নতুন পুৰুষৰ চিন্তাঃ একান্ত ব্যক্তিগতঃ বিজিত লাহন

একান্ত ব্যক্তিগত
   
বিজিত লাহন

কেনে আছে ? কুশলে আছে নিশ্চয় ? মই ভালে আছো দেই...ভালে আছো বাবেই আজি পুনৰ কথা ক'বলৈ আহিছো !
১২ টিকৈ অধ্যায়,২৬৯০ টি শ্লোক,সকলোবোৰ মিলি এখন কিতাপ।আশ্চৰ্যকৰ কথা যে এই কিতাপখনে আমাক কোঙা কৰি ৰাখিছে,কোঙা কৰি ৰাখিছে আমাৰ মানসিকতাক! কিতাপখনে বহু কথাই কৈছে,পিছে সকলোবোৰ কথা মোক নালাগে।আদা বেপাৰীকনো জাহাজৰ খবৰ কিয়? মোক লাগে এই কিতাপখনে কোৱা নাৰী সম্পৰ্কীয় কথাবোৰ। কি আছে এই কিতাপখনত? ৰ'ব কৈ আছো।শুনিলে আপোনাৰ হাঁহি উঠিব।তাৰ পিছত আপুনি লাজ অনুভৱ কৰিব!
আপুনি নিজকে জ্ঞানী বুলি ভাবেনে? যদি ভাবে তেন্তে এই মুহূৰ্ততে নাৰী সংগ পৰিত্যাগ কৰক,আপোনাৰ মংগল! পুৰুষক হেনো নাৰীয়ে "চিডিউছ" কৰিবলৈকে জন্ম লয়। পুৰুষক প্ৰৰোচিত কৰা এনে নাৰী বিসৰ্জন দিয়া উচিত! বিনামূলীয়া উপদেশ..নাৰীৰ পৰা জ্ঞানী পুৰুষ শত যোজন দূৰৈত অৱস্থান কৰা প্ৰয়োজন! এয়া মোৰ কথা নহয়,সেই বিশেষ পুথিৰ মহৎ উপদেশ! ভৈয়াই, ভাল মোৰ ঘনিষ্ঠা নাৰীসকলে এই কিতাপখন পঢ়া নাই!
উৱা! এইষাৰ আকৌ কি কথা! কন্যা, মাতৃ, ভগ্নীৰ সৈতে অকলে বহিবলৈ নাপায়।মৰিলো নিগমে! হেৰৌ, মানুহৰ নিজৰ বুলিবলৈ এই সকলেই থাকে দেখোন!ইমান ঘিণ লগা কথা ভাবিব পায়নে? মানি লৈছো, যৌন কামনাই মানুহক অন্ধ কৰে।কিন্তু মা, ভনী, জীৰ প্ৰতি কোন প্ৰৰোচিত হয় হে? মায়ে দিয়ে নিৰাপত্তা,ভনীয়ে দিয়ে মৰম-ভালপোৱা,কন্যাই দিয়ে জীৱনৰ অৰ্থ...এই নাৰীক কোন পুৰুষে যৌন সংগী হিচাপে বিচাৰিব হে? মাদাৰ, চিষ্টাৰ, ডটাৰ,দাই নেইমছ আৰ টেম্পটেশ্যন!( এইবাৰ শ্বেইক্সপীয়েৰ নহয় দেই, এইবাৰ এখন কিতাপে কোৱা কথা এয়া...শ্বেইক্সপীয়েৰ, মই ক্ষমাৰ অযোগ্য!)
উস! ৰক্ষা,মোৰ প্ৰেয়সীৰ চুলিৰ ৰং ৰঙা নহয়! আপোনাৰ প্ৰেয়সীৰ একা? যদি হয়, আপুনি মৰিল নিগমে।কাৰণ এই পুথিয়ে কয়,ৰঙা চুলিৰ নাৰীক বিয়া কৰাব নাপায়।গাৰ বৰণ ক'লা হ'লেও বিয়াৰ কথা ভাবিব নোৱাৰি। ভৈয়াই,পৃথিৱীৰ শ্ৰেষ্ঠতম সুন্দৰীৰ খিতাপ দেখোন কৃষ্ণ বৰ্ণৰ অথবা ৰঙা চুলিয়া কেইজনীয়েই পায়!
ৰ'ব,আপুনি ব্ৰাহ্মণ নেকি? যদি আপুনি ব্ৰাহ্মণ, তেন্তে পত্নীৰ সংগত আপুনি আহাৰ গ্ৰহণ নকৰিব। পত্নীলৈ নাচাবও,নাপায়।কিতাপে কয়! এতিয়া বিশ্বাস হৈছে..ব্ৰাহ্মণ নহয়, এই ভুৱা ব্ৰাহ্মণ্যবাদহে আমাৰ শত্ৰু!
কোনো নাৰীয়ে যদি উচ্চ বৰ্ণৰ পুৰুষৰ সৈতে যৌন সম্ভোগ কৰে,সেয়া একেবাৰে গুৰুত্বহীন কথা! কিন্তু কোনো নাৰীয়ে যদি নিম্ন বৰ্ণৰ পুৰুষৰ সৈতে সহবাস কৰে,সেয়া গণ্য কৰা হয় সাংঘাতিক অপৰাধ হিচাপে।নাৰীগৰাকীক নি:সংগ কৰি ৰখা হয়! অ' তাৰমানে খেনোৱে কৰিলে লীলা, খেনোৱে কৰিলে ধৰি বান্ধি কিলা! কি কিতাপ ঔ এইখন?
হেৰৌ, সন্তান জন্ম নহ'ল বুলিয়েই বৌৱেকে দেৱৰেকৰ সৈতে সম্ভোগত লিপ্ত হ'বনে? চিঃ!মোৰ বতিয়াই দিবলৈ মন গৈছে।আটাইতকৈ মুক্ত যৌনতাৰ দেশবোৰতো এইবোৰ নিয়ম নাই! নাৰী কি সন্তান জন্ম দিয়া এক যন্ত্ৰ? নাৰী মানে এক "যৌন-পুতলা"?
নাৰীৰ ধৰ্মীয় কাৰ্য সম্পাদন কৰাৰ যোগ্যতা নাই! ধৰ্মীয় কাৰ্যত নাৰী অস্পৃশ্য! এই কিতাপখন মোৰ চিৰাচিৰকৈ ফালি পেলোৱাৰ ইচ্ছা জাগিছে! পিছে ই-সংস্কৰণ কেনেকৈ ফালি পেলাওঁ? উপায় নাই।
আৰু বহু কথাই কৈছিল কিতাপখনে। মোৰ লিখাৰ ধৈৰ্য নাই।কিতাপখন ধৰিব পাৰিছেনে? এইখনেই "মনু সংহিতা'...হিন্দু ধর্মৰ গৰিমাত কালিমা সনা পুস্তিকা। এই কথাবোৰ উপদেশ নাছিল,এইবোৰক নিৰ্দেশ বুলি গণ্য কৰা হৈছিল।আনকি এতিয়াও! কিতাপখনক গুৰুত্বপূৰ্ণ হিচাপে গ্ৰহণ কৰাৰ এটা গুৰুত্বপূৰ্ণ কাৰণ আছিল কিতাপখন সংস্কৃত ভাষাত লিখা হৈছিল।মই ক'বলৈ পাই দুখী হৈছো যে সংস্কৃত ভাষাটোক ঈশ্বৰৰ ভাষা বুলি গণ্য কৰা হৈছিল!
এই কিতাপখনক এচাম সুবিধাবাদীয়ে সমাজত ব্যাপকভাৱে প্ৰচাৰ কৰিলে।সমাজত নাৰীৰ স্থান স্কেলপাতৰ একেবাৰে তলৰ দাগটিলৈ নিলে।সকলো অধিকাৰ পুৰুষক দিলে।উদ্দেশ্য আছিল এক পুৰুষতান্ত্ৰিক সমাজ...ইয়াক হাছিলো কৰিলে।হিন্দু সমাজ হৈ পৰিল পুৰুষতান্ত্ৰিক সমাজ! প্ৰসংগত: কৈ থওঁ এই কিতাপখনে ব্ৰাহ্মণক শ্ৰেষ্ঠ জাতি হিচাপে প্ৰতিষ্ঠা কৰিলে! হেৰৌ, সকলো জাতৰ সন্তানৰ জন্ম সম্ভোগৰ ফলত, ক্ৰম'জমৰ মিলনৰ ফলতে হয়--একেটি বাটেৰেই সকলো পৃথিৱীৰ বুকুলৈ আহে! ইয়াত আকৌ উচ্চ-নীচ আদি ভেদাভেদৰ জন্ম কেনেকৈ হ'ল? থুই!
বৰপেটাৰ কীৰ্তন ঘৰত নাৰীৰ প্ৰৱেশ নিষিদ্ধ।কাৰণ একো নাই,মাথোঁ এই মনুবাদৰ নিৰৰ্থক প্ৰভাৱ।নাৰী অপৱিত্ৰ,নাৰী অস্পৃশ্য..."মনু সংহিতা"ত কোৱা হৈছে। গতিকে নাৰীৰ প্ৰৱেশ এই গৃহত নিষিদ্ধ! সেই নাৰীয়ে ৰন্ধা আহাৰ খাই, নাৰীয়ে ধোৱা কাপোৰ পিন্ধি আমাৰ পুৰুষ "ভকত" নাম ল'বলৈ যায়।অস্পৃশ্যৰ স্পৰ্শ পালে উচ্চ বৰ্ণও অপৱিত্ৰ নহয়নে? তেন্তে কেনেকৈ এই পৱিত্ৰ গৃহত প্ৰৱেশৰ অনুমতি পালে পুৰুষে? কোনজন ধৰ্ম গুৰুৱে কৈ গৈছিল নাৰীক নিষিদ্ধ কৰিবলৈ,মোক প্ৰমাণ লাগে। যদি প্ৰমাণ নাই, পৰম্পৰাৰ নামত এই ভণ্ডামীও নালাগে।
সৱৰীমালা মন্দিৰত নাৰীৰ প্ৰৱেশৰ অনুমতি দিয়া হ'ল,পিছে নাৰী এতিয়াও চৌহদৰ বাহিৰত। আনকি এতিয়া মহিলা-সাংবাদিকো নিষিদ্ধ এই স্থানত। প্ৰচণ্ড ভাবুকি,সোমাবি মৰিবি। থুই কটা! পুৰুষ সৰ্বস্বতাৰ কি নিকৃষ্ট প্ৰকাশ! পুৰুষ হোৱাৰ গৌৰৱ ক'ত?
যিজন গুৰুৱে সত্ৰ স্থাপন কৰি থৈ গ'ল, তেখেতে কৈছিল নে নাৰীক সোমাবলৈ নিদিবা বুলি? নে যাৰ জোৰ, সিয়ে ৰজা?
নাৰীক নিষিদ্ধ কৰা এই পুৰুষবোৰ কণী ফুটি ওলোৱা নেকি? সকলো দেখোন নাৰীৰ গৰ্ভৰ সৃষ্টি! যি নাভিৰ তলৰ সুৰংগৰে মোৰ জন্ম, সেই একে পথেৰে সকলো পুৰুষৰ জন্ম, আনকি সেই গুৰুৰ জন্মও একে বাটেৰেই! তেন্তে আমিও অপৱিত্ৰ! যি কেইখন মুখে দিনত কথা কয় নাৰীৰ নিষিদ্ধকৰণৰ সপক্ষে, যুক্তিৰে কয় নাৰী অপৱিত্ৰ, সেই কেইখন মুখৰ গৰাকীয়ে ৰাতি কিয় বিছনাত হেঁচা মাৰি বিবস্ত্ৰ কৰে নাৰীক? কটা নিধক! গোটেইমখা ভণ্ড!
কেৱল এখন প্ৰাচীন কিতাপ,লেখকৰ উপস্থিতিও সন্দেহজনক! সেই কিতাপখনে সমগ্ৰ হিন্দু সংস্কাৰক এক নাৰী বিদ্বেষী ৰূপ দিলে।বৰ লাজ লগা কথা কেৱল সংস্কৃতত লিপিবদ্ধ কাৰণেই এই পুথিক অপৰিসীম গুৰুত্ব দিয়া হ'ল।পুৰুষক ওপৰলৈ তুলি ধৰা হ'ল,নাৰীক পায়খানাৰ গাঁতলৈ ঠেলি দিয়া হ'ল।গঢ়ি তোলা হ'ল মনুবাদী সমাজ! এনেকৈয়ে মনুবাদে টাঙোনেৰে কোবাই হিন্দুত্ববাদক খোৰা কৰি গ'ল! আৰু আমি এদিন মাত্ৰ "যা দেৱী সৰ্ব ভূতেঃ শক্তিৰূপেনঃ সংস্থিতা" গাই বাকী বোৰ দিনত ক'লো "মাইকী সব ৰেণ্ডী"...চি:!আমি পাহৰি গ'লো যে, নাৰীৰহে আছে কেৱল সৃষ্টিৰ ক্ষমতা! বৰ লাজ লগা কথা।
বুজিছো কথাবোৰ গাজত লগা।পিছে উপায় নাই,মই কথাৰ পোৱালিক সামৰি ৰখাত অপাৰগ।এইবোৰ সত্য অথচ তিতা কথা।পিছে মই ক'বই লাগিব কথাবোৰ।এইবোৰ একান্ত ব্যক্তিগত চিন্তা...পিছে ঠিকেই, এইবোৰ বেং কথা! বেঙে আপোনাক সুধিছে,"হে পুৰুষ, হে সমাজ, মনুবাদক উফৰাই নাৰীক উচিত মৰ্যদা কেতিয়া দিবা?"

Comments

  1. এনে পৰ্য্যালোচনা বাৰ বাৰ আশা কৰিম।

    ReplyDelete
  2. এনে পৰ্য্যালোচনা বাৰ বাৰ আশা কৰিম।

    ReplyDelete
  3. এনে লেখা অাৰু লাগে

    ReplyDelete
  4. বহুত ভাল লাগিল

    ReplyDelete
  5. হে নতুন পুৰুষ ,,তোমাক স্বাগতম,,,,
    এজনী নাৰী হিচাপে এনে পৰ্যালোচনা পঢ়িবলৈ পাই সুখী হ‌লোঁ,,,,,

    ReplyDelete
  6. বহুত ভাল লাগিল পঢ়ি

    ReplyDelete
  7. বহুত সুন্দৰ লিখিলে..... আগলৈও আৰু এনে লিখনি পঢ়িবলৈ পোৱাৰ আশা কৰিলো

    ReplyDelete
  8. আপোনাক স্বাগতম হে নতুন পুৰুষ।এনে বিশ্লেষনৰ বহুত প্ৰয়োজন।আপোনাৰ সাহসক শলাগ লৈছো।আৰু বিছাৰিছো এনে পৰ্যালোচনা।

    ReplyDelete
  9. নতুন পুৰুষৰ নতুন চিন্তাক শলাগিছো ৷ আশা কৰিছো নতুন পুৰুষৰ নতুন চিন্তাই ন - দিগন্তৰ সূচনা কৰক ৷

    ReplyDelete
  10. যথেষ্ট যুক্তিসংগত দৃষ্টিভংগীৰে লিখা এই "নতুন পুৰুষৰ চিন্তা" পঢ়ি সুন্দৰ চিন্তাৰ খোৰাক পাইছো | বিজিত লাহনলৈ শুভকামনা জনালোঁ পৰৱৰ্তী খণ্ডবোৰৰ বাবে |

    ReplyDelete

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ