নতুন পুৰুষৰ চিন্তাঃ একান্ত ব্যক্তিগতঃ বিজিত লাহন
একান্ত ব্যক্তিগত
বিজিত লাহন
কেনে আছে? কুশলে আছে নিশ্চয়। মই কুশলে আছোঁ--আৰু আজি কথা ক'বলৈ আহিছোঁ--মোৰ একান্ত ব্যক্তিগত কথাবোৰ--বেং কথা!
আপুনি ক'ত জীয়াই আছে? মানে কেনে এখন দেশত জীয়াই আছে সেইটো জানিব বিচাৰিছোঁ! কি ক'লে? মোক কিয় লাগে? নকয় আপুনি? গ'ল--আপোনাৰ দৰে মানুহৰ কাৰণেই দেশ ৰসাতলে গ'ল! মোক সোধক একেটা প্ৰশ্ন--মই ক'ম--মই চূড়ান্ত ভণ্ডামিৰ প্ৰতিফলন ঘটা এখন দেশত জীয়াই আছোঁ! কি কাৰণে ক'লো? ৰ'ব--কৈ আছোঁ!
এজনী ছোৱালী--আঁঠুৰ মূৰত ফটা জিন্স এটা--এটা গাত লিপিট খাই থকা টপ! আপোনাৰ সন্মুখেৰে পাৰ হৈ গৈছে--আপোনাৰ মুখেৰে ওলাই আহিছে,"চি:, ইমান নিলাজ!"
এটা ল'ৰা--উৰুত ফালি লোৱা জিন্স--বুকু উদঙাই পিন্ধা এটা চাৰ্ট--চাৰ্ট আৰু জিন্সৰ সংযোগ স্থানত দেখা গৈছে অন্তৰ্বাসৰ ইলাষ্টিক! আপোনাৰ আগেৰে পাৰ হৈ যোৱা ল'ৰাটোক দেখি আপুনি কৈছে--"ৱাহ, ক্যা ষ্টাইল হে!"
দুখন বেলেগ ছবি--অথচ দুটি বেলেগ মন্তব্য! কিয়? দুইটাকে নিলাজ বুলি কিয় কোৱা নহ'ল? নাইবা দুইটাকে সাংঘাতিক ড্ৰেছিং চেন্সৰ অধিকাৰী বুলি কিয় ভবা নহ'ল? আপোনাৰ হাতত নাই এই প্ৰশ্নৰ উত্তৰ! কেনেকৈ থাকিব? আপুনি কেতিয়াও নিজকে সুধিয়েই চোৱা নাই এই কথা। আপুনি নোসোধে, কাৰণ আপুনি পুৰুষতন্ত্ৰত বিশ্বাসী, কাৰণ আপুনি এজন পুৰুষ, কাৰণ নাৰী পাতৰ তলৰ লাও!
বিভেদ আৰম্ভ হয় জন্মতেই, আজিকালিতো গৰ্ভ ধাৰণ অৱস্থাতেই। যন্ত্ৰই ধৰা পেলায় আপোনাৰ সন্তান ল'ৰা নে ছোৱালী! আৰু আপুনি নহ'লেও আপোনাৰ দৰে বহুতেই কন্যা ভ্ৰূণটোক নষ্ট কৰি পেলায়। জন্ম হোৱাৰ পিছততো কথাই নাই--নৰ্দমা অথবা ডাষ্টবিনলৈ দলিয়াই দিব পাৰি! ধেৎ--ছোৱালী কিয় লাগে, ল'ৰা হে লাগে! শাহুৱে কয় বোৱাৰীক,"বনৰী, ল'ৰাপোৱালি পুকাব নোৱাৰ?" পিছে বেচেৰী শাহু মাই নাজানে, ল'ৰা সন্তান নোহোৱাৰ মূলত তেওঁৰ পুতেকহে, বোৱাৰীয়েক নহয়! বুজিবনো কেনেকৈ, শাহু আয়ে নাজানে ক্ৰম'জম খায় নে পিন্ধে! ময়ো নকওঁ এইবোৰ কথা--মই বেলেগ কথাহে ক'বলৈ আহিছোঁ। সেই যে বিভেদৰ কথা আমি ভাবোঁ, তেতিয়াই আমি ভণ্ডামিৰ আশ্ৰয় লওঁ। কেনেকৈ ল'ৰা শ্ৰেষ্ঠ আৰু ছোৱালী নিকৃষ্ট--আপুনি বুজাই দিব পাৰিব?
সেই বিভেদ বাঢ়ি আহে--মাছৰ ভাল টুকুৰাটো ল'ৰাটোলৈ থৈ বেয়া কণ ছোৱালীজনীলৈ আগবঢ়াই দিয়া মানসিকতাৰ সমাজৰ বাসিন্দা আপুনি! ছোৱালীয়েনো কি কৰিব, ল'ৰাইহে আগলৈ খুৱাব--এই কথা ভবা সমাজৰ মানুহ আপুনি! আপুনি নহ'লেও পিছে আপোনাৰ দৰে বহুতেই লিংগ সমতাৰ কথা কয়! মোৰ বমি কৰি দিবলৈ মন যায়!
এই যে ল'ৰাই কৰা কামবোৰ ভাল, ছোৱালীয়ে কৰা কামবোৰ বেয়া--এনে চিন্তা কিয় কৰেহে আপোনালোকে? পিন্ধিলেই যেনিবা ছোৱালীজনীয়ে চুটি কাপোৰ--ওলাই আহিলেই যেনিবা নিশা দহ বজাত ৰাজপথলৈ--তাৰ বাবেই ছোৱালীজনীক ধৰ্ষণ কৰা যুক্তিসংগত নে? ছোৱালী এজনী ধর্ষণৰ বলি হোৱাৰ পিছত বহুতেই কয়--হ'বই, যিহে কাপোৰ পিন্ধে বুকু পেট উদঙাই, মতাবোৰ বলিয়া নহ'বনে? হেৰৌ, তেন্তে বুকু পেট উদঙাই কাপোৰ পিন্ধা ল'ৰাবোৰকো ছোৱালীবোৰে ধৰ্ষণ কৰিব দেখোন! হাঁহি উঠা কথা যেন লাগিলেও এয়া হাঁহি উঠা কথা নহয়। আপুনি নাহাঁহিব--বিবেকক সোধক--কি শুদ্ধ! যদি ভাবে যে চুটি কাপোৰ পিন্ধাটোৱেই ছোৱালীজনীৰ ভুল, আহক আমি ছুপ্ৰীম কৰ্টলৈ খোজ কাঢ়ি যাওঁ আৰু দাবী জনাওঁ, ছোৱালীৰ বাবে চুটি কাপোৰ নিষিদ্ধ কৰা হওঁক!
পাতিলেই যেনিবা কথা ছোৱালীজনীয়ে ল'ৰাৰ লগত হাঁহি মাতি--ফুৰিলেই যেনিবা মটৰ চাইকেলৰ পিছৰ চিটত! এইবোৰ কামে কি বুজাই নেকি যে ছোৱালীজনী সহজলভ্যা? হেৰৌ জধামূৰ্খ, ঘৰত বাই-ভনীয়ে তহঁতৰ সৈতে গাত গা লগাই কথা নাপাতে নেকি? তেন্তে বায়েৰ-ভনীয়েৰকো কামনাৰ চিকাৰ নবনাৱ কিয়? আপুনি নাক কোঁচাইছে কিয়? নোকোচাব, কথাবোৰ এনেকুৱাই। আপুনিও যদি এই পিশাচবোৰৰ দৰেই, তেন্তে ছুপ্ৰীম কৰ্টলৈ দিয়া আবেদন খনত লিখিব--ছোৱালীয়ে ল'ৰাৰ লগত হাঁহি মাতি কথা পতা অনুচিত!
আপুনি মদ খায় নে? মই খাওঁ দেই, মদপী নহ'লেও মদ খাওঁ যথেষ্ট! মইতো ল'ৰা, মদ খাব পাৰোঁ, মোৰ অধিকাৰ আছে! মোৰ বন্ধুবোৰে চিগাৰেট খায়, ভাং খায়, ড্ৰাগছ লয়--কোনেও একো নকয়--আমি ল'ৰা যে! পিছে ছোৱালীয়ে এইবোৰ নোৱাৰে। ছোৱালীয়ে মদ খালে চৰিত্ৰহীনা হৈ যায়, ল'ৰাই মদ খালে বেয়া বোলা হয়। বেয়া আৰু চৰিত্ৰহীনৰ মাজৰ পাৰ্থক্য নুবুজাকৈ থকা মানুহ মইতো নহয়েই, আপুনিও নহয় বুলিয়েই ভাবোঁ। মাজনিশা বাৰৰ পৰা দুপেগ গিলি ওলাই অহা ছোৱালীজনীক যদি কোনোবাই ধৰ্ষণ কৰে, সমস্ত দোষ জাপি দিয়া হয় তাইৰ ওপৰতে--মদ খোৱা ছোৱালী, হ'বই! থুই, মোৰ বতিয়াই দিবলৈ মন যায়! নিচা ক্ষতিকাৰক, সকলোৱে জানে, পিছে নিচা কৰাৰ অধিকাৰ কেৱল ল'ৰাৰ আছে বুলি কোনে ক'লে? যদি ঘিণ কৰিবই লাগে, তেন্তে কেৱল ছোৱালীকে নহয়, ল'ৰাকো ঘিণ কৰা উচিত। প্ৰকৃত লিংগ সমতা সেয়া হে--বুজিছে নে?
এইবোৰ আছিল ধর্ষণৰ কথা--ধৰ্ষণ ইমান সুলভ--অথচ এক নিষিদ্ধ কথা! এতিয়াও আমাৰ লাজ লগা মানসিকতাই কয়, ধর্ষণৰ বাবে ল'ৰাৰ লগতে ছোৱালীও জগৰীয়া! ভৈয়াই, এয়া কি কথা! যৌনতাত পশু হৈ নিজকে পুৰুষ বুলি কোৱা এচামে ছোৱালী এজনীক ধর্ষণ কৰিলে, বেচেৰী ছোৱালীজনীকো আকৌ ধর্ষণৰ দোষৰ ভাগ কিয় দিয়া হ'ল? এয়া পুৰুষসৰ্বস্ব চিন্তা ধাৰাৰ প্ৰতিফলনেই নহয় নে? আমি নজনাকৈয়ে মনুবাদক সমৰ্থন কৰি আছোঁ--নাৰী অনৰ্থৰ মূল! বৰ লাজ লগা কথা।
প্ৰসংগক্ৰমে কথা এটা ক'বলৈ মন গৈছে--নাৰীৰ কুমাৰীত্বক লৈ আমি ইমান বলিয়া কিয়? পুৰুষৰ কৌমাৰ্য্যক লৈতো আমি কোনো দিনেই প্ৰশ্ন নকৰোঁ। বিবাহপূৰ্বক শাৰীৰিক সম্পৰ্ক পুৰুষৰ বাবে কোনো দিনেই মূৰ কামোৰণি নহয়, পিছে নাৰীক পাপী বোলা হয়। পুৰুষৰ বেশ্যা গমন সাধাৰণ কথা, নাৰী কামনা-বাসনা ৰহিত জীৱ, নাৰীয়ে পুৰুষ সংসৰ্গ কৰা অনুচিত। হেৰৌ, যৌন কামনা বা উত্তেজনা যে এক জৈৱিক প্ৰক্ৰিয়া, তাক আমি বুজিম কেতিয়া? আপুনি নাভাবিব যে মই অবাধ যৌনতাৰ সমৰ্থক, মই মাথোঁ এই বৈষম্যৰ বিৰোধী। বুজিলে নে? যদি নাই বুজা, মোক কাৰাগাৰলৈ লৈ যাওক অশ্লীলতা বিয়পোৱাৰ অভিযোগত! তিতা সত্য যে আপোনাৰ অপ্ৰিয় অমুকাই ঠিকেই বুজে। বুজে বাবেই অমুকাই বেশ্যা কিয় পাপী আৰু বেশ্যা গমন কৰা সকল কিয় নহয়--তাৰ আঁৰত লুকাই থকা ভণ্ডামিৰ সৈতেও পৰিচিত!
কথাবোৰ সংগতহীন যেন পাইছে নহয় নে? পিছে মন দি চাওক--এইবোৰ সংগতিপূৰ্ণ! ল'ৰা-ছোৱালীৰ বিভেদ আমি জন্মতেই নিৰ্ধাৰণ কৰোঁ। ছোৱালীৰ প্ৰতি এক অযথা অৱহেলাৰ দৃষ্টি দিওঁ--সেই অৱহেলাই সকলো কামতে ছোৱালীৰ ভুল দেখুৱাবলৈ আমাক উৎসাহিত কৰে, আমি ল'ৰাক ভাল বুলি কৈ ভাল পাওঁ। থুই থুই থুই--মই এই চিন্তাত হাজাৰ বাৰ থু পেলাওঁ! কথাবোৰ যে এই ল'ৰা-ছোৱালীৰ মাজৰ পাৰ্থক্যক লৈ কোৱা হ'ল বুজি পালে নে?
আমি কন্যা সন্তানক অৱহেলা কৰোঁ--পুৰুষতকৈ হীন বুলি ভাবোঁ--যৌন উৎপীড়ন চলাই তৃপ্তি পাওঁ--কাৰণ জানে নে? কাৰণ আমি পাহৰি যাওঁ যে আমি এগৰাকী নাৰীৰ পেটৰ পৰা ওলাওঁ! যি বাটেৰে পোহৰ দেখোঁ, সেই বাটক আমি ফেনেকো বলপূৰ্বক--এয়া হেনো পুৰুষত্ব! ইয়াতকৈ ডাঙৰ আইৰণি আছে নে?
কথাবোৰ নক'লেই ভাল--কাকো আমনি নকৰে--পিছে মই যে আমনি পাই থাকোঁ--সেয়েহে কৈ পেলাওঁ--আপুনি মানে, আপুনি নামানে--তথাপি মই কওঁ--কৈ থাকিম--কথাত কথা বাঢ়ে--এইবোৰ মোৰ ব্যক্তিগত চিন্তা, কোনোবাখিনিত আপোনাৰো--পিছে ঠিক, এইবোৰ বেং কথা! বেঙে আপোনাক সুধিছে,"নাৰীক দমন কৰি নিজক পুৰুষ সজোৱা এয়া কেনে মানসিকতা?" সমাজে ইয়াৰ উত্তৰ নিদিয়ে, কাৰণ বিতৰ্ক এৰোৱাৰ শ্ৰেষ্ঠ উপায় হৈছে নীৰৱতা! পিছে আপুনি নীৰৱ নহ'ব, বেঙে কৰা প্ৰশ্নৰ উত্তৰ দিয়ক, নহ'লে সময়ে ক'ব--আপুনিও আছিল ভণ্ডামিক প্ৰশ্ৰয় দিওঁতা!

প্ৰশংসা কৰিবলৈ ভাষাৰ অভাব হৈছে ৷ অপূৰ্ব অপূৰ্ব!
ReplyDeleteবৰ ভাল লাগিল বিজিত।আগলৈও আশা কৰিলো ।
ReplyDeleteবহুত সাৱলীল ভাৱে কথাবোৰ উপস্থাপন কৰিলে ।ভাল লাগিল ।
ReplyDeleteসঁচাকৈ ভাল লাগিল। আগলৈ আৰু আশা কৰিলোঁ।
ReplyDeleteবহুত ভাল লাগিল ৷ বহুতো নাৰীয়েও নুবুজে এই কথা ৷ সেইটোহে দুখ ৷
ReplyDelete