কবিতাঃ ৰাধাৰ বাবে এটুকুৰা আকাশঃ দাদুল দেৱকৃষ্ণ বৰুৱা

ৰাধাৰ বাবে এটুকুৰা আকাশ

© দাদুল দেৱকৃষ্ণ বৰুৱা

কানাইৰ কামিহাড়ৰ বিচনাত শুই শুই
ৰাধাই খয়েৰৰঙী সপোন এটা দেখিছিল৷

কানাইৰ বুকুৰ বৃন্দাবনৰ ফুল চিঙি
ৰাধাই খোপাত গুজি লৈছিল৷

মন যমুনাৰ তীৰত যৌৱনৰ জোনাক সৰাই
ৰাধাই বুটলিছিল কোনেও নেদেখাকৈ
শামুকৰ কেইটামান খোলা৷

বাঁহীৰ সুৰ বুকুত বান্ধি ৰাধা বাউলী হোৱা নাছিল
যমুনাহে উথলি উঠিছিল৷

প্ৰেমৰ ফটিকা পি ৰাধা মাতাল হোৱা নাছিল
জোনাকত মাথোঁ আন্ধাৰ বিচাৰিছিল৷

কঁকালৰ কলহত ৰাধাই অনা নাছিল পানী
ভৰি আছিল সেই কলচী পুৰাতন পিয়াহেৰে৷

কানায়ে আঁজলি পাতিছিল,
ৰাধাই কলহটোৰ পিয়াহ বাকি দিছিল৷

পিয়াহ পি আতুৰ হ'ল কানাইৰ কলিজা
ডাঁহেচীয়া জোনৰ মৌ সৰাই বজালে বনৰীয়া বাঁহী৷

বাঁহীৰ বনৰীয়া সুৰ বৈ গ'ল আন এখন যমুনা হৈ
পাৰ ভঙা পানীত ডুব গ'ল ৰাধা,
ডুব গ'ল পুৰাতন পিয়াহভৰা কলহটো৷

উদ্ধাৰা উদ্ধাৰা বুলি বতাহত ৰাধাৰ মাত
বোৱতী নৈত জিলিকিল ৰাধাৰ হাত৷

ৰাধা ৰাধা ৰাধা
কানাইৰ কাণত বাজি উঠিল
ৰাধাৰ উদ্ধাৰা উদ্ধাৰা৷

কানায়ে নোৱাৰে এৰিব বাঁহী
নোৱাৰে সহিব বিননি
এহাতে বাঁহীটো লৈ মেলিলে এহাত৷

ৰাধাৰ হাতত কানাইৰ হাত
দেহে দেহে খেলি গ'ল বিজুলী৷

ৰাধাৰ হাতত হাত দি
কানায়ো উটিল-বুৰিল মন যমুনাৰ বানত৷

হঠাৎ বালিচৰ
কঁহুৱাপতীয়া উশাহ এনাও উজাই আহে
মেৰিয়াই ধৰে কানাইক
মেৰিয়াই ধৰে ৰাধাক৷

ৰাধাৰ খাৰু ভাগে,
কানাইৰ হাতত জবা ফুলে,
ৰাধাই চুলি মেলে,
কানায়ে জোনাক সিঁচে৷

কদমফুলীয়া ৰাতিটো দোকমোকালি হয়,
দোকমোকালিটো হয় নিয়ৰ সেমেকা পুৱা
যমুনাৰ বালিত পৰি ৰয় ভঙা খাৰুৰ টুকুৰা
উৰি ফুৰে তৰুৱা কদমৰ গোন্ধ৷

ৰাধাৰ কঁকালৰ কলচীত পিয়াহ,
কানাইৰ কণ্ঠত এটা পানীপিয়া৷

কানায়ে আজলি পাতে,
ৰাধাই পিয়াহ বাকে,
আতুৰ হয় কানাই,
কাতৰ হয় ৰাধা৷

আকৌ ওফন্দে মন যমুনাৰ বুকু
বানত বুৰে কানাইৰ পিয়াহ
বানত উটে ৰাধাৰ হেঁপাহ৷

বালিত পৰি ৰয় ভঙা খাৰুৰ টুকুৰা
বতাহত উৰি থাকে তৰুৱা কদমৰ গোন্ধ৷

শামুকৰ খোলাবোৰ শিতানত লৈ
কানাইৰ কামিহাড়ৰ বিচনাত ৰাধা শোৱে
খয়েৰৰঙী সপোন এটা দেখি সাৰ পাই উঠে৷

কানাই নাই
বালিত অকলশৰীয়া ৰাধা
পিয়াহ পি পি পিয়াহৰ প্ৰপাত এটা হৈ
কানাই গ'ল বৈ
ৰাধাৰ বুকুত কদমফুলীয়া ৰাতি এটা থৈ৷

ভঙা খাৰুৰ টুকুৰা বুটলি বুটলি
কলচীত শামুকৰ খোলাবোৰ ভৰাই
উভতিল ৰাধা দুচকুত লুণীয়া লৈ৷

চকু মুদিলেই ৰাধাক দেখো
শামুকৰ খোলাবোৰ লৈ খেলে
ভঙা খাৰুৰ টুকুৰাবোৰ চাই হাঁহে৷

মই ৰাধে নহয়
পি খাব নোৱাৰো পিয়াহ
ৰাধাক শুবলৈ দিব নোৱাৰো
মোৰ কামীহাড়ৰ বিচনাত৷

ৰাধা
শুনিছানে তুমি ভঙা খাৰুৰ ঝনঝন্ ঝন্
পাইছানে গোন্ধ তৰুৱা কদমৰ

যমুনাত আকৌ জোনাকৰ বান
বৃন্দাবনত আকৌ বনৰীয়া বাঁহীৰ মাত৷

পাটি এৰি নাযাবা ৰাধা
খাৰু পিন্ধি নোলাবা ৰাধা৷

চাওঁ ৰাধা
শামুকৰ খোলাবোৰ মোক দিয়া
পিয়াহৰ কলহটো পুতি থোৱা৷

চোৱা ৰাধা
আকাশ এটুকুৰা ৰাখিছো তোমাৰ বাবে
তাতেই তৰা এটা হৈ জ্বলি থাকা
তাতেই ডাৱৰ এচপৰা হৈ ভাঁহি ফুৰা৷

মন গ'লেই জ্বলাবা মোৰ কলিজা
মন গ'লেই বৰষুণ হৈ তিয়াবা মোৰ দেহা৷

ৰাধা
ময়ো যে কঢ়িয়াই ফুৰিছোঁ শামুকৰ খোলা।

Comments

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ