ক্ৰীড়াঃ বগামাটিঃনৰ্থইষ্ট এডভেঞ্চাৰ টুৰিজিম ফেষ্টিভেল২০১৮ঃ জুলিমা ডেকা
বগামাটিঃ নৰ্থইষ্ট এডভেঞ্চাৰ টুৰিজিম ফেষ্টিভেল ২০১৮ ( NEATOFEST 2018 )
জুলিমা ডেকা
বগামাটি এসময়ৰ অতি দুৰ্গম ঠাই, য’ত দিনে নিশাই চলিছিল উগ্ৰপন্থী সংগঠনৰ কুচকাৱাজ৷ বাক্সা জিলাৰ প্ৰান্তত ভাৰত ভূটান সীমান্তৱৰ্তী এটা অঞ্চল হ’ল বগামাটি৷ বগামাটিৰ এটা অংশ ওদালগুৰি জিলাৰ বৰনদী অভয়াৰণ্যৰ অন্তৰ্গত৷ বাক্সা আৰু ওদালগুৰি জিলাৰ সীমান্তত আছে বগামাটি৷ কিন্তু ২০০৬ চনত গোৰেশ্বৰৰ কেইগৰাকীমান যুৱকৰ তত্ত্বাৱধানত গঢ় লৈ উঠিছিল এটা দুঃসাহসিক ক্ৰীড়াৰ এটা সংগঠন “শিখৰ এডভেঞ্চাৰ ক্লাৱ, গোৰেশ্বৰ৷ “ বিটিচি প্ৰথমটো এডভেঞ্চাৰ ক্লাৱ৷ পূৰ্ণ ডেকাৰ নেতৃত্বত গঢ়লৈ উঠা এই সংগঠনটোৱে প্ৰথবাৰৰ বাবে আৱিষ্কাৰ কৰিছিল বগামাটিত থকা দুঃসাহসিক ক্ৰীড়া ক্ষেত্ৰৰ প্ৰচুৰ সম্ভাৱনীয়তা৷ বিশেষকৈ ভূটানৰ পৰা বৈ অহা খৰস্ৰোতা বৰনদীৰ বুকুত হোৱাইট ৱাটাৰ ৰাফ্টিংৰ সম্ভৱনীয়তাক৷ ২০০৬ চনতে প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ আন এটা দুঃসাহসিক ক্ৰীড়াৰ সংগঠন “এক্সপ্লোৰাৰ্চ“ৰ সহযোগত “শিখৰ এডভেঞ্চাৰ ক্লাৱ, গোৰেশ্বৰে“ বগামাটিত থকা বৰনদীৰ বুকুত আৰম্ভ কৰে হোৱাইট ৱাটাৰ ৰাফ্টিং৷ তাৰ পিছতে ৰাজ্যসভাৰ সাংসদ সন্মানীয় বিশ্বজিৎ দৈমাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য মাননীয় গণেশ কছাৰী লগতে বগামাটিৰ দাওৰাইঝাৰ ইক’টুৰিজিম চ’চাইটিৰ সকলোৰে সহযোগত বগামাটি হৈ পৰে অসমৰ এখন লেখত ল'বলগীয়া বনভোজস্থলী৷ সমান্তৰালভাৱে শিখৰ এডভেঞ্চাৰ ক্লাৱে প্ৰতি বছৰে বগামাটীত অনুষ্ঠিত কৰি আহিছে বিভিন্ন ধৰণৰ দুঃসাহসিক ক্ৰীড়া৷
বগামাটিত কৰিব পৰা বিভিন্ন দুঃসাহসিক ক্ৰীড়াৰ সম্ভাৱনীয়তাক প্ৰত্যক্ষ কৰি লগতে বগামাটিত এক দুঃসাহসিক পৰ্যটন ক্ষেত্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ পূৰ্ণ ডেকা আৰু মই ২০১৫ চনত বহু কষ্ট আৰু বাধা নেউচি জন্ম দিলো “গ্ৰিন ট্ৰেক এণ্ড এডভেঞ্চাৰ"৷ আমি গ্ৰীণ ট্ৰেক এণ্ড এডভেঞ্চাৰে বগামাটিত পৰ্যটকৰ বাবে মুকলি কৰি দিছো কিছু সা-সুবিধা৷ বগামাটিলৈ আহিলে পৰ্যটকে ভাৰত ভূটান পাহাৰত ট্ৰেকিং কৰিব পাৰিব, বাৰ্ড ৱাট্ছিং, হোৱাইট ৱাটাৰ ৰাফটিং, কেম্পিং আদি বিভিন্ন ধৰণৰ দুঃসাহসিক ক্ৰীড়া কৰিব পাৰাকৈ সুবিধা কৰা হৈছে৷
বগামাটিত থকা বিভিন্ন দুঃসাহসিক ক্ৰীড়াৰ সম্ভাৱনীয়তাক আগত ৰাখি আমি সদায় চেষ্টা কৰি আহিছিলো বগামাটিক এখন দুঃসাহসিক পৰ্যটন ক্ষেত্ৰলৈ পৰিণত কৰিবলৈ৷ ২০১৫ চনৰ পৰা আমি বগামাটিক এখন দুঃসাহসিক পৰ্যটন স্থলী হিচাপে ৰূপান্তৰিত কৰিবলৈ কিছু পৰিমাণে হ’লেও সক্ষম হৈছো৷ ইতিমধ্যে বগামাটিলৈ বহুতো দেশী বিদেশী পৰ্যটকৰ আগমন ঘটিছে৷
বগামাটিক লগতে অসমৰ এডভেঞ্চাৰ ক্ষেত্ৰবোৰক ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ মানচিত্ৰত স্থান ল’বৰ বাবে আমি মানে পূৰ্ণ ডেকা আৰু মই কিবা এটা কৰাৰ সপোন দেখিছিলো৷ সেই উদ্দেশ্যৰেই প্ৰথমে আমি এটা বগামাটিত এটা এডভেঞ্চাৰ টুৰিজিম ফেষ্টিভেল পতাৰ কথা ভাবিলো৷ যিহেতু IIE ত ২০১৬ চনত হোৱা প্ৰথমটো এডভেঞ্চাৰ টুৰিজিম ট্ৰেইনিং কোৰ্চত ময়ো ভাগ লৈছিলো, সেইমৰ্মে IIE য়ে আমাক সহায় কৰাৰ কথা কৈছিল৷ IIE ৰ প্ৰজেক্ট ডাইৰেক্টৰ হেমন্ত ৰাভা চাৰ আৰু asst. Feculty member এ এচ এচ দেৱান চাৰৰ ওচৰত আমি ভেষ্টিভেল পতাৰ এটা প্ৰস্তাৱ ৰাখো৷ আৰু আমাৰ প্ৰস্তাৱক যথেষ্ট আন্তৰিকতাৰে লৈ দেৱান চাৰ আৰু ৰাভা চাৰে ডাইৰেক্টৰ অভিজিৎ ভটাচাৰ্য্য চাৰৰ ওচৰত দাখিল কৰে৷ তেখেতৰ সন্মতি ক্ৰমে IIE লগতে আমি সাজু হৈ উঠিলো বগামাটিৰ বকুত এটা নতুন ইতিহাস ৰচিবলৈ৷ IIE ৰ পৃষ্ঠপোষকতাত সাজু হৈ উঠিল নৰ্থ ইষ্ট এডভেঞ্চাৰ টুৰিজিম ফেষ্টিভেল ২০১৮৷ IIE ক সহযোগ কৰিবলৈ সাজু হ’ল কেইবাটাও গোট আৰু ব্যক্তি বিশেষ৷ বিশেষভাৱে সহায় কৰিবৰ আগবাঢ়ি আহিছিল নৰ্থ ইষ্ট কাউন্সিল, ভাৰত, অসম চৰকাৰৰ পৰ্যটন বিভাগ, আৰু বিটিচি চৰকাৰ৷
সকলোৰে প্ৰচেষ্টাত যোৱা ১৩ চেপ্তেম্বৰৰ পৰা ১৬ চেপ্তেম্বৰ ২০১৮ত সফলতাৰে উত্তৰ পূৰ্বাঞ্চলত পোনপ্ৰথমবাৰৰ বাবে সম্পন্ন হৈ গ’ল "নৰ্থ ইষ্ট এডভেঞ্চাৰ টুৰিজিম ফেষ্টিভেল" চমুকৈ NEATOFEST 2018
বগামাটিত হোৱা নৰ্থ ইষ্ট এডভেঞ্চাৰ ফেষ্টিভেল ২০১৮ এ বগামাটিত এক ইতিহাস ৰচনা কৰিলে৷ বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হ’ল এই মহোৎসৱ৷ যোৱা ১৩ চেপ্তেম্বৰৰ পৰা ১৬ চেপ্তেম্বৰলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে উদযাপন হৈছিল এই মহোৎসৱ৷ এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত অনুষ্ঠিত হোৱা এই মহোৎসৱত আগমন ঘটিছিল হাজাৰ হাজাৰ দেশী পৰ্যটকৰ লগতে বিদেশী পৰ্যটক৷ উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই মহোৎসৱত অনুষ্ঠিত কৰা হৈছিল বিভিন্ন ধৰণৰ প্ৰতিযোগিতা৷ ট্ৰেইল ৰাণ, চাইকেল ৰেচ, মটৰ চাইকেল ৰেচ, ৰাফ্টিং কম্পিটিচন, স্পট ফটোগ্ৰাফী কম্পিটিচন আদি বিভিন্ন দুঃসাহসিক ক্ৰীড়াৰ প্ৰতিযোগিতা৷ প্ৰতিযোগিতাসমূহত প্ৰতিযোগীৰ সংখ্যাও লক্ষণীয়৷ নৰ্থ ইষ্টৰ
বিভিন্ন ঠাইৰ পৰা প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰিছিল প্ৰতিযোগিতাসমূহত৷
তাৰ লগে লগে পৰ্যটকৰ সুবিধাৰ বাবে আয়োজন কৰা হৈছিল বিভিন্ন দুঃসাহসিক ক্ৰীড়া৷ ৰাফ্টিং, জিপ চাফাৰী, এলিফেণ্ট চাফাৰী, এটিভি ৰাইড, বাইক ষ্টাণ্ট্, জিপ লাইনিং, হাইকিং, স্পোৰ্ট্চ ক্লাইম্বিং আদি৷ পৰ্যটকৰ ৰাতি থকাৰ বাবেও প্ৰথমবাৰৰ বাবে বগামাটিত হোম ষ্টে'ৰ ব্যৱস্থা কৰা হৈছিল৷ অৱশ্য হোম ষ্টে' বছৰৰ সকলো
সময়তে আমি বগামাটিত উপলব্ধ কৰিছোঁ৷ মহোৎসৱত নাইট কেম্পিঙৰ সুব্যৱস্থা কৰা হৈছিল৷
মহোৎসৱটো পৰিচালনা কৰাৰ বাবে এখন পৰিচালনা সমিতি বনোৱা হৈছিল যাৰ সভাপতি আছিল বিটিচিৰ কাৰ্যবাহী সদস্য সন্মানীয় গণেশ কছাৰী আৰু পূৰ্ণ ডেকা সম্পাদক৷
মহোৎসৱৰ বিভিন্ন অনুষ্ঠানত উপস্থিত হৈছিল বিভিন্ন গণ্যমান্য ব্যক্তি৷ মহোৎসৱৰ শুভাৰম্ভ কৰিছিল বিটিচি প্ৰধান সন্মানীয় হাগ্ৰামা মহিলাৰী আৰু উপস্থিত আছিল ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, এটিডিচি চেয়াৰমেন জয়ন্তমল্ল বৰুৱা, ডিপুটি স্পিকাৰ বিটিচিএলএ নৰেশ্বৰ বড়ো, তামোলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰী, পানেৰী সমষ্টিৰ বিধায়ক কমলী বসুমতাৰী, সেনাৰ 4 Crops Tezpur Lt. Gen Sangha, 21MTN Div. Rangia Mej. GEN Sanjeev Khatri, IMF, নৰ্থ ইষ্ট ৰিজনৰ প্ৰেচিডেণ্টকে এম ডামো, ফেষ্টিভেলৰ মুখ্য পৃষ্ঠপোষক IIE ৰ ডাইৰেক্টৰ ভিজিত শৰ্মা লগতে অসম পৰ্বতাৰোহন সন্থাৰ প্ৰাক্তন সভাপতি তথা গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা সত্যেন শৰ্মা৷ লগতে অনুষ্ঠানৰ চাৰিওটা দিনতে বিভিন্ন কাৰ্যসূচীত উপস্থিত হৈছিল বিভিন্নজন সন্মানীয় ব্যক্তি৷ Co. DN Bhutia
Director Indian Institute of eco tourism & alied sports,
P. Sona Arunachal government spockman &
Founder of Mechuka festival, বিশিষ্ট তথা প্ৰতিশযথা সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপ,
ডিমা হাচাওৰ টুৰিজিম বিভাগৰ কাৰ্যবাহী সদস্য Kulenda Deolagapu ৰ লগতে আৰু অনেক গন্য মান্য ব্যক্তিসকল৷
সেই চাৰিটা দিনত হাজাৰ হাজাৰ দেশী লগতে বিদেশী পৰ্যটকেৰে ভৰি পৰিছিল বগামাটিৰ বাকৰি৷ সেউজীয়া প্ৰাকৃতিৰ মাজত, বৰনদীৰ কুলুকুলু ধ্বনিত সকলো মানুহ একাত্ম হৈ পৰিছিল বগামাটিৰ বুকুত৷ গুৱাহাটি লালমাটিৰ পৰা বগামাটিলৈ আৰু কোকৰাঝাৰৰ পৰা বগামাটিলৈ হৈছিল বাইক ৰেলী লগতে চাইক্লিং কম্পিটিচন৷ ফেষ্টিভেলৰ চাৰিওটা দিনতে বগামাটিৰ ওচৰ পাজৰৰ গাওঁবোৰত এক সাংঘাতিক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছিল৷ এই মহোৎসৱে গাঁৱৰ লোকসকলক অৰ্থনৈতিকভাৱে সবল হোৱাৰ পথ দেখুৱাইছে৷ এই মহোৎসৱে বগামাটি পৰ্যটন ক্ষেত্ৰখনক নতুন মাত্ৰা প্ৰদান কৰিছে৷ সমগ্ৰ মহোৎসৱত টেকনিকেলি সহায় কৰিছিল অসম পৰ্বতাৰোহন সন্থাই৷ এই মহোৎসৱত সহযোগ কৰিছিল বগামাটি দাওৰাইঝাৰ ইক’টুৰিজিম চছাইটি, গেৰেমচাৰ এনজিঅ’, Gibbon Eco Camp, AdVenture NorthEast, Natventure, Shikhar Adventure Club, Adventure NGO, Tribal Travel Adventure, Rongmon tourism, Adventure abode ৰ লগতে আন কেইবাটাও সংগঠনে৷ IIE, গ্ৰীণ ট্ৰেক এণ্ড এডভেঞ্চাৰৰ লগতে আটাইবোৰ সহযোগী সংগঠন তথা বগামাটিৰ সমূহ ৰাইজৰ লগত বগামাটিত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা নৰ্থইষ্ট এডভেঞ্চাৰ টুৰিজিম ফেষ্টিভেল ২০১৮ ( NEATOFEST 2018 )এ চমুকৈ এক ইতিহাস ৰচনা কৰিলে৷

নতুনকৈ জানিলো বহু কথা৷ ধন্যবাদ!
ReplyDeleteধন্যবাদ।আহিব।
Deleteএডভেঞ্চাৰ প্ৰিয় মোৰ। গৈ আছোসোনকালেই।
ReplyDeleteআহিব বা।
Deleteভাল লাগিল বা ৷ যাব লাগিব এদিন ৷
ReplyDeleteআহিবা পৰি
Delete