একমিনিটৰ গল্পঃ কেনে কান্দিলোঁঃ কাজল কুমাৰ বৈশ্য
কেনে কান্দিলোঁ!!
®কাজল কুমাৰ বৈশ্য
নৱমমান শ্ৰেণীত পঢ়োতে স্কুলৰ চাৰ এজনে ৰাজনীতিৰ বিষয়ে কিবা পঢ়াই থাকোতে ৰাজহুৱা সভাত ভাষণ দিয়া এজন নেতাৰ বিষয়ে কৈছিল।চাৰে কোৱামতে আমাৰ চাৰো সেই সভাত ৰভাৰ তলত একেবাৰে সন্মুখৰ ফালে বহি আছিল।এই ভাষণ দি থকা নেতা জনৰ সোহাঁত স্বৰূপ কিছুমান লগৰীয়া পালিনেতাও সন্মুখৰ ফালে বহি আছিল আৰু তেখেত সকলে মাজে মাজে সেই নেতাজনৰ কিছুমান কথাত হাত-চাপৰি বজাই বজাই ৰভাঘৰ গৰম কৰি দিছিল। নেতাজনে উচ্চস্বৰে নিজৰ ভাষণত সমাজ খনত হৈ থকা নানান দুৰ্নীতি,অন্যায় ইত্যাদিৰ বিষয়ে কৈ কৈ শেষৰ ফালে হঠাৎ বুকুত ভুকুৱাই কান্দিবলৈ ধৰিলে।কান্দোনত তেখেতৰ মাতটো থোকা-থুকি হৈ ভঙা ভঙা মাতেৰেও চকুপানী টুকি টুকি তেখেতে অনৰ্গল ভাষণ বলকি গৈ থাকিল।মঞ্চত বহি থকা দুই এজনে আনকি মাজতে উঠি গৈ তেখেতক গাত ধৰি আশ্বাসো দিলে। আমাৰ চাৰেও সেই ভাষণ দেখি ভাবিলে যে হয়। এই হে উপযুক্ত নেতা। সমাজ এখেত সকলৰ দৰে লোকেহে শুধৰাব। দুৰ্নীতিক লৈ খুবেই আবেগিক এইজন নেতা। যি নহওঁক ভাষণ শেষ কৰি নেতাজন যেতিয়া লাহেকৈ মঞ্চৰ পৰা নামি আহি আছিল আৰু তেখেতে যেতিয়া এই ৰভাৰ তলত বহি থকা নিজৰ লগৰীয়া পালি নেতাকেইজনৰ ওচৰলৈ ঘুৰি আহিছিল তেখেতে মাত্ৰ এষাৰ কথা সুধিছিল ,যিটো ওচৰতে বহি থকা আমাৰ চাৰৰো কাণত পৰিছিল।
প্ৰশ্নটো আছিল : "কেনাই কাইন্দ্ছু???"
মানেই "কেনে কান্দিলো??"
ক্ষন্তেক সময়ৰ কাৰণে সেই নেতাজনৰ "মিছা কিন্তু নিখুঁত" অভিনয়ত ভোল গৈ মনৰ পৰা ভাল ভাব জাগি উঠা আমাৰ চাৰৰ লগে লগে সেইষাৰ কথা শুনি এটা হাঁহি উঠিল।
এনেকুৱা নেতাসকলৰ ওপৰত কোনোবাই কৈছে:
We hang the petty theives and appoint the great ones as our leaders.
(আমি সৰু-সুৰা সাধাৰণ চোৰক ধৰি বান্ধি মাৰো অথচ এই মস্ত চোৰবোৰক নেতা/নায়ক হিচাপে নিযুক্ত কৰোঁ৷)
------------------------------------------------

একেবাৰে সত্য কথা।
ReplyDelete