বাৰা সমগ্র বিশ্ব কম্পমান হ'ল।দেৱব্রতৰ সেই প্রতিজ্ঞা পৰৱৰ্তী সময়ত এক মহাজাগতিক দূৰ্ঘটনা হিচাবে প্রতিপন্ন হ'ল।তেওঁ প্রতিজ্ঞাৰে বান্ধ খাই এই বুলি প্রতিশ্রুতি দিলে যে যদিহে সত্যৱতীয়ে ৰাজসিংহাসনত দেৱব্রত বহিব বুলি শংকিত হৈছে তেন্তে সেই শংকা অমূলক,কাৰণ ৰাজসিংহাসনত কোনোদিন নবহাৰ চূড়ান্ত পণ তেওঁ লৈ ল'লে।লগতে তেওঁৰ সতি-সন্ততিয়েও যাতে ৰাজসিংহাসনৰ দাবীদাৰ হ’ব নোৱাৰে তাৰো ব্যৱস্থাস্বৰূপে তেওঁ আজীৱন অবিবাহিত হৈ থকাৰো প্রতিজ্ঞা কৰিলে।তেওঁৰ এই ভয়ংকৰ প্রতিজ্ঞাই মহাভাৰতৰ সমস্ত ঘটনা প্রৱাহক নিয়ন্ত্রিত কৰিলে।দেৱব্রতৰ পৰা ভীষ্ম হোৱা তেওঁৰ এই পৰিক্রমা সঁচাকৈয়ে খুব স্পৰ্শকাতৰ।দেৱব্রতৰ প্রতিজ্ঞাত আশ্বস্ত হৈ সত্যৱতীয়ে বিবাহৰ বাবে সন্মত হ'ল আৰু জাক-জমকতাৰে শান্তনুৰ সৈতে বিবাহো হ'ল।তাৰ পৰৱৰ্তী সময়ত কুৰুবংশ ৰক্ষাৰ বাবে সত্যৱতীৰ নেতৃত্বত যিমান ঘৃণনীয় ঘটনা সংঘটিত হ'ল সেয়া সময়ত আলোচনা কৰিম।এই যে দেৱব্রতৰ প্রতিজ্ঞা,দেৱব্রতৰ পৰা ভীষ্ম হোৱা যাত্রা,শান্তনুৰ নাৰীৰ প্রতি আসক্তি,নিজৰ ওপৰত নিয়ন্ত্রনহীনতা এইবোৰেই মহাভাৰতৰ কাহিনীভাগক নিয়ন্ত্রিত কৰি পৰৱৰ্তী সময়ত গতি দিলে।মহাভাৰত প্রণেতাই কৌশলেৰে বাৰে বাৰে সকলোবোৰ পূৰ্বনিৰ্ধাৰিত বুলি উল্লেখ কৰিলেও সভ্য সমাজৰ মানুহৰ বাবে কিছুমান কথা মানি লোৱা টান।নিজৰ উপযুক্ত পুত্র থকাৰ পিছতো বৃদ্ধাৱস্থাত নাৰীৰ প্রতি আসক্ত হৈ বিবাহৰ বাবে মন মেলা মহাৰাজ শান্তনুৰ ব্যক্তিত্বৰ প্রতিও সন্দেহ ওপজে।তেওঁৰ এই মানসিকতাৰ পৰিৱৰ্তে দেৱব্রতৰ নিচিনা সৰ্বগুনসম্পন্ন যুৱকক ৰাজকীয় কৰ্মত আগবঢ়াই নি দেশ তথা জনতাৰ কল্যাণৰ চিন্তাত মন দিয়াহে জৰুৰী আছিল।কিন্তু নিজৰ কামনা-বাসনাক নিয়ন্ত্রণ কৰিব নোৱাৰি তেওঁ যি সিদ্ধান্ত ল'লে তাৰ দ্বাৰা আমি এজন সম্ভাৱনাপূৰ্ণ ৰাজকীয় নায়কক হেৰুৱালোঁ।এজন পিতৃ হিচাপে বা এজন ৰজা হিচাপে তেওঁ কোনোফালেই সফল হ’ব নোৱাৰিলে।তেওঁ দেৱব্রতক সেই প্রতিজ্ঞাৰ বান্ধোনৰ পৰা মুক্ত কৰি মহানতাৰ পৰিচয় দিব পাৰিলেহেঁতেন,কিন্তু তেওঁ সেয়া নকৰিলে।
ঠিক তেনেদৰে দেৱব্রতেও পিতৃক কেৱল মাত্র এগৰাকী নাৰীৰ সান্নিধ্যৰেই সুখী কৰি ৰাখিবৰ বাবেই এনেকুৱা ধ্বংসমুখী সিদ্ধান্ত লোৱাৰ একো যুক্তি বিচাৰি নাপালো।তেওঁৰ সেই সিদ্ধান্তৰ প্রভাৱতেই পৰৱৰ্তী সময়ত কিমান অধৰ্ম-অনিয়মৰ বীজ ফুটি ওলাইছিল সেয়া ভাবিলে তেওঁৰ কৰ্মৰ প্রতি ক্ষোভ ওপজে।নিজৰ পিতৃভক্তি অটুত ৰখাৰ স্বাৰ্থতেই দেশ তথা জাতিৰ স্বাৰ্থক পিছ দিয়াটো কোনোপধ্যেই গ্রহণযোগ্য হ’ব নোৱাৰে।তেওঁ নিজৰ প্রতিজ্ঞাৰ আলম লৈ দেশ তথা জাতিৰ প্রতি থকা তেওঁৰ কৰ্তব্য আৰু দ্বায়িত্বৰ পৰা পলায়ন কৰিব বিচৰিছিল নেকি বাৰু?তেওঁ ইচ্ছা কৰা হ'লে তেওঁৰ কৰ্মৰ পাৰদৰ্শিতাৰে ঘটনাপ্রৱাহক সম্পূৰ্ণ বিপৰীত গতি প্রদান কৰি এক সুস্থ আৰু নিকা বাতাবৰণ সৃষ্টিত মূখ্য ভূমিকা ল’ব পাৰিলেহেঁতেন।আমাৰ উপৰিপুৰুষ সকলৰ এই কৰ্মবোৰেই পৰৱৰ্তী সময়ত আমাৰ জীৱনপ্রণালী নিৰূপণ কৰিছিল।ৰজাঘৰীয়াৰ কিছুমান অবিবেচকীয় কৰ্মকাণ্ডই অতীজৰে পৰাই সৰ্বসাধাৰণক প্রভাৱিত কৰি আহিছে যি ধাৰা আজিও প্রৱহমান।সেইবাবেই একেষাৰেই ক’লো,
"কামনাত অন্ধ নৰপতি
প্রজা তাৰ মণ্ডমতি"।
------------------------------------------------
বহু কঠা জানিলো
ReplyDeleteভাল লাগিল
আন্তৰিকতাৰে ধন্যবাদ জনালোঁ |
Deleteখুব ভাল লাগিল
ReplyDeleteআন্তৰিকতাৰে ধন্যবাদ জনালোঁ |
Deleteআন্তৰিকতাৰে ধন্যবাদ জনালোঁ |
Deleteসুন্দৰ
ReplyDeleteবহুত ভাল লাগিল
ReplyDeletebhal lagil.
ReplyDeleteভাল লাগিল। কিন্তু মহাভাৰতক যদি কনো ধৰ্ম গ্ৰন্থ বা উপদেশ মূলক গ্ৰন্থ বুলি নধৰি, এখন সামাজিক উপন্যাস হিচাপেট চোৱা যায়, তেনে এটা নতুন দৃষ্টিভংগী আহিব। সকলো মানুহে অলপ ভাল আৰু অলপ বেয়াৰ সংমিশ্ৰণ, কোনো পাৰফেক্ট নহয়। তাৰ সৰ্বশ্ৰেষ্ঠ উদাহৰণেই হ'ল মহভাৰত। কিয় আমি আশা কৰো যে, এপিক হ'ল বুলিয়েই মহাভাৰতৰ সকলো চৰিত্ৰই সদায় ভাল কাম কৰিব, শুদ্ধ পথত থাকিব?
ReplyDeleteআমাৰ প্ৰতিজনৰে প্ৰতিফলন হয়তো আছে মহাভাৰতত। সেয়ে মহাভাৰত অনন্য।