কবিতাঃ স্মৃতিঃ দিপাঞ্জলী দাস

স্মৃতি

দিপাঞ্জলী দাস

নদী এখন বৈ আছিল
বুকুৰ ৰক্তোপল ভেদি,
হাজাৰ উশাহৰ চাকনৈয়াত,
বন্দী আজি উচ্ছল তৰংগ
কিয় ভাঙে নিৰৱধি ,
কিয় উত্ৰাৱল স্রোতস্বিনী,
হাহাকাৰ বোৰ গোট মাৰে
অভিমানৰ ডাৱৰ ফালি ,
কুহুমবুলিয়া আবেলিয়ে আজি
নকৰে ইপাৰ সিপাৰ ধেমালি,
নি:শব্দ কোলাহলে যেন সবাহ পাতে
মৌন আজি ওঁঠ
মৌন আজি আকাশ
মৌন আজি বতাহ,,,,
এই বতাহ, য’ত আছিল
 বকুল বকুল সুবাস
যাৰ সুঘ্রানে বাউলি কৰে হিয়া,
আজি মাথোঁ স্মৃতি,
সোঁৱৰণীৰ এখিলা দীঘল পাত,
উত্ৰাৱল, উশৃংখল, খিলখিল বোৰ
আজি বন্দী পাতৰ ভাজত,
 ডাৱৰৰ মাজত...
এই ডুবিল যে
আবেলিৰ হেঙুলিয়াৰ লগত...

------------------------------------------------

Comments

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ