কবিতাঃ খোজঃ কাৱেৰী কাশ্যপ বৰা

____খোজ_____

খোজৰ শেষ নাই
য'তেই শেষ বুলি ভবা হয় ঠিক তাৰ পৰাই
আৰম্ভ হয় নতুনকৈ

কেতিয়াবা সৃষ্টি
কেতিয়াবা স্মৃতি
খোজৰ মাজতেই খোজৰ অলেখ কাহিনী ৷

মই যি বাটে আগুৱাওঁ
তাত হেৰায় হাজাৰ খোজ
খোজৰ বাটত
শূন্যতাৰ পাকলগা জঁট ।

ক'ৰবাত খোজবোৰ ভিন্ন
ক’ৰবাত অভিন্ন
ক’ৰবাত পুৰণি

খোজৰ মাজতেই
জীৱনৰ সময় সোঁত...


✍কাৱেৰী কাশ্যপ বৰা।
        ২৭.১০.১৮

Comments

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ