কবিতাঃ অলীকঃ বিদ্যুৎ কুমাৰ নাথ
অলীক
বিদ্যুৎ কুমাৰ নাথ
তোমাৰো একে অসুখ নে ???
তেওঁ ইমান সপোন দেখুৱালে
চকুৰ খোৰোঙত টোপনি এজনী আছিল
মৰমতে তাকে তেওঁক উপহাৰ দি দিলোঁ
টোপনি অ'
কুশলে আছনে
তই যে গ'লি সপোনৰ পুলিটো মৰিল..
...
সপোনত মানুহে গাড়ী দেখে
সপোনত মানুহে টকা দেখে
হাতী দেখে,ঘোঁৰা দেখে
তুমি কি দেখা
কি দেখা তুমি????
মই???
হাতীত উঠি ৰজা আহে
ঘোঁৰাত উঠি দৰা আহে
গাড়ী দেখা সপোন
কোটি টকাৰ সপোন
চকা সাজি কোনোবাইহে ঠেলি ঠেলি লৈ যায়
মই মোৰ মৃত্যুৰ পাছত হে খবৰ বোৰ পাওঁ
একমিনিট ৰ'বচোন
কি দেখোঁ মই???
সপোনত ছাতি দেখোঁ
বেলুন দেখোঁ
চিঠি মেলো
কপাহী চোলাটো পিন্ধো
জোনে পাৰি থোৱা ফুটুকী বাট তো দেখোঁ
আৰু....
মই হালধীয়া পাত এখিলা হৈ সৰি পৰিছো
তেওঁৰ চোতালত
গছকি গুচি যায়
মই যে তেতিয়াও বতাহত দুলি আছিলোঁ অলপ অলপ কৈ শিল এটাত ভেজা দি তেওঁ নাজানে
নাচালে....
সপোনত
ওহোঁ ...
ভাল লাগিল
ReplyDeleteবা:!
ReplyDeleteৱাহ!
ReplyDeleteৱাহ!
ReplyDelete