চুটিগল্পঃ সেই পোহৰৰ গানঃ নিৰ্মালি সন্দিকৈ

সেই পোহৰৰ গান

 বুমনৰ জন্মদিনত প্ৰতি বছৰে মায়ে নিজে পায়স ৰান্ধি চুবুৰীয়া সৰু ল'ৰা ছোৱালীবোৰক খুৱায়, গোসাঁই ঘৰতো শৰাই এখন আগবঢ়ায়। আজি পিছে তেওঁ এইবোৰ কৰিবলৈ অলপো মন কৰা নাই। ময়েই অকলে অকলে সকলো কৰিছোঁ। দেউতাই কালিয়েই কৈ থৈছে, বুমনৰ জন্মদিন এইবাৰ অনাথ আশ্ৰমত পালন কৰা হ'ব। দুপৰীয়াৰ ভাত এসাঁজ আৰু কাপোৰ কানিৰ প্ৰতিশ্ৰুতি দি দেউতাই আশ্ৰমৰ মানুহৰ লগত কথা পাতি থৈছে। ৰাতিপুৱাই মই মাৰ পূৰ্বৰ পৰম্পৰা ভংগ নহওক বুলি খৰখেদাকৈ গা পা ধুইছো আৰু পাকঘৰত সোমাই চাহৰ খোলা পাতি এফালে পায়সৰ চৰু পাতিছো। তেনেতে মাৰ চিঞৰ, "মাজনী,দেউতাৰে মাতিছে। "
অলপ আগতে দেউতাক দ্ৰয়িং ৰুমত নিমখ চাহকাপ দি আহিছো। তেওঁ চকু মুদি গান শুনি আছিল। ক'তা তেতিয়া তেওঁ চোন মোক একো নক'লে! লৰালৰিকৈ দেউতাৰ কাষ পালোঁ । দেউতাই তেতিয়াও চকুহাল মুদি আছিল। হ'ম থিয়েটাৰত বাজি আছিল, "তই নদী হৈ আহ কাষলৈ..."
দেউতাক মাত লগালোঁ। তেওঁ চকু মেলি সুধিলে, আজি এসাজ ৰঙীন কাপোৰ পিন্ধিবা নহয় ! পিন্ধিব লাগিব। আজি বুমনৰ জন্মদিন। চব ৰঙীন হৈ থাকিব লাগিব। মায়ে বাৰান্দালৈ উঠি গৈছিল। মই জানো, তাতে তেওঁ কিছুসময় অকলে কটাব। কান্দিব আৰু দেউতাৰ পৰা নিজকে লুকুৱাবলৈ চকুত পোক সুমুৱাৰ অভিনয় কৰিব। মই মূৰ দুপিয়ালো। পিন্ধিম দেউতা। আপুনি গা ধোৱকগৈ। মই স্বাভাৱিক মাতেৰে ক'লো।
বুমনৰ জন্মদিন বুলিয়েই মই ফিৰোজাৰঙী শাৰী পিন্ধিছিলোঁ। কপালত লৈছিলোঁ একে বৰণৰ ফোঁট । বুমনে মোলৈ চাই হাঁহি দিছিল। অনাথ আশ্ৰমতে পাৰ হৈছিল বুমনৰ ওপজা দিন। ঘৰলৈ উভটি আহোঁতে কলেজ চাৰিআলিত দেউতাই গাড়ী ৰখাইছিল। মাৰ বাদে আমি দুয়ো পানীপুৰী খাইছিলো। ঠিক বুমনৰ আগৰ জন্মদিনবোৰৰ দৰে। দেউতাই এসময়ত কৈ উঠিছিল," উস! বৰ জ্বলা দিলা হে ভাই! মাজনীয়ে কেনেকৈ খাইছা?"
মই দেখিছিলোঁ, দেউতাৰ চকুৰে ধাৰাসাৰ পানী ওলাইছে। মই জানিছিলো, সেই চকুপানী পানীপুৰীৰ বাবে ওলোৱা নাছিল। মই দেউতাক চকু পকাই ধৰিলোঁ। কিহে পাইছিল এইসোপা খাবলৈ? দেউতাই কৃত্ৰিম ভয়ত সংকুচিত হোৱাৰ অভিনয় কৰি দেখুৱালে । হয়,হয়! পুৱাৰ পৰা ৰাতিলৈকে আমি তিনিওটাই অকল অভিনয় কৰোঁ। এটাই আনটোক ভালে থকা যেন দেখুওৱাৰ অভিনয় কৰোঁ। নিজৰ পৰাই পলোৱাৰ সুৰুঙা বিচাৰি ফুৰোঁ। সন্ধিয়া যেতিয়া নিজৰ কোঠাত সোমালোঁ, বুমনে তেতিয়াও হাঁহি আছিল আৰু মই? মই বিচনাত পৰি হেঁপাহ পলুৱাই কান্দিলোঁ। মই জানিছিলোঁ, আনটো কোঠাত তেতিয়া মা দেউতাইও কান্দিছিল। তেওঁলোকৰ এজনৰ  বাবে আনজন আছিল। কিন্তু মোৰ কাষত হাঁহি থকা মুখৰ বুমনৰ ফ্ৰেইমত আবদ্ধ ফটোখনৰ বাদে সেই বিষাদ কাতৰ প্ৰহৰত আৰু কোনো নাছিল।
                           
বুমনৰ খুড়ী আইতাকে আহি দঢ়াই দঢ়াই নিজৰ পুতেকৰ বিয়ালৈ মাতি গৈছিল। মায়ে যাবলৈ অলপো মন কৰা নাছিল কাৰণেই চাগৈ দেউতাইও হয়ভৰ দিয়া নাছিল। মোলৈ আগ্ৰহেৰে চাই খুড়ী আইতাই কৈছিল, "যোৱা মানুহবোৰ গুচি গ'ল। এতিয়া তহঁত থকাবোৰে এই জীয়া মানুহজনীক ঘৰৰ ভিতৰতে সুমুৱাই মাৰি ভূত কৰিব খুজিছ যদি বিয়ালৈ নেযাবি।"
আমি বিয়ালৈ ওলাইছিলোঁ। মাৰ মনৰ হেপাঁহ পূৰাবলৈ মইও পাটৰ সাজ পিন্ধিছিলো। মা চৌখিন মানুহ। মোক জোৰোণত দিবলৈ তেওঁ এযোৰ এযোৰকৈ এঘাৰযোৰ বাছকবনীয়া কাপোৰ গোটাইছিল। তাৰে কেইবাসাজো পিন্ধাই নহ'ল। বুমনৰ সতে ক'ৰবালৈ যাওঁতে পিন্ধিম বুলি সাঁচোতে সাঁচোতে এদিন বুমনেই গুচি গ'ল। মোলৈ চাই মায়ে এসোঁতা কান্দিছিল। মই মাক তুলি ধৰিছিলোঁ। "মইও কান্দিমনে মা?" মোৰ প্ৰশ্নত মা চুপ হৈ গৈছিল। আমি বিয়াঘৰ পাওঁ মানে আবেলি হৈছিল। বুমনৰ সম্পৰ্কীয় মানুহবোৰে মোলৈ পুতৌ আৰু ঘৃণাৰে চাইছিল। মই সেই চাৱনিত শামুক হৈ পৰিছিলোঁ। মাক আত্মীয়  এগৰাকীয়ে মোৰ মুখৰ আগতেই কৈছিল, বোৱাৰীয়েকক ৰঙীন কাপোৰ পিন্ধিবলৈ দিলেই যে!!ল'ৰাটো ঢুকুৱা ছমাহ হ'ল জানো?
মা কোঁচ খাই পৰিছিল। মই নীৰৱে কান্দিছিলোঁ। মানুহৰ কথাবোৰতো যেন দাঁত আৰু নখ থাকে, যি মোৰ কলিজা ফালি চিৰাচিৰ কৰি পেলাইছিল। দেউতা ক'ৰ পৰা আহি ওলাইছিল নেজানো। মই লৰালৰিকৈ চকুপানী মচিলোঁ। মই কন্দা দেখিলে দেউতাৰ মুখখন বেজাৰত নীলা হৈ যায় । একমাত্ৰ পুতেকক অকালতে হেৰুৱাই পেলোৱা দেউতাক মই আৰু দুখ দিব নোৱাৰোঁ। দেউতাই বুজিছিল। কাকো মাত নলগোৱাকৈ আমি বিয়াৰ পৰা গুচি আহিছিলোঁ। দেউতাই মাক কৈছিল, তুমি মানুহক ক'বা, এইজনী আমাৰ ছোৱালী। তাই যি মন যায় পিন্ধিব। মনৰ জোখাৰে সুখী হ'বলৈ যি পাৰি সকলো কৰিব। কিবা হকাবধা কৰিব লগা হ'লে আমি কৰিম।
সেইৰাতি মই বুমনক সপোনত দেখিছিলোঁ। সি মোক আকৌ এবাৰ শিৰত সেন্দুৰ বোলাই দিছিল, ঠিক এবছৰ আগৰ সেই ব'হাগৰ ধুনীয়া ৰাতিটোৰ দৰে ।

এটা সময় আছিল, যেতিয়া মায়ে অনবৰতে গুণগুণাই থাকিছিল, দেউতাই আবেলি খোজ কাঢ়িবলৈ যাওঁতে মোক লগতে লৈ গৈছিল আৰু দেখুৱাই দিছিল তেওঁৰ পুৰণি প্ৰেমিকাৰ ঘৰ। আমি প্ৰাণ খুলি হাঁহিছিলোঁ। বাটৰ কাষৰ দোকানত ফাষ্টফুড খাইছিলোঁ আৰু ঘৰলৈ আহি মাৰ গালি খাইছিলোঁ। গালি শুনি মই কান্দি পেলাওঁ। মাৰ গালিতো ইমান মৌ বৰষে! মই আছিলো মাতৃহীনা দুৰ্ভগীয়া প্ৰাণী। দেউতা আছিল মাহী আইৰ পোহনীয়া জন্তু। মোমাইদেউৰ অনুগ্ৰহ আৰু মামীৰ লাঞ্চনা গঞ্জনাৰে মই ডাঙৰ হৈছিলোঁ। দুৰ্ঘটনাত এখন ভৰি হেৰুৱাই পেলোৱাৰ পাছতো মই বুমনৰ সতে বিয়াত বহিছিলোঁ। মই পঢ়া কলেজতে সিও পঢ়ুৱাইছিল। তাক মই ভাল পাইছিলোঁ। মোক সি। মায়ে মোক খুজিবলৈ যোৱাৰ দিনা মামী আনন্দত পাগলী হৈ পৰিছিল। মোক ভিতৰলৈ নি কৈছিল আমাৰ ল'ৰা পছন্দ হৈছে। তই না নকৰিবি । লেঙেৰা হে সি। নপুংসকতো নহয়।
মামীলৈ মোৰ পুতৌ উপজিছিল। তেওঁ নাজানিছিল যে বুমনৰ সতে মোৰ হৃদয়ৰ সন্মতি কেতিয়াবাই স্বাক্ষৰিত হৈ গৈছে। ব'হাগৰ এদিন মায়ে মোক মহা পয়োভৰেৰে বহুত কাপোৰ গহনা আৰু তাতোকৈ বহুত বেছি মৰমেৰে জোৰোণ পিন্ধাই বোৱাৰীৰ মৰ্যাদা দিলে। বুমনৰ ঘৰ, বুমনৰ মাক দেউতাক সকলোৱে যেন মোৰ বাবেই উন্মুখ অপেক্ষাৰেহে ৰৈ আছিল। বুমনে কেতিয়াবা ধেমালি কৰিছিল, চুৰুণী! মোৰ পৰা চব চুৰ কৰি ল'লা। আনকি মা দেউতাকো।
মাহীআয়ে কুলক্ষণী আৰু মামীয়ে মাৰৰ মূৰখাঁইতী বুলি মাতোতে হেৰাই যোৱা মোৰ নামটোৰ সলনি মই মাজনী হৈ পৰিলো। ইমান আদৰ মই কোনোকালেই আশা কৰা নাছিলোঁ। ভয় লাগিছিল, কিজানিবা এই সুখত নিজৰেই নজৰ লাগে!দেউতাই পুৱা আবেলি মোক পঢ়ুৱাইছিল। এদিন মই সুখ্যাতিৰে ইক'নমিক্সত অনাৰ্ছ গ্ৰেজুৱেট হৈছিলোঁ। মাৰ বান্ধৱীসকলৰ চকু পুৰিছিল। বোৱাৰীবোৰৰ বদনাম গোৱা আড্ডাত মায়ে ভৰি দিবলৈও যোৱা নাছিল বাবে মাক লগৰবোৰেও এৰাই চলিছিল। প্ৰায় গধূলি  মই মাৰ সতে চাৰিআলিৰ সৰু বজাৰখনলৈ ওলাই গৈছিলো আৰু হঠাতে এদিন  আকস্মিকভাৱে লগ পাই গৈছিলোঁ মোৰ জন্মদাতা পিতৃ আৰু তেওঁৰ পত্নী মোৰ মাহী আইক!

সৌজন্য,শিষ্টাচাৰ আৰু ভদ্ৰতাৰ খাতিৰত মায়ে মোৰ দেউতাহঁতক আমাৰ ঘৰলৈ মাতিছিল।প্ৰকৃততে মায়ে মোৰ মুখত দেউতাৰ মেৰুদণ্ডহীনতাৰ কথা শুনি শুনি তেওঁৰ প্ৰতি মনত ঘৃণাৰ ভাৱহে ৰাখিছিল। অপ্ৰত্যাশিতভাৱে দেউতাহঁত দেওবাৰ এটাত আহি ওলাইছিলহি আৰু মোৰ ঘৰৰ পোহৰত দুইজন হতবাক হৈ পৰিছিল। মাক মই চাৰিবছৰতে হেৰুৱাই মেট্ৰিক দিয়ালৈকে যিজনী মানুহৰ সীমাহীন অত্যাচাৰত ডাঙৰ হৈছিলো সেই মানুহজনী ঈৰ্ষাত জ্বলি মৰিছিল আৰু নিৰ্লজৰ দৰে মাক সুধিছিল, আপোনাৰ আৰু ল'ৰা আছে নেকি? মোৰ ছোৱালী এইতকৈও ধুনীয়া। মাত্ৰ পঢ়াত বেয়া।
লাহে লাহে দেউতাহঁত সঘনাই আহিবলৈ ধৰিলে। ইটো সিটো অনুগ্ৰহ আৰু টকা ধাৰে বিচাৰিলে। আনকি মাৰ, পুৰণি কাপোৰ কানি, পাকঘৰৰ বাচন বৰ্তনো খুজিবলৈ ধৰিলে। মাহঁতে মোৰ ঘৰৰ মানুহ বুলিয়েই একো নোকোৱাকৈ সকলো সহি থাকিল। কিন্তু এদিন যেতিয়া মই সেই মানুহজনীক মোৰ কোঠাৰ আলমাৰী খুলি থকা আৰু দেউতাই দুৱাৰমুখত ৰৈ পহৰা দি থকা দেখিবলৈ পালো, সেইদিনাই মই কঠোৰ হবলৈ বাধ্য হ'লোঁ। দুইজনকে মই নিজেই ঘৰৰ বাহিৰলৈ উলিয়াই আৰু কোনোদিনে মোৰ ঘৰ মোৰ জীৱন আৰু মোৰ সংসাৰলৈ নাহিবলৈ সঁকিয়াই দিলো। মই সেইদিনা লাজতে খুব কান্দিছিলোঁ আৰু মাহঁতৰ মুখৰ আগত ওলাবলৈ সাহস কৰা নাছিলোঁ। মন ভাল লগাবলৈ দেউতাই মোক আৰু বুমনক বজাৰলৈ লৈ গৈছিল। পাৰ্কৰ নিৰিবিলি এঠাইত বহুৱাই বুমন আৰু মোক নিজৰ শৈশৱৰ কথা কৈ শুনাইছিল। আমি তেতিয়া জনা নাছিলোঁ যে, সেই আবেলি বুমনৰ শেষ আবেলি আছিল ।

আমাৰ বিয়াৰ আগতেই দেউতা ৰিটায়াৰ্ড হৈছিল । বুমনৰ আকস্মিক পথ দুৰ্ঘটনাত  মৃত্যুৰ পাছত মা একেবাৰে ভাগি পৰিছিল। তাতে দুমাহৰ পাছতে মাৰো চাকৰি শেষ হ'ল। কৰিবলৈ যেন কাৰো একো নাছিল। একেটা ঘৰতে আমি বেলেগ বেলেগ দ্বীপৰ বাসিন্দাৰ দৰে বাস কৰিছিলোঁ। মোৰ মুখলৈ তেওঁলোকে যেন চালেই দুখত ভাঙি পৰিছিল। মই নিজৰ কোঠাত সোমাই বুমনৰ লগত কাজিয়া কৰিছিলোঁ, অভিমান কৰিছিলোঁ, কান্দি কান্দি অভিযোগ কৰিছিলোঁ অকলশৰীয়া কৰি থৈ মোক এৰি যোৱাৰ বাবে। সি মোলৈ চাই হাঁহিছিল মাথোঁ!
অৱশেষত দেউতাই সিদ্ধান্ত ল'লে। মই মহানগৰীৰ বাসিন্দা হ'লোঁগৈ। মই কি কৰিছোঁ, মই কোন, মই ক'ত আছোঁ, এনেবোৰ প্ৰশ্ন দেউতাই মানুহৰ পৰা এৰাই চলিলে। মৰিশালীৰ দৰে হৈ পৰা ঘৰখনৰ পৰা মোক এখন বেলেগ পৃথিৱীলৈ পঠিয়াই নিদিলে মই কেতিয়াও নিজৰ মনৰ ভিতৰৰ শক্তিৰ কথা উমান নাপালোঁহেঁতেন। মা দেউতাৰ একান্ত ইচ্ছা, আশীৰ্বাদ আৰু মোৰ একাগ্ৰতাৰে এবছৰীয়া পৰিশ্ৰমৰ অন্তত মই চাকৰিটো পালোঁ। এখন সম্পূৰ্ণ ভিন্ন জগতত মই নিজকে যেন নতুনকৈ আৱিষ্কাৰ কৰিলোঁ। অক্টোবৰৰ পুৱা এটাত মই যেতিয়া ক'লকাতাৰ পৰা গুৱাহাটী অভিমুখী ফ্লাইটেৰে আহি বৰঝাৰত নামিছিলো, মোক চাৰপ্ৰাইজ দিবলৈ এয়াৰপোৰ্টত ৰৈ থকা মানুহহাল আছিল মোৰ মা দেউতা। দেউতাই মোক আঁকোৱালি লৈছিল আৰু অলপো সংকোচ নকৰাকৈ কান্দি পেলাইছিল। মোৰ সহকৰ্মী আয়েশাই সেই আৱেগিক মুহূৰ্ত মোবাইলত ৰেকৰ্ড কৰিছিল। মানুহে আমাক ঘূৰি ঘূৰি চাইছিল। কাৰণ দেউতাই সাৱটি কান্দি থকা মোৰ পিন্ধনত আছিল স্পাইছ জেটৰ এয়াৰ হোষ্টেজৰ ইউনিফৰ্ম!
ছুটীত ঘৰলৈ আহোঁতে মা দেউতাক আগতকৈ ৰঙীয়াল দেখি মনটো ভাল লাগিছিল। মোক লৈ তেওঁলোকৰ হেঁপাহৰ যেন অন্ত নাছিল। ছুটী শেষ হোৱাৰ আগত এদিন ৰাতি ভাতৰ টেবুলত দেউতাই বহুত প্ৰস্তুতিৰ অন্তত মোক ক'লে, দেউতা বুলি মাতিব দিছা যেতিয়া এতিয়া পিতৃৰ দায়িত্বও পালন কৰিবলৈ দিয়া। মই বুজিছিলোঁ, দেউতাৰ কোনোবা বন্ধুৰ ডিভোৰ্চী পুত্ৰই মোক বিয়া কৰাব খুজি কেইবাদিনো আমাৰ ঘৰলৈ আহিছে। দেউতাই বিচাৰে মোৰ এখন সংসাৰ হওক। কিন্তু মানুহঘৰে সেই সম্পৰ্ক মোৰ প্ৰতি সমবেদনা জনাইহে গঢ়িব খুজিছিল। মই কাৰো পুতৌৰ পাত্ৰী হ'ব নোখোজোঁ। মই ওৰে জীৱন অকলে থকাৰ কথাটো মায়ে সহিব নোৱাৰে বুলি জানিও মই মাক সুধিলোঁ, আপোনালোকে তেনে মই কাৰোবালৈ বিয়া হৈ গুচি যোৱাটোকে বিচাৰে? মায়ে কিবা ক'ব খুজিছিল। মই বাধা দিলো। এইখন মোৰ ঘৰ। এইহাল মোৰ মা দেউতা। মই আপোনালোকৰ কোন মই নকওঁ। কিন্তু ইয়াৰ পৰা মোক খেদোৱাৰ ষড়যন্ত্ৰ নচলিব। মই ভাতৰ কাঁহী চপাবলৈ লৈ দেখিলোঁ, মায়ে দেউতাৰ কান্ধত মূৰ থৈ কান্দিছে। কিয় নাজানো, এনে লাগিল, সেই কান্দোন যেন বুমনক আকৌ এবাৰ ঘূৰাই পোৱাৰ আনন্দ।
মাহঁতক তাতেই এৰি মই নিজৰ কোঠাত সোমালোঁ। বুমন আছিলেই। মই তালৈ চালোঁ। সি হাঁহিলে। আনদিনাৰ দৰে মই নাকান্দিলোঁ। এই প্ৰথম, মই বুমনৰ ফটোখনৰ সৈতে একেলগে হাঁহিলোঁ।

©নিৰ্মালি  সন্দিকৈ
বকলীয়াঘাট।
কাৰ্বি  আংলং ফোন:৭০০২৭৯৪২৩৯

Comments

  1. আসসস এজনী নাৰী হিচাবে "ম‌ই" জনীক লৈ গৰ্ব কৰিবলৈ মন গ'ল পঢ়ি উঠি।

    ReplyDelete
  2. বহুত ধুনীয়া লাগিল। সঁচাকৈ। মাজতে চকু সেমেকি উঠিল।

    ReplyDelete
  3. ভাল লাগিল বহুত

    ReplyDelete
  4. পঢ়ি থাকোঁতে কল্পনাৰ পৃথিৱী এখনত বুৰ গ'লো।সকলো বিলাক চকুৰ আগত ভাঁহি উঠিল।
    খুব ভাল লাগিল পঢ়ি।

    ReplyDelete
  5. পঢ়ি থাকোঁতে কল্পনাৰ পৃথিৱী এখনত বুৰ গ'লো।সকলো বিলাক চকুৰ আগত ভাঁহি উঠিল।
    খুব ভাল লাগিল পঢ়ি।

    ReplyDelete
  6. আপোনাৰ হৃদয়স্পৰ্শী লিখনি সদায় বৰ প্রিয়... খুব সুন্দৰ...

    ReplyDelete
  7. শিল্পাশ্ৰীNovember 16, 2018 at 7:03 AM

    আপোনাৰ আন লিখনিৰ দৰেই এইটোও খুব সুন্দৰ... আপোনাৰ হৃদয়স্পৰ্শী লিখনিয়ে সদায় আপ্লুত কৰে...

    ReplyDelete
  8. প্ৰথম বুমন কোন সেই কথা আৱিস্কাৰ কৰি স্তব্ধ হৈ ৰ'লোঁ ৷ গোটেই গল্পটোৱে হৃদয় চুই গ'ল ৷ সকলোৰে মন বোৰ এনেকুৱাই হওক ৷ 💝

    ReplyDelete
  9. বহুত ভাল লাগিল

    ReplyDelete
  10. হৃদয়স্পৰ্শী! বহুত ভাল লাগিল !

    ReplyDelete

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ