গল্পঃ সাতে পাঁচে শূন্যঃ খুশবু হাজৰিকা
সাতে পাঁচে শূন্য
তিনিদিন নে চাৰিদিন আগৰ ঘটনা৷ গাঁওখনৰ সিমূৰৰ মনোহৰৰ জীয়েক সৰুফুল আবিদ নামৰ কলেজৰ সহপাঠী এজনলৈ পলাই গ’ল৷ তাকে লৈ গোটেই গাঁওখনত হৈ চৈ৷ আবেলি স্কুলৰ পৰা অহাৰ পাছত সনাতন মাষ্টৰকো মাতি নিলেহি ৰাইজে৷ গাঁওখনৰ জ্যেষ্ঠ ব্যক্তি হিচাপে তেওঁক এইবিলাক ক্ষেত্ৰত সমিধান দিবৰ বাবে মানুহে মাতি মাতি নিয়েহি৷ ল’ৰা-ছোৱালীহালক বিচাৰি পোৱাৰ পাছত থানাৰ আইনী কাম-কাজ, আকৌ গাঁৱৰ ৰাইজক বুজোৱা-বঢ়োৱা কৰোঁতে মেলোতে ঘৰ আহি পায় মানে ৰাতি প্ৰায় আঢ়ৈ বাজি গৈছিল৷ তাতে তেওঁৰ দুৰ্বল হৃদযন্ত্ৰৰ বাবে পথ্য লৈ থাকে প্ৰতিদিনে৷ টোপনি আহেমানে চাৰে তিনিমান বাজিল৷ পুৱা স্কুললৈ ঠিকসময়তে ওলাই গ’ল যদিও দুপৰীয়া এঘাৰ মান বজাত চকুৱে নটনা হ’ল তেওঁৰ৷ এল. পি. স্কুলখনত তেওঁৱেই একমাত্ৰ শিক্ষক৷ ছাত্ৰ-ছাত্ৰী তিৰাশীজন৷ পাঁচোটা শ্ৰেণী তেওঁ অকলেই চলায়৷ অফিচৰ হিচাপ নিকাচ, মধ্যাহ্ন ভোজনৰ উপৰঞ্চি লেঠাবোৰতো আছেই৷ প্ৰত্যেকটো শ্ৰেণীতেই অলপ অলপকৈ পঢ়ুৱাই পঞ্চম শ্ৰেণীটোত অংক কেইটামান বুজাই থাকোঁতেই তেওঁ অনুভৱ কৰিছিল চকুটো জ্বলা-পোৰা কৰিছে, মূৰটো কামুৰিছে৷ ব’ৰ্ডত হৰণ অংককেইটামান কৰিবলৈ পাতি দি তেওঁ মূৰটো দুহাতেৰে খামুচি ধৰি বহি পৰিছিল৷ নাই নাই৷ স্কুল আধৰুৱাকৈ বন্ধ দিব নোৱাৰে তেওঁ৷ অলপ বহি ল'লেই গাটো ভাল লাগিব৷ কোন টলকতনো চকু দুটা গৈ টোপনিৰ গ্ৰাসত সোমাইছিল গম নাপালে সনাতন মাষ্টৰে৷
চকু দুটা মেলি সন্মুখত থিয় দি থকা পৰশক দেখিছিল৷ লগতে কেমেৰা টোঁৱাই থকা ডেকা ল’ৰাটোক৷ কি হৈছে উৱাদিহ পোৱাৰ আগতেই পৰশে কেমেৰালৈ চাই ডিঙি ফুলাই ফুলাই চিঞৰা আৰম্ভ কৰি দিছিল৷
ঃ এয়া চাওক অসমৰ প্ৰাথমিক শিক্ষাৰ প্ৰকৃত ৰূপ! টেবুলত টোপনিয়াই থাকে শিক্ষাগুৰুৱে৷ অন্যায় নহয়নে এয়া শিশুসকলৰ প্ৰতি? কোনদিশে গতি কৰিছে অসমৰ শিক্ষাব্যৱস্থা? আহক আমি কথাপাতিম এইজন শিক্ষাগুৰুৰ লগত! ... আপুনি বিদ্যালয়ত পাঠদান কিদৰে কৰে? -সি মাইকটো তেওঁৰ ওচৰলৈ আগবঢ়াই দিছিল৷ অপ্ৰস্তুত হৈছিল সনাতন মাষ্টৰ৷ বোবা হৈ গৈছিল৷
ঃ বৃত্তি কেইজনে পাইছে এইবাৰ? পঢ়িব পাৰেনে ছাত্ৰ-ছাত্ৰীয়ে?
ঃ আপুনি যে টোপনিয়াই আছিল তাৰ কাৰণ কি বুলি ব্যাখ্যা কৰিব? এয়া কৰ্তব্যৰ প্ৰতি চৰম গাফিলতি নহয়নে?
ঃ কি ক’ব খুজিব?
ঃ অসমৰ শিক্ষামন্ত্ৰী কোন জানেনে? মুখ্যমন্ত্ৰী? বিত্তমন্ত্ৰী? - বোবা হৈয়েই থৰ লাগিছিল সনাতন মাষ্টৰ৷ তেওঁ এইটো পৰশকে এইখন বিদ্যালয়তে চতুৰ্থ শ্ৰেণীত থাকোঁতে সুধিছিল-
“সাতে পাঁচে কিমান? “
সি উত্তৰ দিছিল-
“দহ"৷ - সদায় একেটাই উত্তৰ৷ চেকনিডাল তাৰ পিঠিত নাচি উঠিছিল কেবাবাৰো৷ তাতকৈ বেছিকৈ তেওঁৰ মুখৰ এফাল ক্ষয় গৈছিল তাক মৰমৰ চলেৰে নীতিশিক্ষা দিওঁতে দিওঁতে৷ কি শিক্ষা ল'লে সি?
পৰশ এইবাৰ গৈ স্কুলৰ সকলোতকৈ অনিয়মীয়া, পঢ়াত দুৰ্বল ল’ৰা-ছোৱালীকেইটাৰ কাষ চাপিল৷
ঃ মাইনা তুমি যোগ নেওঁতাখন গোৱাচোন৷ .. নোৱাৰা? ঠিক আছে..এক দুই কেইটা গোৱা৷ কি? নোৱাৰা?
ঃ স্বৰবৰ্ণকেইটা গোৱাচোন৷ স্বৰবৰ্ণ কেইটা থাকে জানানে?
ঃ আমাৰ মহকুমাৰ নাম কি বাৰু?
ঃ আমাৰ জিলাখনৰ নাম জানানে? - মুঠৰ ওপৰত মুখেৰে মাতিব নোৱাৰা ল’ৰা-ছোৱালীবোৰৰ অবাক, নিৰুত্তৰ মুখাবয়ববোৰ কেমেৰাত ৰেকৰ্ড কৰি গ’ল সিহঁতে৷ মাজে মাজে স্কুলখনৰ শিক্ষাদান পদ্ধতি কিমান নিম্নখাপৰ তাক বৰ্ণনা কৰি গ’ল নিজ পছন্দৰ মচলা ঢালি৷ মুখত বেঁকা হাঁহি এটা লৈ সি এসময়ত গুচি গৈছিল৷ আৰু অপমানত দোঁ-খাই পৰিছিল সনাতন মাষ্টৰৰ স্বাভিমান৷
হাঁহিটো মুখৰ পৰা গুচাই নাই পৰশৰ৷ নিৰ্মলৰ লগত নতুনকৈ থাকিবলৈ লৈছে সি৷ ৰূমত কালিৰ বাতৰিৰ ৰিপিট টেলিকাষ্ট চাই চাই অকলে অকলে খিকখিকাই হাঁহি আছিল সি৷ বুঢ়াৰ অৱস্থা কাহিল হৈ গৈছে৷ মজ্জা! আৰু পাব লাগে৷ এইটো বুঢ়াৰ পৰা সৰুতে সি অলপ যন্ত্ৰণা পালেনে? অলপ মাৰ খালেনে? মাক-বাপেকো কম নাছিল৷ মাষ্টৰক লগাই দিছিল তাৰ বদমাছিবোৰ৷ সৰুতে অনবৰতে সাতে পাঁচে কিমান তাক সুধি সুধি মগজ গৰম কৰি দিয়া এই মাষ্টৰডালক না সি কেতিয়াবা শ্ৰদ্ধা কৰিছিল; না আজি কৰে৷ এইটো মাষ্টৰৰ কাৰণেই সহজ উপায়েৰে ধন ঘটিবলৈ গাঁৱৰ পৰা ওলাই অহা ল’ৰা কম৷ সবকে যেন যুধিষ্ঠিৰহে বনাব বুঢ়াই! ফাল্টু আউটডেটেড্ আদৰ্শৰ বেপাৰী চাল্লা! বহুদিনৰে পৰা ভাবি ভাবি অৱশেষত মাষ্টৰক ফচোৱাৰ প্লেন কৰি আগবাঢ়ি গৈছিল সি সিদিনা৷ উদ্দেশ্য, স্কুলখনত পঢ়াত বেয়া ল’ৰা-ছোৱালীকেইটাক কেন্দ্ৰ কৰি এটা নিউজ বনোৱা৷ যাৰ দ্বাৰা মাষ্টৰৰ শিক্ষাদানৰ গাফিলতিৰ মিছা ছবি সকলোৰে আগত ডাঙি ধৰিব পাৰে৷ সি ভালকৈয়ে জানে গাওঁখনৰ কোনকেইটা ল’ৰা-ছোৱালী পঢ়াত বেয়া৷ দুটামানৰ ঘৰ তাৰ ঘৰৰ কাষতেই৷ কিন্তু তাৰ ভাগ্য ইমানেই সু-প্ৰসন্ন আছিল সিদিনা, যে বুঢ়াই টোপনিয়াই আছিল৷ সেয়া আছিল সুৱৰ্ণ সুযোগ! যাৰফলত ফুটেজ যথেষ্ট ভাল আহিছে৷ আজি সপ্তাহৰ টি.আৰ.পি. লিষ্টখনো হাতত পৰিছেহি৷ তাৰ সেই অনুষ্ঠানটোৰ টি.আৰ.পি বহুত ভাল৷ তাৰ ওপৰত খুশ্ হৈ বছে তাৰ দৰমহা বঢ়াম বুলি আশ্বাস দিছে৷ কিমান বাঢ়িব কোৱা নাই৷ আজি ৰাতিকৈ আঠ বজাত তাৰ অনুষ্ঠানটো লৈ টক্ শ্ব’এটা হ’ব৷ সিও মাজতে ফোনযোগে ভাগ ল'ব৷ তাৰ পাছতহে জনাব তাক বছে৷ টিভিৰ পৰ্দাত দুৰ্ঘটনাত কটা যোৱা গছ এজোপাৰ দৰে হালি পৰা সনাতন মাষ্টৰলৈ চাই আকৌ এবাৰ ৰাক্ষসৰ দৰে হাঁহি উঠিল পৰশে৷
দিনৰ দিনটো একেটা মচলাভৰা ফুটেজকে দেখুৱাই থকা চেনেলটোৱে ৰাতি আঠ বজাত পুনৰ একেটা বিষয় লৈ টক্ শ্ব’ পতাৰ কথা হেডলাইনত জনালে৷ এয়া যেন তৃপ্তি! সত্য-অসত্য বাছ-বিচাৰ নকৰি, এজন মানুহক মানসিকভাৱে পংগু কৰি তোলা মচলাযুক্ত কথা কিছুমান পুনৰ ৰাতিলৈ পাগুলিলে কিছুমান গণ্য-মান্য লোকে৷ এয়া হৈছে মচলাযুক্ত খাদ্য খাই তাক উগাৰি পোৱা তৃপ্তি! সনাতন মাষ্টৰৰ কৰ্তব্যৰ নমুনাক তেওঁলোকে মচমচকৈ চোবালে৷ তেখেতৰ দায়িত্ববোধক প’ষ্টমৰ্টেম টেবুলত হাড়লৈকে খুঁচিলে৷ এচি ৰূমৰ পৰাই গৰিহণা দিলে সেই ধৃষ্টতাক! উগাৰি উগাৰি ন বজাত তেওঁলোকে মাষ্টৰক ত্যাগ কৰিবলৈ শিকিবলৈ আহ্বান জনালে৷ এই গোটেই সময়খিনি ৰুণীমাই আতংকগ্ৰস্ত দৃষ্টিৰে স্বামীলৈ চাই থাকিল৷
ঃ মই আঁতৰি নাযাওঁ পৰিস্থিতিৰ আগত হাৰি ৰুণী৷ চাওঁচোন মোক কি শিকাই পৰশে! -
মানুহজনে তেওঁৰ বাধা নুশুনি টক্ শ্ব’ চাবলৈ বহিল যি বহিলেই৷ উঠি অহাৰ নামেই লোৱা নাইচোন! চকুহাল ঢেলা পৰি আহিছে লাহে লাহে৷ মূখখন শুকান হৈ আহিছে৷ মানুহজনৰ মূখখন বিকৃত হৈ পৰিছে কিয়! হাতখনেৰে বুকুখন খামুচি ধৰিছে যে!
ঃ হাইঠা এইবাৰহে মাটিত পৰিল ঐ! - কাষৰ ঘৰৰ পৰা তাচ্ছিল্যসূচক উকি এটা ভাঁহি আহিল৷
ঃ হেৰি..হেৰি.. কি হৈছে...কি হৈছে..আপোনাৰ! হেৰি...! - ৰুণীমা কাষ পোৱালৈ বহুত দেৰী হৈছিল৷ তেতিয়ালৈ গেঙাই গেঙাই গুৰিকটা কলগছৰ দৰে সনাতন মাষ্টৰ মাটিত বাগৰি পৰিছিল৷
ভনীয়েকে কান্দি কান্দি কৰা ফোনকলটো শেষ হৈ যোৱাৰ পাছতো থৰ হৈ ৰৈ থাকিল পৰশ৷
সনাতন মাষ্টৰ ঢুকাল! হাৰ্ট এটেক হ’ল তেওঁৰ৷ ঠিক সিহঁতৰ টক্ শ্ব’টো চাই শেষ কৰাৰ পাছত৷ ভনীয়েকে খুব কান্দিছিল-
ঃ ছাৰৰ আগৰেপৰাই হাৰ্টৰ অসুখ আছিল৷ তহঁতি ছাৰক একেবাৰেই মাৰি পেলালি দাদা৷ তহঁতি মানুহ নহয়৷ আধুনিক কচাই তহঁতি! মিছা বদনামেৰে, অপমানেৰে শেষ কৰি দিলি এজন নিৰপৰাধী মানুহক৷ আজিৰ পৰা তই মৰি গ'লি আমাৰ বাবে..! - তাৰ মাক-বাপেকেও কান্দিছিল৷ নাকান্দিবনে আৰু! তেওঁলোকে দেৱতাৰ দৰে পূজিছিল সনাতন মাষ্টৰক৷ ভনীয়েকে ছাৰৰ যত্নতেই এল.পি. বৃত্তি পাইছিল৷ এম.ই. বৃত্তিৰ সময়ত ছাৰে বিনামূলীয়াকৈ টিউচন লৈছিল ভনীয়েকক৷ মেট্ৰিকত ভাল ৰিজাল্ট কৰি মাক-দেউতাকতকৈও আগতে ছাৰক মিঠাই খুৱাইছিল তাই৷ সিহে....!
সিতো ছাৰৰ অনিষ্ট হোৱাটোও বিচৰা নাছিল! মাত্ৰ বিচাৰিছিল তেওঁ অলপ অপমানিত হোৱাটো৷ সদায়েই উচ্চ হৈ থকা শিৰ নত হোৱাটো৷ তাৰ সলনি কি হৈ গ’ল এইবোৰ! উঃ! তেওঁক ছাৰ বুলি ভবাৰ যোগ্য হয়নে সি!
ঃ পৰশ দা! ইমান ফোন লগাই আছে আপোনাক বছে! বিজি আছিল নেকি? মোলৈ কৰিলে তেওঁ৷ ...হেঃহেঃ গমপালো দৰমহাৰ ছিক্ৰেটটো! - নিৰ্মলে ৰূমলৈ সোমাই আহি কলে৷
ঃ কিমান হ’ল নোসোধেনেকি? কি ভাবি আছে? - পৰশে শূন্য দৃষ্টিৰে চালে তালৈ৷
ঃ দহকৰ ঘৰৰ সংখ্যাটো বাৰু একেই আছে৷ এককৰ ঘৰত যোগ হৈছে৷ মই কৈ যাম, আপুনি যোগ কৰিব৷
ঃ ..... ৷
ঃ কওক এতিয়া, সাতে পাঁচে কিমান?
“এতিয়া কচোন পৰশ, সাতে পাঁচে কিমান? “- চেকনি এডাল হাতত লৈ সনাতন মাষ্টৰ আহি পৰশৰ চকুৰ আগত থিয় হ’লহি৷ ধোঁৱা-ধোঁৱা হৈ পৰা চকুহালেৰে ছাৰলৈ চাই পৰশৰ আজি চিঞৰি চিঞৰি কান্দি কান্দি ক’বলৈ মন গ’ল-
ঃ সাতে পাঁচে শূন্য ছাৰ! সাতে পাঁচে শূন্য!
©খুশবু হাজৰিকা

কি সুন্দৰ লিখিলে! বহুত ভাল লাগিল!
ReplyDeleteবহিয়া
Deleteবহুত ভাল লাগিল ৷
ReplyDeleteবহুত ভাল লাগিল
ReplyDeleteবহুত ভাল লাগিল
ReplyDeleteবহুত ভাল লাগিল
ReplyDeleteবহুত সুন্দৰকৈ লিখিলে...... বৰ্তমান সময়ৰ এখন জীয়া ছবি
ReplyDeleteখুবেই ভাল হৈছে
ReplyDeleteএখন বাস্তৱ ছবি।সাংবাদিকতাৰ নামত একাংশই এনেকৈয়ে নিজৰ কপটতা জাহিৰ কৰি আছে।
ReplyDeleteবৰ ভাল লাগিল
ReplyDeleteBhal lagil porhi.
ReplyDeleteবৰ ভাল লাগিল
ReplyDeleteবিৰাট ভাল লাগিল
ReplyDeleteঅত্যন্ত সময়োপযোগী আৰু প্ৰাসংগিক । ভাল লাগিল
ReplyDeleteবঢ়িয়া
ReplyDeleteসিহঁতেও পঢ়াহ'লে.....
ReplyDelete