কবিতাঃ এটা মৃতদেহৰ চিঠিঃ মৃদুপৱন গোঁহাই
এটা মৃতদেহৰ চিঠি
মৃদুপৱন গোঁহাই
এটা মৃতদেহৰ চিঠি
"এই পৃথিৱীখন বচোৱা
এই চিতাত ছাঁই হবলৈ সময় নালাগে ৷"
অদৰকাৰী বুলি
মই চিঠিখন ফালি পেলাই দিলোঁ।
"মোৰ কথাত অন্যমনস্ক নহ’বা
মই কৈছোঁ কোনো নাবাচিব ৷
সকলো জ্বলি উঠিব এই জুইত ৷"
এইবাৰ মই ভয় খালো
বহুত এন্ধাৰ
মই পলাইছোঁ ...
আৰু হঠাতে কিবা এটাত খুন্দা খাই
দেখিলোঁ কোনোবা নিৰ্দোষীৰ শৱ ৷
মই বহুত ভয় খাই জোৰকৈ চিঞৰিলো ৷
ঠিক সেই সময়তে
মোৰ টোপনি ভাঙিল৷
কিন্তু সেই সপোন মগজুত ৰৈ গ'ল ৷
টোপনি ভাঙি সুস্থিৰ হ’লো যদিও
এতিয়াও অস্থিৰ ৷
কিবাটো আছিল ,
সকলো সপোন অনৰ্থকটো নহয় ৷
তাৰ পৰা ওলাবলৈ
মাক সাৱটি ধৰিলোঁ ...
তেতিয়া আৰু অলপ শান্তি পালোঁ।
ৰাতিপুৱাৰ সময় দুচকু মোহাৰি
ধ্যান আঁতৰাবলৈ পেপাৰখন মেলি ললোঁ
মই কঁপি গ’লো ...
এজন দেউতাকে তেওঁৰ দুইপুত্ৰৰ শৱ
নিজৰ বুকুত সাৱটি কান্দি আছিল !
চিঞৰিছিল মাজ ৰাস্তাত
"হে ! ইশ্বৰ,
মোৰ প্ৰাৰ্থনাত কি ভুল হৈছিল ৷
পুৱা ,সন্ধিয়া
তোমাৰ থাপনাত চাকি জ্বলিছিল ৷
নিজেই দিয়া উপহাৰ
কাঢ়ি নিলা এনেকৈ তুমি ৷
এনেকুৱা দুখ দিবলৈ
তোমাৰ কি প্ৰয়োজন আছিল ?"
আৰু এনেকৈয়ে ...
এটা আঠবছৰীয়া শিশু
মাক দেউতাকৰ মৃতদেহৰ সন্মুখত কান্দি আছিল ৷
চিঞৰিছিল মাজ ৰাস্তাত খঙত
"হে ! ইশ্বৰ,
ইয়াৰ প্ৰতিশোধো মৃত্যুয়েই হ’ব ৷
মই সকলোকে মাৰি পেলাম
সকলোৰে কষ্ট বহুত হ'ব ৷
আমি জানো সেই বয়সত
'মৃত্যু' শব্দটোৱেই শুনিছিলো ?"
কিন্তু এইবোৰ দেখি
মই একেবাৰেই নাকান্দিলো ৷
কিয়নো ইমান পাতল আৱেগে
সেই ঘটনাৰ লগত ন্যায় নকৰে ৷
এনেও আৱেগ আৱেগেই হৈ ৰয়,
পৰিস্থিতি সলনি নহয়।
যেতিয়া সম্বিত হ’লো ,দেখিলো
এই দেশৰ ঠিকাদাৰ বোৰে
ইয়াৰ বিষয়ে একোৱেই কোৱা নাই ,
তেলৰ দাম আৰু
পৰিৱৰ্তনৰ শ্লোগানেৰে বিয়পি আছে
জানানে কিয় ?
কিয়নো এই কাপুৰুষ কেইটাৰ
যোগ্যতাই নাই পৰিৱৰ্তন অনাৰ ৷
গান্ধীবাদ আৰু
ভগৎ সিংৰ ত্যাগৰ কথা কয় !
আৰে !গান্ধীৰ দৰে কথা
আৰু ভগৎ সিংৰ দৰে নিষ্ঠাই নাই;
যে ইহঁতে পৰিৱৰ্তন আনিব পাৰিব ৷
মাত্ৰ সৰু পাৰ্থক্য ,
তেতিয়া মানৱীয়তা আছিল,
আৰু এতিয়া পাশৱিকতা ৷
তেতিয়া তেজৰ মূল্য আছিল,
আৰু এতিয়া গাডীৰ।
হয় মই মানিছোঁ সেই ঘটনা ৷
আমাৰ ঘৰৰ,
আমাৰ পৰিয়ালৰ সমস্যা নহয় ৷
কিন্তু মানৱীয়তাৰ কোনটো নিৰ্দিষ্ট ঘৰ ?
যেতিয়া আমি মানুহেই নহয় ,
তেন্তে কেৱল দেশভক্তিৰে কি বিকাশ হ’ব ?
আমি যুৱসমাজ, বছৰত দুই তিনিটা
আন্দোলন কৰি, শ্লোগান দি
বাতৰিত উঠি মনে মনে থাকিবলৈকে আছোনে ?
আৰে ,প্ৰয়োজনটো এতিয়া আছে আমাৰ
কিবা এটা কৰা ৷
কলম উঠাব পাৰা যদি উঠোৱা,
কন্ঠ উচ্চ কৰিব পাৰা যদি কৰা ৷
এই চৰকাৰে
চকুত শাসনৰ কাপোৰ বান্ধি শুই আছে ৷
জগাব পাৰা যদি
এই চৰকাৰক জগোৱা ৷
যেতিয়ালৈকে আমি ভাবি থাকিম
প্ৰথম পদক্ষেপ আন কাৰোবাৰ হ'ব
তেতিয়ালৈকে ন্যায়ৰ কাৰবাৰ
কেতিয়াও আৰম্ভই নহ’ব ৷
আজি মৰিছে,
কালি মৰিব !
আৰু হয়তো ইয়াৰ গতি
কেতিয়াও শেষেই নহ’ব ৷
আজি এখন ঘৰ জ্বলিবলৈ এৰি দিলোঁ,
সকলোবোৰ জ্বলিবলৈ বেছি সময় নাই ৷
আজি যদি সিহঁতক মৰিবলৈ এৰি দিওঁ
তেন্তে আমি মৰিবলৈও বেছি সময় নাই ৷
যদি অনুভৱ কৰিব পৰা নাই সেই আৱেগ
যাৰ উল্লেখ মই কৰি আছো
তেন্তে দুচকু জপাই ভাবা !
ভাবা ,যে কোনোবাই তোমাৰ সকলো কাঢ়ি নিলে ,
ঘৰ-মাটি, পৰিয়াল, কাম-কাজ সকলো ৷
যিবোৰ উভতাই কেতিয়াও নোপোৱা
তুমি এনেকৈ ম্ৰিয়মান হৈ পৰিবা যে
সান্তনা দিয়া সকলকো হত্যাকাৰীয়েই দেখিবা ।
সেই সপোনটো,
সপোনটোতকৈ বাস্তৱিকতাইহে
কঁপাই তুলিছে মোক ৷
এই যে সকলো নিশ্চিন্ত হৈ আছে,
অদৰকাৰীকৈ মোক সুখী কৰিছে,
কোনোৱেই অনুমানেই কৰা নাই
যে সেই জুই কিমান গভীৰ
সেই চিঠিখনৰ কথাবোৰে
কেৱল মোকেই নহয়,
প্ৰত্যেককে কিবা নহয় কিবা কৈ আছে ৷
"ৰৈ যোৱা, চকু ঘুৰোৱা,
ভগৱানক দোষ নিদিবা ,
তেওঁ কঠোৰটো হ'বই নোৱাৰে !
তেওঁৰো কিছু নিয়ম আছে ,
নিজৰেই বনোৱা খেলত
নিজেই খেলিব নোৱাৰে তেওঁ ৷
কিন্তু আচৰিতটো তেৱোঁ হ’ব,
ভাবি তেৱোঁ আছে,
যে মই বনোৱা মানুহ ৷
ইমান অকামিলা কেনেকৈ ?
কেইটামান জীৱন নহয়,
মানৱীয়তাৰ হত্যা হৈ আছে ৷
অন্ততঃ ইশ্বৰৰ সমীহ কৰা
এই ঘটনাত তেৱোঁ কান্দিছে।"
সেই সপোন কেৱল সপোন নাছিল,
সেই চিঠি কেৱল মাত্ৰ এখন চিঠি নাছিল,
সেই নিৰ্দোষীৰ শৱটো ভ্ৰম নাছিল,
সেই সকলোবোৰ এনেকুৱা সত্য আছিল;
যাৰ সন্মুখীন আপুনি আৰু মই ৷
কেতিয়াও হ’ব নিবিচাৰো
কিন্তু এতিয়াও যদি আমি এখোজ নিদিওঁ
তেন্তে কোনোবা অচিন ঘৰৰ
অচিন পৰিয়ালৰ
আপুনি আৰু ময়ো ৷
নিৰ্জনতাৰ নিৰ্লিপ্ততাত এদিনবিলীন হৈ যাম।
সাংঘাতিক লিখিলা মৃদু ৷ Excellent !
ReplyDeleteবহুত বহুত ধন্যবাদ ভিনদেউ��
Deleteঅপূৰ্ব
ReplyDeleteতোৰ লিখনীয়ে সদায়ে মন ভৰাই। আজিও তাৰ ব্যতিক্ৰম নহ'ল।
ReplyDeleteৱাহ...মন চুই গল ...
ReplyDelete