স্থানচ্যুত সূৰ্য আৰু কক্ষচ্যুত পৃথিৱীখনৰ কথাৰে
                                                                                                                                      পৰিস্মিতা দাস

সি তাইৰ সূৰ্য আছিল৷ তাই পৃথিৱী৷ তাৰ চাৰিওফালে সজাই লৈছিল তাই তাইৰ কক্ষপথ৷ তাক কেন্দ্ৰ কৰিয়েই তাই ঘুৰিছিল চিৰন্তন, বিৰামহীনভাৱে৷ সি তাইৰ বুকুত পোহৰ সিঁচিছিল৷ শীতৰ কুৱলীসনা ৰাতিপুৱাৰ পাছত উপহাৰ দিছিল ৰৌদ্ৰস্নাতা দুপৰীয়া৷ তাৰ হাঁহিৰ উজ্জ্বলতাৰে তাইৰ দুচকুত বাখৰুৱা সপোনে বাঁহ সাজিছিল৷

এনেদৰেই ঘুৰি আছিল তাই তাইৰ সূৰ্যৰ চাৰিওফালে৷
এনেদৰেই পোহৰাই আছিল সি তাইৰ সমগ্ৰ সত্ত্বা৷

এদিন বিজুটি ঘটিল৷

অপ্ৰাকৃতিকভাৱে চিৰশ্বাস্বত নিয়ম ভাঙি সূৰ্য হৈ পৰিল স্থানচ্যুত৷

সূৰ্য স্থানচ্যুত হোৱাৰ প্ৰভাৱ পৃথিৱীৰ ওপৰতো পৰিল৷ তাই হৈ পৰিল কক্ষচ্যুত৷

কক্ষচ্যুত হৈ পৃথিৱীয়ে দেখিলে যে তায়েই একমাত্ৰ গ্ৰহ নাছিল, যি সূৰ্যৰ চাৰিওফালে ঘুৰিছিল৷ সূৰ্যক প্ৰদক্ষিণ কৰি ঘুৰি আছিল আৰু অনেক গ্ৰহ, যাক সূৰ্যই পোহৰ বিলাইছিল৷
             কিন্তু তাই এইটো জনা নাছিল যে সেই পোহৰ সূৰ্যই মাথো তাইকহে দিছিল, যি পোহৰে বুকুত সিঁচিব পাৰে সেউজীয়াৰ বীজ, যি পোহৰত চৰাইবোৰে উলাহেৰে গান জুৰে, যি পোহৰত মৃত উপকূলত সৃষ্টি হ'ব পাৰে জীৱন৷

সিও নুবুজিলে, তাৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থকা গ্ৰহবোৰৰ মাজত পৃথিৱীয়ে আছিল একমাত্ৰ গ্ৰহ যাৰ বুকুত সি জন্ম দিব পাৰে সেউজবুলীয়া জীৱনৰ, যিয়ে তাৰ উত্ত্বপ্ততাক সৃষ্টিশীলতালৈ ৰূপান্তৰিত কৰিব পাৰে, যিয়ে তাক ভালপায় ৰাতিপুৱা, দুপৰীয়া, গধুলিৰ প্ৰতিটো মুহূৰ্তত৷

লাহে লাহে সূৰ্যৰ পৰা আঁতৰি গৈ থাকিল পৃথিৱীৰ সেউজবুলীয়া প্ৰভাৱ৷ সূৰ্য হৈ পৰিল নিসংগ৷ পৃথিৱীৰ দৰে উদাৰ, সহণশীল, মমতাময়ী সংগী বিচাৰিবলৈ সূৰ্যৰ হয়তো যুগ যুগ লাগি যাব৷

আৰু পৃথিৱী! তাই নিসংগ নহ'ল৷ সূৰ্যই তাইৰ বুকুত বিয়পাই যোৱা সেউজীয়াবোৰ তাইৰ সংগী হৈ ৰ'ল৷  সূৰ্যক তাই স্মৃতি বুলিও ল'ব নোৱাৰিলে৷ এটি কাল্পনিক সূৰ্যৰ চাৰিওফালে কক্ষপথ সাঁজি লৈ তাই প্ৰদক্ষিণ কৰি থাকিল৷

  . . . ..... ................. ....................................................................................................... ,  .. 

Comments

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ