ব্যঙ্গ চিন্তা : জীৱৰ সন্ধানত : ৰাজদ্বীপ বৰা

জীৱৰ সন্ধানত
------------------------
ৰাজদ্বীপ বৰা


তিনি নিযুত আলোকবৰ্ষ দূৰত থকা " পৃথিৱী " নামৰ গ্ৰহটোৰ নাম নিৰ্দিষ্ট ৰেজিষ্টাৰখনত অন্তৰ্ভুক্ত কৰি ৰূপম 07 য়ে  তেওঁৰ চুপ্ৰিম বচ RB 01 ক দাখিল কৰিবলৈ নিৰ্দিষ্ট কক্ষটোলৈ সোমাই গ’ল ৷ ৰূপম 07 ৰ মূল কামটো হ’ল তেওঁলোকৰ আৱাসস্থলী RSD9 ৰ বাদেও বিশ্বব্ৰহ্মাণ্ডৰ আৰু কোনোবা গ্ৰহত উন্নত জীৱ আছে নেকি তাৰ সন্ধান কৰা আৰু যদি আছে তেনে গ্ৰহটোৰ নাম নিৰ্দিষ্ট ৰেজিষ্টাৰত অন্তৰ্ভুক্ত কৰা ৷ এইয়া বচ RB01 ৰ নিৰ্দেশ ৷ সেই নিৰ্দেশ পালন কৰি আজি ৰূপম07 য়ে ৰেজিষ্টাৰখনৰ ১২১ নম্বৰ স্থানত পৃথিৱীৰ নাম অন্তৰ্ভুক্ত কৰিছে ৷
RB01--“ বাঃ আৰু এটা নতুন উন্নত জীৱ " !
ৰূপম07 --“ ইয়েচ বচ ! ইতিমধ্যে পৃথিৱীৰ মানুহ নামৰ জীৱবিধে সভ্যতাৰ জখলাত বহুদূৰ বগাইছে ৷ ওচৰেপাঁজৰে মহাকাশতো অভিযান চলাইছে ৷ বিজ্ঞানত যথেষ্ট আগুৱাই গৈছে তেওঁলোক " ৷
RB01--“ তেওঁলোকৰ একমাত্ৰ পৰিচয় মানুহনে " ?
ৰূপম07--“ যদিও তেওঁলোক মানুহ কিন্তু তেওঁলোকৰ ধৰ্ম তথা ভাষা বহুত " ৷
ৰূপম07 ৰ কথা শুনি চুপ্ৰিম বচ RB01 য়ে সেই নিৰ্দিষ্ট ৰেজিষ্টাৰ খনৰ পৰা পৃথিৱী নামৰ গ্ৰহটোৰ নাম কাটি দিলে ৷
ৰূপম07 --" কিন্তু কিয় " ?
RB01--“ যি জীৱ ধৰ্ম আৰু ভাষাৰ ভিত্তিত বহুধাবিভক্ত সেই জীৱ কেতিয়া জ্ঞানী হ’ব নোৱাৰে  , নিশ্চিতভাবে তাত ৰাজনীতিৰ পয়োভৰ চূড়ান্ত ৷ যদিও বা তেওঁলোকে অনেক উন্নতি কৰিছে তথাপি কোনোদিনে জ্ঞান অম্বেষণৰ শীৰ্ষত উপনীত হ’ব নোৱাৰে ৷ কাৰণ ৰাজনীতিৰ কুটিলতাই অহৰহ তেওঁলোকক পিছলৈ টানি আছে ,  বিজ্ঞানৰ চিন্তাধাৰাক সেই ৰাজনীতিয়ে নিয়ন্ত্ৰণ কৰি আছে ৷ সেই পৰিবেশ সৃষ্টিকাৰী জীৱ কেতিয়াও উন্নত হ’ব নোৱাৰ " !

Comments

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ