একমিনিটৰ গল্পঃ ভয়ঃ বন্দিতা গগৈ বৰা

ভয়

  অফিচ চুটিৰ সময়তে মেচেজটো পালোঁ। দৰমহা সোমাল। বাহিৰে বাহিৰে বজাৰলৈ পোনালো। কাইলৈ ঘৰলৈ যাম। মা, বৌহঁতলৈ পূজা বুলি কিবাকিবি দুটামান কিনি নিও!

  বজাৰত ঘূৰি ঘূৰি ইটো-সিটো কিনোতে গধূলি হ'ল। লৰালৰিকৈ ৰিক্সা এখন লৈ ভাড়াঘৰলৈ ধাপলি মেলিলো।
 গেটৰ মুখত নামোতে মন কৰিলোঁ মালিকৰ ঘৰ চোতাল আন্ধাৰত ডুব গৈ আছে। ছেহ!এতিয়াহে মনলৈ আহিল, পুৱাই মালিকনী খুড়ীয়ে গোটেই পৰিয়ালসহ বিয়া খাবলৈ যাম বুলি কৈছিল! আজি ৰাতি থাকি পুৱাই পাবহি !

          ৰিক্সাৱলাক ভাড়াটো দি মই মালিকৰ চোতালখন পাৰ হৈ মোৰ ৰুমলৈ বুলি অগ্ৰসৰ হৈছোহে মালিকৰ ঘৰ আৰু মোৰ ৰুমৰ মাজত থকা ডাঙৰ আমজোপাৰ কাষৰ পৰা চাৰিটা ছায়ামূৰ্তি মোৰ ফালে আগুৱাই আহিল! হৃদযন্ত্ৰটোৰ শব্দ নিজেই শুনা পালোঁ। ডিঙিটো শুকাই গ'ল।
"কোন ? কোন ?" বুলি কৈ খৰধৰকৈ বাৰাণ্ডাত উঠি লাইটটো জ্বলাই দিওঁ ভাবিছোহে, এটাইচোন মোক ঠেলি যোৱা দি আগুৱাই গৈ বাৰাণ্ডাত উঠিল!

        মুহূৰ্ততে মোৰ মনলৈ অনেক চিন্তা আহিল।কি মতলব ইহঁতৰ?ডিঙিৰ সোণৰ চেইনডাল আজি কিহে পাইছিল পিন্ধিবলৈ,গোটেই দৰমহাটোনো কি কৰিবলৈ উলিয়াই আনিলোঁ, ম'বাইলটো কিনা আজি এসপ্তাহ হৈছেহে মাত্ৰ, ভয়ত মূৰটো ঘূৰাই গ'ল!
 এনতে মোক দেওদি বাৰাণ্ডাত উঠাটোৱে বাৰান্দাৰ লাইটটো জ্বলাই দিলে! চকু চাৎমৰা পোহৰে গোটেই চোতালখন জিলিকাই পেলালে!
  মোৰ মুখৰ ফালে হাঁহি হাঁহি চাই ৰৈ আছে গলিটোৰ মুখৰ ক্লাৱটোত সদায়ে দেখি থকা পিলিঙা চাৰিটা।
"বাইদেউ পূজাৰ চান্দাটো নিবলৈ আহিলো, আজি মাতিছিল আমাক।"
তেতিয়াহে মনলৈ আহিল আজি দৰমহা হ'ব জানি ইহঁতক আহিবলৈ কৈছিলো ! ক্লাবত সদায়ে পতাৰ দৰেই এইবাৰো দূৰ্গা পূজা পাতিছে। নিমিষতে ভয়টো উৰি গ'ল । মনটো ভাল লাগিল, আৰু ভাল চান্দা এটা দি দিলো।

যাওঁতে সিহঁত কেইটাই কৈ গ'ল, "মালিকহঁত নাই যদিও ভয় নকৰিব বাইদেউ, আমি পূজাৰ পেণ্ডেলৰ কাম আজি গোটেই ৰাতি কৰি থাকিম। এইফালে অহাযোৱা কৰি থাকিম, আপুনি ভয় নকৰিব।"
 এৰা! এতিয়া আৰু মোৰ ভয় কৰিবলৈ একো নাই, ভাইটিহঁত আছেই! ভয়ৰ ঠাইত মনটো পূজা পূজাহে লাগিল।

✍ বন্দিতা গগৈ বৰা

Comments

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ