কবিতা::ধাৰণা

কবি::খনীন্দ্ৰ ভূষণ মহন্ত

প্রস্তাৱনাতে হয় ভুলটো...

কথাবোৰ ওপৰে-ওপৰে চাই
তাৎক্ষণিক মত দিয়াৰ ৰোগত আক্রান্ত মানুহবোৰ
প্রকৃত সত্য উদ্ঘাটনৰ প্রয়োজন, সময় কাৰো নাই

ভ্রষ্ট মানুহ
দিকভ্রান্ত সময়
নষ্ট পৃথিৱী

নিজৰ ধাৰণাক সত্য প্রতিপন্ন কৰিবলৈ
অযথা যুক্তিৰে সাজি লোৱা হয় অলেখ সৌধ
ভুল ধাৰণা লৈ আৰম্ভ কৰা উপন্যাসত
এফালৰ পৰা দমাই যোৱা যায়
সঁচা-মিছাৰ আৱর্জনা
(নিজৰ মতক ভুল বুলি মানি লয় কেইজনে!)

নিজেই নিজক বুজিবলৈ অসুবিধা
আনক বুজাটো আৰু দুৰূহ
সকলোৰে জীৱনৰ সংজ্ঞা ভিন্ন, ভিন্ন সমীকৰণ
স্থায়ী নহ'লেও ওঁঠতে বাস কৰে ধাৰণাবোৰ

প্রকৃততে স্থায়ী বুলিবলৈ একোৱেই নাই
ছাঁটোৱেও দেখোন অস্তিত্বৰ বাবে খেদি ফুৰে পোহৰ

জীৱন কিম্বা সম্বন্ধবোৰহে দুদিনীয়া বুলি জানো
সৰাপাতৰ দৰে আওপুৰণি হয় ধাৰণাবোৰো
(আচৰিত!)

জন্মৰ বাদে মৃত্যুৱেই একমাত্র সত্য
আৰু এই ধাৰণাক হৃদয়ঙ্গম কৰিব নোৱাৰাটো
জীৱনৰ চৰম ব্যর্থতা।


Comments

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ