নতুন পুৰুষৰ চিন্তাঃ মহাভাৰত(প্ৰথম খণ্ড)ঃ দ্বীপজ্যোতি শৰ্মা
#প্রস্তাৱনা# :------
"মহাভাৰত".....নামতেই ইয়াৰ বিশালতা সোমাই আছে | ভাৰতীয় সভ্যতাৰ সাহিত্য-সংস্কৃতি, ৰাজনীতি, সমাজনীতি, কূটনীতি, অৰ্থনৈতিক ব্যৱস্থা, সমাজ ব্যৱস্থা.....এই সকলোবোৰ দিশৰ বৰ্ণনা সমৃদ্ধ এই বিশাল মহাকাব্যক বাদ দি ভাৰতীয় দৰ্শনো আধৰুৱা হৈ ৰয় | এই মহাকাব্যত বৰ্ণিত ঘটনাপ্রবাহক বৈজ্ঞানিক দৃষ্টিভংগীৰে বিচাৰ-বিবেচনা কৰি সাম্প্রতিক প্রেক্ষাপটত তাৰ গুৰুত্ব তথা সময়োপযোগিতাৰ ওপৰত নিজৰ সম্যক জ্ঞানৰ ভিত্তিত কিছু আলোচনা আগবঢ়োৱাৰ মানসেৰে এটা প্রচেষ্টা হাতত ল’বলৈ আগবাঢ়িছোঁ | কাহিনীভাগৰ অলৌকিকতাক বাদ দিলে বৰ্তমান সময়ৰ লগত ক'ত কেনেকৈ ইয়াৰ বাস্তৱিকতাক সংযুক্ত কৰিব পাৰি বা কিছুমান চৰিত্র সম্পৰ্কত থকা আমাৰ বদ্ধমূল (ভুল-শুদ্ধ দুইটাই) ধাৰণাক প্রকৃত সত্যৰ পোহৰেৰে ব্যতিক্রমী চিন্তাৰে জুকিয়াই চোৱাৰ এক বিনম্র প্রয়াস মাথোঁ কৰিবলৈ বিচাৰিছোঁ | এই যাত্রাত জ্যেষ্ঠ-কনিষ্ঠ প্রতিজন শুভাকাংক্ষীৰ পৰা গঠনমূলক সহযোগিতা আশা কৰিলোঁ |
প্রাৰম্ভতে নৃশংসতা কিয়..?
"মহাভাৰত" মহাকাব্যৰ কাহিনীভাগ আৰম্ভ হয় গংগা নৈৰ পাৰত মহাৰাজ শান্তনুৱে গংগাদেৱীৰ কৰা প্রেম নিবেদনৰ ঘটনাটোৰে | গংগাদেৱীৰ ৰূপ-লাৱণ্যত ধৰাশায়ী হৈ ৰজা শান্তনুৱে যেতিয়া তেওঁক বিবাহৰ প্রস্তাৱ দিলে প্রাণচঞ্চলা গংগাই এই বান্ধোনত সোমাবলৈ অস্বীকাৰ কৰিলে | কিন্তু প্রেমত অন্ধ হোৱা ৰজা শান্তনুৰ টনা-আঁজোৰাত এটা চৰ্তৰ বিনিময়ত সেই সম্পৰ্কত গংগাই সন্মতি দিলে | সেই চৰ্তানুসৰি শান্তনু আৰু গংগাৰ যুগ্ম-জীৱনৰ সাক্ষী হিচাপে এটাৰ পিছত সন্তান তেওঁলোকৰ মাজলৈ আহিল আৰু প্রতিবাৰেই শান্তনুৱে গংগাক লগত ৰখাৰ স্বাৰ্থত সেই সন্তানসকলক নৈত বিসৰ্জন দি গ'ল | এনেকৈ সাতটাকৈ সন্তানক জলসমাধি দিয়াৰ পিছত অষ্টমবাৰৰ বাবে যি সন্তান তেওঁলোকৰ মাজলৈ আহিল সেই সন্তানৰ তেজোদ্বীপ্ত মুখমণ্ডলৰ আভাই শান্তনুক মায়াপাশেৰে এনেকৈ মেৰিয়াই পেলালে যে সেই সন্তানক পৰিত্যাগ কৰিবলৈ তেওঁ অস্বীকাৰ কৰিলে | মহাভাৰতীয় ঘটনাপ্রবাহত "দেৱব্রত"ৰ আগমন অন্যতম উল্লেখযোগ্য অধ্যায় | দেৱব্রতক পুত্রৰ স্বীকৃতি দি লগত ৰখাৰ সিদ্ধান্ত লোৱা মাত্রকে সুযোগৰ অপেক্ষাত থকা গংগাদেৱীয়ে শান্তনুক পৰিত্যাগ কৰিলে | এই দেৱব্রতৰ জন্মৰ লগত বশিষ্ঠ মুনিয়ে অষ্টবসুক দিয়া অভিশাপৰ কাহিনীটো জড়িত হৈ আছে | মহাকাব্যৰ প্রণেতাই খুব কৌশলগতভাৱে এটা ঘটনাৰ লগত আনটো ঘটনাৰ যোগসূত্র স্থাপন কৰি সকলোবোৰ পূৰ্বনিৰ্ধাৰিত বুলি দাঙি ধৰাৰ চেষ্টা কৰিছে | কাহিনীভাগৰ প্রাৰম্ভতে পোৱামতে অষ্টবসুৰ শাপমুক্তিৰ বাবে তেওঁলোকে গংগাদেৱীৰ গৰ্ভত স্থিতি লৈ পৃথিৱীত মানৱৰ ৰূপত জন্ম লোৱাটো সুনিশ্চিত হৈছিল লগতে গংগায়ো শান্তনুৰ পিতৃ প্রতীপৰ লগতহে বিবাহত বহাৰ কথা আছিল | মহাভাৰতৰ কিছুমান কাহিনীয়ে সঁচাকৈয়ে ইয়াৰ অলৌকিকতাক সুন্দৰকৈ দাঙি ধৰে | প্রতীপৰ লগত বিবাহৰ বাবে সাজু হোৱা সেই একেজনী গংগাই প্রতীপৰ পুত্র শান্তনুকো স্বামীৰূপে স্বীকাৰ কৰাটো আশ্বৰ্য্যকৰ নহয় নে ? এতিয়া আহোঁ নৃশংসতাৰ কথালৈ | শান্তনুৰ প্রতি পিতৃ প্রতীপৰ কাঢ়া নিৰ্দেশ আছিল যে গংগাদেৱীয়ে যেতিয়া তেওঁৰ ওচৰত বিবাহৰ বাবে চৰ্ত আৰোপ কৰিব সেয়া শান্তনুৱে বিনাদ্বিধাই মানি ল’ব লাগিব | কোনো কথা বিচাৰ-বিবেচনা কৰাৰ পৰা বিৰত থাকিবলৈ শান্তনুক পিতৃ প্রতীপে উপদেশ দিছিল | মহাকাব্যৰ প্রণেতাই সকলো পূৰ্বনিৰ্ধাৰিত বুলি কৈ দায় সৰাৰ চেষ্টা কৰিলেও এজন পুত্রৰ প্রতি থকা এজন পিতৃৰ দ্বায়িত্বৰ পৰা প্রতীপ আঁতৰি অহা নাই নে ? কাৰোবাৰ স্বাৰ্থ পূৰণৰ বাবে আন কোনোবাই নিজ বিবেকক হত্যা কৰাৰ যি প্রক্রিয়া সেয়া মহাভাৰতীয় যুগতেই আৰম্ভ হোৱা বুলি আমি ভাবিব পাৰোঁ | তাৰ পিছৰ দ্বিতীয়টো নৃশংসতা আমি দেখিলো দেৱী গংগাৰ কৰ্মত | অষ্টবসুৰ শাপমুক্তিৰ স্বাৰ্থত তেওঁ যি নৃশংসতা প্রদৰ্শন কৰিলে সেয়া এগৰাকী নাৰীৰ ক্ষেত্রত কল্পনাৰো অগোচৰ | সাতটাকৈ সন্তানক জন্মৰ পিছতেই নিঃসংকোচে পানীত উটুৱাই দি শান্তনুৰ প্রতিও তেওঁ অন্যায় কৰা নাই নে ? নাৰীৰ চৰিত্রবিৰুদ্ধ কৰ্মেৰে তেওঁ এজন পিতৃকো এক অসহায় জড়তাৰ মাজলৈ ঠেলি দিয়া নাই নে ? লগতে নিজৰ গৰ্ভজাত সন্তানৰ প্রতি দেখুওৱা চৰম নৃশংসতাৰে তেওঁ বহু যুগলৈ এক কলংকিত উদাহৰণ হৈ ৰ'ল যাৰ দ্বাৰা আজিৰ সমাজো প্রভাৱিত | মহাকাব্যৰ প্রণেতাই ঘননাক পূৰ্বনিৰ্ধাৰিতৰ ৰূপ দিবলৈ গৈ তাত যিবিলাক কাহিনী-উপকাহিনীৰ ৰহণ সানিলে তাত কোনো যুক্তি বিচাৰি পোৱাৰ বিপৰীতে অবাস্তৱিকতা আৰু অলৌকিকতাহে প্রভাৱহে বেছি হোৱা দেখা গ'ল | তথাপি মহাভাৰতীয় ঘটনাপ্রৱাহত ঘটিত এইসমূহ ঘটনাৰেই প্রভাৱান্বিত হৈয়েই আমাৰ সমাজো পৰৱৰ্তী সময়ত জড়াগ্রস্ত হ'ল বুলি ধাৰণা হয় | ইচ্ছা কৰা হ'লে তেতিয়াই এই মহাকাব্যৰ জড়িয়তে এখন যুক্তিনিষ্ঠ, সহনশীল, পৰিমাৰ্জিত সমাজৰ ছবি দাঙি ধৰি পৰৱৰ্তী সময়ৰ বাবে এক সুস্থ সামাজিক বতাবৰণ সৃষ্টি কৰি থৈ যোৱাৰ থল আছিল |কাৰণ সময় সলনি হ'লেও কোনো জাতিয়ে নিজৰ পূৰ্ব্বজৰ প্রবৃত্তি এৰিবলৈ খুবেই টান পায় |
((ক্রমশ...))
@ দ্বীপজ্যোতি শৰ্মা
বৰ ভাল লাগিল
ReplyDeleteভাল লাগিল
ReplyDelete