অণুগল্পঃ শিল্পাশ্ৰী দাস
অণুগল্প
শিল্পাশ্ৰী দাস
১) মানসিকতা
ছুইপাৰ জনক বা ঘৰ চাফা কৰিবলৈ মতা মানুহজনীক আমিবোৰে সমান স্থান দিবলৈ টান পাওঁ বা সহজতেই লেতেৰা বুলি কওঁ। এনে মানসিকতাই সুচাই যায় প্ৰকৃত লেতেৰানো কোন !
২) কুলক্ষিণী
হাজাৰ শুশ্ৰূষা আৰু শ্ৰদ্ধা পায়ো প্ৰতিটো কথাত ভুল ধৰা শাহুৱেক আৰু নিজ স্বভাৱৰ বাবেই নিজ ঘৰখন ধৰি ৰাখিব নোৱাৰি গুচি অহা ননদৰ ককৰ্থনাবোৰ শুনি সন্ধ্যাই ভাৱে, সমাজৰ বাবে, ঘৰবোৰৰ বাবে মোৰ দৰে হেজাৰজনী কুলক্ষিণীৰ জন্ম হওক।
৩) জীৱন
আজিও দিনটো কাম বিচাৰি নাপাই শুদা হাতে উভতি অহা সৰলালৈ চাই আঠ বছৰীয়া পুতেকে পেটৰ ভোক লুকুৱাই মাকক ক'লে, " মা, মোৰ দেখোন আজি একো খাবলৈ মন যোৱা নাই। মোৰ বাবে ভাত নাৰান্ধিবি।" তাইও মনৰ কান্দোন লুকুৱাই জোৰকৈ হাঁহি হ'ব বুলি শলাগি থ'লে।
৪) নৈতিকতা
জীৱনজুৰি নৈতিক মূল্যবোধৰ শিক্ষা প্ৰদান কৰি বহু ছাত্ৰক সৎ পথলৈ আনিবলৈ সক্ষম হোৱা হাইস্কুলৰ শিক্ষক পিতৃ আৰু প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্রী মাতৃৰ নিজৰ শিক্ষাৰ ওপৰত থকা বিশ্বাস ধূলিস্যাৎ হৈ গৈছিল, যেতিয়া এটা বিভাগৰ সহকাৰী অভিযন্তা একমাত্ৰ পুত্ৰৰ লাখ লাখ টকা আত্মসাতৰ অভিযোগ ৰাজহুৱা হৈছিল।
৫) ভোক
চহৰৰ খুব আঢ্যৱন্ত এঘৰত কাম কৰা জানকী বাইয়ে সদায় দিয়াৰ দৰে আজিও মানুহঘৰৰ পোহনীয়া কুকুৰটোক মাংসৰে ভাত দিবলৈ আহি ভাবিবলৈ ধৰিলে, "এমাহৰ পইচা পাবলৈ এতিয়াও চাৰিদিন বাকী। খুদকণ এটাও নোহোৱা ঘৰখনত শুদা হাতেৰে আজিও কেনেকৈ যাওঁ বাৰু ! "
৬) পূৰ্ণতা
ৰাতিপুৱাই গা ধুই আহি নিৰ্মালিয়ে বিচনাত অকালতে মৃত্যুৰ সৈতে যুঁজি থকা গিৰিয়েকৰ পিনে এবাৰ চাই সেন্দুৰৰ ফোঁটটি ল'বলৈ দাপোণৰ আগত ৰ'ল। তাই ভাবিলে, সেন্দুৰীয়া ৰঙা বেলিটি অবিহনে উকা আকাশখনে পূৰ্ণতা পায়নে ?
------------------------------------------------------------------------------------------------

সুন্দৰ।
ReplyDeleteভাল লাগিল শিল্পু
ReplyDelete